সাধু
৪০ প্ৰবন্ধ
-
বুঢ়ী আইৰ সাধু
বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত শিশু-পাঠকৰ উপযোগী অসমীয়া সাধু-সংকলন। অসমৰ লোকসমাজৰ পৰা সংগৃহীত লোককথাক লিখিত ৰূপ দিয়া এই গ্ৰন্থই অসমীয়া সাহিত্য আৰু লোকসাহিত্য-চৰ্চাত বিশেষ গুৰুত্ব লাভ কৰিছে।
-
সাধুকথা
সাধুকথা ( Fairy tale) পৃথিৱীৰ লোকসাহিত্যৰ এটি ভাগ৷ লোকসাহিত্যৰ অন্যান্য বিভাগৰ দৰে সাধুকথাৰো সৃষ্টি কেতিয়াৰ পৰা হ’ল ঠাৱৰ কৰা অসম্ভৱ৷ তথাপি অনুমান কৰা হয় সাধুকথা প্ৰাগৈতিহাসিক দিনৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু ই জনসমাজত যুগ যুগ ধৰি বৰ্তি আছে৷ লোকমুখত পৰি পৃথিৱীৰ একোটা সাধুৱে ভাৱ-ভাষা আৰু…
-
এহেজাৰ এনিশা (লোকগাথা)
এহাজাৰ এনিশা বা আলিফ লেইলা (One Thousand and One Nights) হৈছে ইছলামিক সোণালী যুগত আৰবী ভাষাত সংকলিত মধ্যপ্ৰাচ্যৰ লোককথাৰ সংকলন। ইয়াৰ প্ৰথম ইংৰাজী ভাষাৰ সংস্কৰণৰ পৰা (প্ৰায় ১৭০৬–১৭২১) ইংৰাজীত ইয়াক প্ৰায়ে আৰবীয়ান নাইটছ (Arabian Nights) বুলি জনা যায়।
-
ঈছপৰ সাধু
ঈছপৰ সাধু (Aesop's Fables, বা Aesopica) নীতিকথাৰ এক সংকলন। খ্ৰীষ্টপূৰ্ব ৬২০ৰ পৰা ৫৬৪ চনৰ ভিতৰত প্ৰাচীন গ্ৰীচত বাস কৰা দাস আৰু কাহিনীকাৰ ঈছপক এইসমূহ ৰচনাৰ কৃতিত্ব দিয়া হয়।
-
চম্পাৱতী (সাধু)
চম্পাৱতী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা লোকসাধুৰ সংকলন বুঢ়ী আইৰ সাধুত এই সাধুটো সন্নিৱিষ্ট কৰা হৈছে। এই সাধুটোত চম্পাৱতী নামৰ এগৰাকী ছোৱালীৰ বিবাহ এটা অজগৰৰ সৈতে সম্পন্ন হয়।
-
বেতাল পঞ্চবিংশতি
বেতাল পঞ্চবিংশতি প্ৰাচীন সংস্কৃত ভাষাত ৰচিত পঁচিশটা নীতিশিক্ষামূলক সাধুৰ সংকলন। বেতাল পঞ্চবিংশতি বিশ্ব সাহিত্যৰ এক মূল্যৱান ৰচনা। ইয়াত থকা পুৰণি সাধুবোৰ বৰ সুন্দৰ আৰু নীতিশিক্ষামূলক। সেইবাবেই ইয়াৰ জনপ্ৰিয়তা যথেষ্ট।
-
সৰ্প ৰাজকুমাৰ (পঞ্জাবী সাধুকথা)
সৰ্প ৰাজকুমাৰ হৈছে ভাৰতীয় সাধুকথা, ফেৰোশ্বেপুৰত মেজৰ কেম্পবেলে সংগ্ৰহ কৰা পঞ্জাবী কাহিনী। এণ্ড্ৰু লেঙে ইয়াক দ্য অলিভ ফেয়াৰী বুক (১৯০৭)ত অন্তৰ্ভুক্ত কৰিছিল।
-
সৰ্প ৰাজকুমাৰ (হাংগেৰিয়ান লোককথা)
সৰ্প ৰাজকুমাৰ (দ্য চাৰ্পেন্ট প্ৰিন্স বা দ্য স্নেক প্ৰিন্স) হৈছে হাংগেৰিয়ান-আমেৰিকান পণ্ডিত লিণ্ডা ডেঘে সংগ্ৰহ কৰা হাংগেৰিয়ান লোককথা, য'ত এগৰাকী মানৱ কুমাৰী আৰু এডাল সাপৰ মাজত স্বামী-স্ত্ৰীৰ সম্পৰ্ক দেখুওৱা হৈছে।
-
সৰ্প ৰাজকুমাৰৰ টোপনি যোৱা মূৰ
দ্য স্নেক-প্ৰিন্স স্লিপি-হেড (সৰ্প ৰাজকুমাৰৰ টোপনি যোৱা মূৰ) হৈছে এমিলি লৰিমাৰ আৰু ডেভিদ লকহাৰ্ট ৰবাৰ্টছন লৰিমাৰে ১৯১৯ চনত তেওঁলোকৰ সংকলন পাৰ্চীন টেলছত প্ৰকাশ কৰা ইৰাণী লোককথা।
-
তুলা আৰু তেজা
তুলা আৰু তেজা (Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।
-
দ্য টেলছ অফ বিডল দ্য বাৰ্ড
দ্য টেলছ অফ বিডল দ্য বাৰ্ড (The Tales of Beedle the Bard) শিশু তথা কিশোৰসকলৰ বাবে লিখা এখন সাধুকথাৰ কিতাপ। জে. কে. ৰাউলিঙে লিখা এই কিতাপখনৰ প্ৰকাশক চিলড্ৰেনছ হাই লেভেল গ্ৰুপ (Children's High Level Group)। প্ৰথমতে ২০০৭ চনৰ ১৩ ডিচেম্বৰত গ্ৰন্থখনৰ হাতেলিখা সাতটা কপি নীলাম কৰা হৈছিল।
-
আলি বাবা আৰু চল্লিশটা চোৰ
আলি বাবা আৰু চল্লিশটা চোৰ (علي بابا والأربعون لصا) হৈছে অষ্টাদশ শতিকাৰ এহেজাৰ এনিশা নামৰ লোককথাৰ সংকলনত ইয়াৰ ফৰাচী অনুবাদক এণ্টোৱান গালেণ্ডে সংযোজন কৰা এক লোককথা। গালেণ্ডে সাধুটো ছিৰিয়াৰ গল্পকাৰ হান্না ডিয়াবৰ পৰা শুনিছিল।
-
ঔ-কুঁৱৰী
ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। সাধুটোৰ নায়িকা ঔ-টেঙাৰ ভিতৰত সোমাই থকা এক ৰজাৰ কুঁৱৰী।
-
কপালত জোনাক থকা ল’ৰাটো
দ্য বয় উইথ এ মুন অন হিজ ফ'ৰহেড হৈছে মাইভে ষ্ট'কছ আৰু লাল বেহাৰী দেৰ দ্বাৰা সংগ্ৰহ কৰা বাংলা লোককথা৷ এই কাহিনীবোৰে এনে কাহিনীক বুজায় য’ত এগৰাকী ছোৱালীয়ে ৰজাক আচৰিত ধৰণৰ সন্তান বা সন্তান জন্ম দিব বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তেওঁৰ ঈৰ্ষাপৰায়ণ আত্মীয় বা ৰজাৰ পত্নীয়ে কেঁচুৱা আৰু তেওঁলোকৰ মাকৰ…
-
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি'(ডগ এণ্ড হিজ ৰিফ্লেকচন) ইছপৰ এটা অন্যতম উপকথা। মূল গ্ৰীক কাহিনীটো লেটিন ভাষাত পুনৰুদ্ধাৰ কৰা হৈছিল আৰু এইদৰে সমগ্ৰ ইউৰোপতে বিয়পি পৰিছিল, যিয়ে নিজৰ হাতত যি আছে তাতেই সন্তুষ্ট হ’বলৈ আৰু ছাঁৰ স্বাৰ্থত একো বলিদান নিদিবলৈ পাঠটো শিকাইছিল। গল্পটোৰ ভাৰতীয় সংস্কৰণো আছে।
-
গাধ আৰু গাহৰিৰ সাধু
গাধ আৰু গাহৰিৰ সাধু হৈছে ইছপৰ এক অন্যতম সাধু, যিটো পাশ্চাত্যত কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল যদিও প্ৰাচ্যত ইয়াৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ হৈয়ে আছে। এই সাধুটোৰ সাধাৰণ নীতিশিক্ষা হ’ল, কাৰোবাৰ সহজ জীৱন আৰু সাম্ভাৱ্য সৌভাগ্যই তেওঁলোকৰ কল্যাণৰ প্ৰতি ভয়ৰ কাৰণ হৈ পৰে।
-
মেইতেই লোককথা
মেইতেই লোককথা হৈছে ভাৰতৰ মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোককথা আৰু পৌৰাণিক কাহিনী। এনে লোককথা পৰম্পৰাগতভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে। বৰ্তমান মণিপুৰ চৰকাৰে মেইটেই জনগোষ্ঠীৰ লোককথা সংৰক্ষণৰ পৰিকল্পনা কৰিছে, যিটো চৰকাৰী শিক্ষানুষ্ঠানত প্ৰাথমিক শিক্ষাৰ জৰিয়তে কাৰ্যকৰী হ’ব।
-
শিয়াল আৰু কাউৰী (ঈছপৰ সাধু)
শিয়াল আৰু কাউৰী হৈছে ইছপৰ অন্যতম উপকথা। ইয়াৰ প্ৰাচীন লেটিন আৰু গ্ৰীক সংস্কৰণ আছে, আনকি এই উপকথাটো প্ৰাচীন গ্ৰীক ফুলদানিত চিত্ৰিত হ’ব পাৰে।
-
সিংহ আৰু নিগনি
সিংহ আৰু নিগনি ইছপৰ এটা অন্যতম সাধুকথা। গল্পৰ শ্ৰেণীবিভাজনৰ এক বিশেষ পদ্ধতি পেৰী সূচকাংকত এই গল্পটোৱে ১৫০ নম্বৰ স্থান লাভ কৰিছে। কাহিনীটোৰ কেইবাটাও পূবৰ সংস্কৰণ আছে, যিবোৰে আকাৰ বা আখ্যান নিৰ্বিশেষে পাৰস্পৰিক সম্পৰ্ক প্ৰদৰ্শন কৰে।
-
সোণৰ কণী পৰা হাঁহ
সোণৰ কণী পৰা হাঁহ (The Goose that Laid the Golden Eggs) ইছপৰ অন্যতম ফেবলছ বা উপকথ। আন বহুতো কাহিনীত সোণালী কণী পৰা হাঁহ পোৱা যায় যদিও কিছুমান সংস্কৰণে ইয়াক কুকুৰা বা সোণালী কণী পৰা আন চৰাইলৈ সলনি কৰে।
-
ৰেপান্জল
ৰেপান্জল হৈছে এটা অতি জনপ্ৰিয় জাৰ্মান সাধুকথা যাৰ প্ৰথম প্ৰকাশ হৈছিল ১৮১২ চনত গ্ৰীম ভাতৃদ্বয় ৰচিত "চিলড্ৰেনচ এণ্ড হাউচহোল্ড টেলছ" নামৰ পুথিখনত। প্ৰকৃততে ই Charlotte-Rosede Caumont de La Force এ লিখা ১৬৯৮ চনত প্ৰকাশিত হোৱা পাৰজিনেট নামৰ সাধুটোৰ এক অভিযোজন হে।
-
ইমান্দাৰ দাউৰে
ইমান্দাৰ দাউৰে (অসমীয়া: সৎ খৰিকটীয়া) এটা নেপালী সাধুকথা। কাহিনীটোৰ মূল নীতি শিক্ষা হৈছে "মিছা কথা নকবা আৰু লোভ নকৰিবা"। কাহিনীটো সামাজিক সজাগতা অভিযানৰ অংশ হিচাপে সজীৱ কৰি তোলা হৈছে।
-
ক্ষীৰেৰ পুতুল
ক্ষীৰেৰ পুতুল'(গাখীৰৰ পুতলা) হৈছে ১৮৯৬ চনত অবনীন্দ্ৰনাথ ঠাকুৰে শিশুসকলৰ বাবে ৰচনা কৰা এখন কাল্পনিক উপন্যাস। এই কিতাপখন প্ৰথম প্ৰকাশ কৰিছিল আদি ব্ৰহ্ম সমাজ প্ৰেছে।
-
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা অনূদিত এখনি সাধুকথাৰ পুথি৷ পুথিখনত বিশ্বৰ লোক-সাহিত্যৰ পাঁচটা ভিন্ন সাধু সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷
-
ঘৰচিৰিকাৰ হেৰুৱা বীনটো
ঘৰচিৰিকাৰ হেৰুৱা বীনটো (নেপাল ভাষা: चखुंचायागु तंगु कयगू, ইংৰাজী: The Sparrow's Lost Bean) নেপাল মণ্ডলৰ নেৱাৰসকলৰ মাজত প্ৰচলিত আটাইতকৈ জনপ্ৰিয় শিশু কাহিনীৰ ভিতৰত অন্যতম নেপালী সাধুকথা।
-
চুপ্ফনিঅ'
চুপ্ফণিঅ (Sopfünuo) এগৰাকী মহিলা আৰু তেওঁৰ সন্তানৰ বিষয়ে আংগামী নগা লোককাহিনী। তেওঁলোকৰ জন্মভূমি ৰুচমা গাঁৱলৈ উভতি অহাৰ পথত কৰুণভাৱে মৃত্যু ঘটিছিল। মৃত্যুৰ পিছত তেওঁলোক শিলাখণ্ডলৈ ৰূপান্তৰিত হৈছিল।
-
থাম্বেলিনা
থাম্বেলিনা (Tommelise, Thumbelina) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা। ১৮৩৫ চনৰ ১৬ ডিচেম্বৰত কোপেনহেগেনৰ, ডেনমাৰ্কত "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ" ত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰকাশক আছিল চি .এ.ৰেইটজেল (C.A.Reitzel)।
-
ধোন চোলেচা
ধোন চোলেচা (নেপালী: धोन चोलेचा) এজনী কণমানি ছোৱালী আৰু এগৰাকী বৃদ্ধ নেনী ছাগলীৰ নেপালী সাধুকথা। কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সমাজৰ এয়া আটাইতকৈ পৰিচিত শিশু কাহিনী। এই সাধুটোত পুন্থখু মৈঞ্চা (पुन्थखु मैंचा) নামৰ এগৰাকী কণমানি ছোৱালী আৰু তাইৰ নিষ্ঠুৰ মাহী মাকে তাইক কৰা বেয়া ব্যৱহাৰৰ বিষয়ে কোৱা হৈছে।
-
নীলা শিয়াল
নীলা শিয়াল এটা সাধুকথা যিটো সমগ্ৰ ভাৰত উপমহাদেশতে পৰিচিত।
-
বামুণ আৰু নেউলৰ সাধু
বামুণ আৰু নেউলৰ সাধু বা বামুণী আৰু নেউলৰ সাধু ভাৰতৰ এক জনপ্ৰিয় লোককথা, যি "বিশ্বৰ দেশে দেশে বিয়পি পৰা অন্যতম কাহিনী।" ইয়াত এটা নিষ্ঠাবান প্ৰাণীক প্ৰমাদবশতঃ হত্যাৰ কথা বৰ্ণনা কৰা হৈছে আৰু এইদৰে খৰখেদাকৈ কৰা কাৰ্যৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া হৈছে।