ঘোঁৰা নিদান হৈছে ঘোঁৰাৰ বেমাৰ আৰু চিকিৎসা-বিজ্ঞান সৰ্ম্পকীয় এখন পুথি। এই পুথিখনৰ ৰচয়িতা গৰাকীৰ নাম পোৱা নাযায় যদিও পুথিখন অসমত আহোম ৰাজ্যৰ কালতে ৰচনা কৰা হৈছিল। পুথিখনৰ বিশেষত্ব এয়েই যে এইখন সৰ্ম্পূণ অসমীয়া ভাষাত ৰচিত প্ৰথম পুথি। ই কোনো সংস্কৃত ভাষা বা টাই ভাষাৰ পুথিৰ অনুবাদ, সম্পাদনা বা সহায় লৈ ৰচনা কৰা গ্ৰন্থ নহয়। অসমত নথকা বনৌষধিৰ বিষয়ে ইয়াত উল্লেখ নাই। সৰ্ম্পূণ থলুৱা অসমীয়া ভাষাত লিখা এই পুথিখনত বাৰটামানহে সংস্কৃত শব্দ পোৱা যায়।১
তথ্যসূত্ৰ
- ↑ আহোম ৰাজত্বত চিকিৎসা সেৱা " লেখক: ডাঃ ৰতন কুমাৰ কটকী।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘোঁৰা নিদান (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৫১৮২৫ (২৫ নৱেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।