লোকসাহিত্য
৪২ প্ৰবন্ধ
-
বুঢ়ী আইৰ সাধু
বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত শিশু-পাঠকৰ উপযোগী অসমীয়া সাধু-সংকলন। অসমৰ লোকসমাজৰ পৰা সংগৃহীত লোককথাক লিখিত ৰূপ দিয়া এই গ্ৰন্থই অসমীয়া সাহিত্য আৰু লোকসাহিত্য-চৰ্চাত বিশেষ গুৰুত্ব লাভ কৰিছে।
-
লোককথা
ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা) *তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে? (চৌকা) — অজ্ঞাত লোককথা (Folklore) হৈছে এক বিশেষ গোটৰ মানুহৰ সাংস্কৃতিক অংগ; ই সেই সংস্কৃতি, উপসংস্কৃতি বা গোটৰ বাবে সাধাৰণ পৰম্পৰাসমূহক সামৰি…
-
সাধুকথা
সাধুকথা ( Fairy tale) পৃথিৱীৰ লোকসাহিত্যৰ এটি ভাগ৷ লোকসাহিত্যৰ অন্যান্য বিভাগৰ দৰে সাধুকথাৰো সৃষ্টি কেতিয়াৰ পৰা হ’ল ঠাৱৰ কৰা অসম্ভৱ৷ তথাপি অনুমান কৰা হয় সাধুকথা প্ৰাগৈতিহাসিক দিনৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু ই জনসমাজত যুগ যুগ ধৰি বৰ্তি আছে৷ লোকমুখত পৰি পৃথিৱীৰ একোটা সাধুৱে ভাৱ-ভাষা আৰু…
-
এহেজাৰ এনিশা (লোকগাথা)
এহাজাৰ এনিশা বা আলিফ লেইলা (One Thousand and One Nights) হৈছে ইছলামিক সোণালী যুগত আৰবী ভাষাত সংকলিত মধ্যপ্ৰাচ্যৰ লোককথাৰ সংকলন। ইয়াৰ প্ৰথম ইংৰাজী ভাষাৰ সংস্কৰণৰ পৰা (প্ৰায় ১৭০৬–১৭২১) ইংৰাজীত ইয়াক প্ৰায়ে আৰবীয়ান নাইটছ (Arabian Nights) বুলি জনা যায়।
-
চোনী মহিৱাল
চোনী মহিৱাল অথবা চুনী মেহেৰ ( Sohni Mahiwal; سوہنی مہیوال;; ਸੋਹਣੀ ਮਹੀਂਵਾਲ; سهڻي ميهار) পঞ্জাবৰ চাৰিটা বিষাদ-গাথাৰ এটা। অন্য তিনিটা হ’ল- চচ্ছি পুন্নুন, মিৰ্জা চাহিবা আৰু হীৰ-ৰাঞ্জা। কাহিনীৰ নায়িকা চোনীয়ে যিজন পুৰুষক বিয়া কৰাইছিল, তেওঁৰ প্ৰতি কোনো শ্ৰদ্ধাবোধ নাছিল।
-
মহো-হো গীত
মহো-হো গীত বা ম'হখেদা গীত হ'ল এবিধ অসমীয়া লোকগীত। নামনি অসমৰ কলিতা জনগোষ্ঠীৰ লোকসকলে পালন কৰা মহো-হো উৎসৱত এই গীতসমূহ ব্যৱহাৰ হয়। লোক-বিশ্বাস বা প্ৰচলিত পৰম্পৰাৰ ভেটিতে অসমৰ লোক-সাহিত্য ৰচিত হৈছে।
-
চম্পাৱতী (সাধু)
চম্পাৱতী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা লোকসাধুৰ সংকলন বুঢ়ী আইৰ সাধুত এই সাধুটো সন্নিৱিষ্ট কৰা হৈছে। এই সাধুটোত চম্পাৱতী নামৰ এগৰাকী ছোৱালীৰ বিবাহ এটা অজগৰৰ সৈতে সম্পন্ন হয়।
-
হাইদাং গীত
হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত, যি হাইদাং উৎসৱৰ লগত জড়িত। এই গীতৰ ভাষা মিহলি আৰু অনিয়মিত অসমীয়া বুলি ক'ব পাৰি। গীতবিলাক ধৰ্মমূলক। এনে গীতসমূহত পোনতেই নাৰায়ণ, অগ্নিনাৰায়ণলৈ নমস্কাৰ কৰা হয়। তাৰ পিছত পৃথিৱী, আকাশ, চাৰি মুঠি জীৱৰ সৃষ্টিৰ বৰ্ণনা কৰা হৈছে।
-
অপেচৰা সবাহৰ নাম
অপেচৰা সবাহৰ নাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি। সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক। অপেচৰা সবাহৰ নাম আখ্যানমূলক গীতৰ অন্তৰ্গত। অপেচৰা সবাহ এবিধ লোক-বিশ্বাসৰ গইনা লৈ সৃষ্টি হোৱা অনুষ্ঠান।
-
তুলা আৰু তেজা
তুলা আৰু তেজা (Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।
-
ধাইনাম
ধাইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। শিশুৰ সংগীতপ্ৰিয়তা আৰু সংগীতৰ স্বাভাৱিক মাধুৰ্যকে ধাইনামৰ প্ৰাণ বুলি কোৱা হয়। শিশুৰ আমনি ভাঙি টোপনিৰ বাণ মাৰিবলৈ প্ৰয়াস কৰোঁতেই ধাইনামৰ জন্ম। ধাইনাম বা মাকে শিশুক নিচুকাবলৈ এই গীত ব্যৱহাৰ কৰাৰ বাবে এই গীতসমূহক ধাইনাম বা নিচুকনি গীত বোলে।
-
নাও খেলৰ গীত
নাও খেলৰ গীত হৈছে বিবিধ বিষয়ক লোকগীতৰ অন্তৰ্গত। একেৰাহে নাও বাই গৈ থকা নাৱৰীয়াৰ মনটো আমনিয়ে হেঁচি ধৰে আৰু সেই আমনি পাহৰিবলৈ গীতৰ বকলা মেলে। এইদৰে নাওখেলৰ গীত প্ৰয়োগ হোৱাৰ পৰা পিছলৈ ই নাও খেলৰ গীত নামেৰে জনাজাত হয়। কিন্তু ইয়াক নাৱৰীয়াৰ গীত বুলি ক'লেহে আটাইখিনি গীত সামৰি লয়।
-
আব্বাক্কা চৌটা
ৰাণী আব্বাক্কা চৌটা (Abbakka Chowta) উল্লালৰ প্ৰথম টুলুভা ৰাণী আছিল। তেওঁ ষোড়শ শতিকাৰ শেষাৰ্ধত পৰ্তুগীজসকলৰ সৈতে যুঁজিছিল। তেওঁ চৌটা ৰাজবংশৰ আছিল আৰু ভাৰতৰ উপকূলীয় কৰ্ণাটক (টুলুনাডু)ৰ কিছু অংশত শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী আছিল পুট্টিগে।
-
আলি বাবা আৰু চল্লিশটা চোৰ
আলি বাবা আৰু চল্লিশটা চোৰ (علي بابا والأربعون لصا) হৈছে অষ্টাদশ শতিকাৰ এহেজাৰ এনিশা নামৰ লোককথাৰ সংকলনত ইয়াৰ ফৰাচী অনুবাদক এণ্টোৱান গালেণ্ডে সংযোজন কৰা এক লোককথা। গালেণ্ডে সাধুটো ছিৰিয়াৰ গল্পকাৰ হান্না ডিয়াবৰ পৰা শুনিছিল।
-
কপালত জোনাক থকা ল’ৰাটো
দ্য বয় উইথ এ মুন অন হিজ ফ'ৰহেড হৈছে মাইভে ষ্ট'কছ আৰু লাল বেহাৰী দেৰ দ্বাৰা সংগ্ৰহ কৰা বাংলা লোককথা৷ এই কাহিনীবোৰে এনে কাহিনীক বুজায় য’ত এগৰাকী ছোৱালীয়ে ৰজাক আচৰিত ধৰণৰ সন্তান বা সন্তান জন্ম দিব বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তেওঁৰ ঈৰ্ষাপৰায়ণ আত্মীয় বা ৰজাৰ পত্নীয়ে কেঁচুৱা আৰু তেওঁলোকৰ মাকৰ…
-
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি'(ডগ এণ্ড হিজ ৰিফ্লেকচন) ইছপৰ এটা অন্যতম উপকথা। মূল গ্ৰীক কাহিনীটো লেটিন ভাষাত পুনৰুদ্ধাৰ কৰা হৈছিল আৰু এইদৰে সমগ্ৰ ইউৰোপতে বিয়পি পৰিছিল, যিয়ে নিজৰ হাতত যি আছে তাতেই সন্তুষ্ট হ’বলৈ আৰু ছাঁৰ স্বাৰ্থত একো বলিদান নিদিবলৈ পাঠটো শিকাইছিল। গল্পটোৰ ভাৰতীয় সংস্কৰণো আছে।
-
গাধ আৰু গাহৰিৰ সাধু
গাধ আৰু গাহৰিৰ সাধু হৈছে ইছপৰ এক অন্যতম সাধু, যিটো পাশ্চাত্যত কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল যদিও প্ৰাচ্যত ইয়াৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ হৈয়ে আছে। এই সাধুটোৰ সাধাৰণ নীতিশিক্ষা হ’ল, কাৰোবাৰ সহজ জীৱন আৰু সাম্ভাৱ্য সৌভাগ্যই তেওঁলোকৰ কল্যাণৰ প্ৰতি ভয়ৰ কাৰণ হৈ পৰে।
-
নৈদানিক মালিতা
নৈদানিক মালিতা হ'ল জগৎসৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্ম, গছ-বৃক্ষ, লতা-লতিকা আদিৰ উৎপত্তিৰ বৰ্ণনা থকা গীত। পুৰাণগত মালিতাৰ সৈতে এই গীতবোৰৰ বিষয়-বস্তু, সংযুতি আৰু অনুষঙ্গৰ ক্ষেত্ৰত সাধাৰণ মিল দেখা যায়।
-
মেইতেই লোককথা
মেইতেই লোককথা হৈছে ভাৰতৰ মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোককথা আৰু পৌৰাণিক কাহিনী। এনে লোককথা পৰম্পৰাগতভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে। বৰ্তমান মণিপুৰ চৰকাৰে মেইটেই জনগোষ্ঠীৰ লোককথা সংৰক্ষণৰ পৰিকল্পনা কৰিছে, যিটো চৰকাৰী শিক্ষানুষ্ঠানত প্ৰাথমিক শিক্ষাৰ জৰিয়তে কাৰ্যকৰী হ’ব।
-
হুদুম গীত
হুদুম গীত হৈছে হুদুম পূজা উপলক্ষে পৰিৱেশন কৰা এবিধ লোকগীত। অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত এই গীতৰ প্ৰচলন আছে।
-
ৰসী গাহেন
ৰসী গাহেন ( Rochi Gaheen) হাজংসকলৰ জাতীয় কৃষ্টিৰ অন্যতম লোক-সংগীত। কৃষিকাৰ্যৰ জীৱন জীৱিকাৰ লগত এই গীত ওতপ্ৰোতভাবে জড়িত হৈ আছে। শক্তিৰ উপাসক হিচাপে শ্ৰমৰ উৎস হৈ যুগ যুগ ধৰি যিদৰে শ্ৰমজীৱিসকলৰ মাজত বিভিন্ন নৃত্য-গীতৰ প্ৰচলন হৈ চলি আহিছে, সেইদৰে হাজং জনগোষ্ঠীৰ মাজতো পৰম্পৰাগতভাবে ৰসী গাহেনৰ প্ৰচলন…
-
আৰব হাস্যৰস
আৰব হাস্যৰস (ইংৰাজী: Arab humor) বুলিলে আৰব বিশ্বত প্ৰচলিত হাস্যৰসৰ বিভিন্ন ৰূপক বুজায়। ই আৰব সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ দিশ আৰু আৰব বিশ্বৰ জটিলতা তথা সূক্ষ্মতাবোৰ ইয়াত প্ৰতিফলিত হয়। আৰব হাস্যৰস ইয়াৰ চাতুৰ্যপূৰ্ণ, বুদ্ধিদীপ্ত আৰু ব্যংগাত্মক শৈলীৰ বাবে পৰিচিত।
-
কল'বক
কলবক (চিৰিলিক: колобо́к) হৈছে পূব স্লাভিক সাধুকথাৰ মূল চৰিত্ৰ, যাক এটা সৰু হালধীয়া গোলাকাৰ ৰুটিৰ দৰে প্ৰতিনিধিত্ব কৰা হয়। কাহিনীটোক প্ৰায়ে "লিটিল ৰাউণ্ড বান" আৰু কেতিয়াবা "দ্য ৰানাৱে বান" বুলিও কোৱা হয়। স্লাভিক অঞ্চলত সাধুকথাৰ কেইবাটাও ভিন্নতা দেখা যায়।
-
ক্ষীৰেৰ পুতুল
ক্ষীৰেৰ পুতুল'(গাখীৰৰ পুতলা) হৈছে ১৮৯৬ চনত অবনীন্দ্ৰনাথ ঠাকুৰে শিশুসকলৰ বাবে ৰচনা কৰা এখন কাল্পনিক উপন্যাস। এই কিতাপখন প্ৰথম প্ৰকাশ কৰিছিল আদি ব্ৰহ্ম সমাজ প্ৰেছে।
-
চিৰা চাবিয়া
চিৰা চাবিয়া (ইংৰাজী: Sīra shaʿbiyya) হ’ল ইছলামী সাহিত্যৰ এক বিশেষ ধাৰা, যিটো দীঘলীয়া বীৰত্বগাথাৰ কাহিনীৰে গঠিত। চিৰাসমূহ সাধাৰণতে ঐতিহাসিক পটভূমি, চৰিত্ৰ আৰু ঘটনাক কেন্দ্ৰ কৰি গঢ়ি উঠা ঐতিহাসিক কল্পকাহিনী, য’ত সামৰিক অভিযানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
-
ছিলেট গীতিকা
ছিলেটৰ মানুহে ৰচনা কৰা মৌখিক লোককথা, গল্প, যাত্ৰা আদিক সামূহিকভাৱে ছিলেটগীতিকা বুলি কোৱা হয়। ছিলেট অঞ্চলৰ প্ৰাচীন জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলী, খিলঞ্জীয়াৰ জীৱিকা, সামন্তীয় শাসন ব্যৱস্থা, গ্ৰাম্য লোককথা, আৱেগিক অনুভূতি, প্ৰেম আৰু বিচ্ছেদ, যুদ্ধ আৰু সংঘাত, মানৱতাক ছিলেট গীতিকাৰ উৎস হিচাপে বিবেচিত…
-
জেভাচিম
জেভাচিম (ইংৰাজী: Zevachim; হিব্ৰু: זְבָחִים; অৰ্থ: "বলিদান") হ’ল মিছনাহ, তালমুদ আৰু টোচেফটাৰ 'চেডৰ কোডাশ্বিম'ৰ (পৱিত্ৰ বস্তুসমূহ) প্ৰথমখন ট্ৰেকটেট বা নিবন্ধ। এই নিবন্ধখনত যিৰূচালেমৰ মন্দিৰৰ বলিদান প্ৰথাৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হৈছে।
-
টুম্বুকা সাহিত্য
টুম্বুকা সাহিত্য হ’ল টুম্বুকা ভাষাত ৰচিত লিখিত আৰু মৌখিক ৰচনাৰ সমষ্টি। টুম্বুকা হ’ল এটা বাণ্টু ভাষা, যি মূলতঃ মালাউই, জাম্বিয়া আৰু তাঞ্জানিয়াৰ কিছু অংশত প্ৰচলিত। ইয়াৰ ভিতৰত পৰম্পৰাগত মৌখিক আখ্যান, কবিতা, প্ৰবচন, লোককথাৰ লগতে আধুনিক কল্পকাহিনী, নাটক আৰু পাণ্ডিত্যপূৰ্ণ কৰ্মৰাজি অন্তৰ্ভুক্ত।
-
ধোলা মাৰু
ধোলা মাৰু এটা ভাৰতীয় লোক কাহিনী তথা ধোলা আৰু মাৰুৰ ৰোমাণ্টিক কাহিনী। ৰাজস্থানী সংস্কৰণটো ছত্তীশগড়ত পোৱা এটা সংস্কৰণতকৈ সম্পূৰ্ণ পৃথক। লোককাহিনীটো পঞ্জাৱতো পোৱা যায়।
-
নীলা শিয়াল
নীলা শিয়াল এটা সাধুকথা যিটো সমগ্ৰ ভাৰত উপমহাদেশতে পৰিচিত।