অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ)

সৌতেলা ভাই (Sautela Bhai) ১৯৬২ চনত মুক্তি পোৱা মহেশ কৌল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বৈকুণ্ঠেৰ উইল নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে গুৰু দত্ত, প্ৰণতি আৰু ৰাজকুমাৰে।

হালনাগাদ: ৯ মে’ ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সৌতেলা ভাই (Sautela Bhai) ১৯৬২ চনত মুক্তি পোৱা মহেশ কৌল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বৈকুণ্ঠেৰ উইল নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে গুৰু দত্ত, প্ৰণতি আৰু ৰাজকুমাৰে। ১২

অনিল বিশ্বাসে সংগীত পৰিচালনা কৰা ছবিখনৰ গীতবোৰত কণ্ঠদান কৰিছে লতা মংগেশকাৰ, মীনা কাপুৰ, সুমন কল্যাণপুৰ, অনিল বিশ্বাস, মান্না দে, মহেন্দ্ৰ কাপুৰ, পংকজ মিত্ৰ আৰু অৰুণ দত্তই। গীত ৰচনা শৈলেন্দ্ৰৰ।১

সৌতেলা ভাইত ভৱানী নামৰ এগৰাকী নাৰী আৰু তেওঁৰ সতীয়া পুত্ৰৰ মাজৰ সম্পৰ্ক, পৰস্পৰৰ মাজত থকা মমত্ববোধ, ভুল বুজাবুজি আৰু পুনৰ্মিলনৰ কাহিনী বৰ্ণনা কৰা হৈছে। ১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে সৰ্বভাৰতীয় স্তৰত তৃতীয় শ্ৰেষ্ঠ ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।

অভিনয় শিল্পী

  • গুৰু দত্ত
  • প্ৰণতি
  • ৰাজ কুমাৰ
  • বিপিন গুপ্তা
  • কানহাইয়ালাল
  • এছ এন বেনাৰ্জী
  • অসিত সেন
  • ৰত্না
  • বেলা বসু

বঁটা

দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬২)

  • তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National films for Awards
  2. ↑ Sautela Bhai 1962 सौतेला भाई Directed by Mahesh Kaul. letterboxd.com/film

সম্পৰ্কিত শ্ৰেণী

১৯৬২ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৭০৯৯ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।