অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জীৱনৰ সাধনা

জীৱনৰ সাধনা (Jibonor Hadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। লেখকে গ্ৰন্থখন ভবানী দত্ত খৰ্কৱালৰ কৰকমলেষুত আগবঢ়াইছে।

হালনাগাদ: ২০ মে’ ২০২১ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

জীৱনৰ সাধনা (Jibonor Hadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। লেখকে গ্ৰন্থখন ভবানী দত্ত খৰ্কৱালৰ কৰকমলেষুত আগবঢ়াইছে।১

বিৱৰণ

কিতাপখন দুটা খণ্ডত বিভক্ত। প্ৰথমটোত থকা একমাত্ৰ প্ৰবন্ধটো হৈছে একে নামৰ 'জীৱনৰ সাধনা'। দ্বিতীয় খণ্ডত ২০ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে, 'মাইকেল এঞ্জেলো', 'লিওনাৰ্ডো ডা ভিন্সি', 'ক'লৰিজ', 'আনাটোল ফ্ৰাঁ', 'টমাছ মান', 'কঠিন প্ৰহৰঃ টমাছ মান', 'আঁদ্ৰে মাল্‌ৰো', 'আৰ্ণল্ড টয়ন্‌বী', 'এইচ জি ওৱেলছৰ 'বিশ্ব সাহিত্যৰ ৰূপৰেখা','জাঁ পল ছাৰ্ত্ৰেৰ বিষয়ে কেইটামান কথা', 'নিকছ কাজানৎজাকিছ', 'হেনৰি লুই মেনকেন','ৰবাৰ্ট লীণ্ড', 'ছেমুৱেল বেকেট্‌', 'আইজাক বশ্বেভিছ ছিংগাৰ','জে. বি. এছ. হলডেন','জ্যোতিপ্ৰসাদ আগৰৱালা', 'লক্ষ্মীধৰ শৰ্মা', 'মাও জে দং' আৰু 'হো চি মিন'। ১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (ডিচেম্বৰ,১৯৯৪). জীৱনৰ সাধনা. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱনৰ সাধনা” প্ৰবন্ধৰ সংশোধন ২৭৮১৫৭ (২০ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।