অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
বুঢ়ী আইৰ সাধু
বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত শিশু-পাঠকৰ উপযোগী অসমীয়া সাধু-সংকলন। অসমৰ লোকসমাজৰ পৰা সংগৃহীত লোককথাক লিখিত ৰূপ দিয়া এই গ্ৰন্থই অসমীয়া সাহিত্য আৰু লোকসাহিত্য-চৰ্চাত বিশেষ গুৰুত্ব লাভ কৰিছে।
-
হেমকোষ
হেমকোষ হৈছে অসমীয়া ভাষাৰ এক ঐতিহাসিক আৰু প্ৰভাৱশালী অভিধান, যিটো হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰিছিল আৰু ১৯০০ চনত প্ৰথমবাৰ মুদ্ৰিত ৰূপত প্ৰকাশ পায়। ই অসমীয়া শব্দভঁড়াল সংকলন, মান্যতা স্থাপন আৰু ভাষাচৰ্চাৰ বিকাশত দীঘলীয়া সময় ধৰি মূল আধাৰ হিচাপে কাম কৰি আহিছে।
-
সপ্তকাণ্ড ৰামায়ণ
সপ্তকাণ্ড ৰামায়ণ ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়াত ৰচিত বাল্মীকিৰ ৰামায়ণৰ ভাৱানুবাদ-আধাৰিত কাব্য। অসমীয়া লিখিত সাহিত্যৰ প্ৰাৰম্ভিক নিদৰ্শনসমূহৰ ভিতৰত গণ্য এই অনুবাদে চৰিত্ৰসমূহক অতি-মানৱ নহয়, মানৱী ৰূপত উপস্থাপন কৰাৰ বাবে বিশেষভাৱে উল্লেখযোগ্য।
-
পিতা-পুত্ৰ (গ্ৰন্থ)
পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁওখনৰ মানুহৰ জীৱন আৰু গাঁৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে।
-
অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ
অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ (Antahin Preranar Utsa Louis Pasteur) হৈছে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত ২০০১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা এখন জীৱনী গ্ৰন্থ। ১৮২২ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ লুই পেষ্টিঅ’ৰই কেনেকৈ বিভিন্ন আৱিষ্কাৰৰ মাধ্যমেৰে মানুহৰ জীৱন ৰক্ষা কৰিছিল।
-
আত্ম দীপো ভৱ
আত্ম দীপো ভৱ (Aatmo Dipu Bhaba) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। ইয়াত মুঠ ২০ টা প্ৰবন্ধ আছে। এইখন এখন অৱশ্য পঠনীয় গ্ৰন্থ। ১৯৯৬ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয়। প্ৰকাশনগোষ্ঠী হৈছে ষ্টুডেণ্ট ষ্ট'ৰচ।
-
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ (Mor Priyo Manuh Socrates) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। এই প্ৰবন্ধ সংকলনখন ২০০১ চনত প্ৰথম প্ৰকাশ পায়।
-
উচ্চাকাংক্ষা
উচ্চাকাংক্ষা (Ussakansya) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই উচ্চাকাংক্ষা প্ৰবন্ধ সংকলনখন ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে।
-
চিৰদিন অসমীয়া (গ্ৰন্থ)
চিৰদিন অসমীয়া(Sirodin Axomiya) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৮ চনৰ নৱেম্বৰ মাহত বনলতা প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৩০৮ আৰু মূল্য ৩৩০ টকা।
-
অন্তহীন প্ৰেৰণা
অন্তহীন প্ৰেৰণা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ জন ব্যক্তিৰ জীৱনক লৈ ১৬ টা প্ৰবন্ধ আছে। বনলতা প্ৰকাশনে ২০০৬ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ভগ্নীসম শ্ৰীমতী বিচিত্ৰা দলেলৈ উছৰ্গা কৰিছে।
-
কিতাপ পঢ়াৰ আনন্দ
কিতাপ পঢ়াৰ আনন্দ (Kitap Pohar Aanondo) হৈছে অসমীয়া সাহিত্যিক,সাংবাদিক,সমালোচক,কবি,গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। ১৯৯১ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ বন্ধু অশোক শইকীয়াৰ কৰকমলত আগবঢ়াইছে।
-
প্ৰজ্ঞাৰ সাধনা
প্ৰজ্ঞাৰ সাধনা(Progyar Sadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখন মুঠ ২৪ টা প্ৰবন্ধ সম্বলিত। ১৯৯৪ চনৰ মে' মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ মূল্য আছিল ৪০ টকা।
-
যোগিনী তন্ত্ৰ
যোগিনী তন্ত্ৰ ষোড়শ বা সপ্তদশ শতিকাত অসমত ৰচিত এখন তন্ত্ৰ সাধনাৰ গ্ৰন্থ। দেৱী কালী আৰু কামাখ্যাৰ প্ৰতি উৎসৰ্গিত এই গ্ৰন্থখনৰ মূল লেখক অজ্ঞাত। ধৰ্মীয় আৰু দাৰ্শনিক নীতিৰ বাহিৰে এই এককৃত তন্ত্ৰ সমূহত কিছুমান ঐতিহাসিক ঘটনাৰ তথ্য পোৱা গৈছে। তন্ত্ৰ সাধনাৰ বামচাৰী পন্থাৰ বাবে এইখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ।
-
ধৰ্মপুস্তক
ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথি; ই বাইবেলৰ অসমীয়া অনুবাদ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰিৰ উদ্যোগত ১৮১৩ চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ টেষ্টামেণ্টখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ ভাঙনি কৰে। ৮৬৪ পৃষ্ঠাৰ এই গ্ৰন্থখন ছপাবৰ বাবে অতি পাতল তুলাপাত ব্যৱহাৰ কৰা হৈছিল।
-
ভক্তি ৰত্নাৱলী
ভক্তি ৰত্নাৱলী হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা।
-
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা হৈছে মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ বাবে তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। এই উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন।
-
দেও লাংখুই
দেও লাংখুই হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুই মানে দেও লগা তৰোৱাল। ইয়াত জোঙাল বলহুৰ হাতত থকা দেও লাংখুইৰ কথা কোৱা হৈছে। উপন্যাসখনত তিৱাসমাজৰ সমাজ-সংস্কৃতিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হৈছে। ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।
-
হস্তীবিদ্যাৰ্ণৱ
হস্তীবিদ্যাৰ্ণৱ, সুকুমাৰ বৰকাইথে ৰচনা কৰা এখন হাতীৰ বিষয়ক পুথি। ইয়াৰ মূল সংস্কৃত গজেন্দ্ৰ চিন্তামণি। আহোম স্বৰ্গদেউ শিৱ সিংহ (১৭১৩-১৭৪৫) আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত হস্তীবিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকিৎসাৰ বিষয়ে বিস্তৃত সচিত্ৰ বৰ্ণনা আছে।
-
আশীৰ্বাদৰ ৰং
আশীৰ্বাদৰ ৰং অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনত এই উপন্যাসখনে সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত। প্ৰকাশক আছিল জাৰ্ণাল এম্প’ৰিয়াম। 'তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হৈছিল।
-
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স (Anglo Assamese Dictionary Of Mathematics নতুবা ইংৰাজী-অসমীয়া গণিত অভিধান) হৈছে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ এখন গণিত অভিধান। অসমীয়া ভাষাত গণিত বিষয়ত এনে অভিধান এয়ে প্ৰথম।
-
গুণমালা
গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়।
-
মাকাম
মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।
-
মৃত্যুঞ্জয়
মৃত্যুঞ্জয় (Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।
-
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷। এই গ্ৰন্থখন প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷ গ্ৰন্থখনৰ দশম…
-
আধা লেখা দস্তাবেজ
আধালেখা দস্তাবেজ (Adha Lekha Dastabej) সাহিত্যিক ড॰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক উপন্যাস। গ্ৰন্থখন ১৯৮৮ চনত প্ৰকাশ পায়। ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্ৰসিদ্ধ সাহিত্যক হোমেন বৰগোহাঞিৰ প্ৰেৰণাদায়ক চিঠিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল।
-
বতাহত ক’ৰ গধূলি গোপাল
বতাহত ক’ৰ গধূলি গোপাল হীৰেন গোহাঁইৰ প্ৰথম প্ৰকাশিত আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ প্ৰথম খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত। গ্ৰন্থখনত মুঠ ২৯টা অধ্যায় আছে। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-৩৭৬।
-
ভানুমতী
পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়।
-
মনোমতী
মনোমতী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে বৰপেটাত চাকৰি কৰি থাকোঁতে ১৮৯৭ চনৰ এপ্ৰিল মাহৰ আগতে লিখি শেষ কৰে আৰু ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক ছপাই উলিয়ায়। এয়া এখন সাৰ্থক বুৰঞ্জীমূলক উপন্যাস। মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনাই ইয়াৰ মূল উপজীৱ্য। উপন্যাসখন দুটা ভাগত বিভক্ত।
-
মায়াবৃত্ত
মায়াবৃত্ত হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে কণমানি পুতি আৰু তাইৰ একমাত্ৰ বন্ধু সুবৰ্ণৰ মনটোৱে কিদৰে প্ৰকৃতি ৰক্ষাৰ…
-
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন চুটিগল্পৰ সংকলন। গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা। চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে।