ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নলবৰীয়া উপভাষা
নলবাৰীয়া উপভাষা (Nalbariya dialect) হৈছে অসমৰ নলবাৰী জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ঘাইকৈ প্ৰচলিত অসমীয়া ভাষাৰ এটি উপভাষা৷ ই কামৰূপী গোটৰ তিনিটা উপভাষাৰ ভিতৰত এটা। বাকীদুটাৰ ভিতৰত এটা হৈছে বৰপেটিয়া উপভাষা আৰু আনটো পলাশবাৰীয়া উপভাষা৷
-
নিউ ৱমেন (আলোচনী)
নিউ ৱমেন (New Woman) হৈছে ভাৰতীয় জীৱন-শৈলী বিষয়ক এখন ইংৰাজী সাময়িকী, যিখন পাইয়নিয়াৰ বুক কোম্পানী প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰে। এই সাময়িকীখন ভাৰতৰ মুম্বাইৰ পৰা প্ৰকাশিত হয়, আৰু ইয়াৰ সম্পাদক হ'ল হেমা মালিনী।
-
নিবন্ধ ঊনবিংশ (গ্ৰন্থ)
নিবন্ধ ঊনবিংশ এখন প্ৰবন্ধধৰ্মী সমালোচনামূলক গ্ৰন্থ৷ গ্ৰন্থখনৰ লিখক যোগেন্দ্ৰনাৰায়ণ ভূঞা৷ ২০০৭ চনৰ নৱেম্বৰ মাহত অসম প্ৰকাশন পৰিষদৰপৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয়৷ গ্ৰন্থখনত সৰ্মমুঠ ১৯ টা প্ৰবন্ধ আছে৷
-
নীলা শিয়াল
নীলা শিয়াল এটা সাধুকথা যিটো সমগ্ৰ ভাৰত উপমহাদেশতে পৰিচিত।
-
নেপালী লোককথা (গ্ৰন্থ)
নেপালী লোককথা (নেপালী: नेपाली लोककथा) তুলসী দিৱাছাৰ দ্বাৰা ৰচিত নেপালী ভাষাৰ লোককথাৰ সংকলন। এই গ্ৰন্থখন ২০৩১ বিক্ৰম সংবতত (১৯৭৪ -১৯৭৫ খ্ৰীষ্টাব্দ) নেপালী ৰাজকীয় প্ৰজ্ঞা প্ৰতিস্থানে প্ৰকাশ কৰে। গ্ৰন্থখনত সমগ্ৰ নেপালৰ বিভিন্ন অঞ্চল আৰু ভাষাৰ লোককথাৰে ভৰপূৰ।
-
নৱ কুমাৰ সন্দিকৈ
ড০ নৱ কুমাৰ সন্দিকৈ (Dr Nava Kumar Handique) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক। তেখেত সংস্কৃত সাহিত্য,ভক্তি সাহিত্য, কালিদাসৰ সাহিত্য, প্ৰাশ্চ্য আৰু পাশ্চাত্যৰ সাহিত্য, সাহিত্য তত্ত্ব আৰু সমালোচনা ইত্যাদি বিষয়ৰ অধ্যয়নৰ সৈতে জড়িত।
-
নৱযুগ (আলোচনী)
নৱযুগ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ষাঠিৰ দশকত প্ৰকাশ পোৱা এখন সাপ্তাহিক বাৰ্তালোচনী। এই আলোচনীখনক পৰৱৰ্তী কালত এখন বিশেষ উল্লেখ্যযোগ্য আলোচনী বুলি মান্যতা দিয়া হৈছে। আলোচনীখনে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ আলোচনাত বিশেষ গুৰুত্ব দিছিল।
-
প'য়েট্ৰী
প'য়েট্ৰী (ইংৰাজী: Poetry) ১৯১২ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰপৰা প্ৰকাশ পাই থকা ইংৰাজী ভাষাৰ এখন মাহেকীয়া কবিতা আলোচনী। আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কবি হেৰিয়েট মনৰো। ২০০৭ চনত আলোচনীখনৰ প্ৰচলন আছিল ৩০,০০০।
-
পত্নীপ্ৰসাদ
পত্নীপ্ৰসাদ শংকৰদেৱ ৰচিত অধুনাপ্ৰাপ্ত প্ৰথম অংকীয়া নাট৷ কৰ্ম-মাৰ্গ আৰু ভক্তি-মাৰ্গকে মুখ্য স্থান দি এই নাটখনি ৰচনা কৰা হৈছে৷ যাগ-যজ্ঞৰ প্ৰতি পৰম আস্থাশীল আৰু ভক্তিপন্থা বিৰোধী ব্ৰাহ্মণসকলৰ লগত কৃষ্ণভক্তিপৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি এই নাটৰ কাহিনী আগবঢ়িছে৷
-
পেলিনড্ৰোম
পেলিনড্ৰোম (ইংৰাজী: Palindrom) হ’ল এনে কিছুমান বিশেষ শব্দ আৰু সংখ্যা যিবোৰ আৰম্ভণী বা শেষ দুয়োফালৰ পৰা পঢ়িলে শব্দৰ উচ্চাৰণ আৰু অৰ্থৰ সাল সলনি নহয়; বা সংখ্যাৰ মান একেই থাকে (সংখ্যাৰ ক্ষেত্ৰত)। মূল গ্ৰীক শব্দ পেলিনড্ৰোমাছৰ (অৰ্থ: Running back again) পৰা ইংৰাজী পেলিনড্ৰোম শব্দটো আহিছে।
-
প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ (গ্ৰন্থ)
প্লেন্টাৰ ৰাজৰপৰা স্বৰাজলৈ-অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি, ১৮২৬-১৯৪৭ হৈছে অমলেন্দু গুহ ৰচিত ঔপনিৱেশিক কালৰ অসমৰ এক সামগ্ৰিক ইতিহাস।। কিতাপখন অন্বেষা প্ৰকাশে প্ৰকাশ কৰিছে। কিতাপখনৰ আইএছবিএন নম্বৰ হৈছে- ৮১-৮৯০০৩-৮৭-৯ আৰু মূল্য: ৪৮০ টকা।
-
পৰসাহিত্য
পৰসাহিত্যই (Paraliteraure) সাহিত্য নহয় বুলি উলাই কৰা লিখিত ৰচনাসমূহক সামৰি লয়। ইয়াত বাণিজ্যিক কল্পকাহিনী, জনপ্ৰিয় কল্পকাহিনী, পাল্প কল্পকাহিনী, কমিক বুক আৰু আটাইতকৈ উল্লেখযোগ্যভাৱে কল্পবিজ্ঞান, কল্পনা, ৰহস্য আৰু অন্যান্যৰ ৰচনাৰ সৈতে ধাৰা কল্পকাহিনী অন্তৰ্ভুক্ত কৰা হৈছে।:361 এই শব্দটো প্ৰথমে…
-
পৰিচয় (গ্ৰন্থ)
পৰিচয় (ইংৰাজী: Parichay) হৈছে অসমৰ সাহিত্যিক দণ্ডিনাথ কলিতাৰ দ্বাৰা লিখিত এখন সামাজিক উপন্যাস৷ উপন্যাসখন পোনপ্ৰথমবাৰৰ বাবে ১৯৫০ চনত প্ৰকাশিত হৈছিল৷
-
পৰিশ্ৰান্ত পৃথিৱী
পৰিশ্ৰান্ত পৃথিৱী (২੦২৩) (ইংৰাজী: Parishranta Prithivee) পাৰিপাৰ্শ্বিক কবিতাৰ এখন দ্বিভাষিক সংকলন৷ গ্ৰন্থখনত নেপালী ভাষাৰ মূল কবিতাসমূহৰ সমান্তৰালকৈ তাৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট হৈছে৷ নেপালী মূল কবিতাসমূহৰ লেখক হ’ল ডাঃ দেৱেন চাপকোটা আৰু অসমীয়া অনুবাদক হ’ল নিৰু শৰ্মা পৰাজুলী৷ অসম প্ৰকাশ পৰিষদে…
-
পৱিত্ৰ অসম
পৱিত্ৰ অসম অসমৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে মহেশ্বৰ নেওগৰ দ্বাৰা সংকলিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় অক্টোবৰ ১৯৬০ চনত। প্ৰকাশক অসম সাহিত্য সভা। গ্ৰন্থখনত অসমৰ প্ৰতিখন জিলাৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে।
-
বংগৰ লোক-কথা
বংগৰ লোক-কথা (Folk-Tales of Bengal) হৈছে লাল বেহাৰী দেৰ দ্বাৰা ৰচিত বংগৰ লোককথা আৰু সাধুকথাৰ সংকলন৷ এই গ্ৰন্থখন প্ৰকাশিত হয় ১৮৮৩ চনত। ৱাৰউইক গ'বলৰ চিত্ৰকল্পসমূহ ১৯১২ চনত সংযোজন কৰা হয়। এই সকলোবোৰ কাহিনী প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুগ যুগ ধৰি চলি আছিল।
-
বঙালী কবিৰ তালিকা
{| ! কবি !! ছবি !! ছদ্মনাম !! জীৱনকাল !! সাহিত্যকৰ্ম |- | ঈশ্বৰচন্দ্ৰ গুপ্ত || || || ১৮১২–১৮৫৯ খ্ৰী. || বিদ্ৰূপমূলক কবিতা আৰু মধ্যযুগীয় শৈলীৰ পুনৰুজ্জীৱনৰ বাবে প্ৰসিদ্ধ। |- | মাইকেল মধুসূদন দত্ত || || || ১৮২৪–১৮৭৩ খ্ৰী. || বঙালী কবিতাত মুক্তছন্দ (blank verse)ৰ প্ৰৱেশ ঘটোৱা; মেঘনাদবধ কাব্যৰ ৰচয়িতা।
-
বণ্ডুকা বেহাৰ
বণ্ডুকা বেহাৰ ( Banduka Behar) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। অসমীয়া সাহিত্যৰ জীৱনীমূলক ধাৰাত উল্লেখযোগ্য সংযোজন হিচাপে উপন্যাসখন তাৎপৰ্যপূৰ্ণ।
-
বনবাণী (কাব্যগ্ৰন্থ)
বনবাণী (বনবাণী) হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা ৰচিত এখন বাংলা কাব্যগ্ৰন্থ। ১৯৩১ চনত এইখন প্ৰকাশ হৈছিল।
-
বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী
অসমীয়া সাহিত্যৰ লগতে ইংৰাজী সাহিত্যৰ প্ৰচুৰ জ্ঞানসম্পন্ন প্ৰাধ্যাপক, সাহিত্যিক বসন্ত কুমাৰ শৰ্মা ৰ সমগ্ৰ ৰচনাৰাজিক সামৰি বসন্ত কুমাৰ ৰচনাৱলী প্ৰকাশ পাইছে। বৰ্তমানলৈকে ইয়াৰ প্ৰকাশিত খণ্ডৰ সংখ্যা দুটা। দুয়োটা খণ্ডতে তেখেতৰ পাশ্চাত্য সাহিত্য সম্পৰ্কীয় ৰচনাৰাজি সন্নিৱিষ্ট হৈছে।
-
বাঙালী সাহিত্যিকৰ ছদ্মনাম
