হিন্দু ধৰ্ম গ্ৰন্থ
২৯ প্ৰবন্ধ
-
কীৰ্তন-ঘোষা
কীৰ্তন-ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা এখন বৈষ্ণৱ ধৰ্মগ্ৰন্থ তথা কাব্য-সংকলন। শংকৰদেৱৰ প্ৰয়াণৰ পাছত শিষ্য-ধাৰাৰ উদ্যোগত ইয়াৰ খণ্ডসমূহ সংগ্ৰহ-সম্পাদনা হৈ একেলগে গ্ৰন্থৰূপে প্ৰতিষ্ঠা পায়।
-
মহাভাৰত
মহাভাৰত (महाभारत, ) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ইতিহাসৰ এক অংশ। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- 'জীৱনৰ চাৰি লক্ষ্য' বা পুৰুষাৰ্থৰ…
-
ৰামায়ণ
ৰামায়ণ হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। হিন্দু মহৰ্ষি বাল্মীকিয়ে ইয়াৰ ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ইতিহাসৰ অংশ হিচাপে গণ্য কৰা হয়।
-
পুৰাণ
পুৰাণসমূহ হ’ল ধৰ্মমূলক উপাখ্যান থকা ওঠৰখন ভাৰতীয় শাস্ত্ৰ। অতি প্ৰাচীনকালৰ প্ৰসিদ্ধ ব্যক্তি আৰু সমাজ, ধৰ্ম আদিৰ অৱলম্বনত পুৰাণৰ কাহিনী সমূহ ৰচনা কৰা হৈছে।
-
শ্ৰীমদ্ভগৱতগীতা
শ্ৰীমদ্ভাগৱতগীতা (भगवद्गीता, ভগৱানৰ গান) বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যাদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়।
-
কালিকা পুৰাণ
কালিকা পুৰাণ (কালিকাপুৰাণম্) (আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল।
-
উপনিষদ্
উপনিষদ্ (उपनिषद्) সমূহ হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰ বেদৰ শেষাংশ বুলিব পাৰি। হিন্দু ধৰ্মৰ আদি আৰু প্ৰধান শাস্ত্ৰ বেদ চাৰি ভাগত বিভক্ত। প্ৰতিখন বেদৰে তিনিটা ভাগ থাকে। সেয়া হ’ল (১) সংহিতা বা মন্ত্ৰ, (২) ব্ৰাহ্মণ আৰু (৩) আৰণ্যক। ইয়াৰে আৰণ্যকৰ শেষাংসক উপনিষদ বোলা হয়।
-
বিষ্ণু পুৰাণ
বিষ্ণু পুৰাণ (विष्णु पुराण) হৈছে হিন্দু ধৰ্মৰ অন্যতম প্ৰধান পুৰাণ। এইখন অষ্টাদশ পুৰাণৰ অন্তৰ্ভুক্ত আৰু বিষ্ণু দেৱতাৰ মহিমা আৰু কীৰ্তিৰ বৰ্ণনাৰে পূৰ্ণ। এই পুৰাণখনক বৈষ্ণৱ ধৰ্মৰ এক প্ৰামাণিক গ্ৰন্থ হিচাপে গণ্য কৰা হয়।
-
পদ্ম পুৰাণ
পদ্ম পুৰাণ (দেৱনাগৰী: पद्म पुराण) ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ (ভাল আৰু নিৰ্মলতা প্ৰকাশ কৰা) শ্ৰেণীত ধৰা হয়।
-
গীত গোবিন্দ
গীত গোবিন্দ (गीत गोविन्दम्) হৈছে দ্বাদশ শতিকাৰ হিন্দু কবি জয়দেৱৰদ্বাৰা ৰচিত এক ৰচনা। ই ৰাধা-কৃষ্ণ আৰু বৃন্দাবনৰ গোপী সকলৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰে। গীত গোবিন্দ বাৰটা অধ্যায়ত সংগঠিত কৰা হৈছে। প্ৰতিটো অধ্যায়ক আৰু এক বা একাধিক বিভাগত বিভক্ত কৰা হৈছে যাক প্ৰবন্ধ বুলি কোৱা হয়, মুঠ চব্বিশটা।
-
ভক্তি ৰত্নাৱলী
ভক্তি ৰত্নাৱলী হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা।
-
গুণমালা
গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়।
-
বায়ু পুৰাণ
বায়ু পুৰাণ (वायुपुराण, ) এখন সংস্কৃত গ্ৰন্থ আৰু হিন্দু ধৰ্মৰ ওঠৰখন প্ৰধান পুৰাণৰ ভিতৰত এখন। বায়ু পুৰাণৰ উল্লেখ মহাভাৰতৰ পাণ্ডুলিপি আৰু অন্যান্য হিন্দু গ্ৰন্থত পোৱা যায়, যিয়ে পণ্ডিতসকলক এই কথা প্ৰস্তাৱ কৰিবলৈ প্ৰেৰণা দিছে যে এই গ্ৰন্থখন পৌৰাণিক ধাৰাৰ ভিতৰত প্ৰাচীনতমসমূহৰ এখন।
-
ব্ৰহ্মাণ্ড পুৰাণ
ব্ৰহ্মাণ্ড পুৰাণ (Brahmāṇḍa Purāṇa; ब्रह्माण्ड पुराण) হৈছে মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে।
-
গায়ত্ৰী মন্ত্ৰ
বৈদিক হিন্দু ধৰ্মত গায়ত্ৰী মন্ত্ৰ এটি অতি গুৰুত্বপূৰ্ণ মন্ত্ৰ। প্ৰচলিত বিশ্বাস অনুসৰি, গায়ত্ৰী মন্ত্ৰ বেদৰ আন আন মন্ত্ৰৰ দৰেই "অপৌৰষেয়" (অৰ্থাৎ কোনো মানুহৰ দ্বাৰা ৰচিত নহয়) আৰু বৈদিক হিন্দুসকলে ব্ৰহ্মৰ্ষিৰ ওচৰত প্ৰকাশ কৰা বুলি বিশ্বাস কৰে (গায়ত্ৰী মন্ত্ৰৰ ক্ষেত্ৰত ব্ৰহ্মৰ্ষি হ'ল বিশ্বমিত্ৰ)।
-
দেৱীমাহাত্ম্যম্
দেৱীমাহাত্ম্যম (Sanskrit:देवीमाहात्म्यम्),হৈছে সনাতন হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ;এই পুথিখনৰ অন্য জনপ্ৰিয় নামসমূহ হ'ল:দূৰ্গা সপ্তশতী আৰু শ্ৰীশ্ৰী চণ্ডী।
-
গৰ্গ সংহিতা
গৰ্গ সংহিতা হিন্দু দেৱ-দেৱী ৰাধা আৰু কৃষ্ণৰ আধাৰত সংস্কৃত ভাষাত ৰচিত বৈষ্ণৱী শাস্ত্ৰ। ইয়াৰ ৰচনা কৃষ্ণৰ বংশ যাদৱৰ প্ৰধান পুৰোহিত গৰ্গ ঋষিয়ে কৰিছিল বাবে গৰ্গ সংহিতা বুলি কোৱা হয়। ই ৰাধা কৃষ্ণ আৰু গোপীসকলক হোলী উৎসৱৰ সৈতে জড়িত কৰা আদিম গ্ৰন্থ।
-
হনুমান চালিছা
হনুমান চালিছা হৈছে ভগৱান হনুমানৰ প্ৰশংসাত ৰচিত হিন্দু ধৰ্মৰ এক ভক্তিমূলক স্তোত্ৰ। লাখ লাখ হিন্দু ধৰ্মাৱলম্বী লোকে জনপ্ৰিয়ভাৱে প্ৰতিদিনে ইয়াৰ আবৃত্তি কৰে।
-
দেৱী ভাগৱত
দেৱী ভাগৱত বা দেৱী পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন গ্ৰন্থ, মুলত উপপুৰাণ। শক্তি উপাসনাক গুৰুত্ত্ব প্ৰদান কৰা এই গ্ৰন্থ খনত বৈষ্ণৱবাদ আৰু শৈৱ পৰম্পৰাও উল্লেখ আছে। সৰ্বমুঠ ১২টা স্কন্দ্ব আৰু ৩১৮ টা অধ্যায়ৰ দেৱী ভাগৱতে নিজকে মহাপুৰাণ বুলি গণ্য কৰিছে।
-
ভক্তি ৰত্নাকৰ
ভক্তি ৰত্নাকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি ধৰ্মীয় গ্ৰন্থ। ভক্তি-ৰত্নাকৰৰ প্ৰায়বোৰ শ্লোক শ্ৰীমদ্ভাগৱতৰ পৰা উদ্ধৃত। শ্ৰীমদ্ভাগৱত গীতা, পাণ্ডৱী গীতা, বিষ্ণু পুৰাণ, পদ্ম পুৰাণকে ধৰি কুৰিখনৰো অধিক অন্যান্য গ্ৰন্থৰ সাৰভাগ আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছিল।
-
ন্যায়সূত্ৰ
ন্যায়সূত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় দৰ্শন শাস্ত্ৰ। ভাৰতীয় আস্তিক দৰ্শন পৰম্পৰাৰ অন্যতম এই ন্যায়দৰ্শনৰ প্ৰণেতা মহৰ্ষি অক্ষপাদ্ গৌতম। ন্যায়দৰ্শনৰ আধাৰগ্ৰন্থ "ন্যায়সূত্ৰ"। ন্যায়সূত্ৰসমূহ ২য় খ্ৰীষ্টাব্দত বিৰচিত কৰা হৈছিল যদিও পাচত অনেক প্ৰক্ষেপ (interpolation) যোগ কৰা হৈছে।
-
উপস্কাৰ
ভাৰতীয় দৰ্শনত উপস্কাৰ ভাৰতীয় দাৰ্শনিক কণাদৰ বৈশেষিক সূত্ৰৰ এক ধাৰাবাহিক। ইয়াক সংস্কৃত ভাষাত ৰচনা কৰিছিল মিথিলাৰ ভাৰতীয় দাৰ্শনিক শংকৰ মিশ্ৰই।
-
কথা-ভাগৱত
কথা-ভাগৱত হৈছে ভট্টদেৱে অসমীয়া গদ্যত ভাঙনি কৰা ভাগৱত পুৰাণৰ অনুবাদ। খ্ৰীষ্টীয় ষোড়শ শতিকাত, অকল অসমেই নহয় সকলো প্ৰাদেশিক ভাষাতেই ধৰ্মশাস্ত্ৰ ভাঙনি পদবন্ধত হৈছিল, তেনে সময়তে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যক দামোদৰদেৱে স্ত্ৰী-শূদ্ৰ সকলোৰে সুবিধাৰ্থে গীতা, ভাগৱত আদি শাস্ত্ৰবোৰক গদ্যত ভাঙনি কৰিবলৈ…
-
কাকউইন ভৰতযোদ্ধা
কাকউইন ভৰতযোদ্ধা বা কাকৱিন ভৰতযোদ্ধা(Kakawin Bhāratayuddha) হৈছে এখন জাভানিজ কাব্য গ্ৰন্থ। মু ছেদাহ আৰু তেওঁৰ ভাতৃ মু পেনুলুহে মহাভাৰতৰ কিছুমান পৰ্বক জাভা কাব্যিক উপস্থাপনেৰে এই গ্ৰন্থখন ৰচনা কৰিছিল।
-
প্ৰস্থানত্ৰয়ী
প্ৰস্থানত্ৰয়ী (प्रस्थानत्रयी), আক্ষৰিক অৰ্থত, তিনিটা উৎস(বা স্বতন্ত্ৰ)ৰদ্বাৰা জ্ঞানগত কৰ্তৃত্ব থকা ধৰ্মতত্ত্বৰ বিশেষকৈ বেদান্ত ধাৰাৰ,তিনিখন নীতিগত গ্ৰন্থক বুজোৱা হয়।
-
ভক্তিবিবেক
ভক্তিবিবেক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা চমুকৈ ভট্টদেৱে সংস্কৃত ভাষাত লিখা এখনি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনৰ ৰচনাকাল ১৫৪৩ শক। ভক্তিবিবেকত মুঠ পোন্ধৰটা পৰিচ্ছেদ আছে আৰু তাৰ শ্লোকবোৰ ভট্টদেৱে ভাগৱত পুৰাণ, মহাভাৰত আৰু আন আন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে, গ্ৰন্থখনত তেওঁ নিজৰ…
-
স্বৰ্গাৰোহণ পৰ্ব
স্বৰ্গাৰোহণ পৰ্ব ভাৰতীয় মহাকাব্য মহাভাৰতৰ আঠাইশটা পৰ্ব (গ্ৰন্থ)ৰ অন্তিমটো স্বৰোহণ পৰ্ব। ইয়াত পৰম্পৰাগতভাৱে ৬টা অধ্যায় আছে, আনহাতে সমালোচনাত্মক সংস্কৰণত ৫টা অধ্যায় আছে। ই মহাভাৰতৰ অন্যতম চুটি পৰ্ব।
-
প্ৰহ্লাদ চৰিত্ৰ
প্ৰহ্লাদ চৰিত্ৰ হৈছে কয়াধু আৰু হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ জন্মৰ আগকথা, জন্ম, বাল্যকাল আৰু পিতৃৰ মৃত্যু হোৱালৈকে ভাগৱতত বৰ্ণিত আখ্যান।
-
ব্যাধগীতা
ব্যাধগীতা মহাকাব্য মহাভাৰতৰ এটা অংশ আৰু ইয়াত ব্যাধ এজনে এজন সন্ন্যাসীক প্ৰদান কৰা শিক্ষাৰে লিখা হৈছে। ই মহাভাৰতৰ বন পৰ্ব খণ্ডত পোৱা যায় আৰু মাৰ্কণ্ডেয় ঋষিয়ে পাণ্ডৱ যুধিষ্ঠিৰক কয়। কাহিনীটোত এজন অহংকাৰী সন্ন্যাসীক এজন ব্যাধৰদ্বাৰা শান্ত-শিষ্ট কৰা হয়, আৰু ধৰ্মৰ বিষয়ে শিকে।