প্ৰাচীন ভাৰতীয় সাহিত্য
১৫ প্ৰবন্ধ
-
বিষ্ণু পুৰাণ
বিষ্ণু পুৰাণ (विष्णु पुराण) হৈছে হিন্দু ধৰ্মৰ অন্যতম প্ৰধান পুৰাণ। এইখন অষ্টাদশ পুৰাণৰ অন্তৰ্ভুক্ত আৰু বিষ্ণু দেৱতাৰ মহিমা আৰু কীৰ্তিৰ বৰ্ণনাৰে পূৰ্ণ। এই পুৰাণখনক বৈষ্ণৱ ধৰ্মৰ এক প্ৰামাণিক গ্ৰন্থ হিচাপে গণ্য কৰা হয়।
-
নাট্য শাস্ত্ৰ
নাট্য শাস্ত্ৰ (नाट्य शास्त्र) পৰিৱেশ্য কলাৰ বিষয়ে সংস্কৃত ভাষাত ৰচিত এক নিৱন্ধ পুথি। ভৰত মুনিক এই পুথিৰ ৰচনাৰ কৃতিত্ব দিয়া হয়। পুথিখনৰ প্ৰথমটো সম্পূৰ্ণ সংকলন আনুমানিক খ্ৰীষ্টপূৰ্ব ২০০-ৰ পৰা ২০০ চনৰ ভিতৰত কৰা হৈছিল। অৱশ্যে কিছুসংখ্যক পণ্ডিতৰ মতে ইয়াৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৫০০-ৰ পৰা ৫০০ চনৰ ভিতৰত।
-
শিৱ পুৰাণ
শিৱপুৰাণ হিন্দু ধৰ্মৰ সংস্কৃত গ্ৰন্থৰ পুৰাণ ধাৰাৰ আঠাইশখন প্ৰধান গ্ৰন্থৰ ভিতৰত অন্যতম। এই পুৰাণখন শৈৱবাদৰ সাহিত্যৰ অংশ। ই মূলতঃ হিন্দু দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ ওপৰত কেন্দ্ৰীত। সেয়ে হ'লেও ই সকলো দেৱতাৰ উল্লেখ আৰু শ্ৰদ্ধা কৰিছে।
-
কামসূত্ৰ
কামসূত্ৰ (कामसूत्र; আক্ষৰিক: 'কামনাৰ নীতি') হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন। কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল।
-
কাদম্বৰী
কাদম্বৰী সংস্কৃত ভাষাৰ এখন ৰোমাণ্টিক উপন্যাস। ইয়াক যথেষ্ট পৰিমাণে ৰচনা কৰিছিল খ্ৰীষ্টীয় সপ্তম শতিকাৰ প্ৰথমাৰ্ধত বানভট্টে, যিয়ে ইয়াক সম্পূৰ্ণ হোৱাৰ মাজেৰে চাবলৈ জীয়াই নাথাকিল। প্ৰয়াত পিতৃয়ে ৰচনা কৰা পৰিকল্পনা অনুসৰি উপন্যাসখন সম্পূৰ্ণ কৰিছিল বানাভট্টৰ পুত্ৰ ভূষণভট্টই।
-
বায়ু পুৰাণ
বায়ু পুৰাণ (वायुपुराण, ) এখন সংস্কৃত গ্ৰন্থ আৰু হিন্দু ধৰ্মৰ ওঠৰখন প্ৰধান পুৰাণৰ ভিতৰত এখন। বায়ু পুৰাণৰ উল্লেখ মহাভাৰতৰ পাণ্ডুলিপি আৰু অন্যান্য হিন্দু গ্ৰন্থত পোৱা যায়, যিয়ে পণ্ডিতসকলক এই কথা প্ৰস্তাৱ কৰিবলৈ প্ৰেৰণা দিছে যে এই গ্ৰন্থখন পৌৰাণিক ধাৰাৰ ভিতৰত প্ৰাচীনতমসমূহৰ এখন।
-
বাৎসায়ন
বাৎসায়ন / বাৎস্যায়ন (वात्स्यायन) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক, যি কামসূত্ৰ ৰ ৰচয়িতা হিচাপে প্ৰসিদ্ধ। তেওঁ খ্ৰীষ্টীয় দ্বিতীয় বা তৃতীয় শতাব্দীৰ সময়ছোৱাত ভাৰতত বাস কৰিছিল বুলি ধাৰণা কৰা হয়, সম্ভৱতঃ পাটলিপুত্ৰ (বৰ্তমানৰ বিহাৰৰ ৰাজধানী পটনা)।
-
ভোজ
ভোজ মৃত্যুৰ আগলৈকে, ১০১০ চনৰ পৰা ১০৫৫ চনলৈ মালৱা পৰমৰা ৰজা আছিল। তেওঁ ধৰা (বৰ্তমান ধৰ)ৰ পৰা শাসন কৰিছিল, আৰু নিজৰ ৰাজ্য বৃদ্ধিৰ প্ৰয়াসত প্ৰায় সকলো ওচৰ-চুবুৰীয়াৰ সৈতে যুদ্ধ কৰিছিল, বিভিন্ন মাত্ৰাত সফলতা লাভ কৰিছিল।
-
সুশ্ৰুত
সুশ্ৰুত (Sushruta; Substrata) চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাচীন গ্ৰন্থ হিচাপে গণ্য কৰা সুশ্ৰুত সংহিতা(সুশ্ৰুতৰ সংকলন)ৰ তালিকাভুক্ত লেখক। ইয়াক আয়ুৰ্বেদৰ মূল গ্ৰন্থ বুলিও গণ্য কৰা হয়।
-
পতঞ্জলিৰ যোগসূত্ৰ
পতঞ্জলিৰ যোগসূত্ৰ (योगसूत्र) হৈছে যোগ তত্ত্ব আৰু অনুশীলনৰ ওপৰত সংস্কৃত সূত্ৰৰ এক সংকলন। ব্যাস আৰু কৃষ্ণমাচাৰ্য্যৰ মতে ই ১৯৫খন আৰু বি.কে.এছ. আয়েংগাৰকে ধৰি অন্যান্য পণ্ডিতসকলৰ মতে ১৯৬খন সূত্ৰৰে গঠিত। যোগসূত্ৰসমূহ খ্ৰীষ্টীয় প্ৰথম শতিকাসমূহত সংকলিত কৰা হৈছিলো।
-
অনঙ্গৰঙ্গ
অনঙ্গৰঙ্গ (अनंगरंग) বা কমলেধিপ্লৱ (कमलेधिप्लव) হ'ল পঞ্চদশ নাইবা ষোড়শ শতিকাত কল্যাণ মল্লাই ৰচনা কৰা সংস্কৃত গ্ৰন্থ। পাণ্ডুলিপিখনৰ অনুবাদকসকলে কয় যে, ইয়াৰ উদ্দেশ্য কেৱল স্বামী-স্ত্ৰীৰ বিচ্ছেদ ৰোধ কৰা, অবাধ্যতাক উৎসাহিত কৰা নহয়।
-
চম্পু কাব্য
চম্পু কাব্য ( Champu Kavya) ভাৰতীয় সাহিত্য ৰচনাৰ এটা ধাৰা। “চম্পু’’ শব্দৰ অৰ্থ হ’ল কবিতা আৰু গদ্যৰ সংমিশ্ৰণ। পৌৰাণিক যুগত বৈদিক সাহিত্যৰ স্তৰৰ পৰাই আমি চাম্পু-কাব্য দেখিবলৈ পাওঁ।
-
ৰতিৰহস্য
ৰতিৰহস্য (रतिरहस्य) হ'ল ইংৰাজীত Secrets of Love নামেৰে অনুবাদিত, আৰু কোক শাস্ত্ৰ নামেও জনাজাত যৌনতা সম্পৰ্কীয় গ্ৰন্থ। এইখন গ্ৰন্থ প্ৰাৰম্ভিক মধ্যযুগীয় কাশ্মীৰী পণ্ডিত তথা কবি কোক্কোকাই ৰচনা কৰিছিল, যি কোক পণ্ডিত নামৰেও জনাজাত।
-
চূড়ামণি (মহাকাব্য)
চূড়ামণি (Culamani) বা সুলামণি (Sulamani) হ’ল উত্তৰ-সংগম যুগৰ তামিল সাহিত্যৰ ক্ষুদ্ৰ পাঁচখন মহাকাব্যৰ ভিতৰত অন্যতম। এইখন তামিল জৈন পণ্ডিত তোলামোলি থেভাৰে লিখিছিল। এই গ্ৰন্থখনত কোনো এটা নিৰ্দিষ্ট প্ৰধান কাহিনী নাই আৰু ই ১২টা সৰ্গত বিভক্ত ২১৩১টা চতুৰ্পদী শ্লোকৰে গঠিত।
-
বৈদিক পৰিষদ
বৈদিক পৰিষদ বা পৰিষদ (সংস্কৃত: परिषद) প্ৰাচীন ভাৰতৰ বিদ্বান ব্ৰাহ্মণ আৰু পণ্ডিতসকলৰ এখন পৰিষদ আছিল। ইয়াক ব্ৰহ্মাসভা বুলিও জনা যায়। বৈদিক পৰিষদৰ নেতৃত্বত আছিল এজন মুখ্য ন্যায়াধীশ, যাক ধৰ্মাধিকাৰিণ বুলি কোৱা হৈছিল। বৈদিক আৰু ব্ৰাহ্মণ্য যুগত ই প্ৰায়ে এক ধৰ্মীয় দৰবাৰ ৰূপে কাৰ্য্য কৰিছিল।