চপলা বুক ষ্টল (Chapala Book Stall) হৈছে শ্বিলং, মেঘালয়ৰ পুলিচ বজাৰৰ কিটিং ৰ’ডত অৱস্থিত এটি নব্বৈ বছৰ পুৰণি গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান।১ ১৯৩৬ চনৰ ২০ জানুৱাৰী তাৰিখে অসমৰ শ্ৰী ভূমিৰ এগৰাকী গণ্য-মান্য ব্যক্তি বিভুভূষণ চৌধুৰীয়ে এই প্ৰকাশন গোষ্ঠীটি প্ৰতিষ্ঠা কৰিছিল।২
ইতিহাস
১৯৩৬ চনত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত চপলা বুক ষ্টল প্ৰতিষ্ঠা হয়। প্ৰতিষ্ঠাপক বিভুভূষণ চৌধুৰীৰ প্ৰয়াত ভগ্নী ‘চপলা’ৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম চপলা বুক ষ্টল ৰখা হৈছিল।৩ ১৯৪০ চনলৈকে জেইল ৰোডৰ অৱস্থিত প্ৰফুল্ল চৌধুৰীৰ বাসভৱনৰপৰা প্ৰতিষ্ঠানটোৰ কাম-কাজ চলিছিল।৪
প্ৰতিষ্ঠাপক
মূল প্ৰবন্ধ: বিভুভূষণ চৌধুৰী
সাহিত্যিক, সমাজ-সংগঠক, দাতা আৰু ব্যৱসায়ী বিভুভূষণ চৌধুৰী আছিল চপলা বুক ষ্টলৰ প্ৰতিষ্ঠাতা।
প্ৰকাশিত কিতাপ
- কীৰ্ত্তন
- শ্ৰীশ্ৰীকৃষ্ণ গীতা
- বলিছলন
- হৰি উপাখ্যান
- সীতাৰ বনবাস
- নামতি
- শ্ৰীশ্ৰীআদি যামল
- নাম মালিকা
- কালিকা পুৰাণ
- কাণ খোৱা
- স্যমন্ত শৰণ
- লক্ষ্মী চৰিত্ৰ
- শ্ৰীশ্ৰী প্ৰভাত গধূলী গোষ্ঠ
- নাম ঘোষা
- কাদম্বৰী কথা
- শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত
- নাৰী-ৰত্ন
- চিত্ৰাঙ্গদা
তথ্যসূত্ৰ
- ↑ Rahul Saikia. (10 September 2016). Early Bengali Influences in the Commercial Heart of Shillong. raiot.in
- ↑ বিভুভূষণ চৌধুৰী. (২০১০). বনলতা সাহিত্য. বনলতা. পৃ. ৬৪-৬৫
- ↑ (July 19, 2020). Last chapter but not the end. The Shillong Times. পৃ. Page C
- ↑ ডাঃ মিহিৰ কুমাৰ গোস্বামী. (২০১০). বনলতা সাহিত্য. বনলতা. পৃ. ৬৬-৭০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চপলা বুক ষ্টল” প্ৰবন্ধৰ সংশোধন ৬১৮৩৪৯ (২০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।