অভিধান
১৪ প্ৰবন্ধ
-
হেমকোষ
হেমকোষ হৈছে অসমীয়া ভাষাৰ এক ঐতিহাসিক আৰু প্ৰভাৱশালী অভিধান, যিটো হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰিছিল আৰু ১৯০০ চনত প্ৰথমবাৰ মুদ্ৰিত ৰূপত প্ৰকাশ পায়। ই অসমীয়া শব্দভঁড়াল সংকলন, মান্যতা স্থাপন আৰু ভাষাচৰ্চাৰ বিকাশত দীঘলীয়া সময় ধৰি মূল আধাৰ হিচাপে কাম কৰি আহিছে।
-
চন্দ্ৰকান্ত অভিধান
চন্দ্ৰকান্ত অভিধান এখন দ্বি−ভাষিক অভিধান। প্ৰকাশ হয় ১৯৫১ চনত। অভিধানখনত ৩৬,৮১৬ টা শব্দ আছে আৰু ১৯৩৩ চনত প্ৰথমে অসম সাহিত্য সভাই ইয়াৰ সংকলন আৰু প্ৰকাশ কৰিছিল। ১৯৮৭ চনত, মহেশ্বৰ নেওগ আৰু উপেন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত গৌহাটী বিশ্ববিদ্যালয়ে ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰে।
-
শব্দ (অভিধান)
শব্দ ডট অৰ্গ (Xobdo.org) হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান৷ শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান। এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়।
-
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স (Anglo Assamese Dictionary Of Mathematics নতুবা ইংৰাজী-অসমীয়া গণিত অভিধান) হৈছে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ এখন গণিত অভিধান। অসমীয়া ভাষাত গণিত বিষয়ত এনে অভিধান এয়ে প্ৰথম।
-
অক্সফৰ্ড ইংৰাজী অভিধান
অক্সফৰ্ড ইংৰাজী অভিধান, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ অভিধান বিশ্বৰ বিভিন্ন দেশত ইংৰাজী ভাষাৰ প্ৰায়োগিক ভিন্নতা অন্তৰ্ভুক্ত কৰাৰ লগতে এই অভিধানে ভাষাটোৰ ঐতিহাসিক বিকাশৰ বিষয়েও তথ্য সন্নিবিষ্ট কৰে৷ ১৯৮৯ চনত প্ৰকাশ পোৱা এই অভিধানৰ দ্বিতীয় সংস্কৰণত ২০ টা খণ্ড আৰু…
-
আধুনিক অসমীয়া অভিধান
আধুনিক অসমীয়া অভিধান (১৯৭৭, ইংৰাজী: Adhunik Asamiya Abhidhan) অসমীয়া ভাষাৰ এখন অভিধান৷ অভিধানখন সম্পাদনা কৰিছে ক্ৰমে মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাই৷ ইয়াৰ প্ৰকাশক হ’ল অসম প্ৰকাশন পৰিষদ৷
-
অমৰকোষ
অমৰকোষ ( Amarkosa) অমৰসিংহৰ দ্বাৰা ৰচিত এখন সংস্কৃত অভিধান। ই অন্যতম পুৰণি সংস্কৃত অভিধান। লেখকে নিজেই পূৰ্বৰ ১৮খন গ্ৰন্থৰ কথা উল্লেখ কৰিছে যদিও সেইবোৰ হেৰাই গৈছে। অমৰকোষৰ ওপৰত ৪০টাতকৈও অধিক টীকা আছে।
-
অসমীয়া অভিধান
অসমীয়া আৰু ইংৰাজী ডিজিটেল অভিধান (Assamese & English Digital Lexicon) হৈছে অসমীয়া আৰু ইংৰাজী ভাষাৰ এটা বৃহৎ কলেবৰৰ মুক্ত অনলাইন অভিধান আৰু ভাষিক তথ্যভঁৰাল।
-
আধুনিক অসমীয়া শব্দকোষ
আধুনিক অসমীয়া শব্দকোষ (Adhunik Asamiya Sabdakosh) সুমন্ত চলিহাৰ দ্বাৰা সংকলিত অসমীয়া ভাষাৰ অভিধান। ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনত। প্ৰকাশ কৰে বাণী মন্দিৰৰ হৈ সূৰ্যকান্ত হাজৰিকায়।
-
জ্যোতি দ্বিভাষিক অভিধান
জ্যোতি দ্বিভাষিক অভিধান (ইংৰাজী: Jyoti Divashik Abhidhan) ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা সংকলিত এখন ইংৰাজী-অসমীয়া দ্বিভাষিক সমাৰ্থক অভিধান৷ অভিধানখন পোনপ্ৰথমবাৰৰ বাবে ১৯৯০ চনত প্ৰকাশিত হৈছিল৷ অভিধানখনত ৬০,০০০ তকৈও অধিক ইংৰাজী শব্দ আৰু এক লাখতকৈও অধিক অসমীয়া শব্দ সন্নিৱিষ্ট হৈছে৷ অভিধানখন গুৱাহাটী…
-
শৰাইঘাট অভিধান
শৰাইঘাট অভিধান (ইংৰাজী:Saraighat Abhidhan) ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ মুখ্য সম্পাদনাত প্ৰণিত অসমীয়া অভিধান। ২০০০ চনৰ জানুৱাৰী মাহত ড॰ বিশ্বনাৰায়ণ শাস্ত্ৰীক মুখ্য সম্পাদক আৰু ভবেন কুমাৰ বৰা আৰু ড॰ শ্যামা প্ৰসাদ শৰ্মাক সহযোগী সম্পাদক হিচাপে লৈ শৰাইঘাট প্ৰকাশনৰ যোগেশ শৰ্মাই আৰম্ভ কৰা অভিধান প্ৰকল্পটো…
-
অশোক বিজ্ঞান অভিধান
অশোক বিজ্ঞান অভিধান(Ashok Bigyan Obhidhan) হৈছে ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ মুখ্য সম্পাদনাত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশ হোৱা এখন অসমীয়া বিজ্ঞান অভিধান।
-
অসমীয়া জাতীয় অভিধান
অসমীয়া জাতীয় অভিধান (Asomia Jatiya Abhidhan) এখন একভাষিক, সামুদায়িক, বিজ্ঞানসন্মত, বিশ্বকোষীয় অভিধান। এই অভিধান একভাষিক; মুখ্য সম্পাদকে এঠাইত ইয়াৰ ব্যাখ্যা এনেদৰে দিছে,"অসমীয়া জাতীয় অভিধানখন একভাষিক, কাৰণ এতিয়ালৈকে প্ৰকাশিত প্ৰায়বোৰ অভিধানেই অন্ততঃ দ্বিভাষিক।
-
হেমকোষৰ ব্ৰেইল সংস্কৰণ
হেমকোষৰ ব্ৰেইল সংস্কৰণ (Braille version of Hemkosh) দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল লিপিৰে প্ৰকাশ কৰি উলিওৱা এখন অসমীয়া অভিধান। ১৯১৯ চনত অসমীয়া ভাষাত এখন পূৰ্ণাংগ অভিধান প্ৰকাশ হৈছিল, নাম আছিল হেমকোষ। হেমকোষৰ প্ৰণেতা আছিল হেমচন্দ্ৰ বৰুৱা।