অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মেলা চিৰাঘন

মেলা চিৰাঘন বা মেলা শ্বালিমাৰ অথবা "পোহৰৰ উৎসৱ" হৈছে ষোড়শ শতিকাত লাহোৰত বাস কৰা পাঞ্জাবী কবি আৰু চুফী সন্ত শ্বাহ হুছেইন (১৫৩৮ – ১৫৯৯)ৰ উৰুচ (মৃত্যুৰ বাৰ্ষিকী) উপলক্ষ্যে পালন কৰা তিনিদিনীয়া বাৰ্ষিক উৎসৱ।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

মেলা চিৰাঘন বা মেলা শ্বালিমাৰ অথবা "পোহৰৰ উৎসৱ" হৈছে ষোড়শ শতিকাত লাহোৰত বাস কৰা পাঞ্জাবী কবি আৰু চুফী সন্ত শ্বাহ হুছেইন (১৫৩৮ – ১৫৯৯)ৰ উৰুচ (মৃত্যুৰ বাৰ্ষিকী) উপলক্ষ্যে পালন কৰা তিনিদিনীয়া বাৰ্ষিক উৎসৱ।১

ই উদযাপিত হয় পাকিস্তানৰ লাহোৰৰ বাহিৰৰ বাঘবানপুৰাৰ শ্বাহ হুছেইনৰ মন্দিৰত, যিটো শ্বালিমাৰ উদ্যানৰ কাষতে আছে।২৩ ১৯৫৮ চনত ৰাষ্ট্ৰপতি আয়ুব খানে এই উৎসৱৰ বিৰুদ্ধে নিৰ্দেশ নিদিয়ালৈকে শ্বালিমাৰ বাগিছাত অনুষ্ঠিত হৈছিল এই উৎসৱ।

আগতে এই উৎসৱ পঞ্জাৱৰ সৰ্ববৃহৎ উৎসৱ আছিল যদিও এতিয়া বসন্ত (উৎসৱ)ৰ পিছতে দ্বিতীয় স্থানত আছে। কৃষক, মোগল শাসক, পাঞ্জাবী শিখ বাসিন্দা আনকি তেওঁলোকৰ ব্ৰিটিছ ৰাজৰ সময়ত ব্ৰিটিছ বিষয়াসকলেও এই উৎসৱত দেখা দিছিল। মহাৰাজা ৰঞ্জিত সিংৰ (১৩ নৱেম্বৰ ১৭৮০ – ২৭ জুন ১৮৩৯) ষোড়শ শতিকাৰ এই চুফী সন্ত শ্বাহ হুছেইনৰ প্ৰতি অতিশয় সন্মান আছিল।৪ ১৯ শতিকাৰ আৰম্ভণিৰ অৰ্ধত পঞ্জাৱত শিখ শাসনৰ সময়ত মহাৰাজ ৰঞ্জিত সিঙে লাহোৰ দুৰ্গৰপৰা এই উৎসৱস্থলীলৈ শোভাযাত্ৰাৰ নেতৃত্ব দিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Calendar of National and Religious Events of Pakistan (Mela Chiraghan is item #2 on the LIST). Tourism Pakistan - Government of Pakistan website
  2. ↑ Mushtaq Soofi. Mystic Laughs and poet sings! - (Mela Chiraghan pictures). Dawn newspaper via Academy of the Punjab in North America website
  3. ↑ (Shafqat Tanvir Mirza) (29 March 2005). A Victim of Apathy (Mela Chiraghan). The News International newspaper via Academy of the Punjab in North America website
  4. ↑ Syed Kumail Hasan. (4 April 2016). Mela Chiraghan Where the light is stronger than the darkness in Lahore (article with many pictures from the festival). Dawn newspaper

সম্পৰ্কিত শ্ৰেণী

উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেলা চিৰাঘন” প্ৰবন্ধৰ সংশোধন ৫৮৪৬০৯ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।