জীৱনৰ মধুৰতম সময় (Jibonor Modhurotom Homoi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০১২ চনত। এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কৰকমলতত আগবঢ়াইছে।১
বিৱৰণ
কিতাপখন মুঠ দহটা প্ৰবন্ধ আছে। সেইকেইটা হৈছে, জীৱনৰ মধুৰতম সময়, অপৰাধী বিবেক,গধূলিৰ অতিথি, মোৰ শিক্ষকসকল, মৃত্যু, কিতাপ, নীৰৱতা, চৰাইবোৰ, ঢেঁকী আৰু উত্তৰ-পঞ্চাশ।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (২০১২). জীৱনৰ মধুৰতম সময়. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱনৰ মধুৰতম সময়” প্ৰবন্ধৰ সংশোধন ৩৯৫৫০৪ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।