ইংৰাজী আলোচনী
২৩ প্ৰবন্ধ
-
ইণ্ডিয়া টুডে
ইণ্ডিয়া টুডে (India Today) হৈছে লিভিং মিডিয়া ইণ্ডিয়া লিমিটেডৰ দ্বাৰা প্ৰকাশিত এখন সাপ্তাহিক ভাৰতীয় ইংৰাজী ভাষাৰ বাতৰি আলোচনী। ই ভাৰতৰ অন্যতম সৰ্বাধিক পঠিত আলোচনী, যাৰ প্ৰচলন প্ৰায় ১৬ লাখ আৰু পাঠকৰ সংখ্যা প্ৰায় ৮০ লাখ। ২০১৪ চনত, ইণ্ডিয়া টুডে গোটে অনলাইন মতামতমুখী ৱেবছাইট ‘ডেইলিয়’ আৰম্ভ কৰে।
-
টাইম (আলোচনী)
টাইম (Time; অৰ্থ: সময়) হৈছে এখন আমেৰিকান সাপ্তাহিক সংবাদ আলোচনী আৰু সংবাদ ৱেবছাইট। টাইমৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চিটিত অৱস্থিত। ১৯২৩ চনৰ ৩ মাৰ্চত টাইম পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল। প্ৰভাৱশালী সহ-প্ৰতিষ্ঠাতা হেনৰি লুছে বহুকেইটা বছৰলৈকে টাইমৰ কাৰ্যভাৰ চলাই আছিল।
-
ফিল্মফেয়াৰ
ফিল্মফেয়াৰ (Filmfare) হ’ল হিন্দী চলচ্চিত্ৰৰ (সততে বলীউড হিচাপে পৰিচিত) বিষয়ে এখন ইংৰাজী ভাষাৰ, টেবলয়ড আকাৰৰ আলোচনী। এই আলোচনীখন দ্য টাইম গ্ৰুপৰ দ্বাৰা প্ৰকাশিত হয়। ফিল্মফেয়াৰ ভাৰতৰ এক জনপ্ৰিয় বিনোদনধৰ্মী আলোচনী।
-
ফেমিনা
ফেমিনা এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়। ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়।
-
আউটলুক (আলোচনী)
আউটলুক হৈছে এখন সাপ্তাহিক সাধাৰণ ৰুচিৰ ভাৰতীয় বাতৰি আলোচনী, যি ইংৰাজী আৰু হিন্দী ভাষাত প্ৰকাশিত হয়।
-
চান্দমামা
চান্দমামা (Chandamama) হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি নাগী ৰেড্ডী আৰু লেখক এ.
-
টিংকল
টিংকল (ইংৰাজী: Tinkle) ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী। আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বত্ব ACK Media ৰ হাতলৈ যায়। আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন আন উপাদানৰ সমাহাৰ।
-
ফিজিকেল ৰিভিউ লেটাৰছ
ফিজিকেল ৰিভিউ লেটাৰছ (ইংৰাজী: Physical Review Letters, চমুকৈ PRL), ১৯৫৮ চনৰ পৰা প্ৰকাশ পাই অহা এখন সমীক্ষিত (ইংৰাজী: peer reviewed) পদাৰ্থবিজ্ঞান বিষয়ৰ বৈজ্ঞানিক গৱেষণা পত্ৰিকা। আমেৰিকান ফিজিকেল চছাইটিৰ দ্বাৰা এই পত্ৰিকা এবছৰত সাপ্তাহিক ভাৱে ৫২টা সংখ্যা প্ৰকাশ হয়।
-
পয়েট্ৰী উইডাউট ফীয়েৰ
পয়েট্ৰী উইডাউট ফীয়েৰ (Poetry Without Fear, ISSN 2583 4258) অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন তিনিমহীয়া দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনী। ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়।
-
পেণ্টহাউছ
পেণ্টহাউছ হৈছে বব গুচিয়নেই প্ৰতিষ্ঠা কৰা আৰু লছ এঞ্জেলছ ভিত্তিক পেণ্টহাউছ ৱৰ্ল্ড মিডিয়া, এল এল চিয়ে প্ৰকাশ কৰা এখন পুৰুষৰ আলোচনী। ইয়াত নগৰীয়া জীৱনশৈলীৰ প্ৰবন্ধ আৰু মহিলাৰ চফ্টকোৰ পৰ্ণগ্ৰাফিক ছবিৰ সংমিশ্ৰণ ঘটিছে যিবোৰ ১৯৯০ চনত মহিলাৰ হাৰ্ডকোৰ পৰ্ণগ্ৰাফিক ছবিলৈ বিকশিত হৈছিল।
-
মিউজ ইণ্ডিয়া
মিউজ ইণ্ডিয়া (ইংৰাজী: Muse India) হ’ল হাইদৰাবাদৰপৰা ইংৰাজী ভাষাত প্ৰকাশিত সাহিত্য বিষয়ক এখন ই-আলোচনী৷ ২੦੦৫ চনৰপৰা আলোচনীখন অনলাইনত দুমহীয়াকৈ প্ৰকাশ পাই আহিছে৷ আলোচনীখনৰ কোনো ছপা সংস্কৰণ নাই৷ ২੦১৭ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে আলোচনীখনক এখন সাহিত্য বিষয়ক ই-জাৰ্নেল হিচাপে…
-
ফাকিং ট্ৰেন্স ৱমেন
ফাকিং ট্ৰেন্স ৱমেন (Fucking Trans Women; সংক্ষেপে FTW) হৈছে মীৰা বেলৱেদাৰৰ দ্বাৰা নিৰ্মিত ৮০ পৃষ্ঠাৰ এখন ক্ষুদ্ৰ আলোচনী। ২০১০ চনৰ অক্টোবৰ মাহত এইখন আলোচনী প্ৰকাশ পাইছিল আৰু ২০১৩ চনত পুনৰ প্ৰকাশ পাইছিল ফাকিং ট্ৰেন্স উইমেন: এ জিন এবাউট দ্য চেক্স লাইভছ অৱ ট্ৰেন্স উইমেন নামেৰে।
-
মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন
মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন (ইংৰাজী: Modern Poetry in Translation) ইংলেণ্ডৰপৰা প্ৰকাশিত এখন কবিতাৰ আলোচনী। চাৰিমহীয়া আলোচনীখন মুদ্ৰিত আৰু অনলাইন দুয়োটা ৰূপতে উপলব্ধ। আলোচনীখনত সমসাময়িক বিশ্বৰ বিভিন্ন ভাষাৰ কবিতা ইংৰাজী অনুবাদত প্ৰকাশ পায়।
-
মানুষী
মনুষী: এ জাৰ্নেল এবাউট উইমেন এণ্ড ছ’চাইটি হৈছে নাৰীবাদৰ লগতে লিংগ অধ্যয়ন আৰু সক্ৰিয়তাৰপ্ৰতি নিবেদিত ভাৰতীয় আলোচনী। নতুন দিল্লীত থকা দুগৰাকী সাহিত্যিক মধু কিশ্বৰ আৰু ৰুথ ভানিতাই এই আলোচনীখন ১৯৭৮ চনত প্ৰতিষ্ঠা কৰিছিল। কিশ্বৰ আৰু ভানিতাই ১৯৭৮ চনৰ পৰা ১৯৯১ চনলৈকে এই আলোচনীখনৰ সহ-সম্পাদনা কৰে।
-
হৰিজন (আলোচনী)
হৰিজন (অৰ্থ: ঈশ্বৰৰ সন্তান; দলিত বা অস্পৃশ্যসকলক বুজাবলৈ গান্ধীয়ে উদ্ভাৱন কৰা এটা শব্দ) আলোচনীখন ১৯৩৩ চনৰ পৰা ১৯৫৫ চনলৈকে প্ৰকাশ পাইছিল; মাজত মাত্ৰ ১৯৪০-ৰ দশকৰ ভাৰত ত্যাগ আন্দোলন চলি থকা সময়চোৱাত ইয়াৰ প্ৰকাশনা বন্ধ আছিল।
-
ৱমেন'ছ এৰা
ৱমেন'ছ এৰা (Woman's Era) হৈছে ইংৰাজী ভাষাত প্ৰকাশিত এখন ভাৰতীয় মহিলা পষেকীয়া আলোচনী। ১৯৭৩ চনত বিশ্বনাথে তেওঁৰ প্ৰকাশন সংস্থা দিল্লী প্ৰেছৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ কৰিছিল। আলোচনীখন দিল্লী প্ৰেছৰ মালিকানাধীন।
-
ডিজিট (আলোচনী)
ডিজিট ৯.৯ মেডিয়াই প্ৰকাশ কৰি উলিওৱা এখন মাহেকীয়া প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ আৰু ইলেকট্ৰনিকচ (অণুবিদ্যুত) সামগ্ৰী সম্পৰ্কীয় আলোচনী। ভাৰতীয় পঢুৱৈ সমীক্ষা IRS 2011ৰ মতে ডিজিটৰ নিয়মীয়া গ্ৰাহক প্ৰায় ২,২৯,০০০ জন।
-
দ্য পেৰিছ ৰিভিউ
দ্য পেৰিছ ৰিভিউ (ইংৰাজী:The Paris Review) হ’ল ইংৰাজী ভাষাৰ এখন তিনিমহীয়া সাহিত্য আলোচনী৷ আলোচনীখন ১৯৫৩ চনত পেৰিছত হেৰল্ড এল. হিউমছ, পিটাৰ মেথিয়েছেন আৰু জৰ্জ প্লিম্পটনে প্ৰতিষ্ঠা কৰিছিল৷ প্ৰথম পাঁচোটা বছৰত দ্য পেৰিছ ৰিভিউ-এ জেক কেৰোৱাক, ফিলিপ লাৰকিন, ভি. এছ.
-
ফ্ৰণ্টলাইন (আলোচনী)
ফ্ৰণ্টলাইন (ইংৰাজী: Frontline) হ’ল হিন্দু গোষ্ঠীৰপৰা প্ৰকাশিত ইংৰাজী ভাষাৰ এখন পষেকীয়া আলোচনী৷ ইয়াৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত৷ বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল বৈষ্ণ ৰয়৷ আলোচনীখনত ৰাজনৈতিক, বিশ্ব পৰিক্ৰমা, সংস্কৃতি, বিজ্ঞান, স্থাস্থ্য, বাণিজ্য, ব্যক্তিত্ব আদি বিভিন্ন বিষয়ৰ সংবাদ আৰু গভীৰ…
-
ৱমেন’ছ ফিচাৰ চাৰ্ভিচ
ৱমেন'ছ ফিচাৰ চাৰ্ভিচ (ডব্লিউ এফ এচ) (Women's Feature Service) হ'ল ১৯৭৮ চনত ইউনেস্কোৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আৰু ভাৰতৰ নতুন দিল্লীত অৱস্থিত ভাৰতীয় মহিলা সংবাদ সংস্থা আৰু আলোচনী।
-
গোৱা টুডে
গোৱা টুডে হ'ল ১৯৬৬ চনৰ পৰা ভাৰতৰ গোৱাৰ পানাজীৰ পৰা প্ৰকাশিত এখন মাহেকীয়া আলোচনী, য'ত বাতৰি, সাহিত্য আৰু স্থানীয় ঘটনাৱলী প্ৰকাশিত হৈছিল। গোৱা টুডেক গোৱাৰ সকলো মাহেকীয়া আলোচনীৰ পিতৃ হিচাপে গণ্য কৰা হয়।
-
নিউ ৱমেন (আলোচনী)
নিউ ৱমেন (New Woman) হৈছে ভাৰতীয় জীৱন-শৈলী বিষয়ক এখন ইংৰাজী সাময়িকী, যিখন পাইয়নিয়াৰ বুক কোম্পানী প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰে। এই সাময়িকীখন ভাৰতৰ মুম্বাইৰ পৰা প্ৰকাশিত হয়, আৰু ইয়াৰ সম্পাদক হ'ল হেমা মালিনী।
-
ভাৰ্ভ
ভাৰ্ভ হৈছে ভাৰতৰ অন্যতম আগশাৰীৰ ইংৰাজী ভাষাৰ ডিজিটেল বিলাসী আৰু জীৱনশৈলীভিত্তিক মহিলা আলোচনী। ই এক স্বদেশী প্ৰকাশনা হিচাপে ১৯৯৫ চনত আৰম্ভ হৈছিল আৰু ভাৰতীয় পাঠকসকলৰ মাজত নগৰকেন্দ্ৰিক মহিলাৰ জীৱনধাৰা, ফেশ্বন আৰু সংস্কৃতি সম্পৰ্কীয় বিষয়সমূহ আগবঢ়াই আহিছে।