নক্সা ধেমাজি জিলাৰ পৰা প্ৰকাশিত আৰু ডিব্ৰুগড়ৰ পৰা মুদ্ৰিত সাহিত্য-সংস্কৃতি বিষয়ক দুমহীয়া এখন ক্ষুদ্ৰ আলোচনী। আলোচনীখনৰ প্ৰতিটো সংখ্যাই নিৰ্দ্ধাৰিত বিষয় এটাক মূল বিষয় হিচাপে লৈ প্ৰকাশ পাই আহিছে।১ আলোচনীখনৰ আই এচ এচ এন নং হ'ল: ISSN 2319-5193।
'নক্সা....দ্য ফ্ৰেম এণ্ড ফাউণ্ডেশ্যন' নামৰ এটি সদ্য প্ৰতিষ্ঠিত সামাজিক সংস্থাৰ দ্বাৰা সাহিত্য চৰ্চাৰ উদ্যম হিচাপে ইতিমধ্যে ২০১২ চনৰ জানুৱাৰীৰ পৰা প্ৰকাশ হৈ আহিছে এই দুমহীয়া আলোচনী নক্সাৰ।১
আলোচনীখনৰ সংখ্যাসমূহ
- প্ৰথম বছৰ, প্ৰথম সংখ্যা, জানুৱাৰী-ফেব্ৰুৱাৰী, ২০১২
- প্ৰথম বছৰ, দ্বিতীয় সংখ্যা, মাৰ্চ-এপ্ৰিল, ২০১২
- প্ৰথম বছৰ, তৃতীয় সংখ্যা, মে’-জুন, ২০১২
- প্ৰথম বছৰ, চতুৰ্থ সংখ্যা, জুলাই-আগষ্ট, ২০১২
- প্ৰথম বছৰ, পঞ্চম সংখ্যা, চেপ্তম্বৰ-অক্টোবৰ, ২০১২
- প্ৰথম বছৰ, ষষ্ঠ সংখ্যা, নবেম্বৰ-ডিচেম্বৰ, ২০১২
তথ্যসূত্ৰ
- ↑ (ডিচেম্বৰ ২০২২). নক্সা, নিৰ্বাচিত ৰচনা ২০১২ - ১০১৮. নক্সা, প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন. পৃ. ১৯৩ - ২১৫. ISBN 978-93-5777-634-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নক্সা (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৪৮৮৮৮১ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।