ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সমধ্বনি
সমধ্বনি বা হোমোফোন (Homophone) হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়। দুটা শব্দৰ বানান কেতিয়াবা একে হ'ব পাৰে, যেনে- Rose (ফুল) আৰু Rose (Rise ৰ অতীত কালৰ ৰূপ) বা অন্য ধৰণে- rain, reign, rein ইত্যাদি৷ অন্য ধৰণে বানান কৰা…
-
সময় হৈছেনে?
সময় হৈছেনে? (Samay Haisene) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক তথা শিশু-সাহিত্যিক বন্দিতা ফুকনৰ এখন কল্পবিজ্ঞান মূলক গ্ৰন্থ। এইখন কেইবাটাও কল্পবিজ্ঞান কাহিনীৰ একত্ৰ সংকলন। ২০১৬ চনৰ জুলাই মাহত বনলতা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৩১ আৰু মূল্য ১০০ টকা।
-
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিলৈ সন্মান জনাই আগবঢ়োৱা এক বঁটা৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০১৪ চনৰ পৰা পণ্ডিত শশীচন্দ্ৰ বৰবৰুৰা ন্যাসে এই বঁটাৰ প্ৰৱৰ্ত্তন কৰে৷ এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকা,…
-
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন অসমীয়া ভাষাত প্ৰকাশিত এখন স্বাস্থ্য সম্পৰ্কীয় আলোচনী। আলোচনীখনৰ মুখ্য সম্পাদক শৰত্ ৰাজখোৱা, কাৰ্যবাহী সম্পাদক ডাঃ মিহিৰ কুমাৰ গোস্বামী (অবৈতনিক) আৰু চাৰ্কুলেচনৰ দায়িত্বত আছে তপন কলিতা।
-
স্যমন্তক হৰণ
স্যমন্তক হৰণ শ্ৰীশ্ৰী শঙ্কৰদেৱৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ৷ ভাগৱতৰ দশম স্কন্ধত ‘স্যমন্তক হৰণ’ শীৰ্ষক অধ্যায়টি আছে৷
-
হিণ্ডূৰী ভাষা
হিণ্ডূৰী (বা হণ্ডূৰী) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ এটি উপ-গোট। এই ভাষা মুখ্যতঃ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়।
-
হৰিশ্চন্দ্ৰ উপাখ্যান
হৰিশ্চন্দ্ৰ উপাখ্যান শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এখন কাহিনী-প্ৰধান উপাখ্যান৷ হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত এটি সৰু কাহিনী৷ পুৰাণৰ সাৰ বুলি গ্ৰহণ কৰি লেখকে নিজৰ মৌলিক সাহিত্যিক প্ৰতিভাৰে উপাখ্যানটি সজাই-পৰাই লৈছে৷ এই পুথিখন শংকৰদেৱৰ আগবয়সৰ ৰচনা৷ হৰিশ্চন্দ্ৰ উপাখ্যানতেই শংকৰদেৱে…
-
ৰহস্য গল্প
ৰহস্য গল্প (ইংৰাজী: Rahasya Galpa) অসমীয়া কল্পবিজ্ঞান, ৰহস্য আৰু ভৌতিক গল্পৰ এক নিৰ্বাচিত সংকলন। অসম সাহিত্য সভাই ২০২১ চনৰ আগষ্ট মাহত প্ৰকাশ কৰা সংকলনটো সম্পাদনা কৰিছে কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে।
-
ৰুক্মিণী হৰণ কাব্য
ৰুক্মিণী হৰণ কাব্যখন ভাগৱত আৰু হৰিবংশৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। প্ৰেম আৰু মিলন, বিবাদেই হৈছে এই কাব্যখনৰ মূল সমল। কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণী ক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল।
-
ৰেণ্ডম ৰিফ্লেকশ্যনছ্
ৰেণ্ডম ৰিফ্লেকশ্যনছ্(Random Reflections) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন ইংৰাজী প্ৰবন্ধৰ সংকলন। আঁক-বাক প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য দুশ টকা।
