ইংৰাজী গ্ৰন্থ
৪২ প্ৰবন্ধ
-
অক্সফৰ্ড ইংৰাজী অভিধান
অক্সফৰ্ড ইংৰাজী অভিধান, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ অভিধান বিশ্বৰ বিভিন্ন দেশত ইংৰাজী ভাষাৰ প্ৰায়োগিক ভিন্নতা অন্তৰ্ভুক্ত কৰাৰ লগতে এই অভিধানে ভাষাটোৰ ঐতিহাসিক বিকাশৰ বিষয়েও তথ্য সন্নিবিষ্ট কৰে৷ ১৯৮৯ চনত প্ৰকাশ পোৱা এই অভিধানৰ দ্বিতীয় সংস্কৰণত ২০ টা খণ্ড আৰু…
-
দ্য গড অৱ স্মল থিংছ
দ্য গড অৱ স্মল থিংছ (১৯৯৭) হ’ল ভাৰতীয় লেখিকা অৰুন্ধতী ৰায়ৰ প্ৰথম উপন্যাস। "কাক, কেনেকৈ আৰু কিমান পৰিমাণে ভালপাব লাগে" তাৰ হিচাপ বান্ধি দিয়া "ভালপোৱাৰ নিয়ম"বোৰৰ মেৰপেছত পৰি হতদিশ হোৱা এহাল যমজ শিশুৰ বাল্যকালৰ কাহিনী ইয়াত বৰ্ণিত হৈছে।
-
টোৱাইলাইট (উপন্যাস)
টোৱাইলাইট হ'ল ষ্টিফেনি মেয়াৰ ৰচিত ভেম্পায়াৰ-ৰোমাঞ্চ বিষয়ক এক উপন্যাস। এইখন হ'ল টোৱাইলাইট শৃংখলাৰ প্ৰথমখনি উপন্যাস য'ত পাঠকৰ ১৭ বছৰীয়া ইজাবেলা "বেলা" স্বানৰ লগত পৰিচিতি ঘটে যিয়ে ফিনিক্স,এৰিজোনা এৰি ফোৰ্কছ,ৱাছিংটনলৈ আহি এডৱাৰ্ড কালেন নামৰ ভেম্পায়াৰ এজনৰ প্ৰেমত পৰি নিজৰ জীৱন বিপদাপন্ন কৰি তোলে।
-
নিউ মুন (উপন্যাস)
নিউ মুন (New Moon) ষ্টিফেনি মেয়াৰ ৰচিত টোৱাইলাইট শৃংখলাৰ দ্বিতীয়খনি কাল্পনিক ৰোমাণ্টিক উপন্যাস। উপন্যাসখনত ইজাবেলা স্বান আৰু ভেম্পায়াৰ এডৱাৰ্ড কালেনৰ প্ৰেমকাহিনীয়ে এক নতুন মোৰ লাভ কৰে।
-
ৰিভ'লিউচন ২০২০
ৰিভ'লিউচন ২০২০: লাভ, কৰাপচন, এম্বিচন (Revolution 2020: Love, Corruption, Ambition)হৈছে চেতন ভগতৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। উপন্যাসখনৰ সমগ্ৰ কাহিনীটো প্ৰেম, দুৰ্নীতি আৰু উচ্চাকাংক্ষা - এই ত্ৰিকোণীয়া ত্ৰিভুজৰ মাজত আৱদ্ধ।
-
ইক্লিপ্স (উপন্যাস)
ইক্লিপ্স (Eclipse) ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ তৃতীয়খন উপন্যাস। ইয়াত বেলা স্বান আৰু ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড কালেনৰ প্ৰেমৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে।
-
দ্য ইমৰ্টেলছ অফ মেলুহা
দ্য ইমৰ্টেলছ অফ মেলুহা (The Immortals of Meluha) অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজী গ্ৰন্থ শৃংখলাৰ প্ৰথমখন গ্ৰন্থ। কাহিনীৰ পৃষ্ঠভূমি হৈছে মেলুহা আৰু ই তিব্বতীয় জনজাতীয় লোক শিৱৰ আগমনৰ সৈতে আৰম্ভ হৈছে।
-
দ্য ছিক্ৰেট অফ দ্য নাগাজ
দ্য ছিক্ৰেট অফ দ্য নাগাজ (The Secret of the Nagas) ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীয়ে লিখা শিৱ ত্ৰিলজীৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন গ্ৰন্থ দ্য ইমৰ্টেলছ অফ মেলুহাত মেলুহা নামৰ কাল্পনিক ঠাইক কেন্দ্ৰ কৰি ত্ৰিলজীৰ কাহিনীভাগ আৰম্ভ হয়।
-
দ্য টেলছ অফ বিডল দ্য বাৰ্ড
