সংকলন
১৯ প্ৰবন্ধ
-
বুঢ়ী আইৰ সাধু
বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত শিশু-পাঠকৰ উপযোগী অসমীয়া সাধু-সংকলন। অসমৰ লোকসমাজৰ পৰা সংগৃহীত লোককথাক লিখিত ৰূপ দিয়া এই গ্ৰন্থই অসমীয়া সাহিত্য আৰু লোকসাহিত্য-চৰ্চাত বিশেষ গুৰুত্ব লাভ কৰিছে।
-
গীতাঞ্জলি (কাব্যগ্ৰন্থ)
গীতাঞ্জলি (গীতাঞ্জলি; Gitanjali) ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলা ভাষাত ৰচনা কৰা এখন কাব্যগ্ৰন্থ। এইখন ১৫৭টা গীতিকবিতাৰ সংকলন। এইবিলাক মূলত: ভক্তিমূলক ৰচনা আৰু কবি আৰোপিত সুৰত অধিকাংশই গীত হৈ আছে। ১৯০৮-০৯ চনত ৰচিত এই কবিতাবিলাক ১৯১০ চনত গীতাঞ্জলি গ্ৰন্থাকাৰে প্ৰকাশিত হয়।
-
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন চুটিগল্পৰ সংকলন। গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা। চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে।
-
ঠাকুৰমাৰ ঝুলী
ঠাকুৰমাৰ ঝুলী (ইংৰাজী: Thakurmar Jhuli; অৰ্থ: আইতাৰ টোপোলা [সাধুকথাৰ]) বাংলা লোককথা আৰু সাধুকথাৰ সংকলন। লেখক দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰে বাংলা ভাষাৰ কিছুমান লোককথা সংগ্ৰহ কৰি "ঠাকুৰমাৰ ঝুলী" নামেৰে ১৯০৭ চনত কিতাপ হিচাপে প্ৰকাশ কৰে। নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই সংকলনখনৰ প্ৰস্তাৱনা লিখিছিল।
-
বেতাল পঞ্চবিংশতি
বেতাল পঞ্চবিংশতি প্ৰাচীন সংস্কৃত ভাষাত ৰচিত পঁচিশটা নীতিশিক্ষামূলক সাধুৰ সংকলন। বেতাল পঞ্চবিংশতি বিশ্ব সাহিত্যৰ এক মূল্যৱান ৰচনা। ইয়াত থকা পুৰণি সাধুবোৰ বৰ সুন্দৰ আৰু নীতিশিক্ষামূলক। সেইবাবেই ইয়াৰ জনপ্ৰিয়তা যথেষ্ট।
-
ৰুবায়েট
ৰুবায়েট (رباعیات عمر خیام) একাদশ শতিকাৰ পাৰস্যৰ কবি ওমৰ খৈয়ামৰ দ্বাৰা ৰচিত এখন কাব্য সংকলন। পাৰ্চী ভাষাত ৰুবায় শব্দৰ অৰ্থ দুশৰীয়া এক বিশেষ শ্ৰেণীৰ কবিতাৰ পংক্তি। ৰুবায়েটৰ অৰ্থ ৰুবায়ৰ দুগুণ অৰ্থাৎ চাৰিশৰীয়া কবিতাৰ পংক্তি।
-
পৰ্বান্তৰৰ পদ্য
পৰ্বান্তৰৰ পদ্য (Parbantarar Padya --a New Chapter for Verse, ISBN 978-93-90043-04-0) হ'ল ২০২০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 'কবিতা অধ্যয়ন গোট'-এ প্ৰকাশ কৰা 'অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা' সন্দৰ্ভত এক ইস্তাহাৰ আৰু কবিতাৰ এক সংকলন।
-
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হ'ল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত।
-
বিলাতৰ চিঠি
বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ (১৯০৯ চন) পৰা প্ৰকাশ হয়।
-
সুগন্ধি পখিলা
সুগন্ধি পখিলা অসমৰ এগৰাকী কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত লিখা মুঠ ১৩৮ টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে।
-
কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া
কেথেৰিণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া অসমীয়া সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ এক চুটিগল্প সংকলন। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনৰ ডিচেম্বৰত। ইয়াত অনিন্দিতাৰ খণ্ডচিত্ৰ, ফৰেষ্ট বুঢ়াৰ বাৰী আদি মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট হৈছে। লেখিকাৰ নিজৰ ভাষাত, "জীৱনে যিদৰে নিয়ম নামানে, চুটি গল্পইও নামানে।
-
জোনবিৰি (গল্প সংকলন)
জোনবিৰি হ'ল অসমৰ প্ৰসিদ্ধ লেখক সৌৰভ কুমাৰ চলিহাৰ এমুঠি ডিটেকটিভ গল্পৰ এক সংকলন। ২০০৩ৰ পৰা ২০০৬ লৈ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশ হোৱা ছয়টা গল্প এই সংকলনটিত সন্নিবিষ্ট কৰা হৈছে। বনলতাৰ দ্বাৰা প্ৰকাশিত এই গল্প সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০৬ চনৰ ডিচেম্বৰত।
-
নতুন কবিতা
নতুন কবিতা অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন। সম্পাদক মহেন্দ্ৰ বৰা। সঙ্কলনটোৰ প্ৰথম প্ৰকাশ হয় ১৯৫৬ চনত। গ্ৰন্থখন মূলতঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ নিৰ্বাচিত সংকলন।
-
আধুনিক অসমীয়া কবিতা-মঞ্জৰী (গ্ৰন্থ)
আধুনিক অসমীয়া কবিতা-মঞ্জৰী হৈছে লেখক, অধ্যাপক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা অসমীয়া কবিতাৰ সংকলন বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৬ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাৰ শিৰোনাম- আধুনিকতাবাদ আৰু আধুনিক অসমীয়া কবিতা।
-
জাপানী কবিতা
জাপানী কবিতা নীলমণি ফুকনৰ দ্বাৰা অনুদিত জাপানী কবিতাৰ এখন সংকলন৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭০ চনত৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে ড° হীৰেন গোহাঁয়ে৷ জাপানৰ প্ৰতিনিধিত্বমূলক কেইজনমান কবিৰ চুটি চুটি কবিতা এইখন গ্ৰন্থত সংকলিত হৈছে৷
-
দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প
দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প হ'ল দীনেশ চন্দ্ৰ গোস্বামী বিৰচিত অসমীয়া কল্পবিজ্ঞান গল্পৰ এক সংকলন। এই সংকলনখনিত জনপ্ৰিয় বিজ্ঞানৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত লেখকগৰাকীৰ কুৰিটা কল্পবিজ্ঞান গল্প অন্তৰ্ভুক্ত কৰা হৈছে।
-
সঞ্চয়ন
সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷
-
সাগৰ দেখিছা (কবিতা সংকলন)
সাগৰ দেখিছা(Sagar Dekhisa) হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য গ্ৰন্থ। এই কবিতা সংকলনখন স্বাধীনতাৰ পিছত(১৯৪৮ চনত) প্ৰকাশ হৈছে যদিও, সৰহভাগ কবিতাই দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল। গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে ইয়াৰ প্ৰায়বিলাক কবিতা 'আৱাহন'ত প্ৰকাশিত হৈছিল।
-
হিন্দু-ধৰ্ম কি?
হিন্দু-ধৰ্ম কি? (Hindu-Dharma Ki?) কিতাপখন মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে প্ৰকাশ হৈছিল। ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ হৈ কিতাপখন নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছিল। সাহিত্যিক-সাংবাদিক তিলক হাজৰিকাই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে।