উপন্যাস
৫৩ প্ৰবন্ধ
-
হেৰী পটাৰ
হেৰী পটাৰ (Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে। কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট।
-
কাদম্বৰী
কাদম্বৰী সংস্কৃত ভাষাৰ এখন ৰোমাণ্টিক উপন্যাস। ইয়াক যথেষ্ট পৰিমাণে ৰচনা কৰিছিল খ্ৰীষ্টীয় সপ্তম শতিকাৰ প্ৰথমাৰ্ধত বানভট্টে, যিয়ে ইয়াক সম্পূৰ্ণ হোৱাৰ মাজেৰে চাবলৈ জীয়াই নাথাকিল। প্ৰয়াত পিতৃয়ে ৰচনা কৰা পৰিকল্পনা অনুসৰি উপন্যাসখন সম্পূৰ্ণ কৰিছিল বানাভট্টৰ পুত্ৰ ভূষণভট্টই।
-
দ্য গড অৱ স্মল থিংছ
দ্য গড অৱ স্মল থিংছ (১৯৯৭) হ’ল ভাৰতীয় লেখিকা অৰুন্ধতী ৰায়ৰ প্ৰথম উপন্যাস। "কাক, কেনেকৈ আৰু কিমান পৰিমাণে ভালপাব লাগে" তাৰ হিচাপ বান্ধি দিয়া "ভালপোৱাৰ নিয়ম"বোৰৰ মেৰপেছত পৰি হতদিশ হোৱা এহাল যমজ শিশুৰ বাল্যকালৰ কাহিনী ইয়াত বৰ্ণিত হৈছে।
-
ৰিভ'লিউচন ২০২০
ৰিভ'লিউচন ২০২০: লাভ, কৰাপচন, এম্বিচন (Revolution 2020: Love, Corruption, Ambition)হৈছে চেতন ভগতৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। উপন্যাসখনৰ সমগ্ৰ কাহিনীটো প্ৰেম, দুৰ্নীতি আৰু উচ্চাকাংক্ষা - এই ত্ৰিকোণীয়া ত্ৰিভুজৰ মাজত আৱদ্ধ।
-
দ্য ইমৰ্টেলছ অফ মেলুহা
দ্য ইমৰ্টেলছ অফ মেলুহা (The Immortals of Meluha) অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজী গ্ৰন্থ শৃংখলাৰ প্ৰথমখন গ্ৰন্থ। কাহিনীৰ পৃষ্ঠভূমি হৈছে মেলুহা আৰু ই তিব্বতীয় জনজাতীয় লোক শিৱৰ আগমনৰ সৈতে আৰম্ভ হৈছে।
-
দ্য ছিক্ৰেট অফ দ্য নাগাজ
দ্য ছিক্ৰেট অফ দ্য নাগাজ (The Secret of the Nagas) ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীয়ে লিখা শিৱ ত্ৰিলজীৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন গ্ৰন্থ দ্য ইমৰ্টেলছ অফ মেলুহাত মেলুহা নামৰ কাল্পনিক ঠাইক কেন্দ্ৰ কৰি ত্ৰিলজীৰ কাহিনীভাগ আৰম্ভ হয়।
-
দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ
দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ (The 3 Mistakes of My Life) হৈছে চেতন ভগত ৰচিত তৃতীয়খন উপন্যাস। ২০০৮ চনৰ মে' মাহত ইয়াৰ প্ৰথম ৪ লাখ ২০ হাজাৰটা কপি প্ৰকাশ হৈ ওলায়। পশ্চিম ভাৰতৰ আহমেদাবাদৰ পটভূমিত ৰচিত এই উপন্যাসখনিত তিনিজন বন্ধুৰ কাহিনী বৰ্ণিত হৈছে। চেতন ভগতৰ এইখন তৃতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস।
-
টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ
টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ (2 States: The Story of My Marriage) চেতন ভগতৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০০৯ চনৰ ৮ অক্টোবৰত এই উপন্যাস প্ৰথম প্ৰকাশ পাইছিল। ফাইভ পইণ্ট চামৱানৰ পিছত অধিকাংশই নিজৰ জীৱনৰ ওপৰত আধাৰিত হোৱা এইখন চেতন ভগতৰ দ্বিতীয় গ্ৰন্থ।
