ভাৰতীয় সাহিত্য
২৬ প্ৰবন্ধ
-
মহাভাৰত
মহাভাৰত (महाभारत, ) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ইতিহাসৰ এক অংশ। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- 'জীৱনৰ চাৰি লক্ষ্য' বা পুৰুষাৰ্থৰ…
-
ৰামায়ণ
ৰামায়ণ হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। হিন্দু মহৰ্ষি বাল্মীকিয়ে ইয়াৰ ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ইতিহাসৰ অংশ হিচাপে গণ্য কৰা হয়।
-
সাহিত্য অকাডেমি
সাহিত্য অকাডেমি (Sahitya Akademi) হৈছে ভাৰতীয় সাহিত্যৰ উন্নয়ন আৰু সমন্বয় সাধনৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান। স্বাধীনতাৰ পূৰ্বেই সাহিত্যৰ উন্নয়নৰ বাবে এক ৰাষ্ট্ৰীয় সংস্থা গঠনৰ চিন্তা-চৰ্চা চলি আছিল যদিও ১৯৫২ চনতহে চৰকাৰে সাহিত্য অকাডেমি গঠন কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৫৪ চনৰ…
-
শ্ৰীমদ্ভগৱতগীতা
শ্ৰীমদ্ভাগৱতগীতা (भगवद्गीता, ভগৱানৰ গান) বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যাদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়।
-
জ্ঞানপীঠ বঁটা
জ্ঞানপীঠ বঁটা (Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
কালিকা পুৰাণ
কালিকা পুৰাণ (কালিকাপুৰাণম্) (আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল।
-
পদ্ম পুৰাণ
পদ্ম পুৰাণ (দেৱনাগৰী: पद्म पुराण) ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ (ভাল আৰু নিৰ্মলতা প্ৰকাশ কৰা) শ্ৰেণীত ধৰা হয়।
-
বন্দে মাতৰম্
বন্দে মাতৰম্ (সংস্কৃত: 'वन्दे मातरम्'; "মাতৃ বন্দনা") বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প।
-
জন গণ মন
জন গণ মন (जन गण मन) হৈছে ভাৰতবৰ্ষৰ জাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। ১৯১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়।
-
ব্ৰহ্মাণ্ড পুৰাণ
ব্ৰহ্মাণ্ড পুৰাণ (Brahmāṇḍa Purāṇa; ब्रह्माण्ड पुराण) হৈছে মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে।
-
মোমল ৰাণো
মোমল ৰাণো (Momal Rano ) হৈছে সিন্ধী লোককথা আৰু ৰাজস্থানী লোককথাৰ পৰা মোমল আৰু ৰানোৰ এক ৰোমান্টিক কাহিনী। দুঃসাহসিক কৰ্ম, যাদু, পৰিকল্পনা, সৌন্দৰ্য্য, প্ৰেম, বিচ্ছেদৰ অধ্যায়, আৰু সৰ্বোপৰি ৰোমান্টিক ট্ৰেজেডীক সামৰি লোৱা বহুমুখী কাহিনী।
-
সোৰথ ৰায় দিয়াচ
সোৰথ ৰায় দিয়াচ (Sorath Rai Diyach) সিন্ধী আৰু গুজৰাটী লোককথাৰ ৰোমান্টিক লোককথা। শ্বাহ জো ৰিছালোতো এই কাহিনীটো প্ৰকাশ পাইছে আৰু সিন্ধৰ পৰা অহা সাতটা জনপ্ৰিয় ট্ৰেজিক ৰোমাঞ্চৰ অংশ।
-
কথাসৰিৎসাগৰ
কথাসৰিৎসাগৰ প্ৰায় একাদশ শতিকাত কাশ্মীৰী বিশিষ্ট কবি সোমদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় কিংবদন্তি, উপকথা আৰু লোককথাৰ সংকলন। সংস্কৃত ভাষাত কথাসৰিৎসাগৰ শব্দৰ অৰ্থ গল্পৰ সাগৰ। ১২৪টা অধ্যায়ৰে ১৮খন গ্ৰন্থত বিভক্ত কথাসৰিৎসাগৰত গদ্য অংশৰ উপৰিও ২১,০০০ৰো অধিক পদ্য সন্নিবিষ্ট কৰা হৈছে।
-
তপন কুমাৰ প্ৰধান
তপন কুমাৰ প্ৰধান (জন্ম ১৯৭২) উৰিষ্যাৰ এজন ভাৰতীয় কবি, লেখক আৰু অনুবাদক। তেওঁ তেওঁৰ কবিতা সংকলন "কালাহাণ্ডি"ৰ বাবে সৰ্বাধিক জনাজাত যাক ২০০৭ চনত সাহিত্য অকাডেমীৰ সোণালী জয়ন্তী অনুবাদ বঁটাত কবিতাৰ বাবে দ্বিতীয় স্থান প্ৰদান কৰা হৈছিল।
-
জয়পুৰ সাহিত্য উৎসৱ
জয়পুৰ সাহিত্য উৎসৱ (Jaipur Literature Festival) (JLF)-ক প্ৰায়ে "পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য অনুষ্ঠান" বুলি প্ৰশংসা কৰা হয়৷ এয়া হৈছে ভাৰতৰ ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা এক বিখ্যাত বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য উৎসৱ।
-
দাস সাহিত্য
দাস সাহিত্য কানাড়া ভাষাত বিষ্ণু বা তেওঁৰ এজন অৱতাৰৰ সন্মানত ভক্তসকলে ৰচনা কৰা ভক্তি আন্দোলনৰ সাহিত্যৰ এক ধাৰা। কানাড়া ভাষাত দাসৰ আক্ষৰিক অৰ্থত সেৱক। হৰিদাস ("ঈশ্বৰৰ দাস") বিষ্ণু বা তেওঁৰ এজন অৱতাৰৰ ভক্তি প্ৰচাৰক আছিল। এই হৰিদাসসকলৰ ভক্তি সাহিত্যক সামূহিকভাৱে দাস সাহিত্য বুলি কোৱা হয়।
-
পথেৰ পাঁচালী (উপন্যাস)
পথেৰ পাঁচালী প্ৰখ্যাত বাঙালী সাহিত্যিক বিভুতিভূষণ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত এখন বিখ্যাত উপন্যাস। এই উপন্যাসখন বংগৰ এখন গাঁৱত দুই ভাই-ভনী অপু আৰু দুৰ্গা ডাঙৰ-দীঘল হোৱাৰ বিখ্যাত কাহিনী। এই উপন্যাসখনৰ শিশু সংস্কৰণৰ নাম আম আঁটিৰ ভেঁপু।
-
মালৱিকাগ্নিমিত্ৰ
মালৱিকাগ্নিমিত্ৰ (সংস্কৃত: मालविकाग्निमित्रम्, মালবিকা আৰু অগ্নিমিত্ৰৰ সন্ধিযুক্ত) কালিদাসৰ এখন সংস্কৃত নাট। পূষ্যমিত্ৰ শুংগৰ ৰাজত্বকালৰ কিছু পৰিঘটনাৰ আধাৰত এইখন তেওঁৰ প্ৰথম নাটক। মালৱিকাগ্নিমিত্ৰমত বিদেশৰ শুংগ সম্ৰাট অগ্নিমিত্ৰৰ প্ৰধান ৰাণীৰ সুন্দৰী দাসীৰ প্ৰতি থকা প্ৰেমৰ কাহিনী কোৱা হৈছে।
