চাৰিশাল গোসাঁনীৰ তেজ হৈছে অসমীয়া সাহিত্যিক তুলিকা শইকীয়াই চুতীয়া ৰজা নীতিপাল আৰু ৰাণী সাধনীৰ জীৱনক আধাৰ হিচাপে লৈ ৰচনা কৰা এখন অসমীয়া উপন্যাস। এইখন লেখিকাৰ প্ৰথম উপন্যাস আৰু মৃত্যুৰ পূৰ্বে প্ৰকাশিত একমাত্ৰ উপন্যাস। চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী সাধনী চৰিত্ৰটোক কেন্দ্ৰ কৰি আৰু চুতীয়া ৰাজ্যৰ ইতিহাসক বিষয় হিচাপে লৈ লিখা এই উপন্যাসনৰ মাজেৰে তদানীন্তন সময়ৰ সমাজ বাস্তৱতাৰ চিত্ৰ ফুটি উঠিছে৷ আনহাতে ঔপন্যাসিকাই নিজস্ব কল্পনা আৰু সৃজনিশীলতাৰে চুতীয়া ৰাজ্যৰ পতনৰ কাৰকৰ বিষয়ে বৰ্ণনা কৰিছে। এই উপন্যাসখন প্ৰথম প্ৰকাশ হয় ২০১৩ চনৰ নৱেম্বৰ মাহত, প্ৰকাশ কৰে আখৰ প্ৰকাশে। উপন্যাসখনৰ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত তৃতীয় সংস্কৰণটো প্ৰকাশ কৰে গুৱাহাটীৰ বান্ধৱ প্ৰকাশৰ হৈ ৰঞ্জন শৰ্মাই।১ এই উপন্যাসখনৰ বাবে ২০১৪ চনত তুলিকা শইকীয়ালৈ মুনীন বৰকটকী বঁটা আগবঢ়োৱা হয়।
তথ্যসূত্ৰ
- ↑ তুলিকা শইকীয়া. (নৱেম্বৰ, ২০১৩). চাৰিশাল গোসাঁনীৰ তেজ. বান্ধৱ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰিশাল গোসাঁনীৰ তেজ” প্ৰবন্ধৰ সংশোধন ৩৬৯৬৬৬ (২৪ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।