ভাষা
১৮৩ প্ৰবন্ধ
-
বঙালী ভাষা
বঙালী ভাষা দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চলৰ এক প্ৰধান ভাৰত-আৰ্য ভাষা, যি বাংলাদেশ আৰু ভাৰতৰ একাধিক ৰাজ্যত দৈনন্দিন জীৱন, শিক্ষা আৰু শাসনত কেন্দ্ৰীয় ভূমিকা পালন কৰে। প্ৰায় ৩০ কোটি ভাষাভাষীৰে ই মাতৃভাষীৰ সংখ্যাৰ দিশত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা বুলি গণ্য।
-
অসমীয়া ভাষা
অসমীয়া ভাষা ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এক প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা, আৰু অসমৰ ৰাজ্যিক ভাষা হিচাপে ই অঞ্চলটোৰ মুখ্য সংযোগী ভাষা। প্ৰাচীন কালৰ পৰা নিজা লিপি আৰু সাহিত্যিক পৰম্পৰাৰে পুষ্ট এই ভাষাই দীঘলীয়া বিৱৰ্তনৰ মাজেদি আহি ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে ভাৰতৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে।
-
ভাষা
ভাষা হ’ল মানুহে সাঙ্কেতিক ধ্বনিৰ সহায়ত অৰ্থবোধক বাক্য গঠন কৰি ভাব-বিনিময় কৰাৰ সমাজ-স্বীকৃত প্ৰণালী। ই প্ৰণালীবদ্ধ, সমাজকেন্দ্ৰিক আৰু সৃজনমূলক এক মানৱীয় দক্ষতা, যাৰ উপাদান ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ।
-
বড়ো ভাষা
বড়ো ভাষা (बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা আৰু উত্তৰ-পূব ভাৰতৰ তিব্বত-বৰ্মীয় ভাষাসমূহৰ ভিতৰত কওঁতাৰ সংখ্যাৰে অগ্ৰগণ্য। ই অসমৰ সহ-চৰকাৰী ভাষা, বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ চৰকাৰী ভাষা, আৰু ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত স্বীকৃত ভাষা।
-
মিচিং ভাষা
মিচিং ভাষা (মিচিং আগম) চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ টানি শাখাৰ পূৱ টানি গোটৰ এক ভাষা, যি মিচিং, পাদাম আৰু মিন্যং জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা মূলতঃ অসম আৰু অৰুণাচল প্ৰদেশত প্ৰচলিত; ২০১১ চনৰ তথ্য অনুসৰি ভাষাভাষীৰ সংখ্যা প্ৰায় ৬,৩০,০০০।
-
চীনা-তিব্বতীয় ভাষা
চীনা-তিব্বতীয় ভাষা এক বৃহৎ ভাষা পৰিয়াল, যাৰ অন্তৰ্গত প্ৰায় ৪০০টা ভাষা আছে আৰু যিবোৰ পূব এছিয়া, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত কোৱা হয়। ব্যৱহাৰকাৰীৰ সংখ্যাৰ দিশে ই ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ পিছতে দ্বিতীয় বৃহত্তম ভাষা পৰিয়াল বুলি গণ্য।
-
ইংৰাজী ভাষা
ইংৰাজী (ইংৰাজী: English, ইংলিছ) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মাণিক শাখাৰ পশ্চিমীয়া গোটৰ এটা ভাষা। ইংৰাজীৰ সৈতে ফ্ৰিজিয়ান ভাষা আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত ভাষা। ইয়াৰ সৈতে ডাচ, ফ্লেমিছ বেলজিয়ামত ডাচ ভাষাৰ এটা উপভাষা) আৰু নিম্ন জাৰ্মান উপভাষাৰ সম্পৰ্ক আছে।
-
হিন্দী ভাষা
হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিছাছ আৰু ফিজিত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক…
-
সংস্কৃত ভাষা
সংস্কৃত (সংস্কৃত: संस्कृतम्, সঠিক নাম: संस्कृता वाक्,, পৰবৰ্তীকালত প্ৰচলিত অন্য নাম: संस्कृतभाषा, "পৰিমাৰ্জিত ভাষা") হ’ল এটি ঐতিহাসিক ভাৰত-ইউৰোপীয় ভাষা আৰু হিন্দু আৰু বৌদ্ধ ধৰ্মৰ পবিত্ৰ দেৱভাষা।।
-
তামিল ভাষা
তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে।
-
তেলুগু ভাষা
তেলুগু (তেলুগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা।
-
মালয়ালম ভাষা
মালয়ালম বা মলয়ালম (മലയാളം) দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত। এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা।
-
কন্নড় ভাষা
কন্নড় (Kannada, ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।
-
মাৰাঠী ভাষা
মাৰাঠী (মাৰাঠীত: मराठी (মৰাঠী)) এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ।
-
উৰ্দু ভাষা
উৰ্দু ভাষা ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা। পাকিস্তানৰ প্ৰায় ১ কোটি লোক আৰু ভাৰতৰ প্ৰায় ৫ কোটি লোকৰ মাতৃভাষা উৰ্দু। তদুপৰি আফগানিস্তানৰ চহৰসমূহত আৰু পাৰস্য উপসাগৰীয় দেশসমূহত উৰ্দু ভাষা প্ৰচলিত।
-
ফাৰ্চী ভাষা
ফাৰ্চী ভাষা বা পাৰ্ছিয়ান ভাষা হৈছে এটা পশ্চিমীয় ইৰাণীয় ভাষা যিটো ইণ্ডো ইউৰোপীয়ান ভাষাসমূহৰ ইণ্ডো ইৰাণীয়ান বিভাগৰ ইৰাণীয়ান শাখা। এই ভাষাটো ইৰান, আফগানিস্তান আৰু তাজিকিস্তানত ক্ৰমে ইৰাণীয়ান ফাৰ্চী, ডাৰি ফাৰ্চী (১৯৫৮ চনৰ পৰা চৰকাৰীভাৱে ডাৰি) আৰু তাজিক ফাৰ্চী (ছোভিয়েটৰ সময়ৰ পৰা কেৱল তাজিক)…
-
নেপালী ভাষা
নেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।
-
পঞ্জাবী ভাষা
পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পঞ্জাবী বা লাণ্ডা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা।
-
গুজৰাটী ভাষা
গুজৰাটী ভাষা ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।
-
আৰবী ভাষা
আৰবী ভাষা (العَرَبِيَّة, আল্-ʿআৰবিয়্যাহ্ বা ʻআৰবিয়্য্) ছেমিটীয় ভাষা পৰিয়ালৰ জীৱন্ত সদস্যসমূহৰ মাজত বৃহত্তম ভাষা। এইটো এটা কেন্দ্ৰীয় ছেমিটীয় ভাষা আৰু হিব্ৰু আৰু আৰামীয় ভাষাৰ সৈতে এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে।
-
চীনা ভাষা
চীনা ভাষা (আক্ষৰিক অৰ্থত হান ভাষা) হৈছে চীন দেশৰ ৰাষ্ট্ৰভাষা তথা চীনা-তিব্বতীয়া ভাষা পৰিয়ালৰ চীনাতিক নামৰ ভাষাৰ ঠালটো। চীনৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু জনগোষ্ঠী সমূহে এই ভাষাটো কয়। বিশ্বৰ প্ৰায় ১.২ বিলিয়ন মানুহে চীনা ভাষা কয় যি সমগ্ৰ বিশ্বৰ ১৬% জনসংখ্যা।
-
ওড়িয়া ভাষা
ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত এই ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী।
-
ফৰাচী ভাষা
ফৰাচী ভাষা (français বা langue française ) হৈছে ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ৰোমানীয় ভাষা। অন্যান্য সকলো ৰোমান্স ভাষাৰ দৰেই ফৰাচী আৰু ইয়াৰ আটাইতকৈ নিকটৱৰ্তী সম্পৰ্কীয় ভাষাসমূহ— অৰ্থাৎ ঐতিহাসিকভাৱে উত্তৰ ফ্ৰান্স আৰু দক্ষিণ বেলজিয়ামত প্ৰচলিত লঁগ দ'ইল— ৰোমান সাম্ৰাজ্যৰ প্ৰাকৃত লাটিনৰ…
-
ভাৰত-আৰ্য ভাষা পৰিয়াল
ভাৰত-আৰ্য বা ভাৰতীয় আৰ্য ভাষাসমূহ হৈছে ভাৰতীয় উপমহাদেশৰ মুখ্য ভাষা। ভাষাকেইটাই ভাৰত-ইৰানীয় ভাষাসমূহৰ ঠাল, যিটো বৃহত্তৰ ভাৰত-ইউৰোপীয় ভাষাপৰিয়াল ৰ অন্তৰ্গত।
-
গ্ৰীক ভাষা
গ্ৰীক (আধুনিক গ্ৰীক: Ελληνικά, ৰোমানীকৃত: Elliniká, [eliniˈka]; প্ৰাচীন গ্ৰীক: Ἑλληνική, ৰোমানীকৃত: Hellēnikḗ) ভাষা হ'ল ভাৰত- ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। ই গ্ৰীচ, চাইপ্ৰাছ, ইটালী আদি অঞ্চলৰ স্থানীয় ভাষা। এই ভাষাৰ লিখন পদ্ধতি হৈছে গ্ৰীক বৰ্ণমালা, যিটো প্ৰায় ২,৮০০ বছৰ ধৰি ব্যৱহাৰ হৈ আহিছে।
-
জাৰ্মান ভাষা
জাৰ্মান ভাষাৰ মূল হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মানীয় উপভাষাৰ পশ্চিম শাখাৰ নেদাৰলেণ্ডীয় -জাৰ্মান গোটৰ অন্তৰ্গত এটা ভাষা। জাৰ্মান ভাষাৰ উপভাষাবোৰক উচ্চ জাৰ্মান (মান্য সাহিত্যিক জাৰ্মান) আৰু নিম্ন জাৰ্মান- এই দুটা ভাগত ভাগ কৰা হয়।
-
লেটিন ভাষা
লেটিন ভাষা (Latin: lingua latīna) ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে। লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল।
-
ভোজপুৰী ভাষা
ভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাড়খণ্ড আৰু নেপালৰ কিছু অংশতো ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে।
-
মেইতেই ভাষা
মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়।
-
থাই ভাষা
থাই ভাষা (ภาษา ไทย) থাইলেণ্ডৰ একমাত্ৰ চৰকাৰী আৰু জাতীয় ভাষা আৰু চেণ্ট্ৰেল থাই লোক সকলৰ প্ৰথম ভাষা। চীনাসকলৰ মাজত থাই ভাষিক লোক সংখ্যাগৰিষ্ঠ। ই ক্ৰা-ডাই ভাষা পৰিয়ালৰ তাই গোষ্ঠীৰ সদস্য। আধাতকৈয়ো বেছি থাই শব্দভাণ্ডাৰ পালি, সংস্কৃত, সোম আৰু পৌৰাণিক খেমাৰ ভাষাৰ পৰা ধাৰ কৰা।