জীৱন-বৃত্ত হৈছে অসমীয়া সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনী। লিখকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত লিখিবলৈ আৰম্ভ কৰি ১৯৯৯ চনৰ ডিচেম্বৰ মাহত লিখি শেষ কৰা আত্মজীৱনীখন প্ৰথমে প্ৰান্তিক আলোচনীৰ পাতত চৌচল্লিছটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু পৰৱৰ্তী সময়ত লয়াৰ্চ বুক ষ্টলে ২০০৩ চনত গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল। লেখকে নিজে উল্লেখ কৰা অনুসৰি আত্মজীৱনী লিখাৰ আৰম্ভণি তেখেত ১৯৯৭ চনৰ ডিচেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টন নগৰত কৰিছিল। পৰৱৰ্তী ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা জুলাই মাহৰ মাজভাগলৈকে গুৱাহাটীত লিখিছিল, আকৌ ১৯৯৮ চনৰ জুলাই মাহৰ শেষ ভাগৰ পৰা ডিচেম্বৰ মাহৰ শেষ ভাগলৈকে কামটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত কৰিছিল আৰু ১৯৯৯ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰলৈকে এইছোৱা সময়ত তেখেতে কিতাপখন লিখি সম্পূৰ্ণ কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত এই আত্মজীৱনীখন মুঠ ১১টা অধ্যায়ত বিভক্ত কৰা হৈছে। আত্মজীৱনীখনত তেখেতে শৈশৱৰ সময়ৰ পৰা আৰম্ভ কৰি ৰোগাক্ৰান্ত হৈ জীৱনৰ শেষ মুহূৰ্তলৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।
তথ্য সংগ্ৰহ
ভবেন্দ্ৰ নাথ শইকীয়া। জীৱন-বৃত্ত। অসম বুক হাইভ, গুৱাহাটী। পঞ্চম প্ৰকাশ, জানুৱাৰী ২০১৬।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন-বৃত্ত” প্ৰবন্ধৰ সংশোধন ৩৬৮৬৭২ (১৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।