দ্য বাৰীড মুন (ইংৰাজী ভাষা: The Buried Moon, অৰ্থ: পুতি থোৱা চন্দ্ৰ) বা দ্য ডেড মুন (The Dead Moon) হৈছে জোচেফ জেকবছে তেওঁৰ ম’ৰ ইংলিছ ফেয়াৰী টেলছত অন্তৰ্ভুক্ত কৰা এটা সাধুকথা। ইয়াৰ সংস্কৰণ অতি কম আৰু সাধাৰণ সাধুকতাতকৈ ইয়াত পৌৰাণিক উপাদান অধিক দেখা যায়।১ মেৰী ক্লথিলেড বালফোৰে উত্তৰ লিংকনচায়াৰৰ এনকোলম উপত্যকাৰ পৰা এই কাহিনীটো সংগ্ৰহ কৰিছিল। ইয়াৰ অস্বাভাৱিক বৈশিষ্ট্যৰ বাবে বহুতে ইয়াৰ উৎপত্তিক লৈ সন্দেহ প্ৰকাশ কৰিছিল যদিও বালফোৰৰ টোকাসমূহ প্ৰকাশ হোৱাৰ পিছত সেইবোৰ নিৰ্ভৰযোগ্য বুলি বিবেচিত হয়।২ এই কাহিনীটোৱে চন্দ্ৰ উপাসনাৰ (moon worship) এক পৰম্পৰাৰ প্ৰমাণ দিব পাৰে।৩ ইয়াক এৰ্নে–থম্পচন–উথাৰ সূচকাংকত (ATU) ১৩৩৬ হিচাপে তালিকাভুক্ত কৰা হৈছে।১
সাৰাংশ
এসময়ত কাৰলেণ্ড (Carland) নামৰ ঠাইখন দ পিতনিৰে ভৰি আছিল। যেতিয়া চন্দ্ৰৰ পোহৰ পৰিছিল, তেতিয়া তাত খোজ কঢ়াটো দিনৰ দৰেই নিৰাপদ আছিল, কিন্তু পোহৰ নোহোৱা হ’লে 'বগীবোৰৰ' (bogies) দৰে অশুভ শক্তি ওলাই আহিছিল।
এদিন চন্দ্ৰই এই কথা শুনি তেওঁৰ সোণালী চুলিৰ ওপৰত ক’লা কাপোৰৰ টুপী (cloak) এটা পিন্ধি নিজেই চাবলৈ আহিল। তেওঁ এটা পুখুৰীত পৰি গ’ল আৰু পানীৰ তলত থকা এটা কাঠৰ টুকুৰাই (snag) তেওঁক বান্ধি পেলালে। তেওঁ এজন মানুহক পুখুৰীটোৰ ফালে অহা দেখিলে আৰু মুক্ত হ’বলৈ ইমানেই যুঁজ দিলে যে তেওঁৰ মূৰৰ টুপীটো খহি পৰিল। চন্দ্ৰৰ পোহৰে মানুহজনক নিৰাপদ স্থান বিচাৰি পোৱাত সহায় কৰিলে আৰু অশুভ জীৱবোৰক খেদি পঠিয়ালে। কিন্তু চন্দ্ৰই অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁতেই টুপীটো আকৌ চুলিৰ ওপৰত পৰিল আৰু আন্ধাৰৰ পৰা সকলো অশুভ শক্তি ওলাই আহিল। সিহঁতে চন্দ্ৰক এটা ডাঙৰ পাথৰৰ তলত বন্দী কৰি থ’লে আৰু এটা 'উইল-অ’-দ্য-উইক'ক (will-o'-the-wisp) খ্ৰীচ আকৃতিৰ কাঠডোখৰৰ ওপৰত বহি পহৰা দিবলৈ দিলে।
চন্দ্ৰ আকাশত নোলোৱা হ’ল আৰু মানুহবোৰে কি হ’ল বুলি আচৰিত হ’বলৈ ধৰিলে। অৱশেষত চন্দ্ৰই ৰক্ষা কৰা মানুহজনে তেওঁ যি দেখিছিল সেই কথা ক’লে। এগৰাকী জ্ঞানী মহিলাই (wise woman) তেওঁলোকক পিতনিলৈ পঠিয়ালে যাতে তেওঁলোকে এটা শবাধাৰ (শিলটো), এডাল মমবাতি (উইল-অ’-দ্য-উইক) আৰু এটা খ্ৰীচ (কাঠডোখৰ) বিচাৰি পায়; কাৰণ তাৰ ওচৰতেই চন্দ্ৰ থাকিব। তেওঁলোকে জ্ঞানী মহিলাগৰাকীৰ কথা মৰ্মে কাম কৰিলে আৰু চন্দ্ৰক মুক্ত কৰিলে। সেই দিনাৰ পৰাই চন্দ্ৰই অন্য ঠাইতকৈ পিতনি অঞ্চলত অধিক উজ্জ্বলকৈ পোহৰ দিয়ে আৰু কাৰলেণ্ডৰ পৰা অশুভ শক্তিবোৰ খেদি পঠোৱা হ’ল।
আধুনিক অভিযোজন
- চাৰ্লছ ডি লিণ্টে এই কাহিনীটো "দ্য মুন ইজ ড্ৰাউনিং হোৱাইল আই শ্লিপ" নামেৰে পুনৰ বৰ্ণনা কৰিছে।
- ৱেবকমিক নো ৰেষ্ট ফৰ দ্য উইকেডত এই কাহিনীৰ কেইবাটাও উপাদান ব্যৱহাৰ কৰা হৈছে; য’ত মূল চৰিত্ৰটোৱে হেৰাই যোৱা চন্দ্ৰ বিচাৰি এক অভিযানত ওলায়।
- ফৰাচী পাৱাৰ মেটেল বেণ্ড 'ৱাইল্ডপাথ'-এ তেওঁলোকৰ এলবাম 'আণ্ডাৰনীথ'ত এই কাহিনীৰ এক সাংগীতিক অভিযোজন কৰিছে। ২০১২ চনত ইয়াৰ এটা মিউজিক ভিডিঅ'ও মুকলি কৰা হৈছিল।৪
লগতে চাওক
- চন্দ্ৰক নমাই অনা (ৰীতি)
তথ্যসূত্ৰ
- ↑ Jacobs, Joseph. More English Fairy Tales, "The Buried Moon"
- ↑ Katharine Briggs, An Encyclopedia of Fairies, "The Dead Moon" (Pantheon Books, 1976) p. 91
- ↑ Briggs, K. M. The Fairies in English Tradition and Literature, University of Chicago Press, London, 1967, p. 45
- ↑ wildpathprod. (2012, December 26). WILDPATH - Buried Moon - Official Video. YouTube. www.youtube.com/watch?v=utYuj-irgUI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য বাৰীড মুন” প্ৰবন্ধৰ সংশোধন ৫৯৯২৩৫ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।