অসমীয়া উপন্যাস
৯৭ প্ৰবন্ধ
-
পিতা-পুত্ৰ (গ্ৰন্থ)
পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁওখনৰ মানুহৰ জীৱন আৰু গাঁৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে।
-
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা হৈছে মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ বাবে তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। এই উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন।
-
দেও লাংখুই
দেও লাংখুই হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুই মানে দেও লগা তৰোৱাল। ইয়াত জোঙাল বলহুৰ হাতত থকা দেও লাংখুইৰ কথা কোৱা হৈছে। উপন্যাসখনত তিৱাসমাজৰ সমাজ-সংস্কৃতিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হৈছে। ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।
-
আশীৰ্বাদৰ ৰং
আশীৰ্বাদৰ ৰং অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনত এই উপন্যাসখনে সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত। প্ৰকাশক আছিল জাৰ্ণাল এম্প’ৰিয়াম। 'তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হৈছিল।
-
মাকাম
মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।
-
মৃত্যুঞ্জয়
মৃত্যুঞ্জয় (Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।
-
আধা লেখা দস্তাবেজ
আধালেখা দস্তাবেজ (Adha Lekha Dastabej) সাহিত্যিক ড॰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক উপন্যাস। গ্ৰন্থখন ১৯৮৮ চনত প্ৰকাশ পায়। ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্ৰসিদ্ধ সাহিত্যক হোমেন বৰগোহাঞিৰ প্ৰেৰণাদায়ক চিঠিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল।
-
ভানুমতী
পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়।
-
মনোমতী
মনোমতী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে বৰপেটাত চাকৰি কৰি থাকোঁতে ১৮৯৭ চনৰ এপ্ৰিল মাহৰ আগতে লিখি শেষ কৰে আৰু ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক ছপাই উলিয়ায়। এয়া এখন সাৰ্থক বুৰঞ্জীমূলক উপন্যাস। মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনাই ইয়াৰ মূল উপজীৱ্য। উপন্যাসখন দুটা ভাগত বিভক্ত।
-
মায়াবৃত্ত
মায়াবৃত্ত হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে কণমানি পুতি আৰু তাইৰ একমাত্ৰ বন্ধু সুবৰ্ণৰ মনটোৱে কিদৰে প্ৰকৃতি ৰক্ষাৰ…
-
ঈয়াৰুইঙ্গম
ঈয়াৰুইঙ্গম (Yaruingam) অসমীয়া সাহিত্য জগতৰ লেখত ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে।
-
নীলকণ্ঠী ব্ৰজ
নীলকণ্ঠী ব্ৰজ (Neelakanthi Braja) জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ সুদীৰ্ঘকাল বৃন্দাবনবাস কৰি পোৱা অভিজ্ঞতাৰে ৰচনা কৰা উপন্যাস। ১৯৭৬ চনত প্ৰকাশিত এই উপন্যাসখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশ।
-
পপীয়া তৰাৰ সাধু
পপীয়া তৰাৰ সাধু ঔপন্যাসিক ৰীতা চৌধুৰীৰ এক অনৱদ্য সৃষ্টি। সাংবাদিকতাৰ সপোনেৰে গুৱাহাটীলৈ বুলি জাৰ্নালিজম পঢ়িবলৈ অহা জেউতী নামৰ এজনী সহজ-সৰল গাঁৱলীয়া ছোৱালী কেনেদৰে বাতৰি-কাকতৰ সম্পাদক এজনৰ কামনাৰ বলি হ'ব লগা হৈছিল তাৰ সুন্দৰ বৰ্ণনা আছে। উপন্যাসখনি বাস্তৱধৰ্মী আৰু বৰ্তমান সময়ৰ সৈতে খাপখোৱা।
-
পাতাল ভৈৰৱী
পাতাল ভৈৰৱী (Patal Bhairabi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৮৬ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনত নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ আৰু তাৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰত, বিশেষকৈ অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাৱৰণক উপস্থাপন কৰা হৈছে।
-
মিৰি জীয়ৰী
"মিৰি জীয়ৰী" ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। এইখন প্ৰথম অসমীয়া সামাজিক উপন্যাস আৰু প্ৰথম অসমীয়া জনজাতীয় উপন্যাস। মিচিংসকলক আগতে "মিৰি" বুলি উল্লেখ কৰা হৈছিল।
-
মামৰে ধৰা তৰোৱাল
মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই একুৱাডাক্টত কাম কৰা শ্ৰমিকসকলৈ ৰচনা কৰা হৈছিল উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেওঁ ৰচনা কৰিছে।
-
অঘৰী আত্মাৰ কাহিনী
অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যত এখন সামাজিক উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৯ চনত। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ হৈছে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়খন অসমীয়া উপন্যাস।
-
অনুৰাধাৰ দেশ
অনুৰাধাৰ দেশ উৰিষ্যাৰ বংগোপসাগৰৰ তৈল অনুসন্ধান ক্ষেত্ৰৰ পটভূমিত ৰচিত এখন ভিন্নধৰ্মী অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। ই দেৱচৌধুৰীৰ প্ৰথমখন উপন্যাস। অনুৰাধাৰ দেশৰ বাবে লেখকে ১৯৯৩ চনৰ বিষ্ণুৰাভা বঁটা লাভ কৰে।
-
অয়নান্ত (গ্ৰন্থ)
অয়নান্ত (Ayananta) হ’ল অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ অৰূপা পটঙ্গীয়া কলিতাৰ 'ভাৰতীয় ভাষা পৰিষদ'ৰ পুৰস্কাৰপ্ৰাপ্ত এখন উপন্যাস। এই উপন্যাসখনক ১৯৯৪ চনত প্ৰথমে প্ৰকাশ কৰে লয়াৰ্ছ বুক ষ্টল প্ৰকাশনে। এই উপন্যাসখন হিন্দী আৰু ইংৰাজী ভাষালৈও অনূদিত হৈছে।
-
অসীমত যাৰ হেৰাল সীমা
অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস৷ এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ তথা জন্মান্তৰবাদৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ ১৫ জুলাইত।
-
জঙ্গম
জঙ্গম (Jangam) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ এখন ঐতিহাসিক উপন্যাস। গ্ৰন্থখন ১৯৮৩ চনত প্ৰকাশিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। এই উপন্যাসখন ২০১৮ চনত অমিত আৰ.