-
অ-পদাৰ্থ
অ-পদাৰ্থ হৈছে অসমীয়া কবি-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা লিখিত এখনি কল্প-বিজ্ঞানধৰ্মী উপন্যাস। উপন্যাসখন ১৯৮২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।
-
অনাদি পাতন
অনাদি পাতন পদবন্ধে ৰচিত শংকৰদেৱ সৃষ্ট এখনি সাহিত্য৷ এই পুথিখন ৰচোঁতাই ভাগৱতৰ তৃতীয় স্কন্ধৰ আলমত ৰচনা কৰিছে৷ পুথিখন ভাগৱতৰ কাহিনীৰ লগতে বামন পুৰাণৰ কথাৰো উল্লেখ আছে৷ লেখকে নিজেই “বামন পুৰাণৰ কিছু মিশ্ৰ দিলোঁ তাত’’ বুলি স্বীকাৰ কৰি গৈছে৷ অনাদি পাতন' পুথিখন এখন বৃহৎ শাস্ত্ৰ আৰু ইয়াত প্ৰায় ৩০০-ৰো…
-
অমৃত মন্থন
অমৃত মন্থন শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি উপখ্যান৷ উপাখ্যানত দুৰ্বাসাৰ অভিশাপত শ্ৰীহীন ইন্দ্ৰকে আদি কৰি দেৱতাসকল দৈত্যৰাজ বলিৰ দ্বাৰা পৰাজিত হোৱা আৰু দৈত্যগণে অমৰত্ব পাবলৈ বিষ্ণুৰ পৰামৰ্শমতে ক্ষীৰ সমুদ্ৰ মন্থন কৰা, মন্দৰ পৰ্বত উভাৰি অনা আদিৰ সৰস বৰ্ণনাৰে সমৃদ্ধ।
-
অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪)
অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (ইংৰাজী: 8th special yearly Adhiveshan of Assam Sahitya Sabha) ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়।
-
অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক হাফলং অধিৱেশন (২০১৬)
অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে ২০১৬ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ডিমা হাছাও জিলাৰ হাফলং চহৰৰ সোণাৰাম থাউচেন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়।
-
অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা
অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা:
-
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷ গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত…
-
অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন
অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন (Asomia Chutigalpa: Oitijya Aru Biborton) অসমীয়া চুটিগল্পৰ ইতিহাস আৰু গতি-প্ৰকৃতি অধ্যয়ন সম্পৰ্কীয় এখন অসমীয়া গ্ৰন্থ। ড° অপূৰ্ব বৰাৰ সম্পাদনাত এই গ্ৰন্থখন যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ পৰা ৭ জুলাই ২০১২ চনত প্ৰথম প্ৰকাশ পাইছিল।
-
অসমীয়া ভাষাৰ ৰোমানীকৰণ
অসমীয়া ভাষাৰ ৰোমানীকৰণ হৈছে অসমীয়া ভাষাক ৰোমান লিপিত উপস্থাপন কৰা। অসমীয়া ভাষাৰ বাবে বহুতো ধৰণৰ ৰোমানীকৰণ ব্যৱহাৰ কৰা হয়।
-
অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা
অসমৰ লোক-সাহিত্যৰ ৰূপৰেখা হৈছে অসমীয়া ভাষাত ৰচিত আৰু অসমীয়া সাহিত্যিক-বুৰঞ্জীবিদ ড॰ লীলা গগৈৰ দ্বাৰা লিখিত এখনি গ্ৰন্থ। ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত প্ৰধানকৈ অসমৰ লোক-সাহিত্যৰ লগত জড়িত নানানটা বৈচিত্ৰ্যময় উপাদানৰ বিস্তৃত বিৱৰণ সন্নিৱিষ্ট হৈছে।
-
অসমীয়া সংখ্যা পদ্ধতি
অসমীয়া-বঙালী সংখ্যা পদ্ধতি হৈছে অসমীয়া, বঙালী, ছিলঠীয়া, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ব্যৱহাৰ হোৱা সংখ্যা পদ্ধতি। অসমীয়া-বঙালী সংখ্যা পদ্ধতি অসমীয়া আৰু বঙালী ভাষাত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু আন ভাষাত আৰৱী সংখ্যা পদ্ধতি বেছিকৈ ব্যৱহাৰ হয়।
-
অসমৰ জনজাতি (গ্ৰন্থ)
অসমৰ জনজাতি প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য লিখিত এখন গ্ৰন্থ৷ গ্ৰন্থখনত অসম, নগাভূমি আৰু উত্তৰ পূব সীমান্ত অঞ্চলৰ জনজাতিসমূহৰ বিৱৰণ আছে৷ সেইদৰে পাহাৰ আৰু ভৈয়ামৰ অন্যান্য জনজাতিসকলৰ বিষয়েও চমু পৰিচয় আছে৷
-
অৰণ্যেৰ অধিকাৰ
অৰণ্যেৰ অধিকাৰ (প্ৰথম প্ৰকাশ:১৯৭৭) হ'ল মহাশ্বেতা দেৱী ৰচিত বাংলা উপন্যাস। এইখন উপন্যাসৰ বাবে মহাশ্বেতা দেৱীয়ে ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জীৱন আৰু যুদ্ধৰ বৰ্ণনা কৰা হৈছে।
-
অৰ্ণৱ, আস্থা আৰু JEC
অৰ্ণৱ, আস্থা আৰু জে ই চি (নামটো ষ্টাইলাইজ কৰা হৈছে: অৰ্ণৱ, আস্থা আৰু JEC) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পটভূমিত অৰ্ণৱ আৰু আস্থা বৰুৱাৰ কাল্পনিক প্ৰেমকাহিনীৰে ৰচিত ইন্দ্ৰাণী শৰ্মাৰ এখন অসমীয়া উপন্যাস। তেওঁৰ ৱেবছাইট www.indranee.org-ত এই উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল।
-
আজিও আহিছিল অৰণ্যখন
আজিও আহিছিল অৰণ্যখন (ইংৰাজী: Ajio Ahisil Aranyakhan) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন৷ সংকলনখনৰ কবি সত্যজিৎ গগৈ৷
-
আধুনিক অসমীয়া কবিতা-মঞ্জৰী (গ্ৰন্থ)
আধুনিক অসমীয়া কবিতা-মঞ্জৰী হৈছে লেখক, অধ্যাপক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা অসমীয়া কবিতাৰ সংকলন বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৬ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাৰ শিৰোনাম- আধুনিকতাবাদ আৰু আধুনিক অসমীয়া কবিতা।
-
আধুনিক যুগৰ জন্ম কাহিনী
আধুনিক যুগৰ জন্ম কাহিনী (Aadhunik Jugor Jonmo-Kahini) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য ৰচনা। গ্ৰন্থখন প্ৰথম ১৯৮৯ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ দুই পুত্ৰ অনিন্দ্য আৰু প্ৰদীপ্তলৈ আগবঢ়াইছে।
-
আন এজন
আন এজন (Aan ejon) হৈছে অসমৰ সাহিত্যিক, কবি, সমালোচক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কেইটিমান কবিতাৰ সংকলন। ১৯৮৭ চনত এই কাব্য গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
আন্না কাৰেনিনা
আন্না কাৰেনিনা (Anna Karenina) ৰুচ লেখক লিঅ' টলষ্টয়ৰ প্ৰখ্যাত উপন্যাস। দ্য ৰাচিয়ান মেচেঞ্জাৰত ১৮৭৩ চনৰ পৰা ১৮৭৭ চনলৈ এইখন ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল। গ্ৰন্থ আকাৰে প্ৰকাশ পায় ১৮৭৮ চনত।
-
আমাৰ দেশ
আমাৰ দেশ (আমার দেশ), বাংলাদেশ ৰ এখন বাতৰি কাকত, ২০০৪ চনৰ পৰা বন্ধ নোহোৱালৈকে কাৰ্যক্ষম আছিল। বাংলা ভাষাত ঢাকাত প্ৰকাশিত এই ছবিখনে স্থানীয়, আঞ্চলিক, আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা বাংলাদেশৰ বাতৰিৰ বাতৰি দিছিল।