ভাষাবিজ্ঞান
১৭ প্ৰবন্ধ
-
ভাষা
ভাষা হ’ল মানুহে সাঙ্কেতিক ধ্বনিৰ সহায়ত অৰ্থবোধক বাক্য গঠন কৰি ভাব-বিনিময় কৰাৰ সমাজ-স্বীকৃত প্ৰণালী। ই প্ৰণালীবদ্ধ, সমাজকেন্দ্ৰিক আৰু সৃজনমূলক এক মানৱীয় দক্ষতা, যাৰ উপাদান ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ।
-
ভাষাবিজ্ঞান
ভাষাবিজ্ঞান হ'ল ভাষাৰ প্ৰণালীবদ্ধ অধ্যয়ন। মানৱ সমাজত প্ৰচলিত যিকোনো আৰু সকলো ভাষাৰে ই অধ্যয়ন কৰে। এই ভাষাবোৰ কেনেকৈ গঠিত হৈছে, সময়ৰ সোঁতত বা প্ৰব্ৰজনৰ ফলত ইয়াৰ কেনেকৈ পৰিবৰ্তন হয় বা হৈছে, অন্য ভাষাৰ লগত ই কেনেদৰে সম্পৰ্কিত আৰু কোৱা লোকসকলে ইয়াক কেনেদৰে কয় ইত্যাদি বিষয়ে ভাষাবিজ্ঞানত আলোচনা…
-
উপভাষা
উপভাষা (Dialect) ভাষাৰ একোটা ভাগ৷ প্ৰত্যেক ভাষাৰে কিছুমান বেলেগ বেলেগ ৰূপ থাকে, সেইবোৰেই উপভাষা৷ ভৌগলিকভাৱে বিস্তৃত এটা এলেকাত, কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত বেলেগ বেলেগ ৰূপ কিছুমান গঢ়ি উঠে৷ ইয়াৰ কাৰণ, ঘাইকৈ সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন…
-
ধ্বনিতত্ত্ব
ধ্বনিতত্ত্ব (Phonology) হৈছে ভাষাবিজ্ঞানৰ এটা শাখা য'ত ভাষা বিশেষত ব্যৱহাৰ হোৱা ধ্বনিসমূহ কি, কেনেদৰে, ক'ত আৰু কিহৰ সহায়ত উচ্চাৰণ কৰা হয়, এটা ধ্বনিগুণ আন এটা ধ্বনিতকৈ কিয় বেলেগ ইত্যাদি কথাবোৰ শৃঙ্খলাৱদ্ধ বিশ্লেষণ সামৰি লোৱা হয়।
-
বাগ্ধ্বনি
বাগ্ধ্বনি বা ধ্বনি (Phone বা Speech sound) বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়। ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়।
-
ধ্বনিবিজ্ঞান
ভাষাবিজ্ঞানৰ যিটো শাখাত মানৱ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত বাগধ্বনিসমূহৰ সমস্ত জ্ঞানৰ বিতংকৈ বিশ্লেষণ কৰা হয়, ভাষাবিজ্ঞানৰ সেই শাখাটোকে ধ্বনিবিজ্ঞান (Phonetics) বুলি কোৱা হয়। ধ্বনিবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Phonetics'। ইংৰাজীৰ 'Phonetics' শব্দটো গ্ৰীক ভাষাৰ শব্দ।
-
বহুভাষাবাদ
বহুভাষাবাদ (multilingualism) হৈছে কোনো ব্যক্তি, গোষ্ঠী বা নিৰ্দিষ্টসংখ্যক লোকে কৰা এটাতকৈ অধিক ভাষাৰ ব্যৱহাৰ। বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধসংখ্যক লোক বহুভাষিক। বহুভাষিকতা সমাজ ভাষাবিজ্ঞানৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিষয়।
-
অসমীয়া ব্যাকৰণৰ ণত্ববিধি আৰু ষত্ববিধি
ণত্ববিধি আৰু ষত্ববিধি অসমীয়া ভাষাৰ দুটা গুৰুত্বপূৰ্ণ বৰ্ণ পৰিৱৰ্তনৰ নিয়ম। এই নিয়মসমূহ মূলতঃ সংস্কৃত ভাষাৰ পৰা আহৰণ কৰা হৈছে আৰু অসমীয়া ভাষাত ব্যৱহৃত তৎসম শব্দসমূহৰ শুদ্ধ প্ৰয়োগৰ বাবে প্ৰয়োজনীয়। এই বিধিসমূহে ভাষাৰ উচ্চাৰণ আৰু বানানৰ মানদণ্ড নিৰ্ধাৰণ কৰাত সহায় কৰে।
-
অসমীয়া ব্যাকৰণৰ সন্ধি
সন্ধি হৈছে অসমীয়া ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ বিষয়। সংস্কৃত 'সন্ধি' শব্দৰ অৰ্থ হৈছে 'সংযোগ' বা 'মিলন'। অসমীয়া ভাষাত সন্ধি হৈছে দুটা বা ততোধিক বৰ্ণ বা ধ্বনিৰ নিকটবৰ্তী স্থানত মিলিত হোৱাৰ ফলত সৃষ্টি হোৱা ধ্বনিগত পৰিৱৰ্তনৰ নিয়ম।
-
অৰ্থবিজ্ঞান
অৰ্থবিজ্ঞান বা অৰ্থতত্ত্ব (ইংৰাজী: Sementics) হৈছে ভাষাৰ অন্তৰ্গত ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থৰ তাত্ত্বিক আৰু প্ৰণালীবদ্ধ অধ্যয়ন। ভাষা বিজ্ঞানৰ এই শাখাত মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্যৰ অৰ্থ আৰু তাত প্ৰয়োগ কৰা শব্দৰ প্ৰসঙ্গ অনুযায়ী হোৱা বিভিন্ন অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয়।
-
ধ্ৰুপদী ভাষা
ধ্ৰুপদী ভাষা (Classical language) হৈছে এনে একোটা ভাষা,যিটোৰ স্বতন্ত্ৰ সাহিত্যিক পৰম্পৰাৰ লগতে প্ৰাচীন সাহিত্যৰ কথিত আৰু লিখিত সমল আছে। বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ জৰ্জ এল হাৰ্টে ধ্ৰুপদী ভাষাক এইদৰে বিশ্লেষণ কৰিছে। ধ্ৰুপদী ভাষাসমূহৰ বেছিভাগেই সাধাৰণতে বিলুপ্ত বা বিলুপ্তপ্ৰায় ভাষা।
-
বিভক্তি (অসমীয়া ব্যাকৰণ)
অসমীয়া ব্যাকৰণৰ বিভক্তি (ইংৰাজী: Case system in Assamese grammar) হৈছে অসমীয়া ভাষাৰ এক গুৰুত্বপূৰ্ণ ব্যাকৰণগত বৈশিষ্ট্য৷ বিভক্তিয়ে নাম পদৰ লগত সম্পৰ্ক স্থাপন কৰে আৰু বাক্যত নামপদৰ কাৰক নিৰ্ধাৰণ কৰে৷
-
সমধ্বনি
সমধ্বনি বা হোমোফোন (Homophone) হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়। দুটা শব্দৰ বানান কেতিয়াবা একে হ'ব পাৰে, যেনে- Rose (ফুল) আৰু Rose (Rise ৰ অতীত কালৰ ৰূপ) বা অন্য ধৰণে- rain, reign, rein ইত্যাদি৷ অন্য ধৰণে বানান কৰা…
-
অভিধানবিজ্ঞান
ভাষাবিজ্ঞানত কোনো নিৰ্দিষ্ট ভাষাৰ অভিধান বিশ্লেষণ কৰা শাখাটোকেই অভিধানবিজ্ঞান বোলে। শব্দ হৈছে এটা ভাষাৰ আটাইতকৈ সৰু অৰ্থপূৰ্ণ একক, যি নিজাববীয়াকৈ স্থিতি পাব পাৰে আৰু ই ৰূপক নামৰ সৰু সৰু উপাদান আৰু আনকি ধ্বনি বা পৃথক ধ্বনি বুলি জনাজাত সৰু সৰু উপাদানেৰে গঠিত।
-
লিংগ নিৰপেক্ষ ভাষা
লিংগ নিৰপেক্ষ ভাষা বা লিংগ অন্তৰ্ভুক্ত ভাষা (Gender-neutral language) হৈছে কোনো বিশেষ লিংগ বা লিংগক উল্লেখ নকৰাকৈ লিখা ভাষা। ইংৰাজী ভাষাত ভূমিকা বা বৃত্তিক বুজাবলৈ বিশেষ্যৰ ব্যৱহাৰ লিংগ-নিৰ্দিষ্ট নহয়।
-
সমোচ্চাৰিত শব্দ
সমোচ্চাৰিত শব্দ মানে একে উচ্চাৰণ কিন্তু বাক্য অনুসৰি ভিন্ন অৰ্থ প্ৰকাশ কৰা শব্দ। ই অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূূূূৰ্ণ অংশ। অসমীয়া ভাষাত যিমানখিনি আখৰ ব্যৱহাৰ কৰা হয়, সিমান সংখ্যক ধ্বনি সমোচ্চাৰিত নহয়। একে ধ্বনিৰে উচ্চাৰিত শব্দবোৰক সমোচ্চাৰিত শব্দ বুলি কোৱা হয়।
-
হোমোগ্ৰাফ
হোমোগ্ৰাফ (Homograph) এনে এটি শব্দ য’ত অন্য শব্দৰ দৰে একেই বৰ্ণ বা আখৰ নিহিত হৈ থাকে আৰু সেই একেটা শব্দই বেলেগ এটা অৰ্থ প্ৰকাশ কৰে। অৱশ্যে, কিছুমান অভিধানে শব্দবোৰৰ উচ্চাৰণ বেলেগ হ’ব লাগিব বুলি কয়। আনহাতে অক্সফৰ্ড ইংৰাজী অভিধানে এই শব্দবোৰ "পৃথক মূল"ৰ হ’ব লাগে বুলি কয়।