ডাৰউইন (Darwin ) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৪ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ পাইছে ক্ৰমান্বয়ে ২০১১ চনৰ আগষ্ট মাহ আৰু ২০১৫ চনৰ আগষ্ট মাহত। এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ বৌদ্ধিক চিন্তা-চৰ্চা আৰু অধ্যয়নৰ অংশীদাৰ হিচাপে উল্লেখ কৰি জয়ন্তী চুতীয়ালৈ কৃতজ্ঞতাৰ চিনস্বৰূপে আগবঢ়াইছে যিয়ে ইংলেণ্ডৰ পৰা কিতাপ-পত্ৰ কঢ়িয়াই আনি কিতাপখন লেখাৰ কামত লেখকক সহায় কৰিছে।১
বিৱৰণ
উইল ডুৰাণ্টৰ মতে সৰ্বকালৰ দহজন সৰ্বশ্ৰেষ্ঠ ভাবুকৰ ভিতৰত এজন হ'ল চাৰ্লছ ডাৰউইন। বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে সোতৰ শতিকাটো যেনেকৈ আইজাক নিউটনৰ শতিকা, ঠিক তেনেকৈ ঊনৈশ শতিকাটো হ'ল ডাৰউইনৰ শতিকা। এইজন ডাৰউইনৰ জীৱন চিন্তা আৰু কৰ্মৰ বিৱৰণ দি লিখা প্ৰথম আৰু একমাত্ৰ অসমীয়া কিতাপখনেই হোমেন বৰগোহাঞিয়ে লিখা ডাৰউইন। ১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (আগষ্ট,২০১৫). ডাৰউইন. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাৰউইন (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪০৩০৬৫ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।