অসমীয়া ব্যাকৰণ
৩৮ প্ৰবন্ধ
-
ভাষা
ভাষা হ’ল মানুহে সাঙ্কেতিক ধ্বনিৰ সহায়ত অৰ্থবোধক বাক্য গঠন কৰি ভাব-বিনিময় কৰাৰ সমাজ-স্বীকৃত প্ৰণালী। ই প্ৰণালীবদ্ধ, সমাজকেন্দ্ৰিক আৰু সৃজনমূলক এক মানৱীয় দক্ষতা, যাৰ উপাদান ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ।
-
অসমীয়া বৰ্ণমালা
অসমীয়া বৰ্ণমালা হৈছে অসমীয়া ভাষা লিখাৰ বাবে ব্যৱহৃত আখৰ-ব্যৱস্থা, যাক সাধাৰণতে স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ—এই দুটা শ্ৰেণীত ব্যাখ্যা কৰা হয়। এই বৰ্ণমালাৰ আখৰ-গঠন আৰু ধ্বনি-ব্যৱস্থা ব্ৰাহ্মীধাৰাৰ ঐতিহাসিক বিকাশ, স্থানীয় উচ্চাৰণ-ৰীতি, আৰু লিপি-শৈলীৰ পৰিবৰ্তনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
ব্যাকৰণ
ব্যাকৰণ হ’ল কোনো ভাষাৰ গঠন-পদ্ধতি সম্পৰ্কে বিজ্ঞানসন্মত আৰু শৃঙ্খলাবদ্ধ আলোচনা; ই ভাষাৰ ধ্বনি, বৰ্ণ, শব্দ, পদ আৰু বাক্যৰ গঠন নিয়ম ব্যাখ্যা কৰে। সাধাৰণতে ব্যাকৰণে ভাষাৰ গঠন বুজিবলৈ আৰু শুদ্ধ ৰূপে লিখা-পঢ়া তথা কথা ক’বলৈ সহায় কৰে।
-
অসমীয়া ব্যাকৰণ
অসমীয়া ব্যাকৰণ বুলিলে অসমীয়া ভাষা শুদ্ধভাৱে কোৱা, লিখা আৰু লিপিবদ্ধ কৰাৰ নীতি-নিয়মসমষ্টিক বুজোৱা হয়। এই বিষয়ৰ আধুনিক লিখিত চৰ্চা অসমত বিশেষকৈ উনবিংশ শতিকাত গতি লাভ কৰে আৰু পাছলৈ শিক্ষাদান, সাহিত্য-চৰ্চা আৰু মান্য ভাষাৰ মানদণ্ড গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
-
ফকৰা যোজনা
ফকৰা-যোজনা (ইংৰাজী: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। ফকৰা- যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়।
-
আখৰ
আখৰ হ'ল অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন। কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবোৰেই আখৰ৷ উদাহৰণ হিচাপে অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা — অ, আ, ই, ক, খ, গ আদি চিহ্ন৷ অসমীয়া ব্যঞ্জনবৰ্ণমালাত ৪১ টা আখৰ পোৱা যায় যদিও ইয়াৰে ‘ক্ষ’ আখৰটো ‘ক’ আৰু ‘ষ’ৰ যুগ্ম ৰূপহে (ক+ষ=ক্ষ)৷ আখৰৰ…
-
জতুৱা ঠাঁচ
জতুৱা ঠাঁচ (Idiom) হৈছে কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সামুহিকভাবে ললেহে ওলাই, গাইগুটীয়াকৈ নহয়। জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্য্যশালী কৰি তোলে।
-
বাগ্ধ্বনি
বাগ্ধ্বনি বা ধ্বনি (Phone বা Speech sound) বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়। ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়।
-
ধ্বনি
ধ্বনি হৈছে ভাষাৰ মূল। মানুহে মনৰ ভাৱ ভাষাৰ জৰিয়তে মুখেৰে প্ৰকাশ কৰে। কথা কোৱাৰ সময়ত মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মুখ-গহ্বৰত সংঘৰ্ষৰ সৃষ্টি হয়, সেয়াই ধ্বনি। মানুহৰ মুখখনেই হ’ল ঘাই বাক্যন্ত্ৰ।
-
সন্ধি
সন্ধি হ'ল ওচৰাচৰিকৈ থকা দুই বৰ্ণৰ মিলন। অসমীয়া ভাষাত সন্ধি ৩ প্ৰকাৰৰ― স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। সন্ধিৰ ব্যৱহাৰ সংস্কৃত ভাষাতহে অধিক, পিচে অসমীয়া ভাষাত সংস্কৃত শব্দৰ অত্যধিক ব্যৱহাৰৰ বাবে অসমীয়া ব্যাকৰণতো সন্ধিৰ আলোচনা কৰা হয়।
