অসমৰ সংবাদ পত্ৰ
২৮ প্ৰবন্ধ
-
দ্য আছাম ট্ৰিবিউন
দ্য আছাম ট্ৰিবিউন হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পোৱা এটা ভাৰতীয় ইংৰাজী দৈনিক বাতৰি কাকত। ১৯৩৯ চনত আৰম্ভ হোৱা এই কাকতখন উত্তৰ-পূব ভাৰতৰ ভিতৰত সৰ্বাধিক পঠিত ইংৰাজী বাতৰি কাকতৰূপে বহুল স্বীকৃত।
-
আমাৰ অসম
আমাৰ অসম হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰিকাকত, যি ১৯৯৭ চনৰ পৰা একে সময়তে কেইবাটাও স্থানৰ পৰা প্ৰকাশ পাই আহিছে। অসমক কেন্দ্ৰ কৰি উত্তৰ পূব ভাৰতৰ ঘটনাপ্ৰবাহৰ লগতে সীমিত পৰিসৰত আন্তৰ্জাতিক বাতৰি-আলোকচিত্ৰ আদিও ইয়াত প্ৰকাশ পায়।
-
অৰুণোদই
অৰুণোদই অসমৰ প্ৰথম অসমীয়া ভাষাৰ মাহেকীয়া সংবাদপত্ৰ তথা আলোচনী, যি ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে’ছৰ পৰা প্ৰকাশ পাইছিল। আমেৰিকান ব্যপ্টিষ্ট মিছনেৰীসকলৰ ধৰ্মপ্ৰচাৰমূলক উদ্যোগে জন্ম ল’লেও এই প্ৰকাশনেই আধুনিক অসমীয়া গদ্য-সাহিত্য আৰু বৌদ্ধিক জগতৰ এক গুৰুত্বপূৰ্ণ বাটকটীয়া মঞ্চ ৰূপে গঢ় লৈ…
-
দৈনিক জনমভূমি
দৈনিক জনমভূমি অসমৰ এটা উল্লেখযোগ্য অসমীয়া দৈনিক বাতৰিকাকত, যাৰ আৰম্ভণি ১৯৭২ চনত যোৰহাটৰ পৰা। বৰ্তমান ই যোৰহাট, গুৱাহাটী আৰু তিনিচুকীয়াৰ পৰা একেলগে প্ৰকাশ পায় আৰু ইণ্টাৰনেট সংস্কৰণৰ জৰিয়তে বিশ্বজুৰি পঢ়িব পৰা যায়।
-
অসমীয়া প্ৰতিদিন
অসমীয়া প্ৰতিদিন (Asomiya Pratidin) হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। বৰ্তমানৰ মুখ্য সম্পাদক নিত্য বৰা, মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী আৰু কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা।
-
দৈনিক অসম
দৈনিক অসম (Dainik Asam) হৈছে অসমৰ এখন পুৰণি অসমীয়া বাতৰি কাকত। কাকতখন প্ৰথম প্ৰকাশ হয় ১৯৬৫ চনৰ ৪ আগষ্টত। স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ একান্ত প্ৰচেষ্টাৰ ফলত এই বাতৰি কাকতৰ জন্ম হয়। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা কাকতখন প্ৰকাশিত হয়। দ্যা আছাম ট্ৰিবিউন পাব্লিচাৰ্ছ হৈছে কাকতখনৰ প্ৰকাশক।
-
সাদিন
সাদিন (Sadin) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত। ১৯৮৯ চনত কাকতখন প্ৰথম প্ৰকাশ পায়। বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। ২০১৩ চনত সাদিনে ৰূপালী জয়ন্তী বৰ্ষ অৰ্থাৎ ২৫ বছৰত ভৰি দিয়ে। প্ৰথম মুখ্য সম্পাদক আছিল তিলক হাজৰিকা আৰু কাৰ্যবাহী সম্পাদক আছিল অজিত কুমাৰ ভূঞা।
-
অসম বাণী
অসম বাণী (Asam Bani) হৈছে অসমৰ এখন সাপ্তাহিক বাতৰিকাকত। প্ৰতি শুকুৰবাৰে এই কাকত প্ৰকাশ হৈছিল। আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ দ্বাৰা এই কাকত প্ৰকাশ পায়। এসময়ত কাকতখনৰ ইন্টাৰনেট সংস্কৰণো উপলব্ধ আছিল। বৰ্তমান কাকতখন বন্ধ হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
-
নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। কাকতখনৰ বৰ্তমান সম্পাদক নৰেশ কলিতা আৰু অমল দাস কাৰ্যবাহী সম্পাদক। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।
-
অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা
নিম্নোক্ত তালিকাখনত ঘাইকৈ অসমৰ বা-বাতৰিক কেন্দ্ৰ কৰি অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে:- {| ! নাম !! ইংৰাজী নাম !! সম্পাদক !! প্ৰথম প্ৰকাশ !! চলিত / স্থগিত !! ৱেবছাইট |- | অৰুণোদই || Arunodoi || নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক) || ১৮৪৬,…
-
অসমীয়া খবৰ
অসমীয়া খবৰ (Asomiya Khabar) হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই বাতৰি কাকতখনৰ দুই সংস্কৰণ গুৱাহাটী আৰু যোৰহাটৰ পৰা একেসময়তে প্ৰকাশিত হয়। জ্যেষ্ঠ সংবাদকৰ্মী শংকৰ লস্কৰ বাতৰি কাকতখনৰ সম্পাদক আৰু বিশ্বজিৎ দাস মুখ্য সম্পাদক।
-
দ্য ছেণ্টিনেল
দ্য ছেণ্টিনেল (The Sentinel) এখন দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৮৩ চনত গুৱাহাটীত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা আৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত আৰু জনপ্ৰিয়।
-
জনসাধাৰণ
জনসাধাৰণ অসমৰ এখন দৈনিক অসমীয়া বাতৰি কাকত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা সমসাময়িকভাৱে কাকতখন প্ৰকাশিত হয়। কাকতখন ২০০৩ চনত প্ৰথম প্ৰকাশ পায়। কাকতখনৰ প্ৰথম সম্পাদক আছিল মনোজ কুমাৰ গোস্বামী।
-
দৈনিক অগ্ৰদূত
দৈনিক অগ্ৰদূত (Dainik Agradoot) হৈছে অসমৰ এখন অসমীয়া ভাষাৰ বাতৰি কাকত। কাকতখন গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা প্ৰকাশিত হয়। দৈনিক অগ্ৰদূতৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত। অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো আছে।
-
দৈনিক গণ অধিকাৰ
দৈনিক গণ অধিকাৰ অসমৰ এখন অসমীয়া দৈনিক বাতৰি কাকত। এই কাকতখন গুৱাহাটী আৰু শিলচৰৰ পৰা প্ৰকাশিত হয়। কাকতখনৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত। গণ অধিকাৰ প্ৰথম প্ৰকাশ পায় ১৯৯৪ চনত পষেকীয়া কাকত হিচাপে।
-
নীলাচল (বাতৰি কাকত)
নীলাচল (Nilachal) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন বাতৰি কাকত। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
অসমৰ ৱেবছাইটসমূহৰ তালিকা
ইংৰাজী ৱেবছাইট: অসম চৰকাৰৰ মূল ৱেবছাইট জিলা ভিত্তিক ৱেবছাইটৰ তালিকা অসম সম্পৰ্কীয় বেচৰকাৰী ৱেবছাইট তেজপুৰ অনলাইন {| ! নাম !! ৱেবছাইট |- | অসমীয়া ৱিকিপিডিয়া || wikipedia |- | বিকাশপেডিয়া || vikaspedia |- | অসমীয়াপিডিয়া || assamesepedia |- | [[ৱিকিউদ্
-
আজি (অসমীয়া দৈনিক)
আজি আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকত৷ এই বাতৰি কাকতখন ২০০০ চনৰ মাৰ্চ মাহত ৰামধেনু প্ৰকাশন প্ৰাইভেট লিমিটেডে উন্মোচন কৰিছিল। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল অজিত কুমাৰ ভূঞা। ২০০৯ চনৰ ২৪ মাৰ্চত কাকতখনৰ কাৰ্যবাহী সম্পাদক অনিল মজুমদাৰক অজ্ঞাত ব্যক্তিয়ে গুলীয়াই হত্যা কৰে।
-
দৈনিক বাতৰি
দৈনিক বাতৰি হ'ল যোৰহাট জিলাৰপৰা অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। ১৮৮০ৰ দশকত ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাই অসমৰ যোৰহাট জিলাত ঠেঙাল ভৱন নিৰ্মাণ কৰিছিল আৰু ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।
-
এদিনৰ সংবাদ
এদিনৰ সংবাদ হ'ল অসমৰ গুৱাহাটীৰপৰা প্ৰকাশিত এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০০৬ চনৰ ২৯ অক্টোবৰ তাৰিখে কাকতখন প্ৰথম প্ৰকাশ পায়। অদীপ কুমাৰ ফুকন কাকতখনৰ সম্পাদক। বৰ্তমান এইখন কাকত উপলব্ধ নহয়।
-
দৈনন্দিন বাৰ্তা
দৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদক শংকৰ গোহাঞি। কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা একেসময়তে প্ৰকাশিত হয়। কাকতখন প্ৰথম প্ৰকাশ হয় ২০১০ চনত। কাকতখনত মুঠ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে বিভিন্ন বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ হয়।
-
সূত্ৰধাৰ (আলোচনী)
সূত্ৰধাৰ (Sutradhar) হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।
-
অসম বাৰ্তা
অসম বাৰ্তা (Asom Barta) এখন অসমীয়া ভাষাৰ বাতৰি কাকত আৰু ডিজিটেল নিউজ মেডিয়া। 'অসম বাৰ্তা' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাকতখন প্ৰতি সোমবাৰে মাজুলীৰ পৰা প্ৰকাশ পাই আহিছে। ২০২০ চনৰ ২০ এপ্ৰিল তাৰিখে প্ৰথম সংখ্যা প্ৰকাশ পাইছিল।
-
আগান
আগান হৈছে ১৯৯৪ চনৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এখন দহদিনীয়া বাৰ্তালোচনী। এই আলোচনীখন সম্পাদনা তথা প্ৰকাশ কৰিছিল পৰাগ কুমাৰ দাসে। এই বাৰ্তালোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল। প্ৰতিটো মাহৰ এক, এঘাৰ আৰু একৈশ তাৰিখে বাৰ্তালোচনীখনৰ একোটা সংখ্যা প্ৰকাশ পাইছিল।
-
আমাৰ সময়
আমাৰ সময় এখন অসমীয়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে।
-
দ্য নৰ্থ ইষ্ট টাইমছ
দ্য নৰ্থ ইষ্ট টাইমছ (ইংৰাজী: The North East Times) হৈছে উত্তৰ-পূব ভাৰতত বিতৰণ কৰা এখন ইংৰাজী দৈনিক বাতৰি কাকত। ১৯৯০ চনৰ ২ অক্টোবৰত জি. এল. পাব্লিকেশ্যনছ লিমিটেডে এই কাকতখনি মুকলি কৰিছিল। এই বাতৰি কাকতখনৰ প্ৰচলন সংখ্যা প্ৰায় ১,১৩,০০০।
-
সাদিন-প্ৰতিদিন গোষ্ঠী
সাদিন-প্ৰতিদিন গোষ্ঠী (ইংৰাজী: Sadin-Pratidin Group) অসমৰ এটা সংবাদ মাধ্যম বিষয়ৰ গোষ্ঠী। ১৯৮৯ চনত সাদিন নামৰ অসমীয়া সাপ্তাহিক কাকত প্ৰকাশৰ জৰিয়তে এই গোষ্ঠীটোৰ যাত্ৰা আৰম্ভ হয়। বৰ্তমান এই গোষ্ঠীটো Pratidin Media Network নামেৰেও পৰিচিত।
-
হেৰিটেজ এক্সপ্ল'ৰাৰ
হেৰিটেজ এক্সপ্ল'ৰাৰ এখন মাহেকীয়া সংবাদ বুলেটিন। গুৱাহাটীৰ পৰা প্ৰকাশিত এই বুলেটিনখনত উত্তৰ-পূব সম্পৰ্কীয় সংবাদৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। অমৰেন্দ্ৰ ব্ৰহ্ম এই বুলেটিনৰ সম্পাদক।