লিপি
৫৮ প্ৰবন্ধ
-
অসমীয়া–বঙালী লিপি
অসমীয়া–বঙালী লিপি (পূৰ্বী নাগৰী) হৈছে অসমীয়া আৰু বঙালী ভাষাৰ প্ৰধান লিখনপদ্ধতি, আৰু উত্তৰ-পূৰ্ব ভাৰতৰ বহু ভাষাতো ঐতিহাসিক বা সীমিতভাৱে ব্যৱহৃত। ব্ৰাহ্মী-উৎপত্তিসূত্ৰে গুপ্ত, সিদ্ধম আদিৰ ধাৰা পাৰ হৈ গঢ় লৈ উঠা এই লিপিৰ প্রাচীন নিদৰ্শন শিলালিপি, পুথি-সাঁচিপাত আৰু মুদ্ৰণ-আখৰত পোৱা যায়; আধুনিক…
-
দেৱনাগৰী লিপি
right|thumb|300x300px|দেৱনাগৰীত ৰচিত ঋকবেদ|ঋগবেদৰ পাণ্ডুলিপি দেৱনাগৰী ভাৰতীয় উপমহাদেশত ব্যৱহৃত প্ৰাচীন ব্ৰাহ্মী লিপিৰ ওপৰত ভিত্তি কৰি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয় ৷ প্ৰাচীন ভাৰতত খ্ৰীষ্টীয় ১ম শতিকাৰ পৰা চতুৰ্থ শতিকালৈকে ইয়াৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টীয় সপ্তম শতিকালৈকে ইয়াৰ নিয়মীয়া ব্যৱহাৰ…
-
ব্ৰাহ্মী লিপি
ব্ৰাহ্মী লিপি (/ˈbrɑːmi/ BRAH-mee; 𑀩𑁆𑀭𑀸𑀳𑁆𑀫𑀻; ISO: Brāhmī) এটা প্ৰাচীন লিখন ব্যৱস্থাৰ নাম। যি খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত সম্পূৰ্ণ বিকশিত লিপি হিচাপে প্ৰকাশ পাইছিল। ইয়াৰ সমসাময়িক লিপি হ'ল আফগানিস্তান আৰু পাকিস্তানত ব্যৱহৃত খৰোষ্টী লিপি।
-
লেটিন লিপি
লেটিন লিপি, যাক ৰোমান লিপি বুলিও কোৱা হয়, ধ্ৰুপদী লেটিন বৰ্ণমালাৰ আখৰৰ ওপৰত ভিত্তি কৰি গ্ৰীক বৰ্ণমালাৰ এটা ৰূপৰ পৰা আহৰণ কৰা বৰ্ণানুক্ৰমিক লিখন ব্যৱস্থা, যিটো গ্ৰীক বৰ্ণমালাৰ এটা ৰূপৰ পৰা উদ্ভৱ হৈছে। ই দক্ষিণ ইটালীৰ প্ৰাচীন গ্ৰীক চহৰ কুমাইত প্ৰচলিত আছিল।
-
টাই-আহোম লিপি
লিক টাই-আহোম (Tai Ahom Script) বা অসমাখৰ হ'ল এক প্ৰকাৰৰ লিপি যাক টাই-আহোম ভাষা আৰু কিছু ক্ষেত্ৰত অসমীয়া ভাষা লিখাত ব্যৱহাৰ কৰা হয়। এই লিপি টাই-আহোম জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। অসমৰ বুৰঞ্জী সমূহ এই লিপিত লিখা হৈছিল।
-
আখৰ
আখৰ হ'ল অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন। কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবোৰেই আখৰ৷ উদাহৰণ হিচাপে অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা — অ, আ, ই, ক, খ, গ আদি চিহ্ন৷ অসমীয়া ব্যঞ্জনবৰ্ণমালাত ৪১ টা আখৰ পোৱা যায় যদিও ইয়াৰে ‘ক্ষ’ আখৰটো ‘ক’ আৰু ‘ষ’ৰ যুগ্ম ৰূপহে (ক+ষ=ক্ষ)৷ আখৰৰ…
-
আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা
আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা বা আই-পি-এ (International Phonetic Alphabet) এটা ধ্বনিবিজ্ঞানৰ সংকেতৰ বৰ্ণমালা পদ্ধতি যি প্ৰধানকৈ লেটিন লিপিৰ আধাৰত নিৰ্মিত। ইয়াক ১৯ শতিকাৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় ধ্বনি সংস্থাই লিখিত ৰূপত বাক্যৰ শব্দৰ মানক উপস্থাপন হিচাপে উদ্ভাৱন কৰিছিল।
-
ধ্বনিগত বৰ্ণমালা লিপি
] ধ্বনিগত বৰ্ণমালা লিপি বা আবুগিদা (/ɑːbʊˈɡiːdə, ˈæb-/, Ge'ez: አቡጊদা), কেতিয়াবা আলফাচুলাবাৰী, নিউঅ'চুলাবাৰি বা pseudo-আলফাবেট নামেৰে জনাজাত, হৈছে এটা শাখাগত লিখন প্ৰণালী য'ত সংকেতসমূহ একক হিচাপে লিখা হয়; প্ৰতিটো সংকেত হৈছে আখৰৰ ওপৰত আধাৰিত।
-
ওড়িয়া লিপি
ওড়িয়া লিপি হ'ল এক ব্ৰাহ্মিক লিপি যি মূলতঃ ওড়িয়া ভাষা আৰু সংস্কৃত আৰু অন্যান্য আঞ্চলিক ভাষাসমূহ লিখিবলৈ ব্যৱহাৰ কৰা হয়। ই ভাৰতীয় গণৰাজ্যৰ চৰকাৰী লিপিৰ ভিতৰত অন্যতম।
-
কেলিগ্ৰাফী
কেলিগ্ৰাফী (লিপিবিদ্যা, লিপিকলা বা হস্তলিপি শিল্প হিচাপেও পৰিচিত; Calligraphy গ্ৰীক: καλλιγραφία) হৈছে হাতৰ আখৰৰ সৈতে সম্পৰ্কিত এক প্ৰকাৰৰ দৃশ্যমান শিল্পকলা। এই শিল্পৰ জৰিয়তে কলম বা ব্ৰাছৰ সহায়ত আখৰৰ নক্সা তৈয়াৰ কৰা হয়।
-
কৈথী লিপি
কৈথী (Kthi) লিপিক কয়থী (𑂍𑂨𑂟𑂲) বা কায়স্থী (𑂍𑂰𑂨𑂮𑂹𑂟𑂲) বুলিও কোৱা হয়, উত্তৰ আৰু পূব ভাৰতৰ কিছু অংশত প্ৰধানকৈ বৰ্তমানৰ উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু বিহাৰ ৰাজ্যত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় এই ঐতিহাসিক ব্ৰাহ্মিক লিপি। বিশেষকৈ আইনী, প্ৰশাসনিক আৰু ব্যক্তিগত অভিলেখ লিখাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল।
-
গুৰমুখী
গুৰমুখী লিপি (গুৰমুখী: ਗੁਰਮੁਖੀ ) হ'ল পঞ্জাবী ভাষাৰ তিনিটা লিখিত ৰূপৰ ভিতৰত অন্যতম৷ দ্বিতীয় শিখ গুৰু গুৰু অংগদে (১৫৬৩–১৬০৬) এই লিপিত কিছু সংস্কাৰ কৰিছিল যাৰ ফলত ইয়াক "গুৰমুখ" বা "গুৰুমুখী" নাম দিয়া হৈছিল। শিখসকলৰ উপৰি ভাৰতৰ কিছু অংশত চৰকাৰী নথি-পত্ৰৰ বাবে গুৰমুখী লিপি ব্যৱহাৰ কৰা হয়।
-
অল চিকি লিপি
অল চিকি লিপি (চাঁওতালি ᱺ ᱚᱞ ᱪᱤᱠᱤ) চাঁওতালি ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। আন ভাৰতীয় ব্ৰাহ্মী লিপিৰ দৰে অল চিকি লিপি আবুগিদা নহয়, ই এক বৰ্ণমালা বা এলফাবেট লিপি। অৰ্থাৎ অল চিকি লিপিত লেটিন লিপিৰ দৰে ব্যঞ্জন আৰু স্বৰ দুয়ো বৰ্ণই সমান গুৰুত্ব পায়।
-
তেলুগু লিপি
তেলুগু লিপি (তেলুগু: తెలుగు లిపి), ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ লগতে অন্য কেইবাখনো চুবুৰীয়া ৰাজ্যত কথিত তেলুগু ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা লিখন পদ্ধতি। এই লিপি ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত৷ ই ভাৰত গণৰাজ্যৰ এক অন্যতম স্বীকৃত লিপি।
-
গুপ্ত লিপি
গুপ্ত লিপি (কেতিয়াবা গুপ্ত ব্ৰাহ্মী লিপি বা উত্তৰ-ব্ৰাহ্মী লিপি বুলিও কোৱা হয়) হৈছে সংস্কৃত ভাষা লিখিবলৈ ব্যৱহৃত এটা প্ৰাচীন লিপি। এই লিপিখন ভাৰতীয় উপমহাদেশৰ গুপ্ত সাম্ৰাজ্যৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। গুপ্ত যুগটো আছিল অৰ্থনৈতিক সমৃদ্ধি আৰু ধৰ্মীয় তথা বৈজ্ঞানিক বিকাশৰ এক গুৰুত্বপূৰ্ণ সময়।
-
ছিলঠীয়া নাগৰী
ছিলঠীয়া নাগৰী লিপি বা জালালাবাদী নাগৰী লিপি (Sylheti Nagari, ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ Silôṭi Nagôri, ছিলটি নাগৰী) হৈছে ছিলঠীয়া ভাষা লিখাৰ বিলাকৰ মাজৰ এবিধ লিপি। এই লিপিবিধ বিলুপ্তপ্ৰায়, ইয়াৰ কাৰণ হৈছে বঙালী বৰ্ণমালাৰ প্ৰসাৰ।
-
গ্ৰীক বৰ্ণমালা
গ্ৰীক আখৰ গ্ৰীক বৰ্ণমালাৰ ব্যৱহাৰ ন শতিকাৰ শেষৰ ফালে নাইবা আঠ শতিকাৰ আৰম্ভণিত হৈছিল। এই বৰ্ণমালা সমূহ ফিনিসীয়(Phoenician) বৰ্ণমালাৰ পৰা লোৱা হৈছে। বৰ্তমান গ্ৰীক ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ২৪টা গ্ৰীক আখৰ হৈছে - # Α α আলফা(alpha), Β β বিটা(beta), Γ γ গামা(gamma), Δ δ ডেলটা(delta), Ε ε…
-
তিব্বতী লিপি
তিব্বতী লিপি হৈছে তিব্বতী, জোংখা, ছিকিমিজ, লাডাখী, জিৰেল আৰু বাল্টিকে ধৰি কিছুমান বিশেষ তিব্বতী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৰতীয় মূলৰ এটা খণ্ডগত লিখন ব্যৱস্থা (আবুগিদা)৷ তিব্বতৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক সংস্পৰ্শত থকা কিছুমান অতিব্বতী ভাষাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হৈছে, যেনে ঠাকালি আৰু পুৰণি তুৰ্কী।
-
তিৰহুতা লিপি
তিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান বিহাৰৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।
-
ব্ৰাহ্মী লিপিসমূহ
ব্ৰাহ্মী লিপিসমূহ হ'ল আবুগিদা লিখন ব্যৱস্থাৰ এটা পৰিয়াল, যাক ভাৰতীয় লিপি বুলিও কোৱা হয়। সমগ্ৰ ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু পূব এছিয়াৰ কিছু অংশত ব্ৰাহ্মীক লিপি ব্যৱহাৰ কৰা হয়। ব্ৰাহ্মীক লিপিৰ অন্তৰ্গত লিপিসমূহৰ আদি লিপি হ'ল ব্ৰাহ্মী লিপি। ব্ৰাহ্মী লিপি এটা প্ৰাচীন লিখন ব্যৱস্থাৰ নাম।
-
আৰবী বৰ্ণমালা
আৰবী বৰ্ণমালা'(আৰবী আবজাদ; الأَبْجَدِيَّة العَرَبِيَّة আল্-আব্জাদীয়াহ্ আল্-ʻআৰবীয়াহ্ বা الحُرُوف العَرَبِيَّة আল্-হুৰুফ্ আল্-ʻআৰবীয়াহ্) হ'ল আৰবী আৰু কুৰ্দিচ ভাষা লিখাৰ বাবে বিশেষভাৱে সংহিতাকৃত আৰবী লিপি। ইয়াক সোঁফালৰ পৰা বাওঁফালে কাৰ্চিভ শৈলীত লিখা হয়, আৰু ইয়াত ২৮টা আখৰ অন্তৰ্ভুক্ত কৰা হৈছে।
-
কাঞ্জি
কাঞ্জি (漢字; ) বা কান-জি হ'ল জাপানী ভাষাত ব্যৱহৃত, চীনা ভাষাৰ পৰা গ্ৰহণ কৰা ইডিয়'গ্ৰাফিক চিহ্ন। এই চিহ্নসমূহ আধুনিক জাপানী ভাষাত হিৰাগানা আৰু কাটাকানাৰ সৈতে ব্যৱহাৰ কৰা হয়।
-
ইউনিক'ডত অসমীয়া–বঙালী লিপি
বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাত বঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে।
-
কুটিল লিপি
ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হোৱা গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপকে কুটিল লিপি বা সিদ্ধমাতৃকা লিপি বুলি কোৱা হয়।
-
চাকমা লিপি
চাকমা লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হোৱা লিপি, এই লিপি চাকমা ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয় ৷ ইয়াক চাকমা ভাষাত ‘আঝাপাত’ বুলি কোৱা হয়। তঞ্চঙ্গ্যা ভাষা লিখাৰ ক্ষেত্ৰতো এই লিপি ব্যৱহাৰ কৰা হয়। এই লিপি বাৰ্মিজ ভাষাৰ লিপিৰ সৈতে মিল থকা লিপি।
-
চিহ্ন লিপি
চিহ্ন লিপি হৈছে লেখন পদ্ধতি বা লিপিৰ আৱিষ্কাৰৰ পূৰ্বে মানুহে ব্যৱহাৰ কৰা সাঙ্কেতিক চিহ্ন। লিপি সদৃশ কিন্তু পূৰ্ণাৱয়ব লিপি হিচাপে শ্ৰেণীবিভাগ কৰিব নোৱাৰা এই সাঙ্কেতিক চিহ্নসমূহৰ বিকাশ ঘটি খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ আগভাগত ইউৰেছিয়াত প্ৰাৰম্ভিক লেখন পদ্ধতিৰ উন্মেষ ঘটে।
-
তামিল লিপি
তামিল লিপি (தமிழ் அரிச்சுவடி ) হৈছে এক এবুগিডা লিপি যিটো লিপি ভাৰত, শ্ৰীলংকা, মালয়েছিয়া, ছিংগাপুৰ আৰু আন ঠাইত তামিল আৰু তামিল ভাষীসকলে তামিল ভাষা লিখিবলৈ ব্যৱহাৰ কৰে।তামিল লিপি ভাৰতীয় গণৰাজ্যৰ অন্যতম চৰকাৰী লিপি।
-
মীতৈ লিপি
মীতৈ লিপি বা মৈতৈ ময়েক বা মিতৈ ময়েক বা মণিপুৰী লিপি মণিপুৰত প্ৰচলিত মীতৈ ভাষা (মণিপুৰী ভাষা) লিখিবলৈ ব্যৱহাৰ কৰা হয়। মেইতেই ময়েক হৈছে একপ্ৰকাৰৰ আবুগিদা লিখন পদ্ধতি। ১৮শ শতিকালৈ এই লিপিৰ প্ৰচলন আছিল যদিও তাৰ পাছৰ শতিকাত বাংলা লিপিয়ে ইয়াৰ স্থান লয়।
-
লিখন পদ্ধতিসমূহৰ তালিকা
মানৱ ভাষা লিপিবদ্ধ কৰিবলৈ লিখন পদ্ধতি ব্যৱহাৰ কৰা হয়, আৰু কিছুমান সাধাৰণ বৈশিষ্ট্য অনুসৰি ইয়াক শ্ৰেণীভুক্ত কৰিব পাৰি।
-
ইম'জি
ইম'জি (Emoji) হৈছে ইলেক্ট্ৰনিক মেছেজ আৰু ৱেবপেজত ব্যৱহৃত একপ্ৰকাৰৰ ভাবপ্ৰকাশক চিহ্ন। ইম'জিবোৰ হৈছে একো একোটা চিত্ৰ যিবোৰ মূলতঃ ভাব প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয়। ইম'জি বিভিন্ন প্ৰকাৰৰ, যেনে ― মুখভঙ্গি, দৈনন্দিন বস্তু, স্থান, বতৰ আৰু জীৱ-জন্তু।