পোখালি (ভাষা)
২১ প্ৰবন্ধ
-
হিন্দী ভাষা
হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিছাছ আৰু ফিজিত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক…
-
তেলুগু ভাষা
তেলুগু (তেলুগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা।
-
মালয়ালম ভাষা
মালয়ালম বা মলয়ালম (മലയാളം) দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত। এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা।
-
কন্নড় ভাষা
কন্নড় (Kannada, ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।
-
মাৰাঠী ভাষা
মাৰাঠী (মাৰাঠীত: मराठी (মৰাঠী)) এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ।
-
নেপালী ভাষা
নেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।
-
গুজৰাটী ভাষা
গুজৰাটী ভাষা ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।
-
ভোজপুৰী ভাষা
ভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাড়খণ্ড আৰু নেপালৰ কিছু অংশতো ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে।
-
মেইতেই ভাষা
মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়।
-
ৰুছ ভাষা
ৰুছ ভাষা (ৰুছ ভাষাত: русский язык) এটা স্লাভিক ভাষা যাক প্ৰধানকৈ ৰাছিয়া, বেলাৰুছ, ইউক্ৰেইন, কাজাখস্তান আৰু কিৰগীস্তানত কোৱা হয় আৰু বহুল ভাৱে ব্যৱহৃত। ইয়াৰোপৰি বিনা চৰকাৰী অনুমতিত লাটভিয়া, এষ্ট'নিয়া আৰু বহুতো প্ৰাক্তন ছোভিয়েট দেশত ইয়াক কোৱা হয়।
-
কোংকণী ভাষা
কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: ) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়।
-
সিন্ধী ভাষা
সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।
-
কাশ্মীৰী ভাষা
কাশ্মীৰী বা কশুৰ হৈছে ভাৰতীয়-আৰ্য ভাষাসমূহৰ দাৰ্দিক শাখাৰ এটা ভাষা, যি প্ৰায় ৭ নিযুত কাশ্মীৰী লোকৰ দ্বাৰা কাশ্মীৰ উপত্যকা আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলসমূহত কথা কোৱা হয়, যাৰ সংখ্যা জম্মু আৰু কাশ্মীৰৰ জনসংখ্যাৰ অৰ্ধেকতকৈও অধিক।
-
তুলু ভাষা
তুলু (কন্নড় লিপিত: ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ তুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে।
-
চাঁওতালি ভাষা
চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে।
-
ডোগ্ৰী ভাষা
ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ভাৰত-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰ অন্যান্য অঞ্চলত পাকিস্তানৰ পঞ্জাব অঞ্চলত এই ভাষা প্ৰচলিত।
-
কোচ ৰাজবংশী ভাষা
কোচ-ৰাজবংশী বা কামতাপুৰী ভাষা হ'ল ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। এই ভাষা ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।
-
মিজো ভাষা
মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস…
-
গাৰো ভাষা
গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। ই পাৰ্শ্বৱৰ্তী বাংলাদেশতো প্ৰচলিত। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাৰো ভাষা লেটিন লিপিৰে লিখা হয়।
-
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়।
-
আৱেস্তা ভাষা
অৱেস্তা ভাষা ( Avestan language ) বা আভেস্তান, এটা প্ৰাচীন ইৰাণী ভাষা। সম্ভৱতঃ প্ৰাচীন পাৰ্চী সাম্ৰাজ্যৰ উত্তৰ-পূব অংশত ইয়াৰ প্ৰচলন আছিল। জৰদস্তি ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৱেস্তা, এই ভাষাত ৰচনা কৰা হৈছে।