ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বুৰঞ্জি বিবেকৰত্ন
বুৰঞ্জি বিবেকৰত্ন (ইংৰাজী: Buranji Bibekratna) মণিৰাম দেৱানে দুটা খণ্ডত প্ৰণয়ন কৰা অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ড৷ গ্ৰন্থখনৰ সম্পাদনা হ’ল নগেন শইকীয়া আৰু প্ৰকাশক হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ৷
-
বেজবৰুৱা অভিধান
বেজবৰুৱা অভিধান (Bezbaroa Abhidhan, ২੦১৯) হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ শব্দকোষৰ এখন বিশেষ সংকলন৷ গ্ৰন্থখনৰ সংকলক-সম্পাদক হ’ল কৰবী ডেকা হাজৰিকা৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই ২੦১৯ চনত গ্ৰন্থখন প্ৰকাশ কৰে৷
-
বেঞ্জামিন ফ্ৰেংকলিন (গ্ৰন্থ)
বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Frenklin) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। প্ৰথমবাৰ ১৯৯৬ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে সত্যজিৎ ভূঞালৈ আগবঢ়াইছে।
-
বেদনাৰ উল্কা
বেদনাৰ উল্কা হৈছে বিশিষ্ট অসমীয়া কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা সংকলন। এই গ্ৰন্থখন প্ৰথমবাৰৰ বাবে ১৯৬৪ চনত প্ৰকাশ পাইছিল।
-
ব্ৰহ্মপুত্ৰ (গ্ৰন্থ)
ব্ৰহ্মপুত্ৰ (২੦১৮, ইংৰাজী: Brahmaputra) হ’ল ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অসমীয়া ভাষাত যোগেন্দ্ৰনাথ শৰ্মাই ৰচনা কৰা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই ‘জ্ঞান-বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ কৰে৷
-
বৰপেটীয়া উপভাষা
বৰপেটীয়া উপভাষা (স্থানীয়: ব'ৰপেইটা) হৈছে আধুনিক কামৰূপীয়া উপভাষাৰ এটা আঞ্চলিক উপ-উপভাষা, যি অসমীয়া ভাষাৰ এটা উপভাষা। অসমৰ বৰ্তমানৰ বৰপেটা জিলাৰ নামত নামাঙ্কিত, এই উপভাষাটো কামৰূপীয়াৰ আটাইতকৈ পশ্চিম সীমাৰ উপভাষা। এই উপভাষাৰ ভিতৰতো সমাজভিত্তিক বিভিন্ন বৈচিত্ৰ্য আছে।
-
ভাৰতীয় চিন্তা
ভাৰতীয় চিন্তা অসমৰ এগৰাকী লেখক-সাহিত্যিক, জীৱনীকাৰ শিৱনাথ বৰ্মনৰ ভাৰতীয় ঐতিহ্য বিষয়ক এখন প্ৰৱন্ধমূলক গ্ৰন্থ। এই কিতাপখন ২০১৩ ত অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে। কিতাপখনত মুঠ ২৬১টা পৃষ্ঠা আছে।
-
মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)
মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (Moi Val Deuta Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন উপন্যাস।
-
মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা (গ্ৰন্থ)
মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা অসমীয়া ভাষাৰ সমালোচনামূলক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুনীন বৰকটকীৰ সমালোচনামূলক কিছু প্ৰবন্ধৰ একত্ৰ কৰি প্ৰকাশ কৰা হৈছে৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে নলিনীধৰ ভট্টাচাৰ্যই৷ প্ৰকাশক হৈছে-ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশকাল-ডিচেম্বৰ, ১৯৯৬৷ মূল্য ৫০ টকা৷ গ্ৰন্থখনত মুঠ ৬ টা…
-
মেকুৰী মেকুৰু
মেকুৰী মেকুৰু (めくりめくる, Mekuri Mekuru) হৈছে এটা জাপানী মাংগা শৃংখলা, যাক লিখিছে আৰু চিত্ৰাঙ্কন কৰিছে তাকুৱে। এইটো কমিক গাম নামৰ ৱানি বক্সৰ এটা চেইনেন মাংগা আলোচনীত ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৪ চনৰ জুন মাহলৈকে ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হৈছিল।
-
মোৰ জীৱনত ঈশ্বৰ
মোৰ জীৱনত ঈশ্বৰ(Mur Jibonot Iswar) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২৪ টা প্ৰবন্ধ আছে।
-
মোৰ টোকাবহীৰ পৰা
মোৰ টোকাবহীৰ পৰা (Mur Tukabohir Pora) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিয়ে নিজৰ টোকাবহীত লিখি যোৱা বিভিন্ন গদ্য-ৰচনাৰ সংকলন। এই ৰচনাসমূহ প্ৰথমে এখন এখনকৈ নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ হৈছিল। পিছলৈ সেইসমূহ গোট খুৱাই গ্ৰন্থৰূপ দিয়া হয়।
-
মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প
মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প (Mur Priyo Pasta German Golpo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন অনুবাদ গল্প-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৯ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
লং ৱাক টু ফ্ৰীডম
লং ৱাক টু ফ্ৰীডম (Long walk to Freedom) নেলছন মেণ্ডেলাৰ আত্মজীৱনী৷ গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে প্ৰদান শইকীয়াই৷ এই গ্ৰন্থখন মুঠ ১১ টা পৰিচ্ছেদ আছে৷ অসমীয়া অনুবাদমূলক গ্ৰন্থখনৰ পঞ্চম সংস্কৰণটো প্ৰকাশ আলিবাট প্ৰকাশনৰ৷ গ্ৰন্থখনৰ বাংলা অনুবাদৰ অনুবাদক দুগৰাকী হৈছে চাৰুফুদ্দিন আহমেদ আৰু ওপম ফাৰুক৷
-
লোহাৰকী ভাষা
লোহাৰকী (মুখ্যতঃ পাকিস্তানত এই নাম ব্যৱহাৰ কৰা হয়) বা গড়ে লোহাৰ (মুখ্যতঃ ভাৰতত এই নাম ব্যৱহাৰ কৰা হয়) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা, যি ৰাজস্থানী-মাৰৱাড়ী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা পাকিস্তানৰ সিন্ধ প্ৰান্তত প্ৰায় ২০০০০ আৰু ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰায় ১০০০ যাযাবৰী লোকে ব্যৱহাৰ কৰে।
-
শব্দ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
শব্দই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে শব্দ: এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।
-
শুভপল্লব
শুভপল্লব (ଶୁଭପଲ୍ଲବ) এখন মাহেকীয়া উৰিয়া ই-আলোচনী। আলোচনীখন ২০১৮ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা কৰিছিল সংগ্ৰাম কেশৰী সেনপতিয়ে। আৰম্ভনিতে আলোচনীখন ত্ৰৈমাসিক আছিল আৰু প্ৰথম দুটা সংখ্যা নৱপল্লৱ নামেৰে প্ৰকাশ পাইছিল। ২০২০ ৰ জানুৱাৰী মাহৰ পৰা আলোচনীখন মাহেকীয়া হিচাপে প্ৰকাশ পাবলৈ লয়।
-
সঞ্চয়ন
সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷
-
সাক্ষাৎকাৰ ৩০ (গ্ৰন্থ)
সাক্ষাৎকাৰ ৩০ (Sakshyatkar 30) হৈছে অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন,কৰ্ম আৰু অসমৰ জাতীয় জীৱনলৈ তেওঁলোকৰ অৱদান সম্পৰ্কে যুগুত কৰা এখনি সাক্ষাৎকাৰ-ভিত্তিক গ্ৰন্থ৷ বেদান্ত পূজাৰীৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনৰ প্ৰকাশক হৈছে বনলতা৷
-
সাহিত্য-বাদবৈচিত্ৰ্য
সাহিত্য-বাদবৈচিত্ৰ্য নগেন শইকীয়াৰ সাহিত্য-সম্পৰ্কীয় গ্ৰন্থ। গ্ৰন্থৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৭ চনত। তেতিয়া তেওঁ গ্ৰন্থখন সম্পাদনা কৰিছিল। পৰৱৰ্তী সময়ত নগেন শইকীয়াই ২০০৩ চনত নতুন বিষয়ৰ সংযোজন ঘটাই নিজাকৈ গ্ৰন্থখন লিখি উলিয়ায়। প্ৰকাশক কৌস্তুভ প্ৰকাশন।
-
সাৰাংশ
সাৰাংশ (Harangso) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০১১ চনৰ আগষ্ট মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
সুখ-দুখ
সুখ-দুখ (Hukh-Dukh) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ১৯৯২ চনৰ আগষ্ট মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনে ২০১৫ চনলৈকে মুঠ সাতটা সংস্কৰণ লাভ কৰিছে।
-
সুদীৰ্ঘ দিন আৰু ঋতু
সুদীৰ্ঘ দিন আৰু ঋতু হৈছে ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সংকলন, যাৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
স্বপ্নময় চক্ৰৱৰ্তী
স্বপ্নময় চক্ৰৱৰ্তী (Swapnamoy Chakraborty, জন্ম: ২৪ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় বাঙালী কথাসাহিত্যিক, ঔপন্যাসিক আৰু প্ৰাবন্ধিক। তেওঁ আনন্দ পুৰস্কাৰ, বঙ্কিম পুৰস্কাৰ আৰু সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছে।
-
সৰল জীৱন সুখী জীৱন
সৰল জীৱন সুখী জীৱন (Horol Jibon Hukhi Jibon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। ২০১৭ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশকৰ পৰা প্ৰকাশ হোৱা ১৫২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ২৩টা প্ৰৱন্ধ আছে।
-
সৰ্বসমীক্ষা তত্ত্ব (গ্ৰন্থ)
সৰ্বসমীক্ষা তত্ত্ব(Sarbasamiksha Tattva) হৈছে অসমীয়া ভাষাত ৰচনা কৰা এখন জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ সংকলন। কিতাপখনৰ লেখক হৈছে প্ৰৱালজ্যোতি ফুকন। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন শাখাই ২০২৩ চনত কিতাপখন প্ৰথম প্ৰকাশ কৰিছে। লেখকৰো এইখন প্ৰথম গ্ৰন্থ।
-
হাইদৰ হুছেইন
হাইদৰ হুছেইন অসমৰ এগৰাকী সাংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী বুলি জনাজাত হুছেইন বিজ্ঞানমনস্ক ব্যক্তি হোৱাৰ লগতে তেওঁ সমাজৰ পৰা কুসংস্কাৰ-কুপ্ৰথা আঁতৰাবলৈ নিজে এগৰাকী বিধবা নাৰীক বিবাহ কৰাই সমাজলৈ আদৰ্শ ৰাখি থৈছে। অসমৰ সাংবাদিকতাৰ জগতখনত হুছেইন অতি প্ৰখ্যাত।
-
হিয়া (আলোচনী)
হিয়া হৈছে আৰবী ভাষাত প্ৰকাশিত মাহেকীয়া মহিলা আলোচনী। আলোচনীখন ধনবান আৰু ব্যাৱসায়িক মহিলাসকলৰ খবৰ আৰু জীৱন-শৈলী সম্পৰ্কীয় বিষয়-বস্তুৰ ওপৰত কেন্দ্ৰীভূত।
-
হে'লথ্ গাইড
হে'লথ্ গাইড (Health Guide) হৈছে এখন স্বাস্থ্য বিষয়ক অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক হৈছে চিকিৎসক গীতাৰ্থ বৰদলৈ। ২০১৮ চনৰ ডিচেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন লেখকৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। লেখকে গ্ৰন্থখন "স্বাস্থ্যপথৰ প্ৰতিগৰাকী সহযাত্ৰীৰ হাতত" আগবঢ়াইছে।
-
হেৰিটেজ এক্সপ্ল'ৰাৰ
হেৰিটেজ এক্সপ্ল'ৰাৰ এখন মাহেকীয়া সংবাদ বুলেটিন। গুৱাহাটীৰ পৰা প্ৰকাশিত এই বুলেটিনখনত উত্তৰ-পূব সম্পৰ্কীয় সংবাদৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। অমৰেন্দ্ৰ ব্ৰহ্ম এই বুলেটিনৰ সম্পাদক।