-
পদুম কুঁৱৰী
পদুম কুঁৱৰী (Padum Kowari) হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত একমাত্ৰ উপন্যাস। উপন্যাসখন ১৯০৫ চনত প্ৰকাশিত হৈছিল। এইখন এক বুৰঞ্জীমূলক উপন্যাস। এই উপন্যাসখন লক্ষ্মীনাথ বেজবৰুৱা কলিকতাৰ কলেজত পঢ়ি থকাৰ সময়তে নিজৰ সম্পাদনাত প্ৰকাশ পাইছিল।
-
মহাৰথী (উপন্যাস)
মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়। ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।
-
মৌন ওঁঠ মুখৰ হৃদয়
মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় অসম সাহিত্য সভা অধিৱেশন, ২০০১ চনত।
-
ককাদেউতাৰ হাড়
ককাদেউতাৰ হাড় অসমীয়া ঔপন্যাসিক তথা শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ এখন আৰ্থ-সামাজিক উপন্যাস। কপিলীপৰীয়া কবিৰূপে পৰিচিত নৱকান্ত বৰুৱাই ১৯৭৪ চনত প্ৰকাশিত উপন্যাসখনৰ বাবে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। মণিদীপ আলোচনীৰ পাতত উপন্যাসখনৰ আৰম্ভণি ঘটিছিল।
-
কথা ৰত্নাকৰ
কথা ৰত্নাকৰ হ'ল ড॰ ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা ৰচিত এক উপন্যাস। স্বাধীনতাৰ উত্তৰ কালত, অসমৰ পিছপৰা সমাজ এখন আৰু অনুন্নত সম্প্ৰদায় এটাৰ জীৱনলৈ সমাজবাদী ৰাজনৈতিক আন্দোলন আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰভাৱে কঢ়িয়াই অনা পৰিৱৰ্তন বৰ্ণিত হৈছে এই উপন্যাসখনত।
-
কপিলীপৰীয়া সাধু
কপিলীপৰীয়া সাধু (Kopilipariya Xadhu) হৈছে অসমৰ কবি-সাহিত্যিক-গীতিকাৰ নৱকান্ত বৰুৱাৰ দ্বাৰা লিখিত প্ৰথমখন উপন্যাস। গ্ৰন্থখন ১৯৫৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।গ্ৰন্থখনত মানৱীয় প্ৰেম, সংগ্ৰাম আৰু সংঘাত, ভাগ্য আৰু ব্যস্ততা, কল্পনা আৰু বাস্তৱ, বিশ্বাস-অন্ধবিশ্বাস, ৰীতি-নীতি, পৰম্পৰা আদি সকলোৰে…
-
কাঞ্চন (উপন্যাস)
কাঞ্চন অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনত।
-
কায়কল্প
কায়কল্প (Kayakalpa) হৈছে অসমৰ কৃতবিদ্য লেখক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন বিজ্ঞান ভিত্তিক উপন্যাস। ২০০২ চনত কিতাপখন প্ৰথম প্ৰকাশ হয়। ২০০৮ বৰ্ষৰ সৰ্বভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ 'সৰস্বতী সন্মান' লাভ কৰা গ্ৰন্থখনি কল্পবিজ্ঞান বিষয়ক।
-
কালপুৰুষ
কালপুৰুষ (Kalpurush) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। এই উপন্যাসখন ১৯৭৬ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। উপন্যাসখনত আহোম ৰাজত্বৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ৰ বৰ্ণনাৰ লগতে সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটিছে।