জলশংখ (ইংৰাজী: Jalashankha) প্ৰণৱী গগৈৰ এখন অসমীয়া কবিতা-সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷১
বিষয়বস্তু
কবিতা-সংকলনটিত তেইছটা কবিতা সন্নিৱিষ্ট হৈছে৷ কবিতাখিনিৰ বিষয়বস্তু মূলতে প্ৰেম-ভালপোৱা, নিঃসংগতা, প্ৰকৃতিপ্ৰীতি, বিবিধ মানৱীয় সমস্যা আদি৷ সমালোচক আনন্দ বৰমুদৈৰ মতে, “কবিগৰাকীৰ কবিতাৰ পৃষ্ঠভূমি গ্ৰামীণ অসম আৰু প্ৰতীক, চিত্ৰকল্প আদিৰ মূল উৎস প্ৰকৃতি, কিন্তু মানৱীয় যিবোৰ সমস্যাক কাব্যিক অভিজ্ঞতাই কেন্দ্ৰ কৰিছে সিবিলাকৰ কেতবোৰ আধুনিকেই নহয়, উত্তৰ আধুনিকো৷”১
কবি-পৰিচয়
প্ৰণৱী গগৈ দুলীয়াজান নিবাসী এগৰাকী কবি আৰু লেখক৷ তেওঁৰ কবিতা অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত হৈছে আৰু ইংৰাজী ভাষালৈ অনুদিত হৈছে৷ জলশংখ তেওঁৰ দ্বিতীয়খন কবিতা-সংকলন৷ ২੦১৭ চনত তেওঁৰ প্ৰথমখন কবিতা-সংকলন সোণ-বৰিয়াল সপোন প্ৰকাশ পায়৷১ ২੦২৪ চনত প্ৰকাশ পোৱা দ্য এনচিয়েণ্ট বাৰ্ক হ’ল আনন্দ বৰমুদৈয়ে ইংৰাজী অনুবাদ কৰা তেওঁৰ এমুঠি কবিতাৰ ইংৰাজী সংকলন৷২৩
তথ্যসূত্ৰ
- ↑ জলশংখ, প্ৰণৱী গগৈ, ২੦২৪, পি.ডব্লিউ.এফ., ISBN 978-81-975772-6-0
- ↑ The Ancient Bark, Pronabi Gogoi, Translated by Ananda Bormudoi, 2024, PWF, ISBN 978-81-975772-0-8
- ↑ www.amazon.in/Ancient-Bark-Pronabi-Gogoi-ebook/d
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলশংখ” প্ৰবন্ধৰ সংশোধন ৪৯৪৪০৫ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।