বাতৰি কাকত
২৯ প্ৰবন্ধ
-
দ্য টাইম্ছ অৱ ইণ্ডিয়া
দ্য টাইম্ছ অৱ ইণ্ডিয়া (ইয়াৰ সংক্ষিপ্ত ৰূপ টয়/TOI নামেৰেও জনাজাত) হৈছে দ্য টাইম্ছ গ্ৰুপৰ মালিকানাধীন আৰু পৰিচালিত ইংৰাজী ভাষাৰ এখন ভাৰতীয় দৈনিক বাতৰি কাকত আৰু ডিজিটেল সংবাদ পত্ৰ। প্ৰচলনৰ হিচাপত ই ভাৰতৰ তৃতীয় বৃহত্তম কাকত আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী ভাষাৰ দৈনিক কাকত।
-
দ্য হিন্দু
দ্য হিন্দু হৈছে দ্য হিন্দু গ্ৰুপৰ মালিকানাধীন এখন ইংৰাজী ভাষাৰ ভাৰতীয় দৈনিক কাকত। ইয়াৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত অৱস্থিত। ১৮৭৮ চনত ই সাপ্তাহিক হিচাপে আৰম্ভ হয়, আৰু ১৮৮৯ চনৰ পৰা দৈনিক কাকত হিচাপে প্ৰচলন আৰম্ভ হয়।
-
দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
দ্য ইণ্ডিয়ান এক্সপ্ৰেছ হৈছে ১৯৩২ চনত পি বৰাদাৰজুলু নাইডুৱে প্ৰতিষ্ঠা কৰা ইংৰাজী ভাষাৰ ভাৰতীয় দৈনিক কাকত। নয়ডাত মুখ্য কাৰ্যালয় থকা ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ মালিকানাধীন। পিছত ৰামনাথ গোৱেংকাই ইয়াক অধিগ্ৰহণ কৰে।
-
হিন্দুস্তান টাইমছ
হিন্দুস্তান টাইমছ ভাৰতৰদিল্লীৰপৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ দৈনিক কাকত। এই কাকতখন বিৰলা পৰিয়ালৰদ্বাৰা নিয়ন্ত্ৰিত কোম্পানী এইচ টি মিডিয়া লিমিটেডৰ ফ্লেগশ্বিপ প্ৰকাশন আৰু ইয়াৰ স্বত্বাধিকাৰ হ'ল কে কে বিৰলাৰ কন্যা শোভানা ভাৰতীয়।
-
আনন্দবাজাৰ পত্ৰিকা
আনন্দবাজাৰ পত্ৰিকা হ'ল এবিপি গ্ৰুপৰ মালিকানাধীন ভাৰতীয় বাংলা ভাষাৰ দৈনিক কাকত। ইয়াৰ মূল প্ৰতিযোগী বাংলা বাতৰি কাকত সমূহ হৈছে - বৰ্তমান, এই সময়, আৰু সংবাদ প্ৰতিদিন।
-
বাতৰিকাকত
বাতৰি কাকত হৈছে সাম্প্ৰতিক পৰিঘটনাৰ লিখিত তথ্য। বাতৰি কাকতসমূহে ৰাজনীতি, ব্যৱসায়, ক্ৰীড়া, শিল্প, বিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰ সামৰি ল’ব পাৰে। ইয়াত প্ৰায়ে মতামত স্তম্ভ, বতৰৰ পূৰ্বাভাস, স্থানীয় সেৱাৰ পৰ্যালোচনা, মৃত্যু বাৰ্তা, সম্পাদকীয়, কাৰ্টুন, কমিক, পৰামৰ্শৰ স্তম্ভ আদি অন্তৰ্ভুক্ত কৰা হয়।
-
অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা
নিম্নোক্ত তালিকাখনত ঘাইকৈ অসমৰ বা-বাতৰিক কেন্দ্ৰ কৰি অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে:- {| ! নাম !! ইংৰাজী নাম !! সম্পাদক !! প্ৰথম প্ৰকাশ !! চলিত / স্থগিত !! ৱেবছাইট |- | অৰুণোদই || Arunodoi || নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক) || ১৮৪৬,…
-
ইয়ং ইণ্ডিয়া
ইয়ং ইণ্ডিয়া (Young India) হ'ল মহাত্মা গান্ধী য়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন সাপ্তাহিক কাকত, যিখন ১৯১৯ চনৰপৰা ১৯৩১ চনলৈ প্ৰকাশ হৈছিল। এই কাকতখনত গান্ধীয়ে লিখা বিভিন্ন বাণীয়ে বহুজনক প্ৰভাৱিত কৰিছিল।
-
দ্য টেলিগ্ৰাফ (কলকাতা)
দ্য টেলিগ্ৰাফ হৈছে ১৯৮২ চনৰ ৭ জুলাইৰপৰা কলকাতাত প্ৰতিষ্ঠা আৰু অবিৰতভাৱে প্ৰকাশিত ভাৰতীয় ইংৰাজী দৈনিক কাকত। এইখন এবিপি গ্ৰুপৰদ্বাৰা প্ৰকাশিত আৰু মধ্যম বজাৰৰ কাকত দ্য টাইমছ অৱ ইণ্ডিয়াৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়।
-
ইণ্ডিয়ান অপিনিয়ন
ইণ্ডিয়ান অপিনিয়ন (Indian Opinion) হৈছে ভাৰতীয় নেতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা এখন বাতৰি কাকত। এই প্ৰকাশনটো গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক আন্দোলনৰ বাবে আৰু বৰ্ণ বৈষম্যৰ সৈতে যুঁজ দিবলৈ আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ বাবে অসামৰিক অধিকাৰ লাভ কৰিবলৈ…
-
অসমৰ ৱেবছাইটসমূহৰ তালিকা
ইংৰাজী ৱেবছাইট: অসম চৰকাৰৰ মূল ৱেবছাইট জিলা ভিত্তিক ৱেবছাইটৰ তালিকা অসম সম্পৰ্কীয় বেচৰকাৰী ৱেবছাইট তেজপুৰ অনলাইন {| ! নাম !! ৱেবছাইট |- | অসমীয়া ৱিকিপিডিয়া || wikipedia |- | বিকাশপেডিয়া || vikaspedia |- | অসমীয়াপিডিয়া || assamesepedia |- | [[ৱিকিউদ্
-
ফিজিৰ বাতৰি কাকতৰ তালিকা
ফিজি ফ'কাচ ফিজি লাইভ ফিজি সমাচাৰ ফিজি ছান (ইংৰাজী) ফিজি টাইমছ (১৮৬৯ চনৰ পৰা; দৈনিক, ইংৰাজী) দ্য জেট নিউজপেপাৰ (মাহেকীয়া, ইংৰাজী) সৰতাজ (সাপ্তাহিক, হিন্দী) শান্তি দূত (সাপ্তাহিক, হিন্দী) ষ্টেলিয়ন চাউথ ছি টাইমছ নাই লালকাই কাইলা শফিজি নিউজৱায়াৰ ফিজি ৱান ফিজি ব্ৰডকাষ্টিং কৰ্পৰেচন দুৱতা ব্ৰডকাষ্টিং…
-
কেসৰী (বাতৰিকাকত)
কেসৰী (केसरी) হৈছে এখন মাৰাঠী বাতৰিকাকত যিখনক ১৮৮১ চনৰ ৪ জানুৱাৰী তাৰিখে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট নেতা লোকমান্য বাল গঙ্গাধৰ তিলকে প্ৰতিষ্ঠা কৰিছিল।
-
বেংগল গেজেট
হিকিজ বেংগল গেজেট বা অৰিজিনেল কলিকতা জেনেৰেল এডভাৰ্টাইজাৰ (Hicky's Bengal Gazette) ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতা (তেতিয়াৰ কলিকতা) পৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ সাপ্তাহিক বাতৰি কাকত। বেংগল গেজেট নামে খ্যাত এই কাকতখন এছিয়াত মুদ্ৰিত প্ৰথম বাতৰি কাকত।
-
গ্ল'বেল টাইমছ
গ্ল'বেল টাইমছ (simplified Chinese: 环球时报; traditional Chinese: 環球時報; pinyin: Huánqiú Shíbào) এক দৈনিক বাতৰি কাকত, পিপলছ ডেইলিৰ সৈতে সম্পৰ্কিত। ই সাম্যবাদী চীনা দৃষ্টিকোণেৰে আন্তঃৰ্জাতিক বাতৰি প্ৰকাশ কৰে৷
-
দ্য চাইনপ'ষ্ট
দ্য চাইনপ'ষ্ট (পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট) ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত। ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়।
-
দ্য নৰ্থ ইষ্ট টাইমছ
দ্য নৰ্থ ইষ্ট টাইমছ (ইংৰাজী: The North East Times) হৈছে উত্তৰ-পূব ভাৰতত বিতৰণ কৰা এখন ইংৰাজী দৈনিক বাতৰি কাকত। ১৯৯০ চনৰ ২ অক্টোবৰত জি. এল. পাব্লিকেশ্যনছ লিমিটেডে এই কাকতখনি মুকলি কৰিছিল। এই বাতৰি কাকতখনৰ প্ৰচলন সংখ্যা প্ৰায় ১,১৩,০০০।
-
দ্য মিজোৰাম প'ষ্ট
দ্য মিজোৰাম প'ষ্ট হৈছে মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকত৷ দ্য মিজোৰাম প'ষ্ট মিজোৰামত সৰ্বাধিক প্ৰচলিত বাতৰি কাকত৷ মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত তথা শিলচৰত মুদ্ৰিত এই কাকত খনৰ সমগ্ৰ আইজলতে জনপ্ৰিয়তা আছে। এই কাকতখন ৫৮১৫৬খনকৈ প্ৰতিটো সংখ্যা প্ৰকাশিত হয়।
-
ভাংলাইনি
ভাংলাইনি মিজোৰামৰ পৰা প্ৰকাশিত এখন মিজো ভাষাৰ দৈনিক বাতৰি কাকত৷ ভাৰতৰ বাতৰি কাকত পঞ্জীয়কৰ ওচৰত পঞ্জীকৃত কাকতখনকে ছাপডাংগাৰ দ্বাৰা সম্পাদিত, মুদ্ৰিত আৰু তেওঁ কাকতখনৰ স্বত্বাধিকাৰিও৷ এই কাকতখন মিজোৰামত সৰ্বাধিক প্ৰচলিত কাকত৷
-
ভূটানৰ বাতৰি কাকতৰ তালিকা
তলত ভূটানত প্ৰকাশিত বাতৰি কাকতৰ তালিকা দিয়া হ'ল: * ভূটান অৱজাৰ্ভাৰ — ইংৰাজী আৰু জোংখা; আগতে দ্বি-সাপ্তাহিক, এতিয়া কেৱল অনলাইন। ভূটান টাইমছ — ইংৰাজী; সাপ্তাহিক। ভূটান টুডে — ইংৰাজী; দ্বি-সাপ্তাহিক। ভূটান য়থ — ইংৰাজী। দ্য ভূটানীজ — ইংৰাজী আৰু জোংখা; সাপ্তাহিক।
-
আপ্পন সমাচাৰ
আপ্পন সমাচাৰ (হিন্দী: अप्पन समाचार) হৈছে সকলো মহিলাৰ গ্ৰাম্য বাতৰি নেটৱৰ্ক। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ প্ৰান্তীয় দলিত, অন্যান্য পিছপৰা শ্ৰেণী, মুছাহাৰ (নিগনি খোৱা সম্প্ৰদায়) আৰু মুছলমান সম্প্ৰদায়ৰ অধিকাংশই প্ৰান্তীয় দলিত, অন্যান্য পিছপৰা শ্ৰেণীৰদ্বাৰা পৰিচালিত পষেকীয়া গ্ৰাম্য নিউজ চেনেল।
-
জাগৰণ প্ৰকাশন
জাগৰণ প্ৰকাশন লিমিটেড হৈছে এটা ভাৰতীয় সংবাদপত্ৰ প্ৰকাশক আৰু গণমাধ্যম উদ্যোগ, যি বম্বে ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জত তালিকাভুক্ত। এই কোম্পানীয়ে সংবাদপত্ৰ, সাময়িকী, জাৰ্নেল আদি মুদ্ৰণ আৰু প্ৰকাশন কৰে।
-
জান (বাতৰি কাকত)
জান (Zan; অৰ্থ: মহিলা) আছিল ইৰানৰ ফাৰ্চী-ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত। ই বিশেষভাৱে মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। এই কাকতখন ১৯৯৮ চনৰ পৰা ১৯৯৯ চনত নিষিদ্ধ হোৱালৈকে প্ৰকাশ পাইছিল।
-
তছনীম নিউজ এজেন্সী
তাছনিম নিউজ এজেন্সী (Tasnim News Agency)(পাৰ্চী ভাষাত: خارجی تسنیم ) ইৰাণৰ এটা অৰ্ধ-চৰকাৰী নিউজ এজেন্সী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (IRGC)ৰ সৈতে জড়িত।
-
তেহৰাণ টাইমছ
তেহৰাণ টাইমছ (ইংৰাজী: Tehran Times) হৈছে ইৰানৰপৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ দৈনিক বাতৰি কাকত। ১৯৭৯ চনত ইৰানৰ ইছলামিক বিপ্লৱৰ এক স্বঘোষিত কণ্ঠস্বৰ হিচাপে এই কাকতখন প্ৰতিষ্ঠা কৰা হৈছিল।
-
দ্য প্ৰিণ্ট
দ্য প্ৰিণ্ট (ThePrint) হ'ল প্ৰিণ্টলাইন মিডিয়া প্ৰাইভেট লিমিটেডৰ মালিকানাধীন এখন সংবাদপত্ৰ। ইয়াক সাংবাদিক শেখৰ গুপ্তই ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰিছিল।
-
বিভিন্ন ভাষাৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা
বিনামূলীয়া ইণ্টাৰনেট সংস্কৰণ (ই-পেপাৰ): অন্যান্য: অসমীয়া প্ৰতিদিন জনসাধাৰণ (বৰ্তমান বন্ধ) দৈনিক অগ্ৰদূত দৈনিক অসম অৰুণোদই অসম সাহিত্য সভা পত্ৰিকা গৰীয়সী জোনাকী নতুন আৱিষ্কাৰ প্ৰান্তিক বিস্ময় মৌচাক ৰংমন ৰূপকাৰ === বৰ্তমান প্ৰচলিত বাত
-
সংস্কৃতিৰ দাপোণ
সংস্কৃতিৰ দাপোণ (Sanskritir Dapoon) বৰ্তমান সময়ত প্ৰকাশিত একমাত্ৰ অসমীয়া মাহেকীয়া সাংস্কৃতিক বাতৰি কাকত। ২০২৪ চনৰ ৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰকাশিত কাকতখনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।
-
ৰামনাথ গোৱেঙ্কা
ৰামনাথ গোৱেংকা (Ramnath Goenka; ২২ এপ্ৰিল ১৯০৪ – ৫ অক্টোবৰ ১৯৯১) এজন ভাৰতীয় কাকত প্ৰকাশক। ১৯৩০ চনত তেওঁ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। তেওঁ বিভিন্ন ইংৰাজী আৰু আঞ্চলিক ভাষাৰ প্ৰকাশনেৰে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপ গঠন কৰে।