অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জিজ্ঞাসা

জিজ্ঞাসা(Jigyasha) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ টা প্ৰবন্ধ আছে। এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে পুত্ৰ অনিন্দ্য বৰগোহাঞি(মিঠু) আৰু প্ৰদীপ্ত বৰগোহাঞি(মিকু)ৰ হাতত দেউতাকৰ মৰমৰ উপহাৰ হিচাপে আগবঢ়াইছে।

হালনাগাদ: ২৯ মাৰ্চ ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

জিজ্ঞাসা(Jigyasha) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ টা প্ৰবন্ধ আছে। এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে পুত্ৰ অনিন্দ্য বৰগোহাঞি(মিঠু) আৰু প্ৰদীপ্ত বৰগোহাঞি(মিকু)ৰ হাতত দেউতাকৰ মৰমৰ উপহাৰ হিচাপে আগবঢ়াইছে। ২০০৬ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনৰ জিজ্ঞাসাৰ পৰা নতুন সংস্কৰণ প্ৰকাশ পায়।১

বিৱৰণ

জিজ্ঞাসাত সন্নিৱিষ্ট প্ৰবন্ধকেইটা হৈছে, 'অম্বিকাগিৰী ৰায়চৌধুৰীৰ চিঠি', 'এজন লেখকৰ স্বীকাৰোক্তি', 'দেহোপজীৱিনী', 'মৃত্যুৱে যাক মাৰিব নোৱাৰে', 'নেপোলিয়ন আৰুব মাডাম দ্য ষ্টেল', 'বৈজ্ঞানিক দৃষ্টিভংগী', 'ধৰ্মৰ ব্যৱসায়', 'পেট্ৰলিয়াম সভ্যতা', 'মেৰুদণ্ড পোন কৰি ৰখাৰ প্ৰয়োজন', 'আনাতোল ফ্ৰাঁ', 'মতাঁই', 'কিতাপৰ দোকানত', 'আজিৰ দিনটোৰ কাৰণে', 'গ্যেটেৰ এ'পিগ্ৰাম', 'হামিদা খাতুনলৈ এখন চিঠি' আৰু 'লা মাঞ্চাৰ মানুহজন'।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (ছেপ্তেম্বৰ, ২০১১). জিজ্ঞাসা. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিজ্ঞাসা” প্ৰবন্ধৰ সংশোধন ৪৯৯২৩০ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।