কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মেন্নেকুইন
মেন্নেকুইন (ইংৰাজী: Mannequin) হ’ল কিছুমান দোকান, শ্বপিং মল আদিত বিক্ৰীজাত সামগ্ৰীৰ উদাহৰণ দৰ্শাবৰ অৰ্থে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ মূৰ্তি বা পুতলা। মেন্নেকুইন সমূহ মানুহৰ আকৃতিত কাঠ, প্লাষ্টিক বা আন পদাৰ্থৰে নিৰ্মাণ কৰা হয়।
-
মেলা চিৰাঘন
মেলা চিৰাঘন বা মেলা শ্বালিমাৰ অথবা "পোহৰৰ উৎসৱ" হৈছে ষোড়শ শতিকাত লাহোৰত বাস কৰা পাঞ্জাবী কবি আৰু চুফী সন্ত শ্বাহ হুছেইন (১৫৩৮ – ১৫৯৯)ৰ উৰুচ (মৃত্যুৰ বাৰ্ষিকী) উপলক্ষ্যে পালন কৰা তিনিদিনীয়া বাৰ্ষিক উৎসৱ।
-
মোৰ ঘোঁৰাৰ দুৰন্ত গতি
মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বিবেচিত হয়। ইয়াৰ পিছতেই ই অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে।
-
মৰুতীৰ্থ হিংলাজ
মৰুতীৰ্থ হিংলাজ (Marutirtha Hinglaj) ১৯৫৯ চনৰ বিকাশ ৰায় পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি। এই ছবিখন হিংলাজ তীৰ্থক মহিমামণ্ডিত কৰি বঙালী ঔপন্যাসিক কালিকানন্দ অৱধূতে ৰচনা কৰা একে নামৰ ভ্ৰমণ কাহিনীৰ ওপৰত ভিত্তি ৰচনা কৰা হৈছিল।
-
লড়কী: ড্ৰেগন গাৰ্ল
লড়কী: ড্ৰেগন গাৰ্ল (বিকল্প শিৰোনাম: এণ্টাৰ দ্য গাৰ্ল ড্ৰেগন; Ladki: Dragon Girl) ২০২২ চনৰ, ইণ্ডো চাইনীজ প্ৰডাকছনৰ অধীনত ৰাম গোপাল বাৰ্মা, আৰু জিং লিউয়ে ৰচনা আৰু পৰিচালনা কৰা(4) ভাৰতীয় হিন্দী ভাষাৰ এখন যুদ্ধকলা বিষয়ক ছবি।
-
লাংলাই পূজা
লাংলাই ডিমাছাসকলৰ এক লোক উৎসৱ। খৰাং বতৰ হ'লে এই পূজা পাতে। এই পূজা সাধাৰণভাৱে আৰু ডাঙৰকৈ আড়ম্বৰপূৰ্ণভাৱে কৰাৰ নিয়ম আছে। সাধাৰণভাৱে পালন কৰোঁতে প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল: তিনিটা কণী দুজনী কুকুৰা চৰাই আৰু এটা মতা কুকুৰা।
-
লাইলা মজনু (১৯৭৬ চলচ্চিত্ৰ)
লাইলা মজনু (Laila Majnu) ১৯৭৬ চনৰ ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আছিল হৰনাম সিং ৰাৱাইল। মুখ্য চৰিত্ৰত ঋষি কাপুৰ, ৰঞ্জিতা আৰু ডেনী ডেনজংপাই অভিনয় কৰিছিল। ছবিখনৰ সংগীত মদন মোহন আৰু জয়দেৱৰ।
-
লাল দৰ্জা
লাল দৰ্জা (Lal Darja) ১৯৯৭ চনত মুক্তি পোৱা এখন বঙালী ৰূপকাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ। বুদ্ধদেৱ দাসগুপ্তই ৰচনা আৰু পৰিচালনা কৰা লাল দৰ্জাই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
লিটিল মাৰ্মেইড (মূৰ্তি)
লিটিল মাৰ্মেইড হৈছে এডভাৰ্ড এৰিক্সনৰ ব্ৰঞ্জৰ মূৰ্তি, য'ত এগৰাকী জলপৰী মানুহ হৈ পৰাৰ চিত্ৰণ কৰা হৈছে। ডেনমাৰ্কৰ কোপেনহেগেনৰ লেংগেলিনি প্ৰমেনেডত পানীৰ পাৰৰ এটা শিলত প্ৰদৰ্শিত হৈছে এই ভাস্কৰ্য্য।
-
লিট্ল ৰে'ড ফ্লাৱাৰ্ছ
লিট্ল ৰেড ফ্লাৱাৰ্চ (চীনা ভাষাত: 看上去很美) অৰ্থাৎ 'সৰু ৰঙা ফুল' এখন ২০০৬ চনৰ চীনা চলচ্চিত্ৰ। এই ছবিখন ঝাং য়ুৱানৰ দ্বাৰা পৰিচালিত। ছবিখনৰ প্ৰযোজক চীনৰ বেইজিং চেঞ্চুৰি গুড-টাইডিংচ কাল্চাৰেল ডেভেলপমেণ্ট কোম্পানী লিমিটেড আৰু ইটালীৰ ডাইন্টাউন পিক্চাৰ্চ।
-
লীলা ৰায় ঘোষ
লীলা ৰায় ঘোষ ( Leela Roy Ghosh; ১৯৪৭ বা ১৯৪৮ – ১১ মে' ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কণ্ঠ ডাবিঙৰ পাৰদৰ্শী আছিল। তেওঁ হিন্দী, বাংলা, ইংৰাজী, মাৰাঠী আৰু উৰ্দু ভাষাত ডাবিং কৰিছিল। তেওঁ এগৰাকী ডাবিং পৰিচালকও আছিল। তেওঁৰ কন্যা মোনা ঘোষ শ্বেট্টি এগৰাকী কণ্ঠ অভিনেত্ৰী আৰু গায়িকা।
-
লোক সভা টিভি
লোক সভা টিভি এক ভাৰতীয় কেবল দূৰদৰ্শন নেটৱৰ্ক, ভাৰত চৰকাৰৰ দ্বাৰা যিয়ে কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজ আৰু অন্যান্য লোক কাৰ্য বিষয়ক সামগ্ৰী প্ৰদৰ্শন কৰে। এই চেনেলৰ উদ্দেশ্য ভাৰতৰ সকলো সংসদীয় আৰু বৈধানিক সংগঠনৰ কাম-কাজৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰোৱা।
-
লোকাল বাছ
লোকাল বাছ (বাংলা: লোকাল বাস) হ'ল জালালি ছেটৰ মমতাজ আৰু ৰেপাৰ শাফায়াতৰ বাংলাদেশী লোকগীত। প্ৰীতমৰ ৰচনা কৰা গীতটি গানচিল বেনাৰত মুক্তি দিয়া হৈছে।
-
লোগ ক্যা কহেংগে
লোগ ক্যা কহেংগে Log Kya Kahenge) ১৯৮২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি, যিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছে বি আৰ ইছাৰাই। গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
শকুন্তলম (চলচ্চিত্ৰ)
শকুন্তলম ( Sakuntalam ) ভাৰতীয় শাস্ত্ৰৰ বিখ্যাত বক্তা, সাহিত্যিক আৰু গৱেষক দুষ্যন্ত শ্ৰীধৰ পৰিচালিত সংস্কৃত ভাষাৰ এখন ঐতিহাসিক ছবি। এইখন কালিদাসৰ অভিজ্ঞান শকুন্তলম গ্ৰন্থৰ অভিযোজন। দেশিকা দয়া প্ৰডাকচনৰ অধীনত ছবিখন দুষ্যন্ত শ্ৰীধৰ আৰু শ্ৰীনিবাস কান্নাই প্ৰযোজনা কৰিছে।
-
শকুন্তলা দেৱী (চলচ্চিত্ৰ)
শকুন্তলা দেৱী (Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।
-
শাকিলা (চলচ্চিত্ৰ)
শাকিলা ( Shakeela ) ইন্দ্ৰজিৎ লংকেশৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক ছবি। ছবিখনত ৰিচা চাড্ডাই ১৯৯০ চনৰ জনাজাত প্ৰাপ্তবয়স্ক তাৰকা হিচাপে অভিনয় কৰিছে, যিয়ে কেইবাখনো ভাৰতীয় ভাষাৰ প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল, পংকজ ত্ৰিপাঠী আৰু ৰাজীৱ পিল্লাই সহযোগী চৰিত্ৰত…
-
শেষ আলিংগন
শেষ আলিংগন হ'ল ২০১৩ চনৰ এপ্ৰিল মাহত সাভাৰ উপাজিলাত আঠ মহলীয়া ৰানা প্লাজা ভৱনৰ ধ্বংসাৱশেষৰ মাজত দুজন লোকে আলিংগনৰত অৱস্থাত মৃত্যুমুখত পৰাৰ আলোকচিত্ৰ। এই আলোকচিত্ৰখন তুলিছিল ফ্ৰীলান্স ফটোগ্ৰাফাৰ তাছলিমা আখতাৰে।
-
শোধ
শোধ (Shodh) হৈছে ১৯৭৯ চনৰ বিপ্লৱ ৰয় চৌধুৰী পৰিচালিত আৰু সীতাকান্ত মিশ্ৰ প্ৰযোজিত হিন্দী ভাষাত নিৰ্মিত এখন বলীউডী ভৌতিক ছবি, যিখন সুনীল গংগোপাধ্যায়ৰ বাংলা গ্ৰন্থ গৰম ভাত ও নিচক ভূতেৰ গপ্পোৰ আধাৰত নিৰ্মিত।[1]
-
শ্বাক্ৰেইন
শ্বাক্ৰেইন উৎসৱ বা চিলা উৎসৱ বাংলাদেশৰ ঢাকাত চিলা বা বাংলা ভাষাত ঘূৰি উৰুৱাই পালন কৰা বাৰ্ষিক উদ্যাপন। পুৰণি ঢাকা আধাৰিত বঙালী মুছলমান ঢাকাইয়া জনগোষ্ঠীয়ে এই উৎসৱ অনন্যভাৱে উদ্যাপন কৰে। বাংলা পঞ্জিকাৰ নৱম মাহ পুহ মাহৰ শেষত (গ্ৰেগ’ৰিয়ান পঞ্জিকা অনুসৰি ১৪ বা ১৫ জানুৱাৰী) ই উদযাপিত হয়।
-
শ্বেৰ-এ-হিন্দ
শ্বেৰ-এ-হিন্দ (Sher-e-Hind; টাইগাৰ অফ ইণ্ডিয়া) আছিল ১৯৪৩ চনত ছিংগাপুৰত স্থাপিত ইম্পেৰিয়েল জাপানী সমৰ্থিত আজাদ হিন্দ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সামৰিক সন্মান।
-
সতী (চলচ্চিত্ৰ)
সতী ( Sati ) হৈছে ১৯৮৯ চনত মুক্তি পোৱা অপৰ্ণা সেনৰ ৰচনা আৰু পৰিচালনাৰ এখন ভাৰতীয় বাংলা ছবি। কমল কুমাৰ মজুমদাৰৰ কাহিনীৰ আধাৰত সতী নিৰ্মাণ কৰা হৈছে। ছবিখন এগৰাকী বোবা অনাথ ছোৱালীৰ বিষয়ে। তেওঁৰ কোষ্ঠীৰ পৰা অনুমান হয় যে তেওঁ সতী হ'ব আৰু তেওঁৰ স্বামীৰ মৃত্যু হ'ব।
-
সাউৰি
সাউৰি প্ৰথা অসমৰ কৃষিজীৱী সমাজে খেতি কৰিবৰ সময়ত পালন কৰা প্ৰথাসমূহৰ ভিতৰত অন্যতম।
-
সাগৰকন্যাকা
সাগৰকন্যাকা (Sagarakanyaka) হৈছে কেৰালা শংকুমুঘম উপকূলত অৱস্থিত এখন জলপৰীৰ ভাস্কৰ্য। কানায়ী কুঁহিৰামনে নিৰ্মাণ কৰা এই ভাস্কৰ্য্যটোক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে বিশ্বৰ আটাইতকৈ ডাঙৰ জলপৰীৰ ভাস্কৰ্য্য হিচাপে বিবেচিত কৰিছে। ইয়াৰ দৈৰ্ঘ্য ৮৭ ফুট আৰু উচ্চতা ২৫ ফুট।
-
সাথী লীলাৱতী (১৯৯৫ চলচ্চিত্ৰ)
সাথী লীলাৱতী (Sathi Leelavathi) ১৯৯৫ চনৰ বালু মহেন্দ্ৰৰ পৰিচালনা, সহ-লেখন, চিত্ৰগ্ৰহণ আৰু সম্পাদনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ কমেডী ছবি। ছবিখনত ৰমেশ অৰবিন্দ, কল্পনা (অভিনেত্ৰী) আৰু হীৰাই মুখ্য ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে কোভাই সৰলা আৰু কমল হাছানে।
-
সাৰ্বজনীন সুগমতা সজাগতা দিৱস
সৰ্বজনীন সুগমতা সজাগতা দিৱস (Global Accessibility Awareness Day) (জিএএডি) হৈছে বৰ্তমানৰ বিশেষভাৱে সক্ষম এক বিলিয়নতকৈ অধিক লোকৰ বাবে ডিজিটেল প্ৰৱেশ আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক সজাগতা দিৱস। বছৰি মে' মাহৰ তৃতীয় বৃহস্পতিবাৰে এই দিৱস পালন কৰা হয়।
-
সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ)
সৌতেলা ভাই (Sautela Bhai) ১৯৬২ চনত মুক্তি পোৱা মহেশ কৌল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বৈকুণ্ঠেৰ উইল নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে গুৰু দত্ত, প্ৰণতি আৰু ৰাজকুমাৰে।
-
সৰস্বতী (ভাস্কৰ্য্য)
সৰস্বতী হৈছে একে নামৰ হিন্দু দেৱীৰ বৰ্হি ভাস্কৰ্য্য, ইণ্ডোনেছিয়াৰ দূতাবাসৰ বাহিৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিৰ এম্বেচি ৰ'ত স্থাপন কৰা হৈছে।
-
সৰুসজাইত বিহু নৃত্যৰে অভিলেখ
২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়াক্ষেত্ৰত ১১,৩০৪ জনীয়া বিহুৱা-নাচনীৰ দলে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি এক নতুন বিশ্ব অভিলেখৰ সৃষ্টি কৰে। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ সদস্যসকল আৰু লণ্ডনত অৱস্থিত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধি ঋষি…
-
সৰ্বোত্তম যুদ্ধ সেৱা পদক
সৰ্বোত্তম যুদ্ধ সেৱা পদক (Ultimate War Service Medal) হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ যুদ্ধকালীন বিশিষ্ট সেৱাৰ পদক। যুদ্ধ, সংঘাত বা শত্ৰুতাৰ সময়ত কৰা পাৰদৰ্শিতা তথা বীৰত্ত্বৰ বাবে এই সৰ্বোচ্চ বিশিষ্ট বঁটাটো প্ৰদান কৰা হয়।।