ভাৰতত প্ৰকাশিত আলোচনী
২২ প্ৰবন্ধ
-
দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
দ্য ইণ্ডিয়ান এক্সপ্ৰেছ হৈছে ১৯৩২ চনত পি বৰাদাৰজুলু নাইডুৱে প্ৰতিষ্ঠা কৰা ইংৰাজী ভাষাৰ ভাৰতীয় দৈনিক কাকত। নয়ডাত মুখ্য কাৰ্যালয় থকা ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ মালিকানাধীন। পিছত ৰামনাথ গোৱেংকাই ইয়াক অধিগ্ৰহণ কৰে।
-
হিন্দুস্তান টাইমছ
হিন্দুস্তান টাইমছ ভাৰতৰদিল্লীৰপৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ দৈনিক কাকত। এই কাকতখন বিৰলা পৰিয়ালৰদ্বাৰা নিয়ন্ত্ৰিত কোম্পানী এইচ টি মিডিয়া লিমিটেডৰ ফ্লেগশ্বিপ প্ৰকাশন আৰু ইয়াৰ স্বত্বাধিকাৰ হ'ল কে কে বিৰলাৰ কন্যা শোভানা ভাৰতীয়।
-
ইণ্ডিয়া টুডে
ইণ্ডিয়া টুডে (India Today) হৈছে লিভিং মিডিয়া ইণ্ডিয়া লিমিটেডৰ দ্বাৰা প্ৰকাশিত এখন সাপ্তাহিক ভাৰতীয় ইংৰাজী ভাষাৰ বাতৰি আলোচনী। ই ভাৰতৰ অন্যতম সৰ্বাধিক পঠিত আলোচনী, যাৰ প্ৰচলন প্ৰায় ১৬ লাখ আৰু পাঠকৰ সংখ্যা প্ৰায় ৮০ লাখ। ২০১৪ চনত, ইণ্ডিয়া টুডে গোটে অনলাইন মতামতমুখী ৱেবছাইট ‘ডেইলিয়’ আৰম্ভ কৰে।
-
ফিল্মফেয়াৰ
ফিল্মফেয়াৰ (Filmfare) হ’ল হিন্দী চলচ্চিত্ৰৰ (সততে বলীউড হিচাপে পৰিচিত) বিষয়ে এখন ইংৰাজী ভাষাৰ, টেবলয়ড আকাৰৰ আলোচনী। এই আলোচনীখন দ্য টাইম গ্ৰুপৰ দ্বাৰা প্ৰকাশিত হয়। ফিল্মফেয়াৰ ভাৰতৰ এক জনপ্ৰিয় বিনোদনধৰ্মী আলোচনী।
-
ফেমিনা
ফেমিনা এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়। ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়।
-
আউটলুক (আলোচনী)
আউটলুক হৈছে এখন সাপ্তাহিক সাধাৰণ ৰুচিৰ ভাৰতীয় বাতৰি আলোচনী, যি ইংৰাজী আৰু হিন্দী ভাষাত প্ৰকাশিত হয়।
-
চান্দমামা
চান্দমামা (Chandamama) হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি নাগী ৰেড্ডী আৰু লেখক এ.
-
টিংকল
টিংকল (ইংৰাজী: Tinkle) ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী। আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বত্ব ACK Media ৰ হাতলৈ যায়। আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন আন উপাদানৰ সমাহাৰ।
-
দেশ (আলোচনী)
দেশ হৈছে চুটিগল্প, উপন্যাস, ধাৰাবাহিক, সমালোচনা, কবিতা, ৰচনা, আৰু গ্ৰন্থৰ সমালোচনাৰে সজ্জিত এখন বাংলা আলোচনী। ১৯৩৩ চনৰ ২৪ নৱেম্বৰত প্ৰথমে সাপ্তাহিক আৰু পিছলৈ দ্বি-সাপ্তাহিক হিচাপে মুকলি কৰা এইখন ভাৰতৰ অন্যতম পুৰণি আলোচনী।
-
মিউজ ইণ্ডিয়া
মিউজ ইণ্ডিয়া (ইংৰাজী: Muse India) হ’ল হাইদৰাবাদৰপৰা ইংৰাজী ভাষাত প্ৰকাশিত সাহিত্য বিষয়ক এখন ই-আলোচনী৷ ২੦੦৫ চনৰপৰা আলোচনীখন অনলাইনত দুমহীয়াকৈ প্ৰকাশ পাই আহিছে৷ আলোচনীখনৰ কোনো ছপা সংস্কৰণ নাই৷ ২੦১৭ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে আলোচনীখনক এখন সাহিত্য বিষয়ক ই-জাৰ্নেল হিচাপে…
-
সানন্দা
সানন্দা (বাংলা: সানন্দা, ওড়িয়া: ସାନନ୍ଦା) হৈছে ভাৰতৰ কলকাতাৰ পৰা এবিপি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত বাংলা পষেকীয়া মহিলা আলোচনী৷ আলোচনীখন সাধাৰণতে প্ৰতি মাহৰ ১৫ আৰু ৩০ তাৰিখে প্ৰকাশ পায়। ১৯৮৬ চনৰ পৰা বাংলা ভাষাত প্ৰকাশিত হোৱা এই আলোচনীখনৰ ওড়িয়া সংস্কৰণ আৰম্ভ হয় ২০০৫ চনৰ পৰা।
-
ৱমেন'ছ এৰা
ৱমেন'ছ এৰা (Woman's Era) হৈছে ইংৰাজী ভাষাত প্ৰকাশিত এখন ভাৰতীয় মহিলা পষেকীয়া আলোচনী। ১৯৭৩ চনত বিশ্বনাথে তেওঁৰ প্ৰকাশন সংস্থা দিল্লী প্ৰেছৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ কৰিছিল। আলোচনীখন দিল্লী প্ৰেছৰ মালিকানাধীন।
-
গৃহলক্ষ্মী (আলোচনী)
গৃহলক্ষ্মী হ'ল মাতৃভূমি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত এখন পষেকীয়া ভাৰতীয় আলোচনী। ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে আই আৰ এছ জৰীপ ২০১৩ অনুসৰি প্ৰচলনৰ ভিত্তিত ই ভাৰতৰ পঞ্চম বৃহত্তম আঞ্চলিক আলোচনী, ইয়াৰ গড় যোগ্যতাসম্পন্ন বিক্ৰী ৮২৬,০০০ কপি।
-
ডিজিট (আলোচনী)
ডিজিট ৯.৯ মেডিয়াই প্ৰকাশ কৰি উলিওৱা এখন মাহেকীয়া প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ আৰু ইলেকট্ৰনিকচ (অণুবিদ্যুত) সামগ্ৰী সম্পৰ্কীয় আলোচনী। ভাৰতীয় পঢুৱৈ সমীক্ষা IRS 2011ৰ মতে ডিজিটৰ নিয়মীয়া গ্ৰাহক প্ৰায় ২,২৯,০০০ জন।
-
তেহেলকা
তেহেলকা হৈছে অনুসন্ধানমূলক সাংবাদিকতা আৰু ষ্টিং অপাৰেচনৰ বাবে জনাজাত এখন ভাৰতীয় বাতৰি-আলোচনী। ব্ৰিটিছ কাকত দ্য ইণ্ডিপেণ্ডেণ্টৰ মতে, তেহেলকা প্ৰতিষ্ঠা কৰিছিল তৰুণ তেজপাল, অনিৰুদ্ধ বাহাল আৰু তেওঁলোকৰ অন্য এজন সহকৰ্মীয়ে, যিয়ে আউতলুক আলোচনীত একেলগে কাম কৰিছিল, কাৰণ “যথেষ্ট ধনবান এগৰাকী…
-
নিউ ইণ্ডিয়া সমাচাৰ
নিউ ইণ্ডিয়া সমাচাৰ হৈছে ভাৰত চৰকাৰে ২০২০ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা এখন পষেকীয়া ই-পত্ৰিকা। এইটো বিউৰ’ অফ আউটৰিচ এণ্ড কমিউনিকেশ্বন (BOC) দ্বাৰা প্ৰকাশিত হয়, যি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত চলা এটি সংবাদ সংগঠন।
-
ফ্ৰণ্টলাইন (আলোচনী)
ফ্ৰণ্টলাইন (ইংৰাজী: Frontline) হ’ল হিন্দু গোষ্ঠীৰপৰা প্ৰকাশিত ইংৰাজী ভাষাৰ এখন পষেকীয়া আলোচনী৷ ইয়াৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত৷ বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল বৈষ্ণ ৰয়৷ আলোচনীখনত ৰাজনৈতিক, বিশ্ব পৰিক্ৰমা, সংস্কৃতি, বিজ্ঞান, স্থাস্থ্য, বাণিজ্য, ব্যক্তিত্ব আদি বিভিন্ন বিষয়ৰ সংবাদ আৰু গভীৰ…
-
বনিতা
বনিতা হ'ল মলয়ালা মনোৰমা গোটৰ দ্বাৰা প্ৰকাশিত মহিলা পষেকীয়া আলোচনী। এই আলোচনীখন মালয়ালম আৰু হিন্দী ভাষাত ভাষাত প্ৰকাশিত হয় আৰু ইয়ে ভাৰতৰ সৰ্বাধিক পঠিত আলোচনীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। মালয়ালম তথা সংস্কৃত ভাষাত বনিতা শব্দৰ অৰ্থ হৈছে নাৰী।
-
সৰস্বতী (আলোচনী)
সৰস্বতী ভাৰতৰ প্ৰথমখন হিন্দী মাহেকীয়া আলোচনী। ১৯০০ চনত এলাহাবাদত ইণ্ডিয়ান প্ৰেছৰ মালিক চিন্তামণি ঘোষে প্ৰতিষ্ঠা কৰা সাহিত্যিক মহাবীৰ প্ৰসাদ দ্বিবেদীৰ সম্পাদকতাত ইয়াৰ সফলতাই (১৯০৩–১৯২০) আধুনিক হিন্দী গদ্য আৰু বিশেষকৈ খাৰিবলী উপভাষাত কবিতাৰ সমৃদ্ধিশালী ৰূপ ধাৰণ কৰে।
-
ৱমেন’ছ ফিচাৰ চাৰ্ভিচ
ৱমেন'ছ ফিচাৰ চাৰ্ভিচ (ডব্লিউ এফ এচ) (Women's Feature Service) হ'ল ১৯৭৮ চনত ইউনেস্কোৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আৰু ভাৰতৰ নতুন দিল্লীত অৱস্থিত ভাৰতীয় মহিলা সংবাদ সংস্থা আৰু আলোচনী।
-
নিউ ৱমেন (আলোচনী)
নিউ ৱমেন (New Woman) হৈছে ভাৰতীয় জীৱন-শৈলী বিষয়ক এখন ইংৰাজী সাময়িকী, যিখন পাইয়নিয়াৰ বুক কোম্পানী প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰে। এই সাময়িকীখন ভাৰতৰ মুম্বাইৰ পৰা প্ৰকাশিত হয়, আৰু ইয়াৰ সম্পাদক হ'ল হেমা মালিনী।
-
ভাৰ্ভ
ভাৰ্ভ হৈছে ভাৰতৰ অন্যতম আগশাৰীৰ ইংৰাজী ভাষাৰ ডিজিটেল বিলাসী আৰু জীৱনশৈলীভিত্তিক মহিলা আলোচনী। ই এক স্বদেশী প্ৰকাশনা হিচাপে ১৯৯৫ চনত আৰম্ভ হৈছিল আৰু ভাৰতীয় পাঠকসকলৰ মাজত নগৰকেন্দ্ৰিক মহিলাৰ জীৱনধাৰা, ফেশ্বন আৰু সংস্কৃতি সম্পৰ্কীয় বিষয়সমূহ আগবঢ়াই আহিছে।