-
ত'ত্ত'-চ্চান
ত’ত্ত’–চ্চান: খিৰিকীমুখত অকনিজনী (মূল শিৰোনাম 窓ぎわのトットちゃん, মাডগিৱা ত’ত্ত’–চ্চান; Totto Chan: The Little Girl at the Window) জাপানী লেখিকা তেৎছুকো কুৰ'য়ানাগিয়ে ৰচনা কৰা এখন আত্মজীৱনীমূলক শিশু উপন্যাস। জাপানী ভাষাত ৰচিত এই উপন্যাস ১৯৮১ চনত প্ৰকাশিত হৈছিল।
-
এছিড (উপন্যাস)
এছিড ভাৰতীয় ছাইকেডেলিক ধাৰাৰ উপন্যাস, যি সঙ্গীতা শ্ৰীনিবাসনে লিখিছে। মূলতঃ মালয়ালম ভাষাত ৰচিত এই গ্ৰন্থখন লেখিকাই নিজেই ইংৰাজীলৈ অনুবাদ কৰে। এইখন তেওঁৰ তৃতীয় উপন্যাস।
-
ছিন্নমস্তাৰ অভিশাপ
ছিন্নমস্তাৰ অভিশাপ (ইংৰাজী শিৰোনাম: The Curse of the Goddess) হৈছে সত্যজিৎ ৰায়ৰ এখন বাংলা উপন্যাস, য’ত ব্যক্তিগত ডিটেকটিভ ফেলুদাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ১৯৭৮ চনত প্ৰথমে দেশ পত্ৰিকাত ধাৰাবাহিকভাৱে প্ৰকাশ পায়, আৰু তাৰ পিছত ১৯৮১ চনত আনন্দ পাব্লিচাৰ্ছৰদ্বাৰা কিতাপ ৰূপত প্ৰকাশ পায়।
-
দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ
দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ (The Oath of the Vayuputras) হৈছে ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজীৰ অন্তিমখন গ্ৰন্থ। ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড প্ৰেছযোগে উন্মোচন কৰা গ্ৰন্থখনে মেলুহা নামৰ এখন কাল্পনিক ঠাই আৰু ইয়াৰ নিবাসীসকলক শিৱ নামৰ ভ্ৰমণকাৰী এজন কিদৰে ৰক্ষা সেই কাহিনী সম্পূৰ্ণ কৰিছে।
-
দ্য এলকেমিষ্ট (উপন্যাস)
দ্য এলকেমিষ্ট (The Alchemist) পাওলো কোৱেলহো ৰচিত এক উপন্যাস। ইয়াৰ প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। মূল পৰ্টুগীজ ভাষাত ৰচিত এই গ্ৰন্থখন ২০১১ চনলৈকে ৭১টা বিভিন্ন ভাষালৈ অনূদিত হৈছে।
-
দ্য টেল অফ গেঞ্জি
দ্য টেল অফ গেঞ্জি (源氏物語; The Tale of Genji) একাদশ শতিকাৰ আগছােৱাত ৰচিত এই প্ৰখ্যাত ৰােমাঞ্চখন জাপানী গদ্য সাহিত্যৰ এখন কালজয়ী গ্ৰন্থ। অতি বৃহৎ আকাৰৰ চৌৱন্নটা অধ্যায় সম্বলিত এই গ্ৰন্থখনিত এজন জাপানী সম্ৰাটৰ কিৰিছুৱা নামৰ উপপত্নীৰ গৰ্ভজাত সন্তান গেঞ্জিৰ জীৱন-যৌৱন,প্ৰেমৰ কাহিনী আৰু তেওঁৰ পিছৰ জীৱনৰ…
-
পদ্মানদীৰ মাঝি (উপন্যাস)
পদ্মানদীৰ মাঝি ঔপন্যাসিক মানিক বন্দ্যোপাধ্যায় ৰচিত এখন উপন্যাস। প্ৰকাশকালৰ আনুমানিক হিচাপত পুতুলনাচেৰ ইতিকথা উপন্যাসখনক তৃতীয় উপন্যাস হিচাপে ধৰিলে পদ্মানদীৰ মাঝি মানিক বন্দ্যোপাধ্যায়ৰ চতুৰ্থ উপন্যাস।
-
পুতুল নাচেৰ ইতিকথা
পুতুল নাচেৰ ইতিকথা (Putul Nacher Itikatha) হৈছে বাঙালী সাহিত্যিক মানিক বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত তৃতীয় উপন্যাস আৰু চতুৰ্থ ছপা গ্ৰন্থ। উপন্যাসখন ১৩৪১ বঙ্গাব্দৰ পুহ মাহৰ পৰা ১৩৪২ বঙ্গাব্দৰ আঘোন মাহলৈকে ভাৰতবৰ্ষ আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।
-
ফ্ৰেংকেনষ্টাইন
ফ্ৰেংকেনষ্টাইন (Frankenstein) বা দ্য মডাৰ্ণ প্ৰমিথিউছ (The Modern Prometheus) হৈছে মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস। স্বামীৰ লগত ছুইজাৰলেণ্ডলৈ ফুৰিবলৈ যাওঁতে তেওঁৰ এই উপন্যাসখনৰ বীজৰ সৃষ্টি হয় আৰু তেওঁ ১৮ বছৰ বয়সতেই এই উপন্যাসখন ৰচনা কৰে।
-
বিষাদ সিন্ধু
বিষাদ সিন্ধু ( Ocean of Sorrow; বিষাদ সিন্ধু) হৈছে প্ৰথম আধুনিক বাংলা ছিয়া লেখক আৰু ঔপন্যাসিক মিৰ মোছাৰফ হুছেইনৰ বাংলা মহাকাব্য উপন্যাস। বাংলা সাহিত্যৰ কেন্দ্ৰীয় গ্ৰন্থ হিচাপে গণ্য কৰা আৰু হুছেইনৰ উত্তম সাহিত্যিক কৃতিত্ব হিচাপে গণ্য কৰা এই উপন্যাসখনত মুহাম্মদৰ নাতি-নাতিনীৰ জীৱনৰ ছিয়া সংস্কৰণৰ…
-
মা (ৰুছ উপন্যাস)
মা বা মাডাৰ (The Mother) হ'ল ৰুছ ভাষাত ৰচিত এখন উপন্যাস। এই উপন্যাস মেক্সিম গৰ্কীৰ দ্বাৰা ৰচিত। মা উপন্যাসৰ বিষয় মূলতঃ আন্দোলনকাৰী কলঘৰ কৰ্মীৰ বিষয়ে। এই উপন্যাস পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে, আৰু কিছু চলচ্চিত্ৰও এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।
-
ৰবিনছন ক্ৰুছো
ৰবিনছন ক্ৰুছো (Robinson Crusoe) হৈছে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফোৰ দ্বাৰা ৰচিত এখন উপন্যাস। এই উপন্যাসখন ২৫ এপ্ৰিল ১৭১৯ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখনৰ নায়ক ৰবিনছন ক্ৰুছোক বহুতো পাঠকে সঁচা ভ্ৰমণকাৰী ব্যক্তি বুলি বিশ্বাস কৰিছিল।
-
অগ্ৰগামিনী
অগ্ৰগামিনী হৈছে নিৰুপমা বৰগোহাঞি ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত। অসমীয়া সাহিত্যত ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত এইখন প্ৰথম উপন্যাস। অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ নিজৰ কঠোৰ পৰিশ্ৰম আৰু ত্য়াগেৰে অৱদান আগবঢ়াই যোৱা মিৰিৰ জীৱন প্ৰতিগৰাকী নাৰীৰ বাবে এক আদৰ্শ।
-
অনিমেষ চতুষ্ক (উপন্যাস)
অনিমেষ চতুষ্ক (Animesh quartet) হ'ল প্ৰখ্যাত বাঙালী সাহিত্যিক সমৰেশ মজুমদাৰৰ দ্বাৰা ৰচিত চাৰিখন উপন্যাসৰ একত্ৰ সংকলন। চাৰিখন উপন্যাস হ'ল উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষ এবং মৌষলকাল। গৌতম ঘোষে কালবেলা উপন্যাসখনক লৈ এখন বোলছবি নিৰ্মাণ কৰিছে।
-
অৰণ্যেৰ অধিকাৰ
