দশানন ৰাৱণ (Dashanan Ravan) বঙালী ভাষাৰ পৰা অনূদিত এখন অসমীয়া উপন্যাস। উপন্যাসখন ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত। বঙালী সাহিত্যিক ড° দীপক চন্দ্ৰ ৰচিত একে নামৰ উপন্যাসখন অসমীয়া ভাষালৈ গোৱিন্দ প্ৰসাদ ভূঞাই অনুবাদ কৰি ২০১৩ চনত প্ৰথম “অসম পাবলিচিং কোম্পানী”ৰ দ্বাৰা প্ৰকাশ কৰে।১
চমু বিৱৰণ
ত্ৰিকূট পৰ্বতৰ সুউচ্চ শিখৰত বিশ্বকৰ্মাই নিৰ্মাণ কৰা মণিময় প্ৰসাদৰ পৰা আৰম্ভ কৰি ৰাৱণৰ মাক কৈকেষীয়ে ৰাৱণক তেওঁৰ বংশ পূৰ্বপুৰুষৰ কথা কয়। দাইবা নৰগোষ্ঠীৰ সাম্ৰাজ্য; কৈকেষীৰ পিতামহ সুকেশক শিৱ পাৰ্বতীয়ে পালন কৰা; সুমালী, মালী আৰু মাল্যবানয়ে দেৱতাসকলৰ লগত কৰা যুদ্ধৰ কথা; ৰাৱণে কুবেৰৰ পৰা লংকা জয় কৰা আদি কাহিনী উপন্যাসখনত লেখকে বৰ্ণনা কৰিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দশানন ৰাৱণ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৬০৪১৫৫ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।