-
সমাৰ্থক শব্দ
সমাৰ্থক শব্দ (Synonym) হ'ল কোনো শব্দৰ সলনি বা বিকল্প হিচাপে ব্যৱহাৰ হোৱা বা একে অৰ্থ প্ৰকাশক শব্দ। সমাৰ্থক শব্দক প্ৰতিশব্দ বুলিও কোৱা হয়। একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে। সমাৰ্থক শব্দ বা প্ৰতিশব্দই ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰাত সহায় কৰে।
-
ণত্ববিধি
সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি (Change of ন into ণ) বোলে। বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ।
-
পদ (ব্যাকৰণ)
ব্যাকৰণ শাস্ত্ৰত, পদ (Parts of speech বা word class বা grammatical category) হৈছে ভাষাৰ ৰূপতাত্ত্বিক শ্ৰেণীবিভাজন, য’ত বাক্যৰ গঠন আৰু সেই ভাষাৰ শব্দৰ চিনাক্তকৰণ, বিশ্লেষণ আৰু অন্যান্য ভাষিক গঠনৰ বৰ্ণনা কৰা হয়।
-
বিশেষ্য পদ
বিশেষ্য পদ (Noun) কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে৷ চকুৰে দেখা সকলো বস্তুৱে বিশেষ্য৷ অসমীয়া ব্যাকৰণৰ পদৰ অন্য প্ৰকাৰবোৰ হ’ল— বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া৷ যিবোৰ শব্দৰ পাছত শব্দ-বিভক্তি যোগ হয় সেইবোৰ বিশেষ্য শব্দ৷ এই বিশেষ্য-শব্দবোৰ স্বৰান্ত আৰু…
-
স্বৰসন্ধি
ওচৰা-উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে। সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি। সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ। সেইবাবে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলি ক’লেও বড়াই কোৱা নহয়।
-
কাৰক (অসমীয়া ব্যাকৰণ)
কাৰক (Case) হৈছে সেই পদৰ ৰূপ যাৰদ্বাৰা কোনো ক্ৰিয়াৰ লগত অন্য পদৰ সম্বন্ধ প্ৰকাশ পায়। অৰ্থাৎ, ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ থাকে তাকেই কাৰক বোলে। অসমীয়া ব্যাকৰণত ছয়প্ৰকাৰৰ কাৰক দেখা যায় — # কৰ্তা কাৰক (Nominative) কৰ্ম কাৰক (Accusative) কৰণ কাৰক (Instrumental) সম্প্ৰদান কাৰক (Dative)…
-
ক্ৰিয়া পদ
ক্ৰিয়া পদ (ইংৰাজী: Verb) ধাতুৰ লগত বিভক্তি প্ৰত্যয় আদি যোগ হৈ বাক্যত ব্যৱহৃত হ’লে, সেই ধাতু ক্ৰিয়াপদলৈ সলনি হয়। অৰ্থাৎ ক্ৰিয়াৰ মূল ধাতু। ক্ৰিয়া পদৰ দ্বাৰা বাক্যত কোনো কাৰ্য কৰা বা হোৱা বুজায়। অসমীয়া ভাষাত বাক্যত ক্ৰিয়াপদৰ ব্যৱহাৰ অত্যৱশ্যকীয় নহয়। বহু বাক্য ক্ৰিয়াপদ অবিহনেই ব্যৱহাৰ হয়।
-
বহল ব্যাকৰণ
বহল ব্যাকৰণ (Bahal Vyakaran) হৈছে বৈয়াকৰণ, শিক্ষাবিদ, আইনী বিশেষজ্ঞ সত্যনাথ বৰাৰ দ্বাৰা ৰচিত এখন অসমীয়া ব্যাকৰণ। এই ব্যাকৰণখন ১৯২৫ চনত প্ৰথম প্ৰকাশ পায়। গ্ৰন্থখন লিখি শেষ কৰাৰ পিছত গ্ৰন্থখন প্ৰকাশ নৌপাওঁতেই সত্যনাথ বৰাৰ দেহাৱসান ঘটে।
-
অব্যয় পদ
অব্যয় (Preposition) হৈছে পাঁচপ্ৰকাৰ পদৰ (যেনে; বিশেষ্য বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া) মাজৰ এক পদ। যি পদৰ লগত কোনো বিভক্তি যোগ নহয় অৰ্থাৎ কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, তাকে অব্যয় পদ (Preposition) বোলে। অব্যয় পদৰ লিঙ্গ, সংখ্যা আৰু কাৰক একো নাই।
-
অসমীয়া ব্যাকৰণ প্ৰৱেশ
অসমীয়া ব্যাকৰণ প্ৰৱেশ (Asamiya vyakaran pravesh) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ভাষাৰ ওখ খাপৰ ব্যাকৰণ। ২০০০ চনৰ নৱেম্বৰ মাহত এই ব্যাকৰণখন প্ৰকাশ কৰে বীণা লাইব্ৰেৰী প্ৰকাশনে। ব্যাকৰণখনত মুঠ ১৮টা অধ্যায় আছে।
-
অসমীয়া ব্যাকৰণৰ ণত্ববিধি আৰু ষত্ববিধি
ণত্ববিধি আৰু ষত্ববিধি অসমীয়া ভাষাৰ দুটা গুৰুত্বপূৰ্ণ বৰ্ণ পৰিৱৰ্তনৰ নিয়ম। এই নিয়মসমূহ মূলতঃ সংস্কৃত ভাষাৰ পৰা আহৰণ কৰা হৈছে আৰু অসমীয়া ভাষাত ব্যৱহৃত তৎসম শব্দসমূহৰ শুদ্ধ প্ৰয়োগৰ বাবে প্ৰয়োজনীয়। এই বিধিসমূহে ভাষাৰ উচ্চাৰণ আৰু বানানৰ মানদণ্ড নিৰ্ধাৰণ কৰাত সহায় কৰে।
-
অসমীয়া ব্যাকৰণৰ সন্ধি
সন্ধি হৈছে অসমীয়া ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ বিষয়। সংস্কৃত 'সন্ধি' শব্দৰ অৰ্থ হৈছে 'সংযোগ' বা 'মিলন'। অসমীয়া ভাষাত সন্ধি হৈছে দুটা বা ততোধিক বৰ্ণ বা ধ্বনিৰ নিকটবৰ্তী স্থানত মিলিত হোৱাৰ ফলত সৃষ্টি হোৱা ধ্বনিগত পৰিৱৰ্তনৰ নিয়ম।
-
অসমীয়া যুক্তাক্ষৰ
যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ। সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে- দুটা বৰ্ণ লগলাগি- ক + ক = ক্ক, ক + স = ক্স, ক + ষ = ক্ষ
-
কাল (অসমীয়া ব্যাকৰণ)
কাল (Tense) শব্দৰ অৰ্থ হৈছে — কোনো ক্ৰিয়া, ঘটনা বা অৱস্থা যি সময়ত সংঘটিত হয়, হৈছিল বা হ'ব — সেই সময়ক নিৰ্দেশ কৰা ব্যাকৰণিক উপাদান। অসমীয়া ভাষাত কাল মূলত তিনিধৰণৰ — বৰ্তমান, অতীত আৰু ভৱিষ্যত।
-
বচন (ব্যাকৰণ)
বচন (Number) শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য। বচনৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'number'। ব্যাকৰণত এই শব্দটো বিশেষ অৰ্থত প্ৰয়োগ হয়। বচন শব্দই ভাষাৰ আলোচনাত পদে বুজোৱা সংখ্যা বা পৰিমাণ বুজায়। যেনে:- * তুমি খেলি আছা। মই পঢ়িছোঁ। সি নাচিছে। বদনে দেখোন হাঁহিছে।
-
বিশেষণ পদ
বিশেষণ পদ বা বিশেষণ হৈছে সেই শব্দ, যি কোনো বিশেষ্য বা সৰ্বনামৰ গুণ, অৱস্থা, আকাৰ, সংখ্যা, ৰং, গুণবাচক বৈশিষ্ট্য আদি বুজায়। বিশেষণ পদে কোনো বস্তু বা ব্যক্তিৰ স্বভাৱ বা বৈশিষ্ট্য স্পষ্ট কৰি তোলে।
-
যতি-চিন
আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা, দাৰি, আদি ব্যৱহাৰ কৰোঁ।
-
ষত্ববিধি
বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্ববিধি (Change of স into ষ) বোলে।
-
সমাস
সমাস (Compound Word) হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদ। বাক্য বা প্ৰকাশিত মনৰ ভাব চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।
-
সৰ্বনাম পদ
সৰ্বনাম পদ (ইংৰাজী: Pronoun) হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা শব্দ। অৰ্থাৎ, বাক্যত বিশেষ্য পদ পুনৰাবৃত্তি নকৰি, তাক প্ৰতিষ্ঠাপন কৰিবলৈ ব্যৱহৃত পদক সৰ্বনাম বোলে।