বাংলাদেশৰ ভাষা
১৪ প্ৰবন্ধ
-
বঙালী ভাষা
বঙালী ভাষা দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চলৰ এক প্ৰধান ভাৰত-আৰ্য ভাষা, যি বাংলাদেশ আৰু ভাৰতৰ একাধিক ৰাজ্যত দৈনন্দিন জীৱন, শিক্ষা আৰু শাসনত কেন্দ্ৰীয় ভূমিকা পালন কৰে। প্ৰায় ৩০ কোটি ভাষাভাষীৰে ই মাতৃভাষীৰ সংখ্যাৰ দিশত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা বুলি গণ্য।
-
মেইতেই ভাষা
মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়।
-
চাঁওতালি ভাষা
চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে।
-
ছিলঠীয়া ভাষা
ছিলঠীয়া (ꠍꠤꠟꠐꠤ (ছিলটি), সিলেটি) বা ছিলেটি ভাষা বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা।
-
কোচ ৰাজবংশী ভাষা
কোচ-ৰাজবংশী বা কামতাপুৰী ভাষা হ'ল ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। এই ভাষা ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।
-
গাৰো ভাষা
গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। ই পাৰ্শ্বৱৰ্তী বাংলাদেশতো প্ৰচলিত। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাৰো ভাষা লেটিন লিপিৰে লিখা হয়।
-
ককবৰক ভাষা
ককবৰক ভাষা ( তিপ্ৰকাক বা ত্ৰিপুৰী ভাষা বুলিও জনা যায়) ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী লোকসকলৰ মাতৃভাষা৷ ককবৰক শব্দটো দুটা অংশ লগ হৈ গঠিত। কক মানে "ভাষা" আৰু বৰকৰ অৰ্থ "মানুহ", বিশেষকৈ ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক শব্দৰ অৰ্থ ত্ৰিপুৰী মানুহৰ ভাষা।
-
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়।
-
চাকমা ভাষা
চাকমা ভাষা (; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে।
-
হাজং ভাষা
হাজং ভাষা এটা ভাৰত-আৰ্য ভাষা, যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে। হাজং ১৯৫,০০০ থলুৱা হাজং জনগোষ্ঠীৰ মানুহে কয়, ভাৰতৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগত আৰু বাংলাদেশৰ ময়মনচিং জিলাত। হাজং ভাষাক অসমীয়া লিপিত লিখা হয়।
-
কোচ ভাষা
কোচ হৈছে ভাৰত আৰু বাংলাদেশৰ কোচ লোকসকলে কোৱা এটা তিব্বত-বৰ্মী ভাষা। ভাৰতৰ কোচসকলে মেঘালয়, অসম আৰু উত্তৰ বংগৰ কিছুমান অঞ্চলত তথা বাংলাদেশৰ কোচসকলে বৃহত্তৰ মৈমনসিং জিলাৰ শ্বেৰপুৰ, নেত্ৰকোনা, কিশোৰগঞ্জ, গাজীপুৰ আৰু বৰেন্দ্ৰ অঞ্চলৰ পাবনা, বগৰা, ৰাজশাহী, মালদাহ, ৰংপুৰ, দিনাজপুৰ, জয়পুৰহাট আৰু নাওগাঁও…
-
চাটগাঁইয়া ভাষা
চাটগাঁইয়া, চট্টগ্ৰামীয়া, চাটগাঞা, বা চিটাইঙ্গা হৈছে বাংলাদেশৰ চট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ সৈতে এই ভাষাৰ ওতপ্ৰোত সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মান্য উপভাষাৰূপে বিবেচিত হয়, কিয়নো এই ভাষাৰ কওঁতাসকলে নিজক জাতিগতভাৱে বঙালী বুলি পৰিচয়…
-
তঞ্চঙ্গ্যা ভাষা
তঞ্চঙ্গ্যা হৈছে বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰাম, ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰ ৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা। ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে।
-
বাংলাদেশৰ ভাষাসমূহ
বাংলাদেশৰ সংবিধানৰ তৃতীয় অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জাতীয় ভাষা আৰু চৰকাৰী ভাষা বাংলা। প্ৰায় ৯৯% বাংলাদেশীয়ে প্ৰথম ভাষা হিচাপে বাংলা ভাষা কয়। বাংলা ভাষা ৰূপায়ণ আইন, ১৯৮৭ চনত বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰৰ বাহিৰে সকলো চৰকাৰী কামত বাংলা ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছিল।