সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ
৩৩ প্ৰবন্ধ
-
পিতা-পুত্ৰ (গ্ৰন্থ)
পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁওখনৰ মানুহৰ জীৱন আৰু গাঁৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে।
-
দেও লাংখুই
দেও লাংখুই হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুই মানে দেও লগা তৰোৱাল। ইয়াত জোঙাল বলহুৰ হাতত থকা দেও লাংখুইৰ কথা কোৱা হৈছে। উপন্যাসখনত তিৱাসমাজৰ সমাজ-সংস্কৃতিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হৈছে। ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।
-
আশীৰ্বাদৰ ৰং
আশীৰ্বাদৰ ৰং অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনত এই উপন্যাসখনে সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত। প্ৰকাশক আছিল জাৰ্ণাল এম্প’ৰিয়াম। 'তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হৈছিল।
-
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন চুটিগল্পৰ সংকলন। গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা। চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে।
-
অলকানন্দা
অলকানন্দা (Alakananda) হৈছে অসমীয়া কবি-সাহিত্যিক নলিনীবালা দেৱীৰ এখনি কাব্যগ্ৰন্থ। ১৯৬৭ চনত প্ৰকাশিত এই কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা হৈছে ড॰ হীৰেন গোহাঁইৰ দ্বাৰা ৰচিত গ্ৰন্থ। এই গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। এই গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
-
আধুনিক গল্প সাহিত্য
আধুনিক গল্প সাহিত্য (Adhunik Golpo Xahitya) হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
ঈয়াৰুইঙ্গম
ঈয়াৰুইঙ্গম (Yaruingam) অসমীয়া সাহিত্য জগতৰ লেখত ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে।
-
পাতাল ভৈৰৱী
পাতাল ভৈৰৱী (Patal Bhairabi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৮৬ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনত নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ আৰু তাৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰত, বিশেষকৈ অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাৱৰণক উপস্থাপন কৰা হৈছে।
-
মামৰে ধৰা তৰোৱাল
মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই একুৱাডাক্টত কাম কৰা শ্ৰমিকসকলৈ ৰচনা কৰা হৈছিল উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেওঁ ৰচনা কৰিছে।
-
অঘৰী আত্মাৰ কাহিনী
অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যত এখন সামাজিক উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৯ চনত। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ হৈছে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়খন অসমীয়া উপন্যাস।
-
জঙ্গম
জঙ্গম (Jangam) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ এখন ঐতিহাসিক উপন্যাস। গ্ৰন্থখন ১৯৮৩ চনত প্ৰকাশিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। এই উপন্যাসখন ২০১৮ চনত অমিত আৰ.
-
মহাৰথী (উপন্যাস)
মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়। ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।
-
মৌন ওঁঠ মুখৰ হৃদয়
মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় অসম সাহিত্য সভা অধিৱেশন, ২০০১ চনত।
-
ককাদেউতাৰ হাড়
ককাদেউতাৰ হাড় অসমীয়া ঔপন্যাসিক তথা শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ এখন আৰ্থ-সামাজিক উপন্যাস। কপিলীপৰীয়া কবিৰূপে পৰিচিত নৱকান্ত বৰুৱাই ১৯৭৪ চনত প্ৰকাশিত উপন্যাসখনৰ বাবে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। মণিদীপ আলোচনীৰ পাতত উপন্যাসখনৰ আৰম্ভণি ঘটিছিল।
-
কথা ৰত্নাকৰ
কথা ৰত্নাকৰ হ'ল ড॰ ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা ৰচিত এক উপন্যাস। স্বাধীনতাৰ উত্তৰ কালত, অসমৰ পিছপৰা সমাজ এখন আৰু অনুন্নত সম্প্ৰদায় এটাৰ জীৱনলৈ সমাজবাদী ৰাজনৈতিক আন্দোলন আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰভাৱে কঢ়িয়াই অনা পৰিৱৰ্তন বৰ্ণিত হৈছে এই উপন্যাসখনত।
-
পাটকাইৰ ইপাৰে মোৰ দেশ
পাটকাইৰ ইপাৰে মোৰ দেশ (Patkair Ipare Mor dex) হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
পৃথিৱীৰ অসুখ
পৃথিৱীৰ অসুখ (Prithivir Oxukh) হৈছে অসমৰ সাহিত্যিক, গল্পকাৰ তথা ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ গল্প সংকলন। ষোল্লটা গল্প সন্নিৱিষ্ট হোৱা এই গল্প সংকলনখনি ১৯৭৯ চনত প্ৰকাশিত হৈছিল। সংকলনটিৰ বাবে তেখেতে ১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
ফৰিংবোৰে বাটৰ কথা জানে
ফৰিংবোৰে বাটৰ কথা জানে (Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ। ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।
-
অভিযাত্ৰী
অভিযাত্ৰী (Ovijatri) হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি জীৱনীমূলক উপন্যাস। এই উপন্যাসখনত অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ খতিয়ান দাঙি ধৰা হৈছে। চন্দ্ৰপ্ৰভা শইকীয়ানী বিষয়ক প্ৰথমখন অসমীয়া উপন্যাস।
-
আন্ধাৰত নিজৰ মুখ
আন্ধাৰত নিজৰ মুখ (Andharot Nijor Mukh) হৈছে অসমৰ সাহিত্যিক, ভাষাবিদ, সমালোচক, ড॰ নগেন শইকীয়াৰ গল্প সংকলন। সংকলনখনে ১৯৯৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত
কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত (Congressor Kanciali Rodat) হৈছে অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক ইতিহাসমূলক গ্ৰন্থ। ১৯৫৯ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অসমৰ ৰাজনৈতিক বাতাৱৰণৰ বিস্তৰ বিৱৰণ সন্নিৱিষ্ট হৈছে।
-
গোলাম
গোলাম (Golam) হৈছে অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখনি গল্প সংকলন। গ্ৰন্থখন ১৯৭৪ চনত পোনপ্ৰথমবাৰ প্ৰকাশিত হৈছিল। বিশেষ গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
বনফুল
বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।
-
বিপন্ন সময়
বিপন্ন সময় (Biponno Xomoi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
বেংছতা
বেংছতা (Bengsata) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক অপূৰ্ব কুমাৰ শইকীয়াৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হৈছিল। প্ৰকাশন গোষ্ঠী আছিল আঁক-বাক। গ্ৰন্থখনে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
মহৎ ঐতিহ্য
মহৎ ঐতিহ্য (ইংৰাজী: Mahat Oitijya) এখন সাহিত্য সমালোচনামূলক প্ৰবন্ধৰ সংকলন। গ্ৰন্থখনৰ লেখক হ’ল কবি, সমালোচক নলিনীধৰ ভট্টাচাৰ্য। গ্ৰন্থখনে ২০০২ চনত সমালোচনা শিতানত সাহিত্য অকাদেমি বঁটা লাভ কৰে।
-
শান্তনুকুলনন্দন
শান্তনুকুলনন্দন হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমীয়া সাহিত্য ক্ষেত্ৰত গৱেষণাধৰ্মী দৃষ্টিকোণেৰে এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসখনে ২০০৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
শৃংখল
শৃংখল হ'ল ভবেন্দ্ৰ নাথ শইকীয়াৰদ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন উল্লেখযোগ্য চুটিগল্প সংকলন। অসমীয়া সাহিত্যত বাস্তৱধৰ্মী আৰু মনস্তাত্ত্বিক চুটিগল্পৰ ধাৰা সমৃদ্ধ কৰিবলৈ এই সংকলনে বিশেষ ভূমিকা পালন কৰে।
-
আন এজন
আন এজন (Aan ejon) হৈছে অসমৰ সাহিত্যিক, কবি, সমালোচক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কেইটিমান কবিতাৰ সংকলন। ১৯৮৭ চনত এই কাব্য গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।