দ্য টেলছ অফ বিডল দ্য বাৰ্ড (The Tales of Beedle the Bard) শিশু তথা কিশোৰসকলৰ বাবে লিখা এখন সাধুকথাৰ কিতাপ। জে. কে. ৰাউলিঙে লিখা এই কিতাপখনৰ প্ৰকাশক চিলড্ৰেনছ হাই লেভেল গ্ৰুপ (Children's High Level Group)। প্ৰথমতে ২০০৭ চনৰ ১৩ ডিচেম্বৰত গ্ৰন্থখনৰ হাতেলিখা সাতটা কপি নীলাম কৰা হৈছিল।
-
দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ
দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ (The 3 Mistakes of My Life) হৈছে চেতন ভগত ৰচিত তৃতীয়খন উপন্যাস। ২০০৮ চনৰ মে' মাহত ইয়াৰ প্ৰথম ৪ লাখ ২০ হাজাৰটা কপি প্ৰকাশ হৈ ওলায়। পশ্চিম ভাৰতৰ আহমেদাবাদৰ পটভূমিত ৰচিত এই উপন্যাসখনিত তিনিজন বন্ধুৰ কাহিনী বৰ্ণিত হৈছে। চেতন ভগতৰ এইখন তৃতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস।
-
টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ
টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ (2 States: The Story of My Marriage) চেতন ভগতৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০০৯ চনৰ ৮ অক্টোবৰত এই উপন্যাস প্ৰথম প্ৰকাশ পাইছিল। ফাইভ পইণ্ট চামৱানৰ পিছত অধিকাংশই নিজৰ জীৱনৰ ওপৰত আধাৰিত হোৱা এইখন চেতন ভগতৰ দ্বিতীয় গ্ৰন্থ।
-
দ্য অ'ল্ড মেন এণ্ড দ্য ছী
দি অ'ল্ড মেন এণ্ড দা ছী (ইংৰাজী: The Old Man and the Sea) ১৯৫২ চনত প্ৰকাশিত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই লিখা এখন উপন্যাস। তেওঁ ১৯৫১ চনত কিউবাত উপন্যাসখন ৰচনা কৰিছিল। এইটোৱেই তেওঁৰ নিজৰ জীৱনকালত প্ৰকাশিত শেষ উল্লেখযোগ্য কাল্পনিক সাহিত্যকৰ্ম।
-
ব্ৰেকিং ড'ন (উপন্যাস)
ব্ৰেকিং ড'ন (Breaking Dawn) আমেৰিকান ঔপন্যাসিকা ষ্টিফেনি মেয়াৰৰ টোৱাইলাইট শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখনি উপন্যাস। তিনিটা খণ্ডত বিভক্ত এই উপন্যাসখনৰ প্ৰথম আৰু তৃতীয় খণ্ডটি বেলা স্বানৰ দৃষ্টিকোণৰ পৰা আৰু দ্বিতীয় খণ্ডটি জেকব ব্লেকৰ দৃষ্টিকোণৰ পৰা ৰচনা কৰা হৈছে।
-
গান্ধী দ্য মেন
গান্ধী দ্য মেন (Gandhi the Man)হ'ল একনাথ ঐশ্বৰণে লিখা মহাত্মা গান্ধীৰ জীৱনী। কিতাপখন মূলতে ১৯৭৩চনত আমেৰিকাত প্ৰকাশ হৈছিল। পৰৱৰ্তী বহুবোৰ সংবৰ্ধিত সংস্কৰণো প্ৰকাশ হৈছে। ইংৰাজীৰ বাহিৰেও বহুবোৰ ভাষাত বিদেশী সংস্কৰণ প্ৰকাশ হৈছে।
-
গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড
গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড (Gandhi, Fighter Without a Sword) হ'ল জেনেট ইটনে লিখা মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনী। এইখন শিশুসকলৰ বাবে লিখা হৈছিল। ৰাফ ৰেই ইয়াৰ ছবিবোৰ আঁকিছিল। জীৱনীখন ১৯৫০ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ হয় আৰু ১৯৫১ চনত ই নিউবেৰী অ'নৰ লাভ কৰে।
