কবিতা
৫১ প্ৰবন্ধ
-
কবিতা
কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভৱত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ। কবিতা হ'ল জীৱনৰ বৈচিত্ৰ্যময় আৰু জটিল সৃষ্টি।
-
বন্দে মাতৰম্
বন্দে মাতৰম্ (সংস্কৃত: 'वन्दे मातरम्'; "মাতৃ বন্দনা") বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প।
-
জন গণ মন
জন গণ মন (जन गण मन) হৈছে ভাৰতবৰ্ষৰ জাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। ১৯১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়।
-
গীতাঞ্জলি (কাব্যগ্ৰন্থ)
গীতাঞ্জলি (গীতাঞ্জলি; Gitanjali) ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলা ভাষাত ৰচনা কৰা এখন কাব্যগ্ৰন্থ। এইখন ১৫৭টা গীতিকবিতাৰ সংকলন। এইবিলাক মূলত: ভক্তিমূলক ৰচনা আৰু কবি আৰোপিত সুৰত অধিকাংশই গীত হৈ আছে। ১৯০৮-০৯ চনত ৰচিত এই কবিতাবিলাক ১৯১০ চনত গীতাঞ্জলি গ্ৰন্থাকাৰে প্ৰকাশিত হয়।
-
অসমীয়া কবিতা
অসমীয়া কবিতা হৈছে অসমীয়া ভাষাত ৰচিত কবিতা। অসমীয়া কবিতাৰ উৎপত্তি ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে হোৱা বুলি ধৰা হয়।
-
ছনেট
ছনেট ( Sonnet) কাব্য-সাহিত্যৰ এটি ৰূপ। চিচিলিয়ান চহৰ ’পাৰ্লামোৰ’ ৰোমান সম্ৰাট দ্বিতীয় ফ্ৰডেৰিকৰ ৰাজদৰবাৰত ৰচিত কবিতাৰ মাজৰ এটা কাব্যিক ৰূপ হৈছে ছনেট। ত্ৰয়োদশ শতিকাৰ কবি আৰু নটাৰী ’জিয়াকামো দা লেণ্টিনি’ক ছনেট উদ্ভাৱনৰ কৃতিত্ব দিয়া হয় আৰু তেওঁক আগুৰি থকা “চিচিলিয়ান স্কুল অৱ পয়েট’’এ কবিতাৰ এই…
-
পদ্মাৱত
পদ্মাৱত ১৫৪০ চনত চুফী কবি মালিক মহম্মদ জায়চীয়ে ৰচনা কৰা এটা মহাকাব্যিক কবিতা। তেখেতে কবিতাটো হিন্দুস্তানী ভাষা অৱধী আৰু তাৰ পূৰ্বে পাৰ্ছী নাষ্টালিক লিপিত ৰচনা কৰিছিল। অৱধীত ৰচিত বৰ্তমানেও প্ৰাপ্য গুৰুত্বপূৰ্ণ ৰচনাসমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি।
-
হাইকু
হাইকু (俳句 haikai verse?) এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে: * হাইকুৰ এটা বৈশিষ্ট্য হৈছে, 'কিৰু' (আক্ষৰিক অৰ্থঃ কটা) (kiru)। দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ, যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক 'কিৰেজি' (kireji) বোলা হয়।
-
হনুমান চালিছা
হনুমান চালিছা হৈছে ভগৱান হনুমানৰ প্ৰশংসাত ৰচিত হিন্দু ধৰ্মৰ এক ভক্তিমূলক স্তোত্ৰ। লাখ লাখ হিন্দু ধৰ্মাৱলম্বী লোকে জনপ্ৰিয়ভাৱে প্ৰতিদিনে ইয়াৰ আবৃত্তি কৰে।
-
ৰুবায়েট
ৰুবায়েট (رباعیات عمر خیام) একাদশ শতিকাৰ পাৰস্যৰ কবি ওমৰ খৈয়ামৰ দ্বাৰা ৰচিত এখন কাব্য সংকলন। পাৰ্চী ভাষাত ৰুবায় শব্দৰ অৰ্থ দুশৰীয়া এক বিশেষ শ্ৰেণীৰ কবিতাৰ পংক্তি। ৰুবায়েটৰ অৰ্থ ৰুবায়ৰ দুগুণ অৰ্থাৎ চাৰিশৰীয়া কবিতাৰ পংক্তি।
-
কবিতা অধ্যয়ন গোট
কবিতা অধ্যয়ন গোট (ইংৰাজী: Kabita Adhyayan Got) হ'ল কবিতা আৰু কবিতা বিষয়ক মুকলি চিন্তা-চৰ্চাৰ বাবে গঠিত এটি অধ্যয়ন চক্ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উজনি অসমৰ কেইজনমান কবি আৰু সমালোচকৰ উদ্যোগত ২০১৯ চনত এই গোটটো গঠিত হয়।
