চপয়( sopoy) এবিধ চতুষ্পদী ছন্দৰ কবিতা ৷ “এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত্যেক ফাঁকিত দহ, এঘাৰ, বাৰ, তেৰলৈকে বা তাতোকৈ বেছি আখৰ থাকিব পাৰে আৰু দুই পদৰ শেষৰ আখৰৰ মিল থাকে৷”১ চপয় পৰস্পৰে মিল হোৱা চাৰি ফাকিৰ এবিধ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তৱ।২৩ ছন্দত ৰচিত স্তৱ বা গুণ বৰ্ণনাৰ নামেই চপয়৷৪শঙ্কৰদেৱে তিনিপ্ৰকাৰ ভটিমা ৰচনা কৰিছিল৷ তাৰ ভিতৰৰ দুটিমান দেৱভটিমাত এই দুৰ্লভ চপয় ছন্দ প্ৰয়োগ কৰিছিল। তেনে এটা দেৱভটিমাৰ চপয় ছন্দৰ এটা অংশৰ উদাহৰণ:--
জয় জয় জগজন জীৱন মুৰাৰি৷
কংস কেশী বক অঘ অন্তকাৰী৷
সেৱে যাক বিভু ব্ৰহ্মা অধিকাৰী৷
ভুকুতি মুকুতি নিত্য কৰতু তোহাৰি৷৷৫
(হামাকু?) কুণ্ডিন নগৰী অনুপাম।
আছে কন্যা এক ৰুকমিনী নাম॥
ভীষ্মক-ৰাজ-নন্দিনী বৰ বালা।
বাঢ়য় নব জিনি চান্দক কলা॥
কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাই বড়ি লাজ।
কৰল ঝম্প কমল জল মাঝ॥১
- আন এটা চপয় ছন্দৰ ভটিমা হ’ল,
শুণ শুণ ৰুকমিণী আই ৷
কৃষ্ণ গুণ কহন নাযাই ৷।
মুখ ইন্দু কৌটি পৰকাশ ৷
তথ্যসূত্ৰ
- ↑ বৰা, সত্যনাথ. (১৯২৬). বহল ব্যাকৰণ. অম্বিকানাথ বৰা. পৃ. ৩০০
- ↑ হেমকোষ, হেমচন্দ্ৰ বৰুৱা, পৃ;নং; ৪৭২, সম্পা: দেবানন্দ বৰুৱা, হেমকোষ প্ৰকাশন, ২০১৫
- ↑ ভটিমা মাধুৰী, মহেন্দ্ৰনাথ শইকীয়া, পৃ:নং; ৮০, বেদকণ্ঠ,২০১৪
- ↑ মহাপুৰুষদুজনাৰ বৰগীত আৰু অন্যান্য গীতসমূহ
- ↑ ভটিমা মাধুৰী, মহেন্দ্ৰনাথ শইকীয়া, পৃ:নং;৪৯, বেদকণ্ঠ, ২০১৪
- ↑ www.asomiyarasana.com/2021/09/sankardev.html{{De link|date=September 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চপয়” প্ৰবন্ধৰ সংশোধন ৪৩১৫৫৮ (১০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।