আত্মজীৱনী
২২ প্ৰবন্ধ
-
মোৰ সত্য অন্বেষণৰ কাহিনী
মোৰ সত্য অন্বেষণৰ কাহিনী (The Story of My Experiments with Truth, સત્યના પ્રયોગો અથવા આત્મકથા) মোহনদাস কৰমচান্দ গান্ধীৰ আত্মজীৱনী। ইয়াত শৈশৱৰপৰা ১৯২১ চনলৈকে তেওঁৰ জীৱনৰ ঘটনাৱলী প্ৰকাশ হৈছে। এইখন সাপ্তাহিককৈ লিখা হৈছিল আৰু তেওঁৰ কাকত নৱজীৱনত ১৯২৫ চনৰপৰা ১৯২৯ চনলৈ প্ৰকাশ হৈছিল।
-
আধা লেখা দস্তাবেজ
আধালেখা দস্তাবেজ (Adha Lekha Dastabej) সাহিত্যিক ড॰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক উপন্যাস। গ্ৰন্থখন ১৯৮৮ চনত প্ৰকাশ পায়। ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্ৰসিদ্ধ সাহিত্যক হোমেন বৰগোহাঞিৰ প্ৰেৰণাদায়ক চিঠিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল।
-
বতাহত ক’ৰ গধূলি গোপাল
বতাহত ক’ৰ গধূলি গোপাল হীৰেন গোহাঁইৰ প্ৰথম প্ৰকাশিত আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ প্ৰথম খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত। গ্ৰন্থখনত মুঠ ২৯টা অধ্যায় আছে। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-৩৭৬।
-
সপোনৰ দিকচৌ বনত
সপোনৰ দিকচৌ বনত হীৰেন গোহাঁইৰ এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ তৃতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৯ চনত। গ্ৰন্থখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। প্ৰকাশক জ্যোতি প্ৰকাশন। পৰিৱৰ্ধিত সংস্কৰণটোত মুঠ ২০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২০০।
-
হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী
হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২৪।
-
ইমান তিতা সাগৰৰ পানী
ইমান তিতা সাগৰৰ পানী এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। প্ৰথম প্ৰকাশক-আলিবাট প্ৰকাশন। গ্ৰন্থখনত মুঠ ১৭টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২৭২।
-
সোণৰ চামুচ মুখত লৈ
সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী হৈছে অসমীয়া গল্পকাৰ, ঔপন্যাসিক, অভিধান প্ৰণেতা, গৱেষক আৰু অধ্যাপক ড॰ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী। অগতানুগতিক শৈলীৰে লিখা এই আত্মজীৱনীখন প্ৰথম প্ৰকাশ হয় ২০১৬ চনৰ নৱেম্বৰ মাহত। গ্ৰন্থখন প্ৰকাশ কৰে গুৱাহাটীৰ পাণবজাৰৰ বান্ধৱ প্ৰকাশনৰ হৈ ৰঞ্জন শৰ্মাই।
-
আত্মকথা
আত্মকথা হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ আত্মজীৱনী। ২০১১ চনৰ ডিচেম্বৰ মাহত কিতাপখন প্ৰথম প্ৰকাশ হয়। আলিবাট প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৮১ আৰু মূল্য ১৭০ টকা। ২০১৭ চনৰ নৱেম্বৰ মাহলৈকে কিতাপখনৰ পাঁচটা সংস্কৰণ প্ৰকাশ হৈছে।
-
অগ্নিৰ ডেউকা
অগ্নিৰ ডেউকা: APJ. জে. আব্দুল কালামৰ আত্মকথা (১৯৯৯) হ'ল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মজীৱনী। অৰুণ তিৱাৰীৰ সহযোগত ৰচিত এই আত্মজীৱনীখন প্ৰথমে প্ৰকাশ পাই ১৯৯৯ চনত।
-
ত'ত্ত'-চ্চান
ত’ত্ত’–চ্চান: খিৰিকীমুখত অকনিজনী (মূল শিৰোনাম 窓ぎわのトットちゃん, মাডগিৱা ত’ত্ত’–চ্চান; Totto Chan: The Little Girl at the Window) জাপানী লেখিকা তেৎছুকো কুৰ'য়ানাগিয়ে ৰচনা কৰা এখন আত্মজীৱনীমূলক শিশু উপন্যাস। জাপানী ভাষাত ৰচিত এই উপন্যাস ১৯৮১ চনত প্ৰকাশিত হৈছিল।
-
এক ধীমানৰ আত্মজীৱনী
এক ধীমানৰ আত্মজীৱনী (Diary of A Genius) চালভাড' ডালিৰ আত্মজীৱনী। গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে মৌচুমী কন্দলীয়ে। ২০০২ চনৰপৰা ২০০৪ চনলৈকে এই গ্ৰন্থখনৰ লেখাখিনি ধাৰাবাহিকভাৱে আজিৰ অসম কাকতত প্ৰকাশ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২০০৯ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰা হয়।
-
এৰি অহা দিনবোৰ
এৰি অহা দিনবোৰ (Eri Aha Dinbor) হৈছে অসমীয়া সাহিত্যিক আৰু কবি নলিনীবালা দেৱীৰ আত্মজীৱনী। ১৯৭৬ চনত তেখেতৰ এই আত্মজীৱনীখন প্ৰকাশিত হৈছিল। আত্মজীৱনীখনত তেখেতে শৈশৱ-কৈশোৰৰ সময়ৰ পৰা আৰম্ভ কৰি জীৱনৰ বিয়লি বেলালৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।
-
মোৰো এটা সপোন আছে
মোৰো এটা সপোন আছে (Moro Eta Sapon Ase) হৈছে ৰুবুল মাউতৰ দ্বাৰা লিখিত এখনি আত্মজীৱনী। শৈশৱ-কৈশোৰৰ নানান প্ৰতিঘাত আৰু সংঘাত অতিক্ৰম কৰি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰা জীৱবিজ্ঞানী আৰু গৱেষক ৰুবুল মাউতৰ জীৱন-কাহিনীৰে এই আত্মজীৱনীখন সমৃদ্ধ হৈছে।
-
এডুকেটেড (গ্ৰন্থ)
এডুকেটেড (Educated: A Memoir) হৈছে ২০১৮ চনত প্ৰকাশিত আমেৰিকাৰ লেখিকা টাৰা ৱেষ্টঅ'ভাৰদ্বাৰা লিখিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷ গ্ৰন্থখনত শিক্ষাৰ বাবে আগ্ৰহী আৰু উৎসাহী ৱেষ্টঅ'ভাৰৰ প্ৰাৰম্ভিক সংগ্ৰামৰ কাহিনী লিপিবদ্ধ হৈছে৷ তেওঁ কলেজলৈ যাবলৈ কিদৰে নিজৰ মৰ্মন পৰিয়ালটোক পতিয়ন নিয়াবলগীয়া হৈছিল-সেই কথা…
-
ছেভেন ইয়াৰ্ছ ইন টিবেট
ছেভেন ইয়াৰ্ছ ইন টিবেট: মাই লাইফ বিফ'ৰ, ডিউৰিং এণ্ড আফটাৰ (তিব্বতত সাত বছৰ: মোৰ পূৰ্বৰ, বৰ্তমান আৰু পৰবৰ্তী জীৱন, ১৯৫২: Sieben Jahre in Tibet. Mein Leben am Hofe des Dalai Lama, ১৯৫৪ চনত ইংৰাজীত) হৈছে অষ্ট্ৰিয়াৰ পৰ্বতাৰোহী হেইনৰিখ হাৰাৰে ৰচনা কৰা এখন আত্মজীৱনীমূলক গ্ৰন্থ।
-
জীৱন-বৃত্ত
জীৱন-বৃত্ত হৈছে অসমীয়া সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনী। লিখকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত লিখিবলৈ আৰম্ভ কৰি ১৯৯৯ চনৰ ডিচেম্বৰ মাহত লিখি শেষ কৰা আত্মজীৱনীখন প্ৰথমে প্ৰান্তিক আলোচনীৰ পাতত চৌচল্লিছটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু পৰৱৰ্তী সময়ত লয়াৰ্চ বুক ষ্টলে ২০০৩ চনত গ্ৰন্থ আকাৰে…
-
জীৱনৰ সৰাপাত
জীৱনৰ সৰাপাত (Jiwanar Sarapat) অসমীয়া লেখক তথা সমাজকৰ্মী কিৰণময়ী বৰাৰ স্মৃতিকথা। কিতাপখন অসমৰ এটি পুৰণি প্ৰকাশন গোষ্ঠী বাণী মন্দিৰে প্ৰকাশ কৰিছে আৰু পৰিৱেশন কৰিছে উজ্জ্বল হাজৰিকা, বাণী মন্দিৰ আৰু মনাস্মৃতা হাজৰিকা, লাৱণ্য প্ৰকাশে। ২০১১ চনত কিতাপখন প্ৰথম প্ৰকাশ হৈছিল।
-
মই আৰু নেফা
মই আৰু নেফা (Moi Aru Nefa) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মজীৱনী। ২০০৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই আত্মজীৱনীখন ২০২২ চনত প্ৰকাশন গোষ্ঠী অসম বুক ট্ৰাষ্টে নতুন ৰূপত প্ৰকাশ কৰে।
-
মাজ্য জলমাচি চিত্তৰকথা
মাজ্য জলমাচি চিত্তৰকথা (অনুবাদ: মোৰ জীৱনৰ কেলিডস্কোপ কাহিনী) ১৯৮৩ চনত প্ৰকাশিত শান্তবাই কাম্বলেৰ আত্মজীৱনী। এইখনক দলিত মহিলা লেখিকাৰ প্ৰথম আত্মজীৱনীমূলক আখ্যান বুলি গণ্য কৰা হয়। বিভিন্ন ভাষালৈ অনুবাদ কৰা এই গ্ৰন্থখন মুম্বাই বিশ্ববিদ্যালয়ৰ মাৰাঠী সাহিত্যিক ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় পঠন।
-
মোৰ জীৱন সোঁৱৰণ
মোৰ জীৱন সোঁৱৰণ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী৷ “অসমীয়া সাহিত্যৰ প্ৰত্যেক কোঠালিতে প্ৰতিভাৰ বন্তি জ্বলাওঁতা, অসমীয়াক জাতীয়তাৰে অনুপ্ৰাণিত কৰোঁতা, অসমীয়া সাহিত্যৰ প্ৰধান ওজা শক্তিমন্ত্ৰ যুঁজাৰু অসমীয়া সহিত্যৰ মেধাস্বৰূপ, প্ৰাণস্বৰূপ এটি যুগৰ বতৰা কওঁতা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈও…
-
মোৰ দেশ আৰু মোৰ মানুহ
মোৰ দেশ আৰু মোৰ মানুহ হ'ল তিব্বতৰ ধৰ্মীয় আৰু ৰাজনৈতিক মুৰব্বী চতুৰ্দশ দালাই লামা টেনজিং গিয়াত্ ছোৰ আত্মজীৱনী My Land and My People (১৯৬২) গ্ৰন্থৰ অসমীয়া অনুবাদ। গ্ৰন্থখনত এজন দালাই লামাৰ জীৱনৰ এচোৱা কালৰ উপৰি তিব্বতৰ ৰাজনৈতিক আৰু ধৰ্মীয় ইতিহাসৰ বৰ্ণনা আছে।
-
লং ৱাক টু ফ্ৰীডম
লং ৱাক টু ফ্ৰীডম (Long walk to Freedom) নেলছন মেণ্ডেলাৰ আত্মজীৱনী৷ গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে প্ৰদান শইকীয়াই৷ এই গ্ৰন্থখন মুঠ ১১ টা পৰিচ্ছেদ আছে৷ অসমীয়া অনুবাদমূলক গ্ৰন্থখনৰ পঞ্চম সংস্কৰণটো প্ৰকাশ আলিবাট প্ৰকাশনৰ৷ গ্ৰন্থখনৰ বাংলা অনুবাদৰ অনুবাদক দুগৰাকী হৈছে চাৰুফুদ্দিন আহমেদ আৰু ওপম ফাৰুক৷