বঙালী সাহিত্য
২৬ প্ৰবন্ধ
-
বাঙালী জাতি
বাঙালী জাতি (বাঙ্গালী/বাঙালি ), বঙালী জাতি, বাঙালী লোক বা বঙালী লোক এটি ভাৰতীয়-আৰ্য জাতিগত আৰু ভাষাগত গোট যাৰ উৎস আৰু সাংস্কৃতিক কেন্দ্ৰ দক্ষিণ এছিয়াৰ বংগ অঞ্চল। বৰ্তমানে বাঙালী জাতিৰ লোক স্বাধীন বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা তথা অসম, মেঘালয় আৰু মণিপুৰৰ কিছু কিছু অংশত বিয়পি আছে।
-
বেউলা
বেউলা বা বেহুলা (Beula or Behula) প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগলৰ প্ৰধান চৰিত্ৰ, শিৱ পুৰাণ আদিৰ চান্দ সদাগৰৰ অন্যতম পুত্ৰ লখিন্দৰৰ পত্নী।
-
বঙালী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
এয়া বঙালী ভাষাত ৰচনা কৰি সাহিত্য অকাডেমি বঁটা পোৱাসকলৰ তালিকা। সাহিত্য অকাডেমি বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়, চিহ্নিত ভাষাসমূহত ৰচনা কৰা লেখকসকলক।
-
হাংৰি আন্দোলন
হাংৰি আন্দোলন হৈছে বঙালী সাহিত্যৰ ৰূপত আত্মপ্ৰকাশ কৰা এক অল্পম্যাদী (১৯৬১ - ১৯৬৫) প্ৰতিবাদী সামাজিক আন্দোলন। বিংশ শতিকাৰ ষাঠিৰ দশকত বংগদেশত কেবাটাও সাহিত্য - শিল্প আন্দোলন হেছিল, যেনে শ্ৰুতি, শাস্ত্ৰবিৰোধী, ধ্বংসকালীন, নিমসাহিত্য আৰু হাংৰি আন্দোলন।
-
আমাৰ সোণাৰ বাংলা
আমাৰ সোণাৰ বাংলা (আমাব় সোণাব় বাংলা, "মোৰ সোণৰ বংগ") গানটো হৈছে বাংলাদেশৰ জাতীয় সঙ্গীত। এই গানটোৰ ৰচনা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ। ১৯০৫ খ্ৰীষ্টাব্দৰ বংগ-ভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই গানটো ৰচনা কৰা হৈছিল।
-
ফেলুদা
প্ৰদোষচন্দ্ৰ মিত্ৰ ওৰফে ফেলুদা সত্যজিৎ ৰায়ৰ সৃষ্ট বঙালী সাহিত্যৰ এটি জনপ্ৰিয় কাল্পনিক ৰহস্যসন্ধানী চৰিত্ৰ। ১৯৬৫ চনৰ ডিচেম্বৰ মাহৰ সন্দেশ আলোচনীত ফেলুদা চিৰিজৰ প্ৰথম গল্প"ফেলুদাৰ গোয়েন্দাগিৰি" প্ৰকাশিত হয়।
-
একলা চলো ৰে
যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে আক্ষৰিকভাবে- 'যদি কোনেও আপোনাৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদিয়ে, তেন্তে অকলে আপোনাৰ নিজৰ পথলৈ আগুৱাই যাওক', ১৯০৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা এটা বঙালী দেশপ্ৰেমমূলক গীত। এই গীতটোক সাধাৰণতে একলা চলো ৰে বুলি জনা যায়।
-
বনলতা সেন (কবিতা)
বনলতা সেন বঙালী ভাষাৰ অতি জনপ্ৰিয় কবিতাসমূহৰ মাজত অন্যতম। কবিতাটোৰ ৰচয়িতা বিংশ শতাব্দীৰ আধুনিক বাঙালী কবি জীবনানন্দ দাস। এইটো প্ৰধানত এটি ৰোমান্তিক গীতি কবিতা হিচাবেই সমাদৃত।
-
বাংলাদেশৰ লোক সাহিত্য
বাংলাদেশৰ লোক সাহিত্যই বাংলা সাহিত্য, সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। যদিও ইয়াক গ্ৰাম্য জনগোষ্ঠীৰ সৃষ্টি কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে বিয়পি পৰিছে, তথাপিও এই লোক সাহিত্যই বাংলা সাহিত্যক সমৃদ্ধ আৰু সমৃদ্ধ কৰি তুলিছে।
-
ছিন্নমস্তাৰ অভিশাপ
ছিন্নমস্তাৰ অভিশাপ (ইংৰাজী শিৰোনাম: The Curse of the Goddess) হৈছে সত্যজিৎ ৰায়ৰ এখন বাংলা উপন্যাস, য’ত ব্যক্তিগত ডিটেকটিভ ফেলুদাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ১৯৭৮ চনত প্ৰথমে দেশ পত্ৰিকাত ধাৰাবাহিকভাৱে প্ৰকাশ পায়, আৰু তাৰ পিছত ১৯৮১ চনত আনন্দ পাব্লিচাৰ্ছৰদ্বাৰা কিতাপ ৰূপত প্ৰকাশ পায়।
-
জগত্তাৰিণী পদক
জগত্তাৰিণী পদক (Jagattarini Medal) বাংলা ভাষা আৰু সাহিত্যলৈ আগ বঢে়াৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে কলিকতা বিশ্ববিদ্যালয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে এই পদক প্ৰদান কৰে। ইয়াক ‘স্পেচিয়েল এনডাউমেণ্ট মেডেল’ তথা বিশেষ মৰ্যাদা সম্পন্ন পুৰস্কাৰ হিচাপে নিৰ্ধাৰণ কৰা হয়।
-
বাংলা সংস্কৃতিত ভূত
ভূত হৈছে বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু ত্ৰিপুৰা ৰাজ্যৰে গঠিত বংগৰ ভৌগোলিক আৰু নৃতাত্ত্বিক-ভাষিক অঞ্চলৰ সামাজিক-সাংস্কৃতিক লোককথাৰ এক গুৰুত্বপূৰ্ণ আৰু অবিচ্ছেদ্য অংগ। বাংলা ভাষাৰ পুৰণি আৰু নতুন প্ৰায়বিলাক সাধুকথাত ভূতৰ ধাৰণা ব্যৱহাৰ কৰা হয়।
-
লাঙল
লাঙল (Langal) হ'ল কুৰি শতিকাৰ আৰম্ভণিতে কলকাতাৰপৰা প্ৰকাশিত বাঁওপন্থী সাহিত্য আলোচনী। ইয়াৰ সম্পাদনা কৰিছিল কাজী নজৰুল ইছলামে।
-
সত্যজিৎ ৰায়ৰ সাহিত্যকৰ্ম
সত্যজিৎ ৰায় এজন বিখ্যাত বঙালী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ বঙালী সাহিত্যত তেখেতৰ অৱদানৰ বাবেও বিখ্যাত। তেখেতৰ সৃষ্ট বিখ্যাত চৰিত্ৰ হল ৰহস্যসন্ধানী ফেলুদা আৰু বৈজ্ঞানিক প্ৰফেচৰ শঙ্কু। তেওঁ এই দুই চৰিত্ৰৰ ওপৰিও অনেক চুটি উপন্যাস আৰু চুটি গল্প ৰচনা কৰিছে।
-
সবুজ পত্ৰ
সবুজ পত্ৰ (Sabujpatra) হ'ল কুৰি শতিকাৰ আৰম্ভণিতে প্ৰকাশ হোৱা বাংলা ভাষাৰ অন্যতম প্ৰধান সাময়িকী। সাহিত্যিক প্ৰমথ চৌধুৰীৰ সম্পাদনাত এইখন প্ৰকাশ পাইছিল। সবুজ পত্ৰ প্ৰথম প্ৰকাশ হৈছিল বাংলা ১৩২১ চনত (ইংৰাজী: ১৯১৪ খ্ৰীষ্টাব্দ)। সবুজ পত্ৰত কোনো বিজ্ঞাপন আৰু ছবি কেতিয়াও প্ৰকাশ কৰা হোৱা নাছিল।
-
কল্লোল
কল্লোল হ'ল বঙালী সাহিত্যৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী সাহিত্যিক আন্দোলনক, যাৰ সময়সীমা প্ৰায় ১৯২৩ পৰা ১৯৩৫ চনৰ ভিতৰত ধৰা হয়। ‘‘কল্লোল গোষ্ঠী’’ৰ নামটো ‘‘কল্লোল’’ নামৰ সাহিত্যিক পত্ৰিকাৰপৰা আহিছে (যাৰ অৰ্থ বঙালী ভাষাত ‘ঢৌৰ শব্দ’।
-
কোনি (উপন্যাস)
কোনি হৈছে মতি নন্দীৰ দ্বাৰা ৰচিত এখন বাংলা উপন্যাস।
-
ক্ষীৰেৰ পুতুল
ক্ষীৰেৰ পুতুল'(গাখীৰৰ পুতলা) হৈছে ১৮৯৬ চনত অবনীন্দ্ৰনাথ ঠাকুৰে শিশুসকলৰ বাবে ৰচনা কৰা এখন কাল্পনিক উপন্যাস। এই কিতাপখন প্ৰথম প্ৰকাশ কৰিছিল আদি ব্ৰহ্ম সমাজ প্ৰেছে।
-
ছিলেট গীতিকা
ছিলেটৰ মানুহে ৰচনা কৰা মৌখিক লোককথা, গল্প, যাত্ৰা আদিক সামূহিকভাৱে ছিলেটগীতিকা বুলি কোৱা হয়। ছিলেট অঞ্চলৰ প্ৰাচীন জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলী, খিলঞ্জীয়াৰ জীৱিকা, সামন্তীয় শাসন ব্যৱস্থা, গ্ৰাম্য লোককথা, আৱেগিক অনুভূতি, প্ৰেম আৰু বিচ্ছেদ, যুদ্ধ আৰু সংঘাত, মানৱতাক ছিলেট গীতিকাৰ উৎস হিচাপে বিবেচিত…
-
বংগৰ লোক-কথা
বংগৰ লোক-কথা (Folk-Tales of Bengal) হৈছে লাল বেহাৰী দেৰ দ্বাৰা ৰচিত বংগৰ লোককথা আৰু সাধুকথাৰ সংকলন৷ এই গ্ৰন্থখন প্ৰকাশিত হয় ১৮৮৩ চনত। ৱাৰউইক গ'বলৰ চিত্ৰকল্পসমূহ ১৯১২ চনত সংযোজন কৰা হয়। এই সকলোবোৰ কাহিনী প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুগ যুগ ধৰি চলি আছিল।
-
বঙালী কবিৰ তালিকা
{| ! কবি !! ছবি !! ছদ্মনাম !! জীৱনকাল !! সাহিত্যকৰ্ম |- | ঈশ্বৰচন্দ্ৰ গুপ্ত || || || ১৮১২–১৮৫৯ খ্ৰী. || বিদ্ৰূপমূলক কবিতা আৰু মধ্যযুগীয় শৈলীৰ পুনৰুজ্জীৱনৰ বাবে প্ৰসিদ্ধ। |- | মাইকেল মধুসূদন দত্ত || || || ১৮২৪–১৮৭৩ খ্ৰী. || বঙালী কবিতাত মুক্তছন্দ (blank verse)ৰ প্ৰৱেশ ঘটোৱা; মেঘনাদবধ কাব্যৰ ৰচয়িতা।
-
বনবাণী (কাব্যগ্ৰন্থ)
বনবাণী (বনবাণী) হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা ৰচিত এখন বাংলা কাব্যগ্ৰন্থ। ১৯৩১ চনত এইখন প্ৰকাশ হৈছিল।
-
বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বাংলা গীত)
বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বনমালী তুমি পব়জনমে হইয়ো ব়াধা) দীন শৰৎ ৰচিত এটি জনপ্ৰিয় ভক্তিমূলক বাংলা গীত। বহুতে এই গীতটি ৰাধাৰমণ দত্তই ৰচনা কৰা বুলি বিশ্বাস কৰে। গীতটিৰ ৰচনাকালৰ বিষয়ে জানিব পৰা হোৱা নাই।
-
বাংলা কিচ্ছা
বাংলা কিচ্ছা / বাংলা কেচ্ছা হৈছে বাংলা কবিতা আৰু গদ্যৰ এক ধাৰা তথা বাংলা ভাষাৰ মৌখিক কাহিনী কোৱাৰ এক পৰম্পৰা। থলুৱা বাংলা লোককথা আৰু আৰব তথা তুৰ্কী-পাৰ্চী প্ৰব্ৰজনকাৰীসকলৰ কাহিনীৰ সংমিশ্ৰণত বংগত এই ধাৰাটো বিকশিত হ’বলৈ আৰম্ভ কৰে।
-
মনসামঙ্গল কাব্য
মনসামঙ্গল কাব্য (Manasamangal Kāvya) বংগত সৰ্প-দেৱী মনসাৰ পূজাৰ প্ৰতিষ্ঠাৰ বুৰঞ্জী লিখি বঙালী মংগল-কাব্যৰ ভিতৰত আটাইতকৈ পুৰণি হিচাপে স্বীকৃতি দিয়া হৈছে। দেৱীৰ বিষহৰী, জাংগুলি, পদ্মৱতী আদি বিকল্প নাম আছে। তেওঁক চান্দ সদাগৰে "চ্যাং-মুৰি কানি" বুলিও অপমানজনকভাৱে কাব্যখনত উল্লিখিত আছে।
-
হ য ব ৰ ল (বাংলা গ্ৰন্থ)
হ য ব ৰ ল (বাংলা: হ য ব ব় ল), হ'ল সুকুমাৰ ৰায়ৰদ্বাৰা ৰচিত এখন শিশু ৰম্য ৰচনা। হ জ ব ৰ লক বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ননছেন্স (বাংলাত আজেবাজে) গল্প হিচাপে গণ্য কৰা হয়। ইয়াৰ ধাৰা, কলাত্মক যোগ্যতা আৰু শৈলীক উজ্জ্বল কৰিবলৈ ইয়াক সঘনাই এলিছ ইন ৱাণ্ডাৰলেণ্ডৰ সৈতে তুলনা কৰা হয়।