-
স্বপ্ন-বাসৱদত্তা
স্বপ্ন-বাসৱদত্তা (स्वप्नवासवदत्तम्), ( Svapnavasavadattam) হৈছে প্ৰাচীন ভাৰতীয় কবি ভাষৰ দ্বাৰা ৰচিত ছয়টা খণ্ডৰ সংস্কৃত নাটক। কৌশাম্বী ৰাজ্যৰ ৰজা উদয়ন আৰু অৱন্তীৰ শাসক প্ৰদ্যুতৰ কন্যা বাসৱদত্তাৰ বিষয়ে লিখা ৰোমান্টিক আখ্যান; যিয়ে সেইসময়ৰ কবিসকলৰ জনপ্ৰিয় ৰচনাক মোহিত কৰি ৰাখিছিল যেন লাগে।
-
এলিছ এক্কা
এলিছ এক্কা (হিন্দী: एलिस एक्का, ইংৰাজী: Alice Ekka; ৮ ছেপ্টেম্বৰ ১৯১৭ – ৫ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁ জনজাতীয় পটভূমিৰ প্ৰথম মহিলা গল্পকাৰ হিচাপে পৰিচিত।
-
নীলা শিয়াল
নীলা শিয়াল এটা সাধুকথা যিটো সমগ্ৰ ভাৰত উপমহাদেশতে পৰিচিত।
-
বংগৰ লোক-কথা
বংগৰ লোক-কথা (Folk-Tales of Bengal) হৈছে লাল বেহাৰী দেৰ দ্বাৰা ৰচিত বংগৰ লোককথা আৰু সাধুকথাৰ সংকলন৷ এই গ্ৰন্থখন প্ৰকাশিত হয় ১৮৮৩ চনত। ৱাৰউইক গ'বলৰ চিত্ৰকল্পসমূহ ১৯১২ চনত সংযোজন কৰা হয়। এই সকলোবোৰ কাহিনী প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুগ যুগ ধৰি চলি আছিল।
-
ভাৰতীয় ইংৰাজী কবিতা
ভাৰতীয় ইংৰাজী কবিতা ভাৰতীয় ইংৰাজী সাহিত্যৰ আটাইতকৈ পুৰণি ৰূপ। হেনৰী লুই ভিভিয়ান ডেৰ'জিঅ'ক ভাৰতীয় ইংৰাজী কবিতাৰ প্ৰথম কবি হিচাপে গণ্য কৰা হয় আৰু তাৰ পিছতে ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্ৰী অৰবিন্দ, সৰোজিনী নাইডু, মাইকেল মধুসূদন দত্ত, তৰু দত্ত আদি উল্লেখযোগ্য কবি।
-
মহাকপি জাতক
মহাকপি জাতক হ'ল বোধিসত্ত্ব হিচাপে বুদ্ধৰ পূৰ্বজন্মৰ জাতকৰ কাহিনী। সেই জন্মত তেওঁ আছিল কপিকুলৰ ৰজা। তেওঁৰ অধীনত আশী হাজাৰ বান্দৰে বসবাস কৰিছিল।
-
মালয়ালম সাহিত্যত নাৰী
মালায়ালম ভাষাত মহিলা সাহিত্য হৈছে কেৰেলাৰ ৰাজহুৱা ক্ষেত্ৰখনৰ প্ৰভাৱিত ধাৰাৰ বিপৰীত এটা সাহিত্যিক ক্ষেত্ৰ। ইয়াত মহিলাৰ উপন্যাস, কবিতা, আৰু চুটি গল্প অন্তৰ্ভুক্ত থাকে আৰু ইয়াৰ এক দীঘল পৰম্পৰা আছে।
-
লাইফ ইচ হোৱাট ইউ মেক ইট
লাইফ ইচ হোৱাট ইউ মেক ইট প্ৰীতি শ্বিনয়ৰ এখন উপন্যাস। হিন্দুস্তান টাইমছত প্ৰকাশিত নীলছনৰ তালিকা অনুসৰি কিতাপখন "২০১১ চনৰ শীৰ্ষ কিতাপ"ৰ তালিকাত আছিল। দ্য টাইম্ছ অৱ ইণ্ডিয়াৰ মতে ই ২০১১ চনৰ বেষ্ট চেলাৰ আছিল। এইখন উপন্যাসত প্ৰকাশিত হৈছে নব্বৈৰ দশকৰ ভাৰতত পৰিৱেশিত এক আচৰিত প্ৰেম কাহিনী।