-
গ্ৰেইজ এনাটমী
গ্ৰেইজ এনাটমী (Gray's Anatomy) এখন ইংৰাজী ভাষাত লিখা মানৱ শৰীৰস্থান সম্পৰ্কীয় পাঠ্যপুথি। শৰীৰস্থানবিদ হেনৰী গ্ৰেই (Henry Gray) নামৰ ব্যক্তিজনে প্ৰথমে এই গ্ৰন্থখন লিখিছিল। আগৰ সংস্কৰণসমূহৰ নাম এনাটমী: ডেছ্ক্ৰিপ্টিভ এণ্ড চাৰ্জিকেল আছিল, কিন্তু পিছলৈ নামটো চুটি কৰি "গ্ৰেইজ এনাটমী" ৰখা হয়।
-
দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ
দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ (The Oath of the Vayuputras) হৈছে ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজীৰ অন্তিমখন গ্ৰন্থ। ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড প্ৰেছযোগে উন্মোচন কৰা গ্ৰন্থখনে মেলুহা নামৰ এখন কাল্পনিক ঠাই আৰু ইয়াৰ নিবাসীসকলক শিৱ নামৰ ভ্ৰমণকাৰী এজন কিদৰে ৰক্ষা সেই কাহিনী সম্পূৰ্ণ কৰিছে।
-
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (The Discovery of India) নামৰ গ্ৰন্থখন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪২-১৯৪৬ চনত আহমেদনগৰ দুৰ্গত তেওঁৰ কাৰাবাসৰ সময়ছোৱাত ৰচনা কৰিছিল আৰু তেওঁৰ পত্নী ৰুগ্ন কমলাকান্তৰ মৃত্যুৰ কাৰন দৰ্শাই।
-
দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী
দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী (The Death and Afterlife of Mahatma Gandhi) হ'ল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ। গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।
-
দ্য স্কাই ইজ ফলিং (২০০১ উপন্যাস)
দ্য স্কাই ইজ ফলিং (The Sky Is Falling) হ'ল ২০০১ চনত আমেৰিকান সাহিত্যিক ছিডনী শ্বেলডনৰ দ্বাৰা ৰচিত এক উপন্যাস।
-
দ্য ৱে'ল্থ অৱ নেশ্বন্স
এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে'ল্থ অৱ নেশ্বন্স (An Inquiry into the Nature and Causes of the Wealth of Nations), বা চমুকৈ দ্য ৱে'ল্থ অৱ নেশ্বন্স (The Wealth of Nations), হৈছে স্কটলেণ্ডৰ অৰ্থনীতিবিদ আৰু মানৱ দাৰ্শনিক এডাম স্মিথৰ আটাইতকৈ অধিক চৰ্চিত গ্ৰন্থ।
-
নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪ উপন্যাস)
নাথিং লাষ্টছ ফৰেভাৰ (Nothing Lasts Forever) ১৯৯৪ চনত ছিডনী শ্বেলডন ৰচিত এখন থ্ৰিলাৰ উপন্যাস। পুৰুষ নিয়ন্ত্ৰিত এক বৃত্তিত তিনিগৰাকী মহিলা চিকিত্সকে নিজকে প্ৰমাণ কৰাৰ এক কাহিনী ইয়াত বৰ্ণিত হৈছে। তেওঁলোক তিনিওৰে এক নিজস্ব কাহিনী আছে।
-
ফ্ৰেংকেনষ্টাইন
ফ্ৰেংকেনষ্টাইন (Frankenstein) বা দ্য মডাৰ্ণ প্ৰমিথিউছ (The Modern Prometheus) হৈছে মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস। স্বামীৰ লগত ছুইজাৰলেণ্ডলৈ ফুৰিবলৈ যাওঁতে তেওঁৰ এই উপন্যাসখনৰ বীজৰ সৃষ্টি হয় আৰু তেওঁ ১৮ বছৰ বয়সতেই এই উপন্যাসখন ৰচনা কৰে।
