জীৱনীকোষ (Jiwanikosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাৰ জীৱনী গ্ৰন্থ। ইয়াত দেশ-বিদেশৰ প্ৰায় ১,৪০০ ব্যক্তিৰ জীৱন-টোকা সন্নিৱিষ্ট আছে। ব্যক্তিসকলৰ সম্যক-জীৱন টোকা বস্তুনিষ্ঠভাৱে অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি সন্নিৱিষ্ট হৈছে। কিতাপখনৰ প্ৰথম জ্যোতি প্ৰকাশ সংস্কৰণ হৈছে ২০২১ চনৰ জানুৱাৰী মাহত। সৰ্বমুঠ ৫২০ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ৫৫০ টকা।১২
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: শান্তনু কৌশিক বৰুৱা
তথ্যৰ বৈচিত্ৰময় তথা গতিশীল জগতখনৰ লগত পঢ়ুৱৈক চিনাকি কৰোৱা লেখক, সাংবাদিক, তথ্যসম্ৰাট শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনাত সংকলিত হৈছে জীৱনীকোষ। তেখেতৰ এই কাৰ্যত প্ৰকল্প সহযোগী হিচাপে থকা প্ৰীতিমা কৌশিক বৰুৱাৰ লগতে সংকলন সহযোগীসকল হৈছে, অভিজিত শৰ্মা বৰুৱা, ঈশান জ্যোতি বৰা, ড০ প্ৰীতমপ্ৰিয়া গোস্বামী, নয়নজ্যোতি বৰা, ড০ প্ৰসেনজিৎ খনিকৰ আৰু অনামিকা বড়া।১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱনীকোষ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৪৬৬৬৮ (২০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।