অৰণ্যেৰ অধিকাৰ (প্ৰথম প্ৰকাশ:১৯৭৭) হ'ল মহাশ্বেতা দেৱী ৰচিত বাংলা উপন্যাস। এইখন উপন্যাসৰ বাবে মহাশ্বেতা দেৱীয়ে ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জীৱন আৰু যুদ্ধৰ বৰ্ণনা কৰা হৈছে।
-
ইংগা (উপন্যাস)
ইংগা (Inga; ২০১৪) হৈছে পইলে সেনগুপ্তৰ দ্বাৰা ৰচিত এখন ভাৰতীয় ইংৰাজী উপন্যাস। উপন্যাসখনৰ কাহিনীটো তামিল ব্ৰাহ্মণ নাৰী ৰাপাৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আধাৰিত। সেনগুপ্ত মূলতঃ এজন নাট্যকাৰ আৰু এজন থিয়েটাৰ ব্যক্তিত্ব হিচাপে পৰিচিত।
-
এ পেছেজ টু ইণ্ডিয়া (উপন্যাস)
এ পেছেজ টু ইণ্ডিয়া (A Passage to India) হৈছে ১৯২০ চনত ব্ৰিটিছ ৰাজ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ বিষয় হিচাপে লৈ ইংৰাজ লেখক ই এম ফৰ্ষ্টাৰৰ ১৯২৪ চনত প্ৰকাশিত এখন উপন্যাস।
-
এন আফ্ৰিকান নাইটছ এণ্টাৰটেইনমেণ্ট
এন আফ্ৰিকান নাইটছ এণ্টাৰটেইনমেণ্ট (ইংৰাজী: An African Night's Entertainment) হ’ল নাইজেৰিয়ান লেখক চাইপ্ৰিয়ান একৱেনসিৰ দ্বাৰা ৰচিত ১৯৬২ চনৰ এখন লোককথাভিত্তিক উপন্যাস।
-
এহো হামাৰা জীৱনা
এহো হামাৰা জীৱনা (Eho Hamara Jeevna; পাঞ্জাৱী: ਏਹੁ ਹਮਾਰਾ ਜੀਵਣਾ; ইংৰাজী অনুবাদ: This our life or And Such is Her Fate) হৈছে দলিপ কৌৰ তিৱানাই লিখা এখন পাঞ্জাৱী উপন্যাস। ১৯৬৮ চনত প্ৰকাশিত উপন্যাসখন লেখকৰ দ্বিতীয়খন উপন্যাস। এই উপন্যাসখনৰ বাবে তিৱানাই ১৯৭১ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
গণদেবতা
গণদেবতা হ'ল বাংলা ভাষাৰ অন্যতম কথাসাহিত্যিক তাৰাশংকৰ বন্দ্যোপাধ্যায় ৰচিত এখন বিখ্যাত আৰু জনপ্ৰিয় উপন্যাস। ১৯৪২ খ্ৰীষ্টাব্দত প্ৰকাশিত মহাকাব্যিক পটভূমিৰ এই উপন্যাসখনৰ বিষয়বস্তু বিভাজনোত্তৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা আৰু স্বাধীনতা আন্দোলন তথা ঔদ্যোগীকৰণৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্য সমাজৰ বিৱৰ্তন।
-
গোৰা (উপন্যাস)
গোৰা (Gora) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ১৮৮০ দশকত ব্ৰিটিছ ৰাজত্বকালৰ সময়ত কলকাতাৰ পটভূমিত ৰচনা কৰা উপন্যাস। লিখাৰ ক্ৰম অনুযায়ী এইখন পঞ্চম আৰু তেৰখন উপন্যাসৰ ভিতৰত ই দীঘলীয়া উপন্যাস। এইখন ৰাজনীতি আৰু ধৰ্ম বিষয়ক দাৰ্শনিক বিতৰ্কৰে সমৃদ্ধ উপন্যাস।
-
টু লীভচ এণ্ড এ বাড (উপন্যাস)
টু লিভছ এণ্ড এ বাড (Two Leaves and a Bud) হ'ল মুল্কৰাজ আনন্দৰ এখন উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৩৭ চনত। তেওঁৰ আন উপন্যাসৰ দৰেই ইয়াতো দুখীয়াৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু ইয়াত এজন কৃষকে নিজৰ কন্যাক ব্ৰিটিছ সৈনিকৰপৰা বচাবলৈ চেষ্টা কৰা কাহিনী।