-
বাপু (গ্ৰন্থ)
বাপু: কনভাৰ্চেচনচ্ এণ্ড কৰেচপণ্ডেন্স উইথ মহাত্মা গান্ধী (Bapu: Conversations and Correspondence with Mahatma Gandhi; অৰ্থ: বাপু: মহাত্মা গান্ধীৰ সৈতে বাৰ্তালাপ তথা পত্ৰালাপ) হ'ল এফ মেৰী বৰ'ৰ আত্মজীৱনীমূলক বৰ্ণনা য'ত তেওঁ গান্ধীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বাৰ্তালাপৰ বিষয়ে লিখিছে, যাক তেওঁ বাপু অৰ্থাৎ…
-
মিডনাইটছ চিলড্ৰেন
মিডনাইটছ চিলড্ৰেন (Midnight's Children) হৈছে ১৯৮১ চনত ৰচিত ছলমান ৰুশ্বদীৰ এখন উপন্যাস। উপন্যাসখনত ইংৰাজ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতাৰ সময়লৈকে হোৱা ভাৰতৰ ৰূপান্তৰ আৰু ভাৰত বিভাজনৰ কথা তুলি ধৰা হৈছে।
-
ৰবিনছন ক্ৰুছো
ৰবিনছন ক্ৰুছো (Robinson Crusoe) হৈছে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফোৰ দ্বাৰা ৰচিত এখন উপন্যাস। এই উপন্যাসখন ২৫ এপ্ৰিল ১৭১৯ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখনৰ নায়ক ৰবিনছন ক্ৰুছোক বহুতো পাঠকে সঁচা ভ্ৰমণকাৰী ব্যক্তি বুলি বিশ্বাস কৰিছিল।
-
আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? (উপন্যাস)
আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? (Are You Afraid of the Dark) বিখ্যাত ৰহস্য ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক থ্ৰিলাৰ উপন্যাস। ২০০৪ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনেই তেওঁৰ শেষ উপন্যাস।
-
ইফ টুমৰ' কামছ
ইফ টুমৰ' কামছ (If Tomorrow Comes) ১৯৮৫ চনত ছিডনী শ্বেলডন ৰচিত এক অপৰাধ-কাহিনী মূলক উপন্যাস। মিছা অপৰাধত জেললৈ যাবলগীয়া হোৱা এক সাধাৰণ মহিলাই কিদৰে পিছত তাইক জেললৈ পঠিওৱা সকলৰ ওপৰত প্ৰতিশোধ লয় আৰু এক পাকৈত ঠগ হৈ পৰে তাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে।
-
গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্ অৱ মিলিটেণ্ট ননভায়লেঞ্চ
গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্ অৱ মিলিটেণ্ট ননভায়লেঞ্চ (Gandhi's Truth: On the Origins of Militant Nonviolence) হ'ল জাৰ্মানীত জন্ম হোৱা এগৰাকী আমেৰিকান ডেভেল'পমেণ্ট চাইক'লজিষ্ট এৰিক এইচ্ এৰিকচনে ১৯৬৯ চনত লিখা এখন গান্ধী বিষয়ক কিতাপ।
-
ছেভেন ইয়াৰ্ছ ইন টিবেট
ছেভেন ইয়াৰ্ছ ইন টিবেট: মাই লাইফ বিফ'ৰ, ডিউৰিং এণ্ড আফটাৰ (তিব্বতত সাত বছৰ: মোৰ পূৰ্বৰ, বৰ্তমান আৰু পৰবৰ্তী জীৱন, ১৯৫২: Sieben Jahre in Tibet. Mein Leben am Hofe des Dalai Lama, ১৯৫৪ চনত ইংৰাজীত) হৈছে অষ্ট্ৰিয়াৰ পৰ্বতাৰোহী হেইনৰিখ হাৰাৰে ৰচনা কৰা এখন আত্মজীৱনীমূলক গ্ৰন্থ।