অসমীয়া শিশু আলোচনী
১৮ প্ৰবন্ধ
-
মৌচাক (আলোচনী)
মৌচাক এখন শিশুসকলৰ বাবে প্ৰকাশিত অসমীয়া ভাষাত মাহেকীয়াভাৱে প্ৰকাশিত আলোচনী। মৌচাক আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৪ চনৰ এপ্ৰিল মাহত। প্ৰথম বছৰ একাদশ আৰু দ্বাদশ সংখ্যা দুটা একেলগে প্ৰকাশ হৈছিল। প্ৰথম প্ৰকাশৰপৰা শান্তনু তামূলীয়ে মৌচাকৰ সম্পাদকৰ দায়িত্ব বহন কৰি আহিছে।
-
সঁফুৰা (শিশু আলোচনী)
সঁফুৰা (Sofura) শিশুসকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। সঁফুৰাৰ প্ৰকাশক বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮২ চনৰ এপ্ৰিল মাহত। ১৯৯৬ চনৰ মাৰ্চ মাহলৈকে ৮৫টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত আলোচনীখনৰ প্ৰকাশ সাময়িকভাৱে বন্ধ হৈছিল।
-
নতুন আৱিষ্কাৰ
নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী। ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা এই শিশু আলোচনীখন এতিয়ালৈ (২০২৬) এটাও সংখ্যা যতি নপৰাকৈ প্ৰকাশিত হৈ আছে।
-
চান্দমামা
চান্দমামা (Chandamama) হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি নাগী ৰেড্ডী আৰু লেখক এ.
-
টিংকল
টিংকল (ইংৰাজী: Tinkle) ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী। আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বত্ব ACK Media ৰ হাতলৈ যায়। আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন আন উপাদানৰ সমাহাৰ।
-
বৰ্ণালী (শিশু আলোচনী)
বৰ্ণালী অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী৷ এইখন দুমহীয়া আলোচনী আছিল৷ ১৯৭৯ চনত প্ৰকাশিত৷ সম্পাদক আছিল জয়ন্ত ৰঞ্জন চেতিয়া৷ আলোচনীখন আন্তৰ্জাতিক শিশুবৰ্ষত প্ৰকাশিত হৈছিল৷ বৰ্ণালী নামৰ আন এখন তিনিমহীয়া ত্ৰৈভাষিক আলোচনী ১৯৮০ চনত বঙাইগাঁওৰ পৰা প্ৰকাশিত হৈছিল৷ এইখন আছিল বঙাইগাঁও ৰিফাইনেৰী আৰু…
-
অমৰ চিত্ৰ কথা
অমৰ চিত্ৰ কথা (Amar Chitra Katha (ACK Comics) ভাৰতৰ মুম্বাইত অৱস্থিত ভাৰতীয় কমিক বুক প্ৰকাশন গোষ্ঠী। ১৯৬৭ চনত অনন্ত পাইয়ে এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ অধিকাংশ কমিক ধৰ্মীয় কিংবদন্তি আৰু মহাকাব্য, ঐতিহাসিক ব্যক্তি আৰু জীৱনী, লোককথা আৰু সাংস্কৃতিক কাহিনীৰ ওপৰত আধাৰিত।
-
ৰংমন (অসমীয়া কমিক্চ)
ৰংমন (Rongmon) হৈছে অসমৰ জনপ্ৰিয় কমিক্চ সমূহৰ ভিতৰত অন্যতম। ই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ ৰঙীন শিশু আলোচনী। এই আলোচনীখন ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে নিয়মীয়াকৈ এই আলোচনীখন প্ৰকাশ পাই আহিছে।
-
অসমীয়া শিশু আলোচনীসমূহৰ তালিকা
{| ! ক্ৰমিক নং !! আলোচনী !! সম্পাদক !! প্ৰথম প্ৰকাশ |- | ১ || অকণ || বিৰিঞ্চি কুমাৰ বৰুৱা || ১৯৪৮ |- | ২ || বিহুৱান || হলীৰাম ডেকা || ১৯৫০ |- | ২ || কাঁচি জোন || এম ইব্ৰাহিম আলি || ১৯৫১ |- | ৩ || দীপক || গৌৰীকান্ত তালুকদাৰ || ১৯৫৪ |- | ৪ || জোনবাই || নৱকান্ত বৰুৱা || ১৯৬১ |- | ৫ || বিজ্ঞান জেউতি ||…
-
ল'ৰা বন্ধু (শিশু আলোচনী)