বাংলা ভাষাত ৰচিত সাহিত্যকৰ্মকে বাংলা সাহিত্য নামেৰে জনা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তম শতিকাৰ মাজভাগৰ আশে-পাশে বাংলা ভাষাত সাহিত্য ৰচনা আৰম্ভ হৈছিল। বাংলা ভাষাৰ লগতে পৃথিৱীৰ সকলো সাহিত্যতে সাহিত্যিকসকলে বহু সময়ত নিজৰ প্ৰকৃত নাম গোপনে ৰাখি আন নামেৰে সাহিত্য সৃষ্টি কৰাৰ নজিৰ আছে।
-
বাৰেমতৰা
অসমীয়া ভাষাত ব্যঞ্জনবৰ্ণ আৰু স্বৰবৰ্ণৰ মাত্ৰা যোগ হৈ সৃষ্টি হোৱা আখৰৰ ক্ৰমক বাৰেমতৰা বোলা হয়। হিন্দী ভাষাত ইয়াক বাৰহখড়ী (बारहखड़ी) নামেৰে জনা যায়। তলত অসমীয়া বৰ্ণসমূহৰ বাৰেমতৰা তালিকা দিয়া হৈছে।
-
বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি
বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি(Bichitra Abhigyata aru Anubhuti) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২০ টা প্ৰবন্ধ আছে।
-
বিজয় গুপ্তা (কবি)
বিজয় গুপ্তা আছিল পঞ্চদশ শতিকাৰ বৰিশালৰ এজন বঙালী কবি। ১৫ শতিকাৰ শেষৰ ফালে আৰু ষোড়শ শতিকাৰ আৰম্ভণিতে তেওঁ বাংলা সাহিত্যৰ নৱ-জাগৰণৰ অংশ আছিল।
-
বিনন্দ বৰুৱা
বিনন্দ বৰুৱা (Binanda Boruah) আছিল গল্পকাৰ, নাট্যকাৰ। ১৯২৮আৰু ১৯২৯চনত ' অসম ছাত্ৰ সন্মিলন'ৰ মুখপত্ৰ' মিলন' ৰ সম্পাদক আছিল।
-
বিপদৰ বন্ধু
বিপদৰ বন্ধু (Bipodor Bondhu) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।
-
বিভিন্ন নৰক
বিভিন্ন নৰক (Bivinno Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। দাৰিদ্ৰৰ বিষয়ে কেইখনমান ৰচনা সন্নিৱিষ্ট সংকলনখন প্ৰথম ১৯৬৬ চনৰ জুলাই মাহত মিত্ৰ এজেঞ্চি এণ্ড কোম্পানীয়ে তিনিচুকীয়াৰ পৰা প্ৰকাশ কৰে।
-
বিশ্বাসঘাটক
বিশ্বাসঘাটক হৈছে ১৯৭৪ চনত নাৰায়ণ সান্যালে লিখা এখন বাংলা উপন্যাস। উপন্যাসখন ম্যানহাটান প্ৰকল্পৰ অধীনত পাৰমাণৱিক বোমা সম্পৰ্কীয় ঘটনাৰ ওপৰত আধাৰিত কৰি লিখা হৈছে।
-
বিষণ্ণতা (উপন্যাস)
বিষণ্ণতা (ইংৰাজী:BIKHANNOTA) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। প্ৰথমবাৰ ২০০২ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা বিষণ্ণতা কিতাপখন প্ৰকাশ হৈছিল।
-
বিষ্ণু সহৰ্স্ৰনাম
শ্ৰীশ্ৰী বিষ্ণু সহস্ৰনাম (সংস্কৃত: श्रीविष्णुसहस्रनामस्तोत्रम्) হৈছে হিন্দু ধৰ্মৰ অন্যতম মুখ্য দেৱতা, বিশ্বৰ পালক ভগৱান বিষ্ণুৰ ১০০০ টা ভিন্ন নামৰ এক পৱিত্ৰ সংগ্ৰহ। এই স্তোত্ৰটি হিন্দু মহাকাব্য মহাভাৰতৰ অনুশাসন পৰ্বৰ এক অবিচ্ছেদ্য অংগ।