মহাকাব্য
২০ প্ৰবন্ধ
-
ইলিয়াড
ইলিয়াড বা ইলিয়াদ (Iliad) হৈছে হোমাৰ নামেৰে জনাজাত এটি প্ৰাচীন গ্ৰীক মহাকাব্য। এইটো অডিছিৰ দৰে ২৪খন কিতাপত বিভক্ত আৰু ডাক্টিলিক হেক্সামিটাৰ ছন্দত ৰচিত। ইয়াৰ সৰ্বাধিক গ্ৰহণযোগ্য পাঠৰূপত ১৫,৬৯৩টা শাৰী আছে।
-
থিঅ'গনি
থিঅ'গনি (প্ৰাচীন গ্ৰীক: Θεογονία, অৰ্থাৎ "দেৱতাসকলৰ বংশাৱলী বা জন্মবৃত্তান্ত") হেচিঅ'ডৰ দ্বাৰা ৰচিত গ্ৰীক দেৱতাৰ উৎপত্তি আৰু বংশাৱলীৰ বৰ্ণনা কৰা এখন মহাকাব্য৷ এই গ্ৰন্থখন খ্ৰীষ্টপূৰ্ব ৭৩০–৭০০ চনত ৰচনা কৰা হৈছিল। ইয়াক প্ৰাচীন গ্ৰীক মহাকাব্যিক উপভাষাত লিখা হৈছে আৰু ইয়াত ১০২২ টা শাৰী আছে।
-
ওডিছী
ওডিছী এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- হোমাৰ। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ নাম ইলিয়াড। ট্ৰজান যুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱৰ্তন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দেৱীৰ বন্দী হৈ থকা অৱস্থাত মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ…
-
শকুন্তলা (মহাকাব্য)
শকুন্তলা (মহাকাব্য) (নেপালী: शाकुन्तल (महाकाव्य)) হৈছে ১৯৪৫ চনত লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত আৰু সাজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এটা নেপালী মহাকাব্যিক কবিতা। ইয়াক লক্ষ্মী প্ৰসাদ দেৱকোটা আৰু নেপালী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়।
-
গৌৰী (মহাকাব্য)
গৌৰী (নেপালী: गौरी) হৈছে নেপালী "ৰাষ্ট্ৰকবি" মাধৱ প্ৰসাদ ঘিমীৰেৰ দ্বাৰা ৰচিত এখন শোকাকুল মহাকাব্য (শোককাব্য)। ইয়াৰ প্ৰথম সংস্কৰণ ২০১৫ বিক্ৰম সম্বটত (১৯৫৯-৬০ খ্ৰীষ্টাব্দ) প্ৰকাশ পাইছিল। কবিয়ে তেওঁৰ প্ৰথম পত্নী গৌৰীৰ অকাল মৃত্যুৰ পিছত তেওঁৰ স্মৃতিস্বৰূপে এই কাব্যখন ৰচনা কৰিছিল।
-
পৃথ্বীৰাজ চৌহান (মহাকাব্য)
পৃথিৱীৰাজ চৌহান (নেপালী: पृथ्वीराज चौहान; ইংৰাজী: Prithiviraj Chauhan) হৈছে 'মহাকবি' লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত এখন নেপালী ভাষাৰ মহাকাব্য। এইখন ১৯৪৬ চনত লিখা হৈছিল আৰু ২০৪৯ বিক্ৰম সম্বটত (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) সাজ প্ৰকাশনে প্ৰকাশ কৰিছিল। ই পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত।
-
খুন চেং খুন ফায়েন
খুন চেং খুন ফায়েন (থাই: ขุนช้างขุนแผน) থাই লোককথাৰ এটা কিংবদন্তিৰ আধাৰত ৰচিত এখন মহাকাব্য৷ এয়া থাই সাহিত্যৰ এক অন্যতম উল্লেখযোগ্য ৰচনা। সামগ্ৰিক ৰচনাখনত প্ৰায় ২০ হাজাৰৰো অধিক স্তৱক আছে।
-
তৰুণ তপসী
তৰুণ তপসী (নেপালী: तरुण तपसी) হ’ল ১৯৫৩ চনত লেখনাথ পৌড়েলৰদ্বাৰা ৰচিত এখন নেপালী মহাকাব্য। ই ১৯৫৩ চনত সাজা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত হৈছিল। এই মহাকাব্যখন ১৯টা সৰ্গত বিভক্ত আৰু ইয়াক শিখৰিণী ছন্দত লিখা হৈছে।
-
ফ্ৰা আফাই মণি
ফ্ৰা আফাই মণি (ইংৰাজী: Phra Aphai Mani) থাই কবি ছানথৰ্ন ফুৰ (থাই: สุนทรภู่) দ্বাৰা ৰচিত ৪৮,৭০০ শাৰীৰ এটা মহাকাব্যিক কবিতা৷ ছানথৰ্ন ফুক "ৰত্তানাকোচিন কবি" (থাই: กวีเอกแห่งกรุงรัตนโกสินทร์) বুলি জনা যায়। এই কবিতাক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়।
-
বিক্ৰমাৰ্জুন বিজয়
বিক্ৰমাৰ্জুন বিজয় (কন্নড়: ವಿಕ್ರಮಾರ್ಜುನ ವಿಜಯ; ইংৰাজী: Vikramarjuna Vijaya) (অৰ্থাৎ 'পৰাক্ৰমী অৰ্জুনৰ বিজয়'), যাক পম্প ভাৰত বুলিও জনা যায়, হৈছে ১০ম শতিকাৰ জৈন কবি আদিকবি পম্পাৰ (৯০২–৯৭৫ খ্ৰীষ্টাব্দ) এক ধ্ৰুপদী কৃতি। ই কন্নড় ভাষাত ৰচিত মহান মহাকাব্য মহাভাৰতৰ এক জৈন সংস্কৰণ।
-
অৰুন্ধতী (মহাকাব্য)
অৰুন্ধতী (Arundhatī) (১৯৯৪) হৈছে ১৯৯৪ চনত জগতগুৰু ৰামভদ্ৰাচাৰ্য (১৯৫০–)ৰ দ্বাৰা ৰচিত এখন হিন্দী মহাকাব্যিক কবিতা (মহাকাব্য)। ই ১৫টা সৰ্গত বিভক্ত ১২৭৯টা শ্লোকৰ সমষ্টি। এই কবিতাটোত বিভিন্ন হিন্দু শাস্ত্ৰত পোৱা দম্পতী অৰুন্ধতী আৰু বশিষ্ঠৰ আখ্যান উপস্থাপন কৰা হৈছে।
-
চূড়ামণি (মহাকাব্য)
চূড়ামণি (Culamani) বা সুলামণি (Sulamani) হ’ল উত্তৰ-সংগম যুগৰ তামিল সাহিত্যৰ ক্ষুদ্ৰ পাঁচখন মহাকাব্যৰ ভিতৰত অন্যতম। এইখন তামিল জৈন পণ্ডিত তোলামোলি থেভাৰে লিখিছিল। এই গ্ৰন্থখনত কোনো এটা নিৰ্দিষ্ট প্ৰধান কাহিনী নাই আৰু ই ১২টা সৰ্গত বিভক্ত ২১৩১টা চতুৰ্পদী শ্লোকৰে গঠিত।
-
চেফা
চেফা (ইংৰাজী: Sepha; থাই: เสภา) হ’ল থাই কাব্যিক কাহিনী কথনৰ এটা ধাৰা। ইয়াৰ উৎপত্তি হৈছিল ভ্ৰাম্যমাণ গায়কসকলৰ পৰা, যিসকলে দুডাল সৰু কাঠৰ টুকুৰা (যাক থাই ভাষাত ক্ৰাপ চেফা আৰু খামেৰ ভাষাত ক্ৰাপ চমল বুলি কোৱা হয়) ব্যৱহাৰ কৰি ছন্দ আৰু গুৰুত্ব প্ৰদান কৰি আবৃত্তি কৰিছিল।
-
দা অডিচী: এ মডাৰ্ণ চিকুৱেল
দা অডিচী: এ মডাৰ্ণ চিকুৱেল হৈছে গ্ৰীক কবি আৰু দাৰ্শনিক নিকোচ কাজান্তজাকিচৰ দ্বাৰা ৰচিত এখন মহাকাব্যিক কবিতা, যিখন হোমাৰৰ অডিচীৰ ওপৰত আধাৰিত। মূল অডিচীৰ দৰেই ইয়াকো ২৪টা অধ্যায়ত (ৰাস্পোডী) বিভক্ত কৰা হৈছে আৰু ইয়াত ৩৩,৩৩৩টা ১৭-অক্ষৰীয়া শ্লোক আছে।
-
ধৃতৰাষ্ট্ৰ (গ্ৰন্থ)
ধৃতৰাষ্ট্ৰ (নেপালী: धृतराष्ट्र; ইংৰাজী: Dhritarashtra) হৈছে নেপালী কবি ঘনশ্যাম কাণ্ডেলৰ এখন উল্লেখযোগ্য কাব্যগ্ৰন্থ। এইখন ২০১৬ চনত ঐৰাৱতী প্ৰকাশনে প্ৰকাশ কৰিছিল। ই এক পদ্যত ৰচিত চুটি মহাকাব্য আৰু ইয়াত হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ চকুৰে মহাভাৰতৰ কাহিনী পুনৰ বৰ্ণনা কৰা হৈছে।
-
নাৰী মহাকাব্য
নাৰী মহাকাব্য (ইংৰাজী: Female epic) হৈছে সাহিত্য সমালোচনাৰ এক ধাৰণা যিয়ে মহিলা লেখিকাসকলে তেওঁলোকৰ নিজৰ বীৰত্বপূৰ্ণ দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ পুৰুষসুলভ মহাকাব্যিক পৰম্পৰাক কেনেদৰে অভিযোজন কৰিছে, সেইটো চিনাক্ত কৰি ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব বিচাৰে।
-
বীণা-বাসৱদত্তা
বীণা-বাসৱদত্তা (Vīṇā-Vāsavadattā) হ’ল শূদ্ৰকৰ (আনুমানিক ৩য় শতিকা) দ্বাৰা ৰচিত এখন ভাৰতীয় সংস্কৃত ভাষাৰ নাটক। নাটকখনৰ প্ৰথম আঠটা অংক বৰ্তমান পোৱা যায়; ইয়াৰ অন্তিম অংশটো বৰ্তমান বিলুপ্ত। নাটকখনৰ শীৰ্ষকটো ইয়াৰ নায়িকা বাসৱদত্তা আৰু বাদ্যযন্ত্ৰ বীণাৰ সৈতে জড়িত।
-
মানাস মহাকাব্য
মানাস মহাকাব্য (Манас дастаны, Manas dastany, ماناس داستانی, 瑪納斯) হৈছে কেন্দ্ৰীয় এছিয়া আৰু পূব এছিয়াৰ কিৰ্গিজসকলৰ এখন দীঘলীয়া আৰু পৰম্পৰাগত মহাকাব্য। ১৯শ শতিকাৰ সংস্কৰণসমূহত ১৮শ শতিকাৰ ঐতিহাসিক ঘটনাসমূহ অন্তৰ্ভুক্ত আছে, যদিও কিৰ্গিজ পৰম্পৰাৰ মতে এই মহাকাব্য বহু পুৰণি।
-
হাৰমনিয়াকোচৰ ইলিয়াড
হাৰমনিয়াকোচৰ ইলিয়াড হৈছে চতুৰ্দশ শতিকাৰ কনষ্টাণ্টিাইন হাৰমনিয়াকোচৰ দ্বাৰা ৰচিত ইলিয়াডৰ এক বাইজেণ্টাইন ব্যাখ্যা। এই কবিতাটো এপাইৰাছৰ শাসকৰ নিৰ্দেশত লিখা হৈছিল, যিয়ে হাৰমনিয়াকোচক গ্ৰীক কথিত ভাষাত এই মহাকাব্যখনৰ এক নতুন সংস্কৰণ লিখিবলৈ অনুৰোধ কৰিছিল।
-
ৰশ্মিৰথী
ৰশ্মিৰথী (Rashmirathi) (অৰ্থাৎ 'পোহৰৰ ৰথৰ আৰোহী'; 'ৰশ্মি' মানে পোহৰৰ ৰশ্মি আৰু 'ৰথী' মানে ৰথ চলোৱা জন) হৈছে ১৯৫২ চনত কবি ৰামধাৰী সিং দিনকৰৰ দ্বাৰা ৰচিত এটা হিন্দী মহাকাব্যিক কবিতা। এই কবিতাটোত হিন্দু মহাকাব্য মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ কৰ্ণৰ কাহিনী বৰ্ণনা কৰা হৈছে।