ল’ৰাবন্ধু ১৮৮৮ চনত (১৮৮৩ চনত) নগাঁওৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখনি শিশু আলোচনী৷ এইখন অসমৰ প্ৰথম শিশু আলোচনী৷ ইয়াৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱাৰ বৰপুত্ৰ কৰুণাভিৰাম বৰুৱা৷ ষোল্ল বছৰ বয়সতে আলোচনী সম্পাদনা কৰা কৰুণাভিৰাম বৰুৱাৰ অকালতে মৃত্যু হোৱাত মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ…
-
অকণ (সচিত্ৰ শিশু আলোচনী)
অকণ(সচিত্ৰ শিশু আলোচনী) অসমীয়া ভাষাৰ এখনি শিশু আলোচনী। হেমচন্দ্ৰ গোস্বামী সম্পাদিত এই আলোচনীখন ১৯১৬ চনত কলকাতাৰ পৰা প্ৰকাশ হৈছিল। প্ৰকাশক লোহিত চন্দ্ৰ ভূঞা।
-
অসমী (শিশু আলোচনী)
অসমী অসমীয়া ভাষাৰ তিনিমহীয়া এখন শিশু আলোচনী৷ ১৯৮০ চনত শিৱসাগৰৰ চেপনৰ পৰা প্ৰকাশ পাইছিল৷ আলোচনীখনৰ সম্পাদক আছিল মৃদুল কুমাৰ বৰা৷ অসমী নামৰ আন এখন সাহিত্য-সংস্কৃতিমূলক অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী ১৯৬৯ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷ সম্পাদক আছিল, ৰিজু হাজৰিকা৷ পত্ৰিকাখন দেৱকুমাৰ ভূঞা, অৰুণ কুমাৰ,…
-
অৰুণ (শিশু আলোচনী)
অৰুণ অসমীয়া ভাষাত প্ৰকাশিত এখনি শিশু আলোচনী৷ ১৯২৬ চনত কলকাতাৰ ৮ সুবল চন্দ্ৰ লেনৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল মহাদেৱ শৰ্মা৷ শিশু উপযোগী প্ৰবন্ধ, গল্প, কবিতাৰে ভৰপুৰ আলোচনীৰখনত পুথি সমালোচনা শিতান এটাও আছিল৷ আলোচনীখনৰ লেখকসকল আছিল, তৰুণৰাম ফুকন, ডিম্বেশ্বৰ নেওগ, ৰোহিণীকান্ত বৰুৱা, বিৰিঞ্চি…
-
কাকলি (শিশু আলোচনী)
কাকলি অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী। এই আলোচনীখন গুৱাহাটীৰ মালিগাঁৱৰ মালিগাওঁ বুক ষ্টলৰ পৰা ১৯৭৩ চনত প্ৰকাশিত হৈছিল। সম্পাদক আছিল ৰুচিনাথ শৰ্মা আৰু অশ্বিনীকুমাৰ শৰ্মা। কাকলি দুমহীয়া আলোচনী আছিল।
-
পাৰিজাত (শিশু আলোচনী)
পাৰিজাত অসমীয়া ভাষাৰ এখনি মাহেকীয়া শিশু আলোচনী। ১৯৪১ চনত (১৯৪০ চন) কলকাতাৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল ডা° দীননাথ শৰ্মা। শিশু উপযোগী সচিত্ৰ আলোচনীখনত প্ৰবন্ধ, গল্প, কবিতা প্ৰকাশ কৰিছিল। “পাৰিজাত’’ত যুক্তাক্ষৰ সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
-
বিহুৱান (শিশু আলোচনী)
বিহুৱান অসমীয়া ভাষাৰ এখনি বছৰেকীয়া শিশু আলোচনী৷ ১৯৫০ চনত পাঠশালাৰ পৰা প্ৰকাশিত৷ সম্পাদক আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হলীৰাম ডেকা৷ এইখন এখন সচিত্ৰ শিশু আলোচনী আছিল৷ আলোচনীখনত মহৎ লোকৰ জীৱনী, লোক-সহিত্য, অসমীয়া সাহিত্যৰ জানিবলগীয়া কথা, ভ্ৰমণ কাহিনী,পুৰাণৰ কথা, বিদেশৰ শিশুৰ কথা,…
-
মইনা (শিশু আলোচনী)
মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ একে নামৰ একাধিক শিশু আলোচনী ভিন ভিন সম্পাদকৰ সম্পাদনাত ভিন ভিন সময়ত প্ৰকাশ পায়৷
-
শিশু ৰত্ন
শিশু ৰত্ন (Shishu Ratna) শিশু আৰু কিশোৰ সকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। শিশু ৰত্নৰ প্ৰকাশক প্ৰজ্ঞাতীৰ্থ প্ৰকাশন। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৪ চনৰ নৱেম্বৰ মাহত। ২০০৬ চনৰ এপ্ৰিল মাহলৈকে ৯ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।