শকুন্তলম ( Sakuntalam ) ভাৰতীয় শাস্ত্ৰৰ বিখ্যাত বক্তা, সাহিত্যিক আৰু গৱেষক দুষ্যন্ত শ্ৰীধৰ পৰিচালিত সংস্কৃত ভাষাৰ এখন ঐতিহাসিক ছবি। এইখন কালিদাসৰ অভিজ্ঞান শকুন্তলম গ্ৰন্থৰ অভিযোজন।১২ দেশিকা দয়া প্ৰডাকচনৰ অধীনত ছবিখন দুষ্যন্ত শ্ৰীধৰ আৰু শ্ৰীনিবাস কান্নাই প্ৰযোজনা কৰিছে। অভিষেককাৰী শুভম চাৰাৱাট আৰু পায়ল শ্বেট্টীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। শুভমৰ শকুন্তলমৰ যোগেদি অভিষেক ঘটিছিল।৩এইখন ১২ আগষ্ট ২০২২ তাৰিখে বিশ্ব সংস্কৃত দিৱস উপলক্ষে বুক-মাই-শ্বো ষ্ট্ৰীম OTT প্লেটফৰ্মত মুক্তি লাভ কৰিছিল।
সমালোচনা
যোধপুৰত অনুষ্ঠিত হোৱা ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ত ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক পূৰ্ণদৈৰ্ঘ্য ছবিৰ বিশেষ দৰ্শকৰ পছন্দৰ বঁটা লাভ কৰিছিল।৪ বলীউড লোচাত তেজস পুনিয়াই ছবিখনক ৪ তাৰকাৰ বঁটা প্ৰদান কৰাৰ লগতে কয় যে, "শ্ৰীধৰে নিজৰ প্ৰথম ছবিখন অতি সুন্দৰভাৱে নিৰ্মাণ কৰিছে, আপুনি যিমানেই শকুন্তলম নপঢ়ক কিয়, এই ছবিখন চাবলৈ মন যাবই"।৫
তথ্যসূত্ৰ
- ↑ Ramanujam, Srinivasa. (3 November 2021). If you can watch 'Squid Game', you can watch a Sanskrit film: Dushyanth Sridhar on 'Sakuntalam'. দ্য হিন্দু
- ↑ Dushyanth Sridhar helms a Sanskrit film based on Kalidasa's Sakuntalam - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Vijaykumar, Vaishali. (27 October 2021). Stepping up for Sanskrit on the sliver screen. The New Indian Express
- ↑ RIFF | Rajasthan International Film Festival, RIFF Jaipur, Jaipur RIFF, riff 2023, 1st to 5th Feb 2023 at Jaisalmer, Rajasthan largest Film Festival in JAIPUR, JODHPUR, JAISALMER, Rajasthan, INDIA
- ↑ (17 August 2022). गौरवशाली इतिहास की गाथा 'शाकुन्तलम' में
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলম (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮৭১২৭ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।