অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ছিন্নমস্তাৰ মানুহটো

ছিন্নমস্তাৰ মানুহটো (The Man from Chinnamasta) জ্ঞানপীঠ বঁটা বিজয়িনী ড॰ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাসখন ২০০১ চনত ষ্টুডেণ্ট ষ্ট’ৰ্‌চ প্ৰকাশনে প্ৰথমে প্ৰকাশ কৰে আৰু তৃতীয় সংস্কৰণটো প্ৰথম বাৰৰ বাবে চন্দ্ৰ প্ৰকাশনে ২০১১ চনত প্ৰকাশ কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ছিন্নমস্তাৰ মানুহটো (The Man from Chinnamasta) জ্ঞানপীঠ বঁটা বিজয়িনী ড॰ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাসখন ২০০১ চনত ষ্টুডেণ্ট ষ্ট’ৰ্‌চ প্ৰকাশনে প্ৰথমে প্ৰকাশ কৰে আৰু তৃতীয় সংস্কৰণটো প্ৰথম বাৰৰ বাবে চন্দ্ৰ প্ৰকাশনে ২০১১ চনত প্ৰকাশ কৰে।১

কাল্পনিক চৰিত্ৰ, ব্ৰিটিছ ৰাজত্বৰ পটভূমিত দেৱীপীঠ কামাখ্যাক বিষয়-বস্তু হিচাপে লৈ ৰচনা কৰা এই উপন্যাসখন প্ৰথমে গৰীয়সী নামৰ আলোচনীখনত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।১

গ্ৰন্থখনৰ বিষয়বস্তু

বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ কামাখ্যা মন্দিৰ এই উপন্যাসৰ পটভূমি। নীলকণ্ঠী ব্ৰজৰ লগত এই উপন্যাসৰ বিষয়বস্তু একে। ধৰ্মৰ পৱিত্ৰতাৰ আচিলাৰে মন্দিৰক কেন্দ্ৰ কৰি চলি থকা নিষ্ঠুৰ, অবৰ্ণনীয় পৰিঘটনাবোৰক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ ঘটনাটো গঢ় লৈ উঠিছে। ডৰথী নামৰ এগৰাকী স্বামী পৰিত্যক্তা নাৰী আৰু জঁটাধাৰী নামেৰে পৰিচিত এক সন্ন্যাসীৰ সম্পৰ্কক উপন্যাসখনক মুখ্য স্থান দিছে। পুৰুষতান্ত্ৰিক সমাজৰ সবল প্ৰতিবাদ ডৰথীয়ে সাব্যস্ত কৰিছে। গোবিন্দ প্ৰসাদ শৰ্মাই কৈছে যে, এই উপন্যাসখনত ‘ধৰ্মৰ নামত গঢ় লৈ উঠা এক নিষ্ঠুৰ সামাজিক প্ৰথাৰ বিৰুদ্ধে বলিষ্ঠ কিন্তু নীৰৱ প্ৰতিবাদ’ প্ৰকাশ পাইছে। এয়া হ’ল ধৰ্মৰ নামত পশু-পক্ষী বলি দিয়াৰ প্ৰথা। অসমীয়া ভাষাত এনে উপন্যাস এয়েই প্ৰথম।২

লেখিকাৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মামণি ৰয়ছম গোস্বামী

মামণি ৰয়ছম গোস্বামী (জন্ম: ১৯৪২ – মৃত্যু: ২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।৩ তেখেতে মাতৃভাষা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ উপৰিও ইংৰাজী ভাষা ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলিৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ গোস্বামী, ড॰ মামণি ৰয়ছম. (2011). ছিন্নমস্তাৰ মানুহটো. চন্দ্ৰ প্ৰকাশ. ISBN 978-81-244-0169-9
  2. ↑ অৰবিন্দ ৰাজখোৱা. (২০১১). কদৰ্য জীৱনৰ মাজত মানৱতাৰ সন্ধান - মামণি ৰয়ছম গোস্বামীৰ উপন্যাস. দৈনিক জনমভূমি. পৃ. ৭ পৃষ্ঠা
  3. ↑ The Intimate Mornings with Mamoni Baideo; Manjeet Barua, 6/11/2006; Retrieved 1/12/2011

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিন্নমস্তাৰ মানুহটো” প্ৰবন্ধৰ সংশোধন ৩৮০৯৩৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।