-
পৰ্বান্তৰৰ পদ্য
পৰ্বান্তৰৰ পদ্য (Parbantarar Padya --a New Chapter for Verse, ISBN 978-93-90043-04-0) হ'ল ২০২০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 'কবিতা অধ্যয়ন গোট'-এ প্ৰকাশ কৰা 'অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা' সন্দৰ্ভত এক ইস্তাহাৰ আৰু কবিতাৰ এক সংকলন।
-
বিশ্ব কবিতা দিৱস
বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক'ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে।
-
লিমাৰিক (কবিতা)
লিমাৰিক (Limerick) হৈছে পাঁচশাৰীৰ ছন্দযুক্ত কবিতা যিবোৰত ঘাইকৈ হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট হৈ থাকে। ১৯ শতিকাত এডৱাৰ্ড লিয়েৰে এই কবিতাৰ ধাৰাটো জনপ্ৰিয় কৰি তোলে। লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে।
-
শকুন্তলা (মহাকাব্য)
শকুন্তলা (মহাকাব্য) (নেপালী: शाकुन्तल (महाकाव्य)) হৈছে ১৯৪৫ চনত লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত আৰু সাজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এটা নেপালী মহাকাব্যিক কবিতা। ইয়াক লক্ষ্মী প্ৰসাদ দেৱকোটা আৰু নেপালী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়।
-
গৌৰী (মহাকাব্য)
গৌৰী (নেপালী: गौरी) হৈছে নেপালী "ৰাষ্ট্ৰকবি" মাধৱ প্ৰসাদ ঘিমীৰেৰ দ্বাৰা ৰচিত এখন শোকাকুল মহাকাব্য (শোককাব্য)। ইয়াৰ প্ৰথম সংস্কৰণ ২০১৫ বিক্ৰম সম্বটত (১৯৫৯-৬০ খ্ৰীষ্টাব্দ) প্ৰকাশ পাইছিল। কবিয়ে তেওঁৰ প্ৰথম পত্নী গৌৰীৰ অকাল মৃত্যুৰ পিছত তেওঁৰ স্মৃতিস্বৰূপে এই কাব্যখন ৰচনা কৰিছিল।
-
চাক্ষুস কবিতা
কবিতাৰ অৰ্থ প্ৰকাশৰ বাবে গ্ৰাফিক আৰু দৰ্শনীয় নমুনাৰ উপাদানসমূহ সন্নিৱিষ্ট কৰি সৃষ্টি কৰা কবিতাৰ এক শৈলীক চাক্ষুস কবিতা বা (Visual poetry) বোলা হয়। এই শৈলীত দৃশ্য কলা আৰু লিখিত প্ৰকাশৰ সংমিশ্ৰণেৰে কবিতা উপস্থাপন আৰু ব্যাখ্যাৰ নতুন পদ্ধতি সৃষ্টি কৰা হৈছে।
-
জ্ঞান-মালিনী
জ্ঞান-মালিনী অসমীয়া কবিতাৰ পুথি৷ পুথিখনৰ লেখক মফিজুদ্দিন আহমদ হাজৰিকা৷ প্ৰথম প্ৰকাশ হয় ১৮৯৬ চনৰ মে’ মাহত৷ মফিজুদ্দিন আহমদ হাজৰিকাৰ এই জনপ্ৰিয় কবিতা পুথিখনৰ বাবেই তেওঁক জ্ঞান-মালিনীৰ কবি হিচাপেও জনাজাত।
-
পাঁচালী
পাঁচালী হৈছে মুখ পৰম্পৰাৰে প্ৰচলিত হৈ অহা এক গীতি কাব্য। মুখে মুখে প্ৰচলিত হৈ অহা এই কাব্যই ১৫-১৬ শতিকাৰ অসমীয়া কবি মনকৰ, দুৰ্গাবৰ কায়স্থ আদিৰ দ্বাৰা লিখিত ৰূপ লাভ কৰিছে। পাঁচালী সাহিত্যক পাঞ্চালী বুলিও কোৱা হয়।
-
পাগলী, তোমাৰ সঙ্গে
পাগলী, তোমাৰ সঙ্গে হৈছে বঙালী কবি জয় গোস্বামীৰ ৪৩টা কবিতাৰ সংকলন, যি জানুৱাৰী ১৯৯৪-ত আনন্দ প্ৰকাশনদ্বাৰা প্ৰকাশিত হৈছিল। ২০০০ চনত, এইখন কাব্য সংকলনৰ বাবে জয় গোস্বামীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
পৃথ্বীৰাজ চৌহান (মহাকাব্য)
পৃথিৱীৰাজ চৌহান (নেপালী: पृथ्वीराज चौहान; ইংৰাজী: Prithiviraj Chauhan) হৈছে 'মহাকবি' লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত এখন নেপালী ভাষাৰ মহাকাব্য। এইখন ১৯৪৬ চনত লিখা হৈছিল আৰু ২০৪৯ বিক্ৰম সম্বটত (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) সাজ প্ৰকাশনে প্ৰকাশ কৰিছিল। ই পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত।
-
ফৰিংবোৰে বাটৰ কথা জানে
ফৰিংবোৰে বাটৰ কথা জানে (Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ। ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।
-
বনলতা সেন (কবিতা)
বনলতা সেন বঙালী ভাষাৰ অতি জনপ্ৰিয় কবিতাসমূহৰ মাজত অন্যতম। কবিতাটোৰ ৰচয়িতা বিংশ শতাব্দীৰ আধুনিক বাঙালী কবি জীবনানন্দ দাস। এইটো প্ৰধানত এটি ৰোমান্তিক গীতি কবিতা হিচাবেই সমাদৃত।
-
মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন
মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন (ইংৰাজী: Modern Poetry in Translation) ইংলেণ্ডৰপৰা প্ৰকাশিত এখন কবিতাৰ আলোচনী। চাৰিমহীয়া আলোচনীখন মুদ্ৰিত আৰু অনলাইন দুয়োটা ৰূপতে উপলব্ধ। আলোচনীখনত সমসাময়িক বিশ্বৰ বিভিন্ন ভাষাৰ কবিতা ইংৰাজী অনুবাদত প্ৰকাশ পায়।
-
সুগন্ধি পখিলা
সুগন্ধি পখিলা অসমৰ এগৰাকী কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত লিখা মুঠ ১৩৮ টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে।
-
কাকউইন ভৰতযোদ্ধা
কাকউইন ভৰতযোদ্ধা বা কাকৱিন ভৰতযোদ্ধা(Kakawin Bhāratayuddha) হৈছে এখন জাভানিজ কাব্য গ্ৰন্থ। মু ছেদাহ আৰু তেওঁৰ ভাতৃ মু পেনুলুহে মহাভাৰতৰ কিছুমান পৰ্বক জাভা কাব্যিক উপস্থাপনেৰে এই গ্ৰন্থখন ৰচনা কৰিছিল।
-
কৰতল কমল কমল দল নয়ন
কৰতল কমল কমল দল নয়ন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি ভক্তি বিষয়ক কবিতা। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই এই কবিতাটো ৰচনা কৰি সকলোকে অভিভূত কৰে। তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।
-
গিলকা মাচাডো
গিলকা মাচাডো ( Gilka Machado; ১৮৯৩–১৯৮০ চন) আছিল এগৰাকী ব্ৰাজিলৰ কবি আৰু ৰাজনৈতিক কৰ্মী। ব্ৰাজিলৰ কামোদ্দীপক কবিতা লিখা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম হিচাপে তেওঁ পৰিচিত হৈছিল; তেওঁৰ কামক সাধাৰণতে প্ৰতীকী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
-
তৰুণ তপসী
তৰুণ তপসী (নেপালী: तरुण तपसी) হ’ল ১৯৫৩ চনত লেখনাথ পৌড়েলৰদ্বাৰা ৰচিত এখন নেপালী মহাকাব্য। ই ১৯৫৩ চনত সাজা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত হৈছিল। এই মহাকাব্যখন ১৯টা সৰ্গত বিভক্ত আৰু ইয়াক শিখৰিণী ছন্দত লিখা হৈছে।
-
নতুন কবিতা
নতুন কবিতা অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন। সম্পাদক মহেন্দ্ৰ বৰা। সঙ্কলনটোৰ প্ৰথম প্ৰকাশ হয় ১৯৫৬ চনত। গ্ৰন্থখন মূলতঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ নিৰ্বাচিত সংকলন।