অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জলজাহ

জলজাহ অসমীয়া সাহিত্যিক ৰাজীৱ বৰাৰ এখন পাৰিপাৰ্শ্বিক উপন্যাস। এই উপন্যাসখন ২০২২ চনত অসমৰ এটা প্ৰকাশনগোষ্ঠী বনলতাই প্ৰকাশ কৰিছে। ৯৭৮-৯৩-৯৩৮০৫-৯৪-২ আই এছ বি এন সম্বলিত কিতাপখন মুঠ ২৩২ পৃষ্ঠাৰ।

হালনাগাদ: ৮ জানুৱাৰী ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জলজাহ অসমীয়া সাহিত্যিক ৰাজীৱ বৰাৰ এখন পাৰিপাৰ্শ্বিক উপন্যাস। এই উপন্যাসখন ২০২২ চনত অসমৰ এটা প্ৰকাশনগোষ্ঠী বনলতাই প্ৰকাশ কৰিছে। ৯৭৮-৯৩-৯৩৮০৫-৯৪-২ আই এছ বি এন সম্বলিত কিতাপখন মুঠ ২৩২ পৃষ্ঠাৰ। ১

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ৰাজীৱ বৰা

ৰাজীৱ বৰা একাধাৰে এগৰাকী কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। ইয়াৰোপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধুলৈ’ শীৰ্ষক সম্পাদিত কবিতাৰ পুথিখন তেওঁৰ উল্লেখযোগ্য কৃতি।২

কিতাপৰ বিষয়বস্তু

উপন্যাসখন মাজুলীৰ পৰিৱেশৰ পটভূমিত ৰচনা কৰা হৈছে। উপন্যাসখনত নৈ কেন্দ্ৰিক মানুহৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে। এখন নৈয়ে মানৱ সমাজক অলেখ বস্তু দিয়ে। কিন্তু কেতিয়াবা নৈৰ বিৰূপ প্ৰভাৱো দেখিবলৈ পোৱা যায়। উপন্যাসখনত এই দিশসমূহ প্ৰতিফলিত হৈছে।

তথ্যসূত্ৰ

  1. ↑ ৰাজীৱ বৰা. (২০২২). জলজাহ. বনলতা. পৃ. ২৩২. ISBN ৯৭৮-৯৩-৯৩৮০৫-৯৪-২
  2. ↑ সন্ধিক্ষণৰ অসমীয়া কবিতা, সদৌ অসম কবি সন্মিলন, ২০১৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলজাহ” প্ৰবন্ধৰ সংশোধন ৫৬৮